৫ জেঠ, বুধবাৰ, ইং ২০ মে’ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): পুৱাৰ সময়ত কিছু নিৰাশ হোৱা দেখা যাব। প্রয়োজনীয় ক্ষেত্ৰত সাৱধানে থাকিব। প্রেম-দাম্পত্যত মধ্যম। শৰীৰৰ বিষয়ে চিন্তা থাকিব। শুভ ৰং বগা। শুভ সংখ্যা ১।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): কিছু বিষয়ত উৎকণ্ঠা থাকিব। কর্মক্ষেত্ৰত মানসিক চঞ্চলতা বৃদ্ধি হ’ব পাৰে। আৰ্থিকত মধ্যম। প্ৰেম-প্ৰণয়ত ভাল। শুভ ৰং মুগা। শুভ সংখ্যা ৫।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): দিনটোত খৰচৰ মাত্ৰা বৃদ্ধি হোৱাৰ কাৰকতা আছে। বিশেষ কোনো চেষ্টাৰ ফলত ভাল ফলাফল আশা কৰিব পাৰি। পঢ়া-শুনাত মনোযোগ বৃদ্ধি। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
৪.কৰ্কট ৰাশি(ড,হ): হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে। কোনো যোগাযোগত ভাল ফল দেখা যায়। ভ্রমণত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।
৫.সিংহ ৰাশি (ম,ট): বিদ্যার্থীসকলে পঢ়া-শুনাত মনোযোগ দিয়া ভাল। ব্যৱসায়-বাণিজ্যত ভাল দেখা যায়। কোনো নতুন সংবাদে মনত আনন্দ দিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
৬.কন্যা ৰাশি(ঠ,প,ন): শৰীৰ, স্বাস্থ্য খুব ভাল নাযায়। ভ্রমণত শুভ ফল লাভ কৰিব। সামাজিক কৰ্মত স্বীকৃতি লাভ কৰিব। বিবাহৰ চেষ্টা সফল হ’ব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
৭.তুলা ৰাশি(ৰ,ত): আর্থিক ভাল। প্রাপ্য পোৱাৰ আশা আছে। মাতৃৰ শাৰীৰিক অশুভ। সন্তানৰ কৰ্মপ্ৰাপ্তিৰ যোগ। প্ৰেম আৰু দাম্পত্যত বাধা। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
৮.বৃশ্চিক ৰাশি(ন,য): স্ত্ৰীৰ শাৰীৰিক অসুস্থতাৰ বাবে মানসিক অশান্তি বৃদ্ধি। উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা থাকিব৷ ভ্ৰমণত বাধাৰ আশংকা দেখা যায়। কৰ্মত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): শৰীৰ মধ্যম। সামাজিক কর্মত দায়িত্ব বৃদ্ধি। মনৰ কোনো আশা পূৰণ হ’ব পাৰে। চিকিৎসা সংক্রান্তত খৰচৰ মাত্ৰা বাঢ়িব। শুভ ৰং আকাশী। শুভ সংখ্যা ৪।
১০.মকৰ ৰাশি(খ,জ): কৰ্মপ্ৰাৰ্থীৰ বাবে দিনটো ভাল হোৱাৰ যোগ। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৮।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): বিবাহৰ কথা-বাৰ্তা ফলপ্রসূ হোৱাৰ সম্ভাৱনা। চলা-ফুৰাত সতর্ক থাকক। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): পৈতৃক সম্পত্তিক কেন্দ্ৰ কৰি বিৰোধ হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা তিনি।
Comments are closed, but trackbacks and pingbacks are open.