উজ্জ্বল জ্যোতি দাস
ৰোমান নাট্যকাৰ প্লাউটাছে লক্ষণীয়ভাৱে মন্তব্য কৰিছিল, ‘ৰং নথকা নাৰী নিমখবিহীন খাদ্যৰ দৰে।’ এই কথাই যথেষ্ট তাৎপর্য বহন কৰিছে। প্ৰসাধন বিজ্ঞানৰ প্ৰাচীন বিজ্ঞানৰ উৎপত্তি আচলতে ইজিপ্ত আৰু ভাৰতত বুলি ধৰা হয় যদিও সিন্ধু উপত্যকাত প্রসাধন সামগ্ৰী আৰু ইয়াৰ প্রয়োগৰ ইতিহাস ১৫৫০ খ্ৰীষ্টপূৰ্বৰো আগৰ। আত্মসৌন্দৰ্যৰ উন্নত ধাৰণা আৰু পুৰুষ-মহিলা উভয়ে ব্যৱহাৰ কৰা বিভিন্ন ভাৰতীয় প্ৰসাধন সামগ্ৰীৰ প্ৰমাণ প্রাচীন ভাৰতত পোৱা গৈছে। এই প্রথাবোৰ অনেকেই ঋতু আৰু জীৱনৰ স্বাভাৱিক আচাৰ-অনুষ্ঠানৰ লগত জড়িত আছিল। ১০,০০০ খ্ৰীষ্টপূৰ্বত প্রাচীন মিছৰত সুগন্ধি তেল, কাজল আৰু ছাল ৰক্ষা কৰা ক্ৰীমৰ সৈতে প্ৰসাধনৰ আৰম্ভণি হৈছিল, যি স্বাস্থ্য আৰু উচ্চ সামাজিক মর্যাদাৰ প্রতীক আছিল । এই পৰম্পৰা পাছলৈ গ্ৰীচ, ৰোম আৰু এছিয়াত বিয়পি পৰে। ক্লিঅ’পেট্ৰাই মার্ক এন্টনিওক আকৰ্ষণ কৰিবলৈ বিধে বিধে সুগন্ধি দ্রব্য ব্যৱহাৰ কৰাৰ কথা জানিব পৰা যায়। শ্বেইক্সপীয়েৰে ইয়াৰ ওপৰতে ভিত্তি কৰি ‘এন্টনিও এণ্ড ক্লিঅ’পেট্রা’ নামৰ বিখ্যাত নাটকখন লিখিছিল। ‘বাইবেল’তো সুগন্ধি দ্রব্য ব্যৱহাৰৰ কথা আছে। ইহুদী মহিলাসকলে ইজিপ্তৰ মহিলাসকলৰ দৰেই তেওঁলোকৰ প্ৰসাধনৰ দ্ৰব্যসমূহ ব্যৱহাৰ কৰিছিল। গ্ৰীকসকলৰ ধাৰণা আছিল যে বেছি মদ খাই মূৰত গৰম উঠিলে সুগন্ধি পানীৰে মূৰ ধুলে বহুতো আৰাম পোৱা যায়। বুকুত সুগন্ধি ঘঁহি হাঁওফাঁও আদি শীতল কৰিব পাৰি। ফিল’নাইছে নামৰ চিকিৎসকজনে ফুলৰ মালা কেনেকৈ আৱিষ্কাৰ কৰে, তাৰ বিৱৰণ গ্ৰীক সাহিত্যত আছে।
যা হওক অতি প্রাচীন কালৰ পৰা আমাৰ ভাৰতবৰ্ষ তথা অসমতো সৌন্দৰ্যচৰ্চাৰ ব্যাপক প্ৰচলন হৈ আহিছে, বিশেষকৈ নাৰী সমাজত । ভাৰতীয় চিন্তাধাৰাত নাৰীক সৌন্দৰ্যৰ প্ৰতীপ ৰূপে আজিও গণ্য কৰা হয়। কালিদাস, ভৱভূতি, বাণভট্টৰ দৰে অগ্ৰণী কবিসকলে নাৰী চৰিত্ৰৰ যি বৰ্ণনা কৰি গৈছে সেয়া তুলনাতীত। অংগ সৌষ্ঠৱৰ বিষয়ে ভাৰতীয় সাহিত্যত বহুতো সমল আছে। ভাৰতীয় আদৰ্শত নাৰীদেহৰ সৌন্দৰ্য কামবাসনাৰ বিষয়টিতকৈ নাৰীৰ ৰূপ মাধুৰ্যৰ কথাহে কিন্তু কোৱা হৈছে। চিত্রকলা, ভাস্কর্য, সংগীত, সাহিত্য আদি সকলোতে নাৰীৰ ৰূপ-মাধুৰ্যৰ কথা কোৱা হৈছে। নাৰীৰ প্ৰত্যেক অংগ-প্রত্যংগত ফুটি উঠি ৰূপ মাধুৰ্যক আনন্দময়তাৰে যিদৰে গ্ৰহণ কৰা হৈছে, কোনোৱে জৈৱিক কামনা-বাসনাৰ অভিব্যক্তি ৰূপেও গ্ৰহণ কৰি হুমুনিয়াহ কাঢ়িছে কোনো সময়ত এইদৰে —
তোমাৰ গাল দুখনি পাভ মাছৰ নিচিনা
ঘোঁৰা ফানৰ নিচিনা চুলি,
ল’ম ল’ম বুলি এদিনো চুলি,
ল’ম ল’ম বুলি এদিনো নল’লা
দুখনি হাতেৰে তুলি।
নাৰীও নিজকে সজাই-পৰাই তুলিবলৈ কাহানিও এলাহ কৰা নাই। সুগন্ধি প্ৰসাধন আশ্রয়েৰে দেহ মনৰ শোভা বঢ়াইছে। গছ লতা, বাকলি, ফুল পল্লৱেৰে নিজক সজোৱাৰ উপৰি ফুল পাত আদিৰ পৰা প্ৰস্তুত কৰা তেল, সুগন্ধি আদিৰে সৌন্দৰ্যচৰ্চা কৰি আহিছে। সুগন্ধি আৰু প্ৰসাধনৰ প্ৰতি তেওঁলোকৰ এটা মনস্তাত্ত্বিক সচেতনতা আছে বুলি কোৱা হয়। মানৱ ইতিহাসৰ ক্রমোন্নতিৰ লগে লগে তেওঁলোকৰ সৌন্দৰ্য চৰ্চাৰ (অংগৰাগ) ধৰণ-কৰণো অৱশ্যে সলনি হৈ আজিৰ স্তৰত উপনীত হৈছে। সৌন্দর্যপূজাৰী বাৎসায়নে কামসূত্ৰত সৌন্দর্য সাধনাৰ বহুতো সমল বিচাৰি পোৱা যায়। আয়ুৰ্বেদ গ্রন্থ, সুশ্রুত সংহিতা, চৰক সংহিতা আদিত ভাৰতীয় গন্ধদ্রব্যসমূহৰ সম্ভেদ পোৱা যায়। আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ৰ হিন্দু ৰসায়ন বিদ্যাৰ ইতিহাসতো সুগন্ধি আৰু প্ৰসাধন সামগ্ৰীৰ বহুতো তথ্য উপলব্ধ। গংগাধৰে লিখা ‘গন্ধসাৰ’ত ছয় প্ৰকাৰৰ গন্ধযুক্ত দ্ৰব্যৰ পৰা প্ৰসাধন তৈয়াৰ কৰাৰ কথা কোৱা হৈছে। এইবোৰ হ’ল ভাৱনা, পাচন, ৰোধ, ভেদ, ধূপন আৰু ভাচন। গংগাধৰে সুগন্ধি দ্রব্যসমূহক পাতজাতীয় (তুলসী, পদিনা আদি), ফুলজাতীয় (চম্পক, নাগেশ্বৰ আদি), ফলজাতীয় (লং, ইলাচী আদি), বাকলিজাতীয় (কৰ্পূৰ গছৰ বাকলি, জলফাই গছৰ বাকলি আদি), শিপাজাতীয় (নহৰু, পিঁয়াজ আদি) এনেকৈ আঠটা ভাগত ভাগ কৰিছিল।
আহোম ৰাজবংশৰ কেশৱকান্ত সিংহ আৰু কন্দপেশ্বৰ সিংহৰ ৰাণী দুগৰাকীৰ বাবে নানা উপাদানেৰে এবিধ পমেটম্ আৰু চুলিৰ সৌন্দৰ্য বঢ়োৱা এবিধ গোন্ধতেল প্ৰস্তুত কৰা হৈছিল বুলি জনা যায়। এই পমেটত পকা সুমথিৰাৰ বাকলি, বগা সৰিয়হৰ ফুল, পিৰিকা শাকৰ ফুল, কেঁচা হালধিৰ ৰস, অগৰু চন্দনৰ গুড়ি গৰুৰ ঘিউত উতলাই প্ৰস্তুত কৰা হৈছিল। চুলিৰ বাবে উলিওৱা তেলত গাজ ওলোৱা মাটিমাহ, ভীমকল গছৰ ৰস, ঔটেঙাৰ ৰস, ভীমৰাজ, কেঁহৰাজ, গন্ধ বিৰিণা, শতমূল, মিথিগুটি, শগুণীলতা, কোমোৰা, কলডিল আদি খুন্দি থেতালি ৰস উলিয়াই শুদ্ধ সৰিয়হৰ তেলক গৰম কৰি সুগন্ধিজাত তেলৰ প্ৰস্তু কৰা হৈছিল। এই তেল বহুত দিনলৈ ভালে আছিল। অনেকে আকৌ চুলি দীঘল আৰু ক’লা কৰিবলৈ নাৰ’ মাছৰ পানীৰে চুলি ধুইছিল। তেল আৰু চৰ্বিজাতীয় বস্তুৰে গাৰ ছাল পৰিষ্কাৰ কৰা হৈছিল। অনেকে সুমথিৰা টেঙা, নেমু টেঙা, তিয়ঁহ, ছালকুঁৱৰী আদি ব্যৱহাৰ কৰি নিজৰ খহটা ছাল মিহি কৰিছিল। মৌৰ লগত কণীৰ বগা কুহুম আৰু চাউলৰ মিহি গুড়ি মিহলাই মলমৰ দৰে কৰি মুখত ঘঁহি কিছু সময়ৰ পিছতে কুহুমীয়া পানীৰে মুখখন ধুলে মুখৰ দাগ আঁতৰাব পাৰি বুলি আজিও বিশ্বাস কৰা হয়। চেলাউৰিৰ প্ৰতিও অসমীয়া নাৰী অতীজৰে পৰা সজাগ আছিল। আগৰ দিনত নাৰীসকলে শুদ্ধ মিঠাতেল, জলফাইৰ তেল কুহুমীয়া কৰি চেলাউৰিত লগাইছিল। মুখৰ বেয়া গোন্ধ আঁতৰাবলৈ বাদামৰ বাকলি পুৰি গুড়ি কৰি তাত নিম আৰু ক’লা জামুকৰ গুড়ি মিহলাই দাঁত মাজন ৰূপে ব্যৱহাৰ কৰিছিল (উৎস : ৰাম গোস্বামীৰ ‘অঙ্গৰাগ’)।
অসমৰ হাবিত পোৱা গন্ধজাত গছ-বনৰ পৰা গন্ধচূৰ্ণ তৈয়াৰ কৰা হৈছিল। মৃগনাভি চূৰ্ণ কৰি ব্যৱহাৰ কৰা প্ৰথা কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰত সবিস্তাৰে উল্লেখ আছে। অসমৰ ৰজা ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনলৈ পঠোৱা উপহাৰৰ তালিতাক সুগন্ধি ‘কস্তুৰী’ও (Musk Deer) আছিল বুলি জনা যায়। ডঃ মোতীচন্দ্ৰৰ মতে অসম, নেপাল আৰু মধ্য এছিয়াত কস্তুৰী পোৱা গৈছিল। অসমৰ কস্তুৰীয়ে চীন দেশৰ পিছতে মূল্যৱান সুগন্ধিৰূপে স্বীকৃতি পাইছিল। ঔষধিতো কস্তুৰীৰ ব্যাপক ব্যৱহাৰ আছিল। অগৰুৰ বাবে সেই দৰে অসম অতীজৰে পৰা জনাজাত । অসমৰ হাবিত প্ৰচুৰ পৰিমাণে অগৰু কাঠ পোৱা গৈছিল। চন্দন তেলৰ দৰেই ই প্ৰসাধনৰ অকর্ষণীয় সামগ্রী। চীনাসকলে সুগন্ধি থকা আগৰু গছক ‘Fragrance sinking under water’ বুলি নামকৰণ কৰিছিল। অসমীয়া বেপাৰীসকলে কঠোৰ পৰিশ্ৰমৰে আগৰ গছৰ পৰা সাৰখিনি কাটি সৰু সৰু টুকুৰা কৰি গৰম পানীত উতলাই চামনি পেলাই অগৰু তেল কাঢ়িছিল। চন্দনৰ বহুল ব্যৱহাৰৰ কথা আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায়। মূৰ কামোৰা, খৰ, খহু, ছালৰ নানা ধৰণৰ বেমাৰ আজাৰত চন্দনৰ ব্যৱহাৰ আজিও আছে। চন্দন কেইবাপ্ৰকাৰো আছে, সেইবোৰৰ ভিতৰত স্বেত চন্দন, ৰক্ত চন্দনৰ ব্যৱহাৰ অধিক। অগৰু, কৰ্পূৰ আৰু চন্দন মিহলাই প্ৰস্তুত কৰা সুগন্ধিৰে অৰ্চনা কৰিলে বৈষ্ণৱী দেৱী আৰু কামাখ্যাৰ প্ৰীতি লাভ কৰিব পাৰি বুলি কালিকা পুৰাণ, যোগিনীতন্দ্ৰ আদি শাস্ত্ৰত কোৱা হৈছে। শাল গছৰ তেলৰ পৰা সচৰাচৰ চাবোন প্রস্তুত কৰা হয়। বনস্পতি তেল প্রস্তুতত শাল, নিম, চম্পা, মহুৱা আদি গছৰ ব্যৱহাৰ হয়। হিন্দুস্তান লিভাৰ কোম্পানীয়ে চাবোন প্রস্তুত কৰোঁতে অধিক পৰিমাণৰ শাল গছৰ গুটি ব্যৱহাৰত ওপৰত গুৰুত্ব দিছে। জেতুকা আৰু গোলাপ ফুলৰ ব্যৱহাৰো অংগৰাগত ব্যৱহাৰ হৈ আহিছে। বাৰীৰ ধাপত বিনা যত্নত গজা জেতুকা গছে অসমীয়া লোক-সংস্কৃতিত আৱহমান কালৰে পৰাই প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ওঁঠত তামোলৰ ৰঙচুৱা বোল, পাঁজিসেৰীয়া আঙুলিত জেতুকাৰ উজ্জ্বল ৰঙে আৰু কপালত ডাঙৰকৈ জিলিকি থকা ৰঙা সেন্দূৰৰ ফোঁট টো লৈ বিহুতলীত ভৰি থোৱা গাভৰুজনীক দেখি ডেকাবোৰৰ মনত স্বাভাৱিকতে প্ৰেমৰ সঞ্চাৰ হয় । খ্রীঃ পূঃ ২০০০ বছৰৰ আগতেই মিছৰ দেশত জেতুকাৰ ব্যাপক প্রচলন আছিল । জেতুকা ব্যৱহাৰ কৰিলে চৰ্মৰোগ, নখচুকীয়া আদি বেমাৰ ভাল হয় বুলি জনবিশ্বাস আছে। ডালিমৰ কোঁহ, পাণ, বৰঠেকেৰা, বৰ্হমথুৰি আদি মিহলাই জেতুকাৰ ৰং গাঢ় আৰু উজ্জ্বল কৰা হয়। গোলাপক আনন্দ আৰু সৌন্দৰ্যৰ প্ৰতীক বুলি কোৱা হয়।
পাৰস্য দেশৰ পৰা মোগলসকলে গোলাপ ফুলৰ সুগন্ধি ভাৰতলৈ কঢ়িয়াই আনিছিল। পাৰস্য দেশত গোলাপ ফুলৰ আদৰ অতীজৰে পৰা আছিল। বৈজ্ঞানিক পদ্ধতিৰে ইয়াৰ পৰা সুগন্ধি প্রসাধন তৈয়াৰ কৰা হয়। আইন-ই-আকবৰীত গোলপজল আৰু গোলাপী আতৰৰ উল্লেখ আছে। মোগল ৰজাসকলৰ দিনত উত্তৰ প্ৰদেশৰ কনৌজ, জোনপুৰ আদি ঠাইত গোলাপৰ খেতি কৰা হৈছিল। জনা যায় মোগল সম্রাজ্ঞী নুৰজাহানে স্নান কৰা পুখুৰীক সদায় গোলাপ ফুল ওপচাই ৰখা হৈছিল (গোলাপী আতৰ আৱিষ্কাৰৰ বাবে নুৰজাহানৰ নাম সততে লোৱা হয়)। এদিন পানীত স্নান কৰি থাকোঁতে পানীত তেলজাতীয় বস্তু উপঙি থকা দেখি আলফুলকৈ চামনিখন আনি পৰীক্ষা কৰি তেওঁ দেখিলে যে সেইখিনি গোলাপৰ পৰা ওলোৱা এবিধ সুগন্ধি মাথোন। এই তেলজাতীয় বস্তুখিনিয়ে পিছত ‘আতৰ- ই-জেহাঙ্গিৰী’ নাম জনাজাত হ’ল। বৈজ্ঞানিক আহিলা পাতিৰ অভাৱত গোলাপী আতৰৰ চৰ্চা আমাৰ দেশত কিন্তু ক্ৰমাৎ কমি আহিল । তিলকৰ (ফোঁট) ব্যৱহাৰো আমাৰ দেশত অতি প্রাচীন। পৱিত্ৰতাৰ প্ৰতীকৰূপে তিলক পৰিধান হিন্দু সমাজৰ এক পৰম্পৰাগত লোকাচাৰ। ভাৰতবৰ্ষত ইংৰাজী ‘U’ আখৰটোৰ দৰে ফোঁট লোৱাজনক বিষ্ণুভক্ত, অর্ধচন্দ্ৰৰ দৰে ফোঁট লোৱাজনক শিৱভক্ত, গোলাকাৰ ডাঙৰ আকাৰৰ ৰঙা ফোঁট লোৱাজনক দেৱীভক্ত বুলি সাধাৰণতে আখ্যা দিয়া হয়, যদিও এই প্ৰথাৰ উৎপত্তি সম্পর্কে সঠিক তথ্য পোৱা নাযায়। হর্ষচৰিতত যমৰ স্ত্ৰীসকলে মুখত আৰু কপালত ঘঁৰিয়ালৰ চিত্ৰ অংকিত কৰিছিল বুলি উল্লেখ আছে। ভাৰতীয় সাহিত্যত অনেকতে তিলক পৰিধান কৰাৰ বৰ্ণনা পোৱা যায়। বিশেষকৈ ভৰতমুনিৰ নাট্যশাস্ত্ৰত অনেক প্রকাৰৰ তিলক পৰিধানৰ কথা উল্লেখ আছে। ২৪নং শ্লোকত কপালত ফোঁট অংকনেৰে শোভাবর্ধন কৰাৰ উপায় দিছে। ঠিক সেইদৰে কেশবিন্যাস অংগৰাগ বা সৌন্দৰ্য সাধনাৰ এক প্রয়োজনীয় সাধনা । অপমানৰ পৰিণতিত পুৰুষৰ কাণ কটা আৰু তিৰোতাৰ চুলি কাটি এৰি দিয়া প্ৰথা আমাৰ সমাজত আজিও হয়তো প্রচলিত। মুঠতে মানৱ সভ্যতাৰ ইতিহাসত অংগৰাগ আৰু কেশবিন্যাস ওতপ্রোতভাৱে জড়িত এটি বিষয় । জন্তু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা অঘৰীজনেও মূৰৰ চুলিত চৰাইৰ পাখি আঁৰি নিজকে দেখিনিয়াৰ কৰি তুলিবলৈ যত্ন কৰিছিল। বৈদিক যুগৰ পৰাই মহিলাই কেশ বিন্যাস বা কবৰী বন্ধন কৰি আহিছে। এটা সময়ত কেশ বিন্যাসৰ ধৰণ-কৰণ চাই তেওঁ কি গোত্ৰৰ তাক সহজে ধৰিব পৰা গৈছিল। অথর্ব বেদত খুৰেৰে মূৰৰ চুলি খুৰোৱা আৰু চুলি ফণিয়াবলৈ কাঠৰ কাকৈ ব্যৱহাৰ কৰাৰ কথা উল্লেখ আছে।
Comments are closed, but trackbacks and pingbacks are open.