স্বপ্না দাস
ইতিহাসৰ বুকুত লিপিবদ্ধ আছে মানুহে নিজৰ বাবে, সমাজৰ বাবে জাতিৰ বাবে অধিকাৰ বিচাৰি অক্লান্তভাৱে যুঁজ দিয়াৰ অলেখ কাহিনী৷ অধিকাৰৰ বাবে যুঁজ হৈছে ন্যায় আৰু সমতাৰ যুদ্ধ৷ নাগৰিক অধিকাৰৰ পৰা আৰম্ভ কৰি মহিলাৰ ভোটাধিকাৰলৈকে অধিকাৰৰ যুঁজে আমাৰ পৃথিৱীখন গঢ় দিছে৷ ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা বিভিন্ন সময়ত বিভিন্নজনে বিভিন্নধৰণে যুঁজি অহা অধিকাৰৰ যুঁজ আজিও অব্যাহত আছে৷ তেনে অনেক যুঁজৰ অন্তত আহিছে পৰিৱৰ্তন৷ সৃষ্টি হৈছে নতুন চিন্তাধাৰাৰ নতুন ব্যৱস্থাৰ৷ এনেকৈয়ে আৰম্ভ হৈছে ব্যক্তিগত, সামাজিক, জাতিগত বা অন্যান্য দিশৰ স্বাধীনতা, ৰূপান্তৰণ ঘটিছে জগতত৷
ৰূপান্তৰে জগত শুৱনি কৰে৷ ৰূপান্তৰৰ বাট সৃষ্টি কৰে মানুহ আৰু সময়ে৷ আমি লোৱা সময়োপযোগী বিভিন্ন পদক্ষেপৰ সাকাৰ বাস্তৱেই হ’ল জগত সুন্দৰ আৰু শান্তিপূৰ্ণ কৰা পৰিৱৰ্তন৷ এইক্ষেত্ৰত লক্ষণীয়ভাৱে পৰিলক্ষিত হয় নিৰ্ভীক কণ্ঠ কিছু কিছু ৰূপান্তৰৰ অনন্য সাক্ষী৷ তাকৰ হ’লেও ৰূপান্তৰৰ তেনে উদাহৰণ সময়ে সময়ে আমি শুনি আহিছোঁ বা দেখি আহিছোঁ৷ পিছে ৰূপান্তৰ ঘটাব পৰাকৈ শক্তিশালী নাৰীৰ আছেনে উদাহৰণ? ৰূপান্তৰ আনিবলৈ অধিকাৰৰ বাবে যুঁজ দিবৰ বাবে কিমান শক্তিশালী হ’ব লাগিব নাৰী এগৰাকী? আচলতে এনে যুঁজৰ বাবে শাৰীৰিক শক্তিতকৈ বহু বেছি প্ৰয়োজন মানসিক শক্তিৰ ৷ প্ৰয়োজন সাহসী কণ্ঠৰ৷ বহুসময়ত নাৰী এগৰাকীৰ সাহসী কণ্ঠ, তীক্ষ্ণ দৃষ্টিত সলনি হ’ব পাৰে এখন সমাজ৷ হৈছেও সলনি৷
মাৰিয়া ক’ৰিনা মাচাডো তেনে এগৰাকী শক্তিশালী আৰু সাহসী কণ্ঠৰ নাৰী৷ যাৰ স্বপ্ন সূৰুযমুখী হোৱা, যিগৰাকী নাৰীয়ে মূৰ তুলি মুকলি মনেৰে ৰৌদ্ৰোজ্জ্বল কিম্বা জোনগলা আকাশ চোৱাৰ হেঁপাহ বুকুত কঢ়িয়াই ফুৰে অনবৰতে; একেই সপোন দেখিবলৈ আৰু একেই হেঁপাহ কঢ়িয়াবলৈ আনকো উৎসাহিত কৰে, বাট দেখুৱায়৷ সেই স্বপ্নত অহৰহ আতুৰ হয় তেওঁ; একেই স্বপ্নত সকলোকে স্বপ্নাচ্ছন্ন কৰোৱাৰো প্ৰয়াস অনবৰতেই কৰে৷ অনেক প্ৰতিবন্ধকতা নেওচি বাটৰ কাঁইট আঁতৰাই আগবাঢ়ে তেওঁ৷ বাট মুকলি কৰি যায় আনৰ বাবেও– যি বাট সৰ্বসাধাৰণৰ, যি বাটৰ শেষত আছে প্ৰাপ্তি৷ অধিকাৰ প্ৰাপ্তি, যি অধিকাৰ প্ৰাপ্তিৰ হকে বহু সময়ত বহুতেই যুঁজ দিবলগীয়া হৈছে৷ সেই যুঁজখনৰ এগৰাকী স্থিতপ্ৰজ্ঞ আৰু নিৰ্ভীক যোদ্ধা তেওঁ– যাৰ লক্ষ্য যুদ্ধৰ অন্তিম মুহূৰ্তলৈ এন্ধাৰে-পোহৰে যুঁজি থকা৷
গণতন্ত্ৰৰ হকে সংগ্ৰামী নাৰী
“It was a choice of balotts over buletes”
‘গুলীৰ সলনি বেলটৰ বাছনি৷’– এয়াই আছিল মাৰিয়া ক’ৰিনা মাচাডোৰ গণতান্ত্ৰিক অধিকাৰ বিচাৰি চলোৱা যুজখনৰ মূলমন্ত্ৰ৷ এই বক্তব্যই হিংসাৰ আশ্ৰয় লোৱাতকৈ পৰিৱৰ্তন সাধনৰ শান্তিপূৰ্ণ, গণতান্ত্ৰিক উপায়ৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক সূচায়৷ ১৯৬৭ চনৰ ৭ অক্টোবৰত ভেনিজুৱেলাৰ কাৰাকাছত এটা ৰাজনীতিবিদৰ পৰিয়ালত জন্মগ্ৰহণ কৰা মাচাডোৱে তেওঁলোকৰ পদাংক অনুসৰণ কৰি নিজৰ দেশত পৰিৱৰ্তন আনিবলৈ অনুপ্ৰাণিত হৈছিল৷ ইউনিভাৰ্চিটি কেটলিকা আন্দ্ৰেছ বেলোত শিল্প অভিযান্ত্ৰিকত অধ্যয়ন কৰা মাচাডো ভেনিজুৱেলাৰ এগৰাকী ৰাজনীতিবিদ, কৰ্মী আৰু ঔদ্যোগিক অভিযন্তা৷ তাৰ মাজতে মাচাডোৱে স্বচ্ছ গণতন্ত্ৰৰ বাবে প্ৰচাৰ চলায়৷ ভেনিজুৱেলাৰ তেল কোম্পানী পিডিভিএছএৰ দৰে চৰকাৰী উদ্যোগৰ ব্যক্তিগতকৰণকে ধৰি উদাৰ অৰ্থনৈতিক সংস্কাৰৰ পোষকতাও তেওঁ কৰে৷ দেশৰ আটাইতকৈ দৰিদ্ৰ লোকসকলক সহায় কৰাৰ লক্ষ্যৰে কল্যাণমূলক কাৰ্যসূচী সৃষ্টি কৰাত তেওঁ সমৰ্থন কৰি আহিছে৷ তিনিটা সন্তানৰ মাতৃগৰাকীয়ে ২০০২ চনত নিকোলাছ মাদুৰোৰ শাসনত মেৰুকৰণৰ মাজত মানুহক একত্ৰিত কৰিব বিচৰা ‘ছুমাটে’ নামৰ স্বেচ্ছাসেৱী অসামৰিক সংস্থাটোৰ সহঃ প্ৰতিষ্ঠাপক হিচাপে ৰাজনীতিত প্ৰৱেশ কৰে৷ ৫৮ বছৰীয়া মাৰিয়া ক’ৰিনা মাচাডোই পেৰিস্কা হুগো চাভেজ আৰু নিকোলাছ মাদুৰোৰ চৰকাৰৰ বিৰোধী দল ‘ভেণ্টে ভেনিজুৱেলা’ৰ নেতৃত্ব দি ভেনিজুৱেলাত স্বৈৰাচাৰিতাবাদৰ বিৰোধ কৰি মাত মাতি আহিছে৷ এনেদৰেই গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে পৰিচিত হৈ পৰে মাচাডো৷ বিৰোধী দলৰ নেত্ৰী হিচাপে তেওঁ দেশখনৰ ভৱিষ্যৎ গঢ় দিয়াত নাগৰিকৰ একতাৰ ভোটদানৰ শক্তিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে৷ হিংসাৰ পৰিৱৰ্তে বেলটৰ সহায়ত মাচাডোৱে সংস্কাৰ আনিবলৈ আৰু স্বৈৰাচাৰী শাসন ব্যৱস্থাক প্ৰত্যাহ্বান জনাবলৈ মুক্ত নিৰ্বাচনৰ দৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পোষকতা কৰি আহিছে৷ অহিংস প্ৰতিৰোধৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু নাগৰিকে তেওঁলোকৰ ভোটৰ জৰিয়তে পৰিৱৰ্তন সাধন কৰাৰ ক্ষমতাৰ ওপৰত তেওঁৰ আছে অগাধ বিশ্বাস৷
যি সময়ত নাৰীয়ে কেৱল এটা সীমিত পৰিধিৰ বাসিন্দা বুলি মানি লৈছিল বা ল’বলৈ বাধ্য হৈছিল সেই সময়তে মাচাডোৱে পৰিধি ভাঙি আগুৱাই গৈছিল সৰ্বসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ বাবে৷ যি সমাজত আজিও মহিলাৰ কণ্ঠক ৰুদ্ধ কৰি ৰখা হয় সেই সমাজতে পিছে শক্তিশালী আৰু সাহসী কণ্ঠেৰে জনতাৰ হৈ মাত মাতি আহিছে মাচাডোৱে৷ প্ৰতিকূলতাৰ সন্মুখত সাহস আৰু দৃঢ়তাৰ শক্তিৰ আদৰ্শগত প্ৰমাণ মাচাডোৰ কাহিনী৷
নাৰী নেতৃত্বৰ শক্তি আৰু স্বীকৃতি
সঁচাকৈয়ে, প্ৰাপ্তিৰ বাট উজু নহয়৷ পদে পদে কাঁইটৰ আঁচোৰত ৰক্তাক্ত হয় দুভৰি৷ প্ৰাপ্তিমুখী স্বপ্নিল প্ৰত্যাশাৰে ভৰা সেই যাত্ৰা যদি হয় অধিকাৰৰ, তেনে অধিকাৰ আজুৰি হ’লেও লোৱাৰ প্ৰয়োজন৷ তেনে হাজাৰ প্ৰতিবন্ধকতাৰ হেঙাৰ অতিক্ৰম কৰাৰ বাবে প্ৰতিগৰাকী যুঁজাৰু সাজু থাকিব লাগিব৷ আনকি তেনে অধিকাৰ প্ৰাপ্তিৰ মূল্য পৰিশোধ কৰিবলৈ আপোন জীৱনকো তুচ্ছ জ্ঞান কৰিবলৈ সময়ত সাজু থকাৰো প্ৰয়োজন! সাজু আছিল মাচাডো৷ আনকি মাচাডোৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগো উত্থাপন হৈছিল৷ নিজৰ আৰু তেওঁৰ পৰিয়াললৈ চাভেজৰ সমৰ্থকৰ পৰা মৃত্যুৰ ভাবুকিও লাভ কৰিছিল, ফলত তেওঁ নিজৰ সন্তানক বিদেশত থাকিবলৈ পঠিয়াবলৈ বাধ্য হৈছিল৷ তথাপি মাচাডোৱে এৰা নাছিল স্বদেশ৷ স্বদেশতে আত্মগোপন কৰি অবিৰতভাৱে চলাই গৈছিল যুদ্ধ৷ অহিংসা নীতিৰে গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰতি মাচাডোৰ সমৰ্পণে লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে৷ ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত বাধাপ্ৰাপ্ত ভেনিজুৱেলাৰ বিৰোধী ৰাজনীতিবিদ মাৰিয়া ক’ৰিনা মাচাডোক ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে৷ বৰ্তমানো আত্মগোপন কৰি থকা বিৰোধী নেত্ৰী, ভেনিজুৱেলাৰ ‘আইৰন লেডী’ খ্যাত মাৰিয়া ক’ৰিনা মাচাডোক ২০২৫ চনৰ ৯ অক্টোবৰত ছ’চিয়েল মিডিয়া ন’বেল কমিটীয়ে ‘ভেনিজুৱেলাৰ জনসাধাৰণৰ বাবে গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ বাবে আৰু তেওঁৰ অক্লান্ত পৰিশ্ৰমৰ বাবে তথা একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ ন্যায্য আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে কৰা সংগ্ৰামৰ বাবে’ মাৰিয়া ক’ৰিনা মাচাডোক এই ন’বেল বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে বুলি ঘোষণা কৰে৷
শান্তিৰ ন’বেল বঁটা বিজয়ী ভেনিজুৱেলাৰ লৌহ কন্যা মাৰিয়া ক’ৰিনা মাচাডোই যথেষ্ট প্ৰত্যাহ্বানমূলক প্ৰেক্ষাপটৰ সন্মুখীন হোৱাৰ পিছতো প্ৰতিটো প্ৰত্যাহ্বানক জীৱনৰ এক নতুন শিক্ষা হিচাপে গ্ৰহণ কৰি আগুৱাই গৈছিল৷ ভেনিজুৱেলাত ৰাজনৈতিক দমন, দুৰ্নীতি, মানৱ অধিকাৰ উলংঘাৰ বিৰুদ্ধে মাচাডোৰ সাহস আৰু দৃঢ়তাই ভেনিজুৱেলাৰ জনসাধাৰণৰ বাবে আশাৰ ৰেখা হিচাপে পৰিগণিত হৈছে৷ বিশ্ব মঞ্চত তেওঁৰ এই স্বীকৃতিয়ে স্বৈৰাচাৰিতাবাদৰ বিৰুদ্ধে থিয় দিয়া আৰু গণতন্ত্ৰ ৰক্ষাৰ গুৰুত্বৰ এক শক্তিশালী উদাহৰণ হৈ ৰ’ব৷ প্ৰতিকূলতাৰ সন্মুখত সাহস আৰু দৃঢ়তাৰ উজ্জ্বল নিদৰ্শন৷ এই সন্মান বাবে একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ ন্যায়সংগত আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ অক্লান্ত আৰু অবিৰত প্ৰচেষ্টাৰ বাবে মাচাডোৱে লাভ কৰা কৰ্মৰ স্বীকৃতি৷
মাচাডো আৰু ন’বেল বঁটা
প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদান কৰা ‘ন’বেল বঁটা’ সাহিত্য, শান্তি, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, চিকিৎসা বিজ্ঞানকে ধৰি কেইবাটাও শিতানৰ প্ৰতিটোৰে উৎকৃষ্টতাৰ প্ৰতীক৷ ১৮৯৫ চনত আলফ্ৰেড ন’বেলে স্থাপন কৰা এই পুৰস্কাৰসমূহে নিজ নিজ ক্ষেত্ৰৰ অসাধাৰণ অৱদানক স্বীকৃতি দিয়ে৷ নৰৱে’ৰ ন’বেল কমিটীয়ে প্ৰদান কৰা শান্তি ন’বেল বঁটাৰ জৰিয়তে শান্তি আৰু সংঘাত সমাধানৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি বা সংগঠনক সন্মান জনোৱা হয়৷ ন’বেল কমিটীয়ে মাচাডোক শান্তিৰ ন’বেল বঁটা প্ৰদান কৰাৰ সিদ্ধান্তই তেওঁৰ ব্যতিক্ৰমী নেতৃত্ব আৰু ভেনিজুৱেলাত গণতন্ত্ৰক আগবঢ়াই নিয়াৰ বাবে তেওঁৰ অটল দায়বদ্ধতাৰ ইংগিত দিছে৷ ‘শান্তিৰ এগৰাকী সাহসী আৰু প্ৰতিশ্ৰুতিবদ্ধ যুঁজাৰুৱে ‘ন’বেল বঁটা’ লাভ কৰিছে’ বুলি অছলোত মাচাডোৰ জয়ৰ কথা ঘোষণা কৰি ন’বেল কমিটীৰ অধ্যক্ষ জৰ্জেন ৱাটনে ফ্ৰাইডনেছে প্ৰসংশাপূৰ্ণ মন্তব্য আগবঢ়ায়৷ তেওঁ লগতে কয়, ‘মাচাডোৱে এই বঁটাৰ বাবে আলফ্ৰেড ন’বেলে নিৰ্ধাৰণ কৰা সকলো মাপকাঠী পূৰণ কৰিছে৷ তেওঁ ভেনিজুৱেলাৰ বিৰোধীক একত্ৰিত কৰিছে, সমাজৰ সামৰিককৰণক প্ৰতিহত কৰিছে আৰু গণতন্ত্ৰলৈ শান্তিপূৰ্ণ পৰিৱৰ্তনৰ প্ৰতিযোগিতা আনিছে৷’ বিশ্ব মঞ্চত তেওঁক প্ৰদান কৰা এই স্বীকৃতিয়ে ভেনিজুৱেলাৰ বাবে গৌৰৱ কঢ়িওৱাৰ লগতে গণতন্ত্ৰ গঢ় দিবলৈ আৰু শান্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত মহিলাসকলে লোৱা উল্লেখযোগ্য ভূমিকাৰ প্ৰমাণ মাচাডোৰ এই জয়৷ ভেনিজুৱেলাৰ বিৰোধীক একত্ৰিত কৰাত তেওঁৰ নেতৃত্বই যথেষ্ট সহায় কৰিছে আৰু তেওঁৰ অক্লান্ত প্ৰচেষ্টাই ক্ৰমাৎ বৃদ্ধি পোৱা চৈৰাচাৰী শাসনৰ আন্ধাৰৰ মাজত গণতন্ত্ৰৰ চাকি জ্বলাই জনতাৰ মাজত পোহৰ বিয়পাই আছে, যি প্ৰচেষ্টাত উজলি উঠিছে মাচাডো নিজেও৷ মাচাডো এনে এগৰাকী নাৰী– যাৰ শান্তিৰ প্ৰতীকৰ উজ্জ্বলতাত পোহৰময়ী হৈ পৰিছে সমগ্ৰ বিশ্ব, যি পোহৰ শান্তিৰ৷ ‘ন’বেল বঁটা’ লাভৰ পূৰ্বেও ২০২৪ চনত ‘ভাক্লাভ হাভেল মানৱ অধিকাৰ বঁটা’ (Vaclav Havel Human Rights Prize) আৰু চিন্তাৰ স্বাধীনতাৰ বাবে ‘ছাখাৰভ বঁটা’ও ২০২৪ চনতেই তেওঁ লাভ কৰিছে৷ এইবোৰেই সততা আৰু কৰ্মৰ স্বীকৃতি, যি জীৱনৰ প্ৰাপ্তি৷
পৰিৱৰ্তনৰ সপোন আৰু নাৰী
নাৰীসকলে সময়ে সময়ে পৰিৱৰ্তনৰ আন্দোলনত আগৰণুৱা হৈ আহিছে, নিজৰ কণ্ঠ ব্যৱহাৰ কৰি মানৱ অধিকাৰৰ পোষকতা কৰিছে, নিপীড়নকাৰী ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছে আৰু অধিক ন্যায়সংগত আৰু সমতাপূৰ্ণ সমাজ গঢ়িবলৈ সক্ষম হৈছে৷ শান্তি আৰু গণতন্ত্ৰৰ প্ৰসাৰৰ বাবে অক্লান্তভাৱে কাম কৰা বহু নাৰীৰ অৱদানক শান্তিৰ ন’বেল বঁটাৰ উপৰি বিভিন্ন সন্মানৰ জৰিয়তে স্বীকৃতি দিয়া হৈছে৷ নাৰী শিক্ষাৰ বাবে যুঁজ দিয়া পাকিস্তানী যুৱতী কৰ্মী মালালা ইউছাফজাইৰ পৰা আৰম্ভ কৰি দেশখনৰ গৃহযুদ্ধৰ অন্ত পেলাবলৈ কাম কৰা লাইবেৰিয়াৰ শান্তি কৰ্মী লেইমা গ্ব’ৱী, ইৰানৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা প্ৰসাৰৰ বাবে শান্তিৰ ন’বেল পোৱা নাৰ্গিছ মহম্মদীলৈকে মহিলাসকলে অধিক শান্তিপূৰ্ণ আৰু ন্যায়পৰায়ণ পৃথিৱী গঢ় দিয়াত সহায় কৰি আহিছে৷ মাচাডোৰ এই যাত্ৰাই অধিক ন্যায়সংগত আৰু সমতাপূৰ্ণ পৃথিৱী গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলা নেতৃত্বৰ শক্তিৰো প্ৰমাণ বহন কৰে৷ নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰাৰ সময়ত মহিলাসকলে কিমান প্ৰভাৱ পেলাব পাৰে তাৰ এক শক্তিশালী উদাহৰণ মাচাডোৰ নেতৃত্ব৷ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই পুৰুষ-মহিলা উভয়ৰে নতুন প্ৰজন্মৰ নেতাক তেওঁলোকে যি বিশ্বাস কৰে তাৰ বাবে থিয় দিবলৈ আৰু উন্নত ভৱিষ্যতৰ বাবে যুঁজিবলৈ অনুপ্ৰাণিত কৰিব৷ মাচাডোৰ এই কৃতিত্বক উদযাপন কৰাৰ সময়তে বিশ্বজুৰি নাৰী অধিকাৰ আৰু গণতন্ত্ৰৰ বহল সংগ্ৰামকো প্ৰত্যেকেই স্বীকৃতি দিব লাগিব৷ ৰাজনীতি আৰু শান্তি নিৰ্মাণত মহিলাৰ অংশগ্ৰহণ অধিক সৰ্বাংগীণ আৰু সমতাপূৰ্ণ সমাজ গঢ়ি তোলাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ প্ৰতিকূলতাৰ সন্মুখীন হৈ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰসাৰৰ বাবে অক্লান্তভাৱে কাম কৰা মাচাডোৰ দৰে মহিলা নেত্ৰীক সমৰ্থন আৰু সবলীকৰণ কৰাৰ দায়িত্বও অৱশ্যে সকলোৰে৷ ২০২৫ চনৰ ন’বেল বঁটা বিজয়ী মাৰিয়া ক’ৰিনা মাচাডো হৈছে প্ৰতিকূলতাৰ সন্মুখত সাহস আৰু দৃঢ়তাৰ এক উজ্জ্বল উদাহৰণ৷ যি প্ৰতিগৰাকী নাৰীৰ বাবে হওক এক প্ৰেৰণাৰ উৎস৷ তেওঁ এগৰাকী সূৰুযমুখী নাৰী৷
ফোনঃ ৭০০২০-২৫০৪৩
Comments are closed, but trackbacks and pingbacks are open.