হৃদয়ৰ সুৰঃ ‘এয়া আকাশবাণী ডিব্ৰুগড়…’

38

ববিতা শর্মা
জৱাহৰ নৱোদয় বিদ্যালয়
মহাদেৱপুৰ নামচাই, অৰুণাচল প্রদেশ

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এক যাদুকৰী কণ্ঠ। যি কণ্ঠই সত্তৰ দশকৰ পৰা ২০০৮ চনলৈ প্ৰায় চাৰি দশকজুৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ হাজাৰ-বিজাৰ শ্ৰোতাক মন্ত্রমুগ্ধ কৰি ৰাখিছিল। কেন্দ্ৰটোৰ প্ৰতিজন শ্রোতাৰে অতি আপোন, অতি চিনাকি এই যাদুকৰী কণ্ঠৰ গৰাকী হ’ল যশস্বী সুৰকাৰ, গীতিকাৰ, কবি, আবৃত্তিকাৰ, নাট্যকাৰ, অভিনেতা, অনাতাঁৰ সম্প্ৰসাৰক, ঘোষক, বাদ্যযন্ত্ৰী তথা গীটাৰৰিষ্ট চৈয়দ ছাদুল্লা। তেওঁৰ কণ্ঠস্বৰ আমাৰ শৈশৱৰ নষ্টালজিয়া। শুদ্ধ উচ্চাৰণ, শব্দ প্ৰক্ষেপণৰ ষ্টাইল, বাক্‌পটুতা, ৰসাল উপস্থাপন, বিষয়বস্তুৰ বুৎপত্তিগত জ্ঞান আৰু কণ্ঠৰ যাদুৰে তদানীন্তন সময়ৰ ৰেডিঅ’ৰ শ্ৰোতাসকলৰ হৃদয়ত এখন নিগাজী আসন অধিকাৰ কৰিবলৈ সক্ষম হোৱা অসমৰ সাংস্কৃতিক জগতৰ এইজন আজন্ম সেৱকে যোৱা ৩০ অক্টোবৰত (২০২৫ চন) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুক সাবটি লয়।

চৈয়দ ছাদুল্লাৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত, ডিব্ৰুগড়ত। সৰুতে চুবুৰীয়াৰ ঘৰত ৰেডিঅ’ৰ অনুষ্ঠান শুনি শুনি ভৱিষ্যতে ঘোষক হোৱাৰ সপোন দেখা ছাদুল্লাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় খলিহামাৰী প্ৰাথমিক বিদ্যালয়ত। দ্বিতীয় শ্ৰেণীলৈকে তাত পঢ়াৰ পাছতে আৰক্ষী বিষয়া দেউতাক অসমৰ সেই সময়ৰ ৰাজধানী শ্বিলঙলৈ বদলি হয়। দেউতাকে ছাদুল্লা আৰু বায়েকক এবছৰৰ বাবে শিৱসাগৰৰ বকতা মৌজাৰ জুটুলিটিং গাঁৱৰ ককাদেউতাকৰ তত্ত্বাৱধানত থৈ সপৰিয়ালে শ্বিলঙলৈ যায়। সেই সময়ছোৱাতে গাঁৱৰ পৰিৱেশে ছাদুল্লাৰ মনত অসমীয়া গীত-মাত প্রতি বিশেষ অনুৰাগ জন্মায়। গাঁৱৰ পঢ়াশালিতে তেওঁ শুদ্ধ উচ্চাৰণ আৰু শব্দ প্রক্ষেপণৰ কৌশল আয়ত্ত কৰে। দেউতাকৰ লগত শ্বিলঙলৈ যোৱাৰ পাছতহে তেওঁ ইংৰাজী ক’বলৈ শিকে আৰু এই ভাষাতো বিশেষ পাৰদৰ্শিতা অর্জন কৰে।

অসমৰ এজন বিশিষ্ট গীটাৰৰিষ্ট ছাদুল্লাই ডিব্ৰুগড়ত থকাৰ সময়ত মাউথ অর্গান (Harmonica) বজাইছিল যদিও শ্বিলঙলৈ যোৱাৰ পাছতহে প্ৰথমবাৰৰ বাবে গীটাৰ দেখিছিল। বৰদিনৰ সময়ত প্ৰতিনিশা খাচী ল’ৰাবোৰে হাতত গীটাৰ লৈ বাটে বাটে কেৰ’ল গাই ফুৰা দেখি তেওঁ গীটাৰৰ প্ৰতি আকৰ্ষিত হয়। কিন্তু পুত্ৰক ভৱিষ্যতে এজন আৰক্ষী বিষয়া কৰাৰ সপোন দেখা আৰক্ষী বিষয়া পিতৃৰ আপত্তি আৰু বাধাৰ বাবে শ্বিলঙত তেওঁৰ গীটাৰ শিকাৰ সপোন, সপোন হৈয়ে ৰয় ৷ অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছতে দেউতাক পুনৰ ডিব্ৰুগড়লৈ বদলি হৈ আহে আৰু ছাদুল্লাক ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম লগাই দিয়ে। শ্বিলঙত পোখা মেলা গীটাৰ শিকাৰ তেওঁৰ সপোন সেই সময়তে বাস্তৱ হয় ৷ ৱালিষ্টং চাংমা নামৰ এজন গুৰুৰ ওচৰত তেওঁ গীটাৰ শিকিবলৈ লয়। দশম শ্ৰেণীত পঢ়ি থকাৰ সময়ত নিজাকৈ এখন গীটাৰ কিনাৰ হেঁপাহত তেওঁ নাগৰিক পঞ্জীকৰণ কাৰ্যালয়ত (NRC office) দৈনিক ১০ টকা বেতনত অংশকালীনভাৱে খাটাবহীত নাম-ঠিকনা লিখাৰ কামত সোমায় আৰু জীৱনৰ প্ৰথমখন গীটাৰ কিনে। দেউতাকৰ আপত্তি সত্ত্বেও ছাদুল্লাৰ সংগীত সাধনাত মাকে সহায়-সহযোগিতা আগবঢ়াই যায়। ১৯৬৩ চনত উক্ত বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ছাদুল্লা কানৈ কলেজৰ ছাত্ৰ হয় আৰু সহপাঠী হিচাপে ৰাজেন গোহাঁই, ভৱেশ গোস্বামী, বিজু ফুকন, নজিফুৰ ৰহমান, জিয়াউৰ ৰহমান আৰু হেমন্ত দত্তৰ সান্নিধ্য লাভ কৰে। এই সাংস্কৃতিক কর্মীকেইজনৰ সান্নিধ্যত তেওঁলোকৰ মাজৰ এজন হৈ ছাদুল্লা সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ পৰে। ১৯৬৫ চনত এই গোটেইকেইজন বন্ধু মিলি ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল ‘দ্য কুইভাৰ্চ’ (The Quivers) গঠন কৰে। দলটোৰ এজন গীটাৰৰিষ্ট হিচাপে তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি জনপ্ৰিয় হৈ পৰে।

সৰুতে ৰেডিঅ’ৰ অনুষ্ঠান শুনি শুনি ৰেডিঅ’ৰ ঘোষক হোৱাৰ সপোন দেখা ছাদুল্লাই কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া আৰু ইংৰাজী দুয়োটা শাখাতে কেজুৱেল ঘোষক পদৰ বাবে কণ্ঠ পৰীক্ষা দিয়ে আৰু দুয়োটা শাখাতে সফলতাৰে উত্তীৰ্ণ হৈ চাকৰিত যোগদান কৰে। ১৯৭৫ চনত উক্ত কেন্দ্রতে বাদ্যযন্ত্ৰী হিচাপে নিয়মীয়া চাকৰিত যোগদান কৰে। সেই সময়ৰ পৰাই তেওঁ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত, পাৰবীন চুলতানা, চাৰু গোহাঁই, মমতা বৰঠাকুৰ, সংগীতা বৰঠাকুৰ প্ৰমুখ্যে অসমৰ সাংস্কৃতিক জগতৰ ভালেমান স্বনামধন্য শিল্পীৰ সান্নিধ্য লাভ কৰে। চৈয়দ ছাদুল্লাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগদান কৰাৰ পাছৰে পৰা ৰেডিঅ’ৰ প্ৰতি অসমৰ শ্ৰোতাৰ আগ্ৰহ বাঢ়ে। ছাদুল্লা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পৰিৱেশক । তেওঁ দূৰদৰ্শন, নেচনেল জিঅ’গ্ৰাফী আৰু ডিস্ক’ভাৰী চেনেলৰ ১০০ খনতকৈও অধিক ডকুমেণ্টৰীৰ ঘোষক আছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্রই প্রতি দেওবাৰে সন্ধিয়া ৭.৩০ বজাত প্ৰচাৰ কৰা মনোৰঞ্জনধর্মী অনুষ্ঠান ‘বর্ণালী’য়ে ছাদুল্লাক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ যায়। বৰ্ণালীৰ লগতে ডাক পখিলী, হেল্লো মন্দাকিনী আদি অনুষ্ঠানৰো আঁত ধৰি সেইসমূহ অনুষ্ঠান
জনপ্ৰিয় কৰি তুলিছিল।

আকাশবাণীৰ ঘোষক হিচাপে জনপ্ৰিয়তাৰ শীৰ্ষত থকা ছাদুল্লা আছিল বহুমুখী প্ৰতিভাৰ গৰাকী। গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু অভিনেতা হিচাপেও সমানে জনপ্রিয় ছাদুল্লাই সুশীল গোস্বামীৰ ৰচিত অনাতাঁৰ নাট ‘মধুপুৰত ৰাতি পুৱাব’ত নায়ক ডাক্তৰ ফুকনৰ চৰিত্ৰত অভিনয় কৰি শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালকৈ গীতিকাৰ আৰু সুৰকাৰ হিচাপেও চৈয়দ ছাদুল্লাই সফলতা বুটলিছিল। আকাশবাণীৰ এ-গ্রেড গীতিকাৰ হিচাপে স্বীকৃতিপ্রাপ্ত ছাদুল্লাই প্রায় ১৮০টা মান গীত ৰচনা কৰে । অসমৰ ভালেমান জনপ্রিয় কণ্ঠশিল্পীয়ে কণ্ঠদান কৰা ছাদুল্লাৰ গীতৰ বিষয়বস্তুৰ গভীৰতা আৰু বিভিন্নতাই গীতসমূহক বিশেষ মাত্রা প্রদান কৰিছে। লগতে গীতত ব্যৱহাৰ কৰা হৃদয় চুই যোৱা বলিষ্ঠ শব্দবোৰেও গীতবোৰ বিশেষ কৰি তুলিছে। গীতবোৰত আছে মাটিৰ সুবাস। পৰিৱেশ সচেতনতা, শিশু, ড্রাগছ আদি বিষয়সমূহকো গীতৰ বিষয়বস্তু কৰি লোৱা ছাদুল্লাৰ গীতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কণ্ঠতো প্ৰাণ পাই উঠিছিল—

এই মাটিতে মিলি যাবলৈ দিবি মোক
বুকুৰ আপোন এই মাটি
মোৰ ওপজা ঠাই
ঘূৰি আহিম মই জনমে জনমে
এয়া যে মোৰ অসমী আই…

গীতটিৰ সুৰো সুধাকণ্ঠই নিজে কৰিছিল। সম্ভৱতঃ এই গীতটিৰ সুৰেই সুধাকণ্ঠই কৰা শেষ সুৰ। ছাদুল্লাৰ গীতৰ প্ৰতি সেই সময়ৰ গায়কসকলৰ আছিল এক বিশেষ হেঁপাহ। সেয়ে জয়ন্ত হাজৰিকাই হীৰেন গোহাঁইলৈ লিখা এখন পত্ৰত তেওঁ ডিব্ৰুগড়লৈ আহিলেই ছাদুল্লাৰ এটি গীত ‘গীতৰ শৰাই’ অনুষ্ঠানত গাব বুলি লিখিছিল। পত্ৰ পঢ়ি ছাদুল্লায়ো জয়ন্ত হাজৰিকালৈ গীত এটি ৰচনা কৰি সুৰ কৰি থৈছিল। কিন্তু দুর্ভাগ্যবশতঃ জয়ন্ত হাজৰিকাই আকস্মিকভাৱে মৃত্যুক সাবটি লোৱাৰ বাবে সেই বিশেষ গীতটি তেনেকৈয়ে থাকি গ’ল। গীতটি হ’ল—

মোৰ খিৰিকীমুখত
দেখিছোঁ এতিয়া
শৰতৰ সোণালী পাত সৰি পৰা… ।
সন্ত্ৰাসবাদীৰ সন্ত্ৰাসত ভূ-লুণ্ঠিত মানৱতা।

ৰে’ল, বাছ, বজাৰ সকলোতে সন্ত্ৰাসবাদীৰ আতংক। নিৰীহৰ তেজেৰে ৰাঙলী চৌপাশ। মানুহক হত্যা কৰিবলৈ মানুহেই নিৰ্মাণ কৰিছে এ. কে-৪৭ৰ দৰে অত্যাধুনিক মৰণাস্ত্ৰ। এনে পৰিৱেশ-পৰিস্থিতিয়ে মন ভাৰাক্ৰান্ত কৰাত ছাদুল্লাই গীতৰ জৰিয়তে ক্ষোভ উজাৰে। সংগীতা বৰঠাকুৰে কণ্ঠদান কৰা গীতটি হ’ল—

বাৰুদৰ কোলাহলত
আজি মাৰ গ’ল
নিৰীহ মানুহৰ আৰ্তনাদ…

ছাদুল্লাই গীতৰ মাধ্যমেৰে মানুহক বাস্তৱমুখী কৰাৰ প্ৰয়াস কৰিছিল। সমাজৰ কিছুমান সমস্যা লৈ তেওঁ গীত লিখিছিল। অসমৰ এক জ্বলন্ত সমস্যা হ’ল অসম গৌৰৱ আপুৰুগীয়া এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ ৷ চোৰাং চিকাৰীয়ে গাঁতত পেলাই জীৱন্তে খড়গ কাটি হত্যা কৰা গড় এজনীৰ কথাই তেওঁক কষ্ট দিছিল। সেয়ে তেওঁ লিখিছিল—

কাজিৰঙা ম‍ই কাজিৰঙা
কাজিৰঙা মই কাজিৰঙা
মোৰ বিননি বন্ধু তুমি
শুনা নে নুশুনা, শুনা নে নুশুনা…. (কণ্ঠ : সংগীতা বৰঠাকুৰ)

পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী। মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্র। কিন্তু আজি যেন মাজুলীৰ অস্তিত্ব বিপদাপন্ন। মাজুলীৰ অস্তিত্বক লৈ চিন্তিত গীতিকাৰ ছাদুল্লাই লিখিলে—

অৱক্ষয়ৰ গৰাহত
আজি মোৰ অস্তিত্ব
সংশয়, শংকাৰ দংশন জৰ্জৰ
নল’লে প্ৰতিকাৰ
ৰ’বগৈ বিল মোৰ
নামমাত্র মাজুলী…।
(কণ্ঠ : সংগীতা বৰঠাকুৰ)

ছাদুল্লাই ৰচনা আৰু সুৰ কৰা তথা তেওঁৰ গায়িকা পত্নী চৈয়দা জুৰি ৰহমানে কণ্ঠদান কৰা
এটি জনপ্রিয় গীত হ’ল—

মাজনী মোৰ ডাঙৰ হ’ল
সকলো যেন বুজা হ’ল
বুজাবলৈ গ’লে দেখোন
ওফোন্দ হে পতা হ’ল…।

কণ্ঠশিল্পী বীণাপাণি দত্তই কণ্ঠদান কৰা
চৈয়দ ছাদুল্লাই ৰচনা কৰি সুৰেৰে সজোৱা আন এটি জনপ্রিয় গীত হ’ল—

অসমীয়া মোৰ
প্রথম পৰিচয়
শেষ পৰিচয়
মোৰ অসমীয়া
ৰ’দত জিলিকে ধাননি পথাৰ
কেঁচা ঘাম মিহলি
অসমী আই… ।

সুৰকাৰ হিচাপেও চৈয়দ ছাদুল্লাৰ এক আদৰ আছিল। তেওঁ সুৰ কৰা কেইবাটাও গীত শ্ৰোতাৰ হৃদয়ৰ সুৰ হৈ পৰিছিল৷ তাৰে ভিতৰত উল্লেখযোগ্য দুটামান গীত হ’ল—

বৰ্ষা তুমি আহা
জিৰি জিৰি আহা না
বৰষা এই ফুলনি
সেউজী কৰা না …।
(কথাঃ হেমন্ত দত্ত, কণ্ঠ : ঃ ৰাজেন গোহাঁই)

অহাৰ দৰেই
উভতি আঁতৰি গ’লা
বাটে বাটে ফুল সিঁচি থৈ
ৰ’দৰ তাপত মৰহি শুকালেও
তোমাৰ কথাকে আছে কৈ…।
(কথা : সূর্য কুমাৰ ৰাজা, কণ্ঠ :
মন্দিৰা শৰ্মা লাহিড়ী)

যোৱাৰ পৰত
সৰা শেৱালি বুটলি
কি হ’ব কোৱা ?
নাই যে সময়
উভতি চোৱাৰ
এতিয়া বিদায় দিয়া…।
(কথাঃ চবিন মেধি, কণ্ঠ : জ্যোতিষ ভট্টাচার্য)

বিদায় পৰত
একোৱেই নক’লা কিয় ?
যোৱাৰ পথত আছিলোঁ ৰৈ
উভতি নাচালা কিয়…।
(কথা : হেমন্ত দত্ত,
কণ্ঠ : ডলী ঘোষ সাধ্য )

চৈয়দ ছাদুল্লা প্রকৃত অর্থত এজন গীতিকাৰ। ছিৰিয়াছ গীতৰ ৰচক ছাদুল্লাই কেইটামান পেৰডীও লিখিছিল আৰু তেওঁৰ পেৰডীকেইটাও মানুহে সমানে আদৰি লৈছিল। আকাশবাণীত থকাৰ সময়তে তেওঁ অসমৰ এজন বিশিষ্ট পেৰডী গায়ক মুনীন দত্তৰ বাবে প্ৰথমটো পেৰডী গীত ৰচনা কৰিছিল। বিজন হাজৰিকাই কণ্ঠদান কৰা আৰু শ্ৰোতাৰ বিশেষ লাভ কৰা ছাদুল্লাৰ এটি পেৰডী গীত হ’ল—

এই খালি খালি খালি
জ্বলি গ’ল বাতি লাল
ক’লৈ যাওঁ কি কৰোঁ
মই মৰি যোৱাই ভাল…।

পেৰডী গীতৰ মাজেৰে খুহুতীয়া কথাৰে ছাদুল্লাই আমাৰ সমাজৰ কিছুমান গভীৰ সমস্যা দাঙি ধৰাৰ প্ৰয়াস কৰিছে। তেনে এক প্রয়াসে কণ্ঠশিল্পী বিজন হাজৰিকাৰ কণ্ঠত পূর্ণতা পাইছে-

এই খলা-বমা, ভগা-ছিগা
য’তে ত’তে গহ্বৰ
ৰাষ্ট্ৰীয় ঘাইপথ
৩৭ নম্বৰ
ট্রাক, বাছ, গাড়ী চলে
কেঁকাই-জেকাই
মেৰামতি কৰিবলৈ
টিকা-পইচা নাই…।

বৰ্ণাঢ্য জীৱন পৰিক্ৰমাত চৈয়দ ছাদুল্লাই লাভ কৰিছিল বিভিন্ন বঁটা আৰু সন্মান। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে তেওঁক ২০২১ বৰ্ষত বিষ্ণু ৰাভা দিৱসত আহমদ আলী বাঁশকান্দী বঁটাৰে সন্মানিত কৰিছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষক হিচাপে কণ্ঠৰে অসমৰ প্ৰতিজন মানুহৰে হৃদয় জয় কৰিবলৈ সক্ষম হোৱা অসমীয়া সংস্কৃতিৰ অক্লান্ত সেৱকজন আমাৰ অতি মৰমৰ । বহুমুখী প্রতিভাৰে কৃষ্টিৰ পথাৰত সৃষ্টিৰ কঠীয়া সিঁচা চৈয়দ ছাদুল্লাৰ দৰে প্ৰতিভাশালী ব্যক্তিৰ বাবে প্রতিজন অসমীয়াই গৌৰৱান্বিত।

(ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ ‘বোধিদ্রুম’ অনুষ্ঠানত প্ৰচাৰিত চৈয়দ ছাদুল্লাৰ সাক্ষাৎকাৰটিৰ সহায়ত লেখাটো প্ৰস্তুত কৰা হৈছে)

ফোনঃ ৯৯৫৪৫-86059

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.