২৮ মাঘ, বুধবাৰ , ইং ১১ ফেব্ৰুৱাৰী ২০২৬
মেষ ৰাশি(অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, নতুন নতুন কৰ্ম সন্ধান লাভ কৰিব, লগতে আজি আপুনি নতুন নতুন কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
বৃষ ৰাশি(উ,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, আৰ্থিক দিশত শুভ বুলি কব পাৰি, কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
মিথুন ৰাশি(ক,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, সকলোৰে পৰা মৰম চেনেহ লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, স্বাস্থ্যৰ উন্নতি সাধন হব, কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত শুভ হোৱাৰ যোগ দেখা যায়।
সিংহ ৰাশিৰ(ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
কন্যা ৰাশি(প,ঠ): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰকৃতিৰ প্ৰতি মৰম ভালপোৱা বাঢ়িব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব, ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে, সন্মান বাঢ়িব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি জটিলতা আহিব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত প্ৰসংসা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা নকৰিলে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।
ধনু ৰাশি(ধ,ভ): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, শীল্প সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব, সাহিত্যক সকলৰ সাহিত্য চৰ্চাত মনোনিৱেশ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শত্ৰুৰ পৰা ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কুম্ভ ৰাশি(গ,শ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, কৰ্মত জয় লাভ কৰিব, যদিও আজি আপুনি মিছা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
মীন ৰাশি(দ,চ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, নিজৰ কৰ্ম দ্বাৰা আনৰ প্ৰিয় প্ৰাত্ৰ হ’বলৈ সক্ষম হব, যদিও আজি আপুনি কৰ্মত সাহস নেহেৰুৱাব।
Comments are closed, but trackbacks and pingbacks are open.