চকুৰ আকৃতি অনুযায়ী কাজল নিবিয়পাকৈ কেনেকৈ লগাব ?

13

মন্দিতা গোস্বামী খাউণ্ড

মেক আপ-

মেক আপ হৈছে এনে এক বহুমুখী কলা, যি আপোনাৰ সৌন্দৰ্য অধিক আকষর্ণীয় কৰাৰ লগতে আত্মবিশ্বাসো বঢ়াই তোলে। লগতে ব্যক্তিত্বশালীভাৱে আনৰ আগত নিজক প্ৰকাশ কৰাত ই সহায় কৰে। চমুকৈ ক’বলৈ গ’লে, Makeup can indeed enhance natural beauty by subtly accentuating features and boosting confidence.

এতিয়া আহোঁ, মেক আপৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ, আমাৰ চকুযুৰিৰ কথালৈ। চকুৰ জৰিয়তেই আমাৰ প্রত্যেকৰ প্ৰথম পৰিচয় হয়। চকুযুৰিৰ পৰাই একোগৰাকী ব্যক্তিৰ মনৰ সৌন্দৰ্য প্ৰকাশ পায়। ক’বলৈ গ’লে, চকুৱে মানুহৰ মনটোৰ পৰিচয় দাঙি ধৰে। প্ৰেমত চাৰি চকুৰ মিলন হয় অর্থাৎ চকুৰ বাবেই মানুহৰ প্ৰেম হয়। কাজলসনা চকুযুৰিক লৈয়ে কবিয়ে বহু প্ৰেমৰ কবিতা লিখি আহিছে।

এগৰাকী মহিলাৰ বাবে মেক আপৰ গুৰুত্বপূৰ্ণ অংশ হৈছে চকুযুৰি। পিন্ধা কাপোৰৰ লগত মিলাকৈ Eye shadow, Highlighter, Gliters, কাজল, Eyeliner, Mascara লগালে দেখাত ধুনীয়া লাগে। কিন্তু চকুত কাজল বিয়পি নোযোৱাকৈ লগাব পৰাটো এটা কলা। মোৰ ওচৰলৈ অহা প্ৰায়বিলাক Client আৰু মহিলাসকলে সচৰাচৰ সোধা প্ৰশ্নটো হ’ল, কাজলখিনি বিয়পি নোযোৱাকৈ কেনেকৈ লগাওঁ আমি মেকআপ আর্টিষ্টসকলে ? সেয়ে ভাবিলোঁ, বজাৰত সহজতে পোৱা কাজল পেঞ্চিলডালেৰে কেনেকৈনো বিয়পি নোযোৱাকৈ কাজল লগাব পাৰি, আপোনালোকক এইবাৰ তাকে জনাওঁ । আৰু লগতে Eye Shape অনুযায়ী কাজল কেনেকৈ লগালে চকুটো আকষর্ণীয় হৈ উঠিব, তাৰ টিপচ্ দুটামান দিওঁ।

প্রথমে জানো আহক, অসমৰ বজাৰত সহজতে পোৱা কাজলৰ কোম্পানী কেইটামানৰ নাম—

  1. LAKME Eyeconic Kajal
  2. Maybelline
  3. L’Oreal
  4. Colorbar
  5. Elle18

প্রফেছনেল কাজল ল’ব খুজিলে অনলাইনযোগে বেলেগ বেলেগ ব্ৰেণ্ডৰ কাজল আপুনি ল’ব পাৰে।

কাজল লগোৱাৰ পদ্ধতি

কাজল বিয়পি নাযাবলৈ, প্ৰথমে চকুৰ কাজল লগোৱা ঠাই টুকুৰা পৰিষ্কাৰ কৰি প্ৰাইমাৰ লগাই ল’ব। যদিহে প্ৰাইমাৰ নাই, আৰু স্কিনখন অইলি, তেন্তে কাজল লগোৱাৰ আগত ঠাই টুকুৰাত অলপ কম্পেক্ট পাউডাৰ নহ’লে Translucent Powder বা ঘৰতে থকা সাধাৰণ পাউডাৰ লগাই ল’ব। তাৰ পিছত কাজলৰ পাতল ৰেখা এডাল টানিব। পাৰিলে দুই বা তিনিবাৰ আঁকিব। তেতিয়া ৰংটো ডাঠ হ’ব। ভিতৰৰ কোণটো (মানে tear duct area) পৰিহাৰ কৰিব, য’ত smudge হোৱাৰ (বিয়পি যোৱাৰ) সম্ভাৱনা বেছি। অৱশেষত, আপুনি অতিৰিক্ত বিয়পাখিনি ৰোধ কৰিবৰ বাবে কম্পেক্ট পাউডাৰ (Skin tone মিলাকৈ), টেলকম পাউডাৰ (talcum powder) নহ’লে আইশ্বেড’ পেলেটৰ পৰা (ব্রাউন নহ’লে ক’লা বা পছন্দ অনুযায়ী) ৰং smudge কৰিবলৈ লগাব পাৰে। কাজল লগোৱা ঠাইখিনিত পাউডাৰখিনি ব্যৱহাৰ কৰিবলৈ এডাল smudging brush বা Q tip ল’ব। আৰু সেইডালেৰে কাজলৰ তলত লাহেকৈ ঘঁহি মোহাৰি দিব। পাৰিলে তাৰ পিছত আকৌ এবাৰ কাজল লগাব, যাতে ডাঠ হয় আৰু বহুত দেৰিলৈকে
থাকে।

চকুৰ Shape অনুযায়ী কাজল লগালেহে চকুযুৰি অধিক আকর্ষণীয় হৈ উঠে। এতিয়া আহোঁ চকুৰ বিভিন্ন Shape আৰু সেই অনুযায়ী কেনেকৈ কাজল ব্যৱহাৰ কৰিম ?

বিভিন্ন চকুৰ আকৃতিৰ বাবে নির্দিষ্ট কৌশল

সৰু চকুঃ ওপৰৰ লেছ লাইনত (Tight Line/চকুৰ নোমৰ ফাঁকে ফাঁকে) কাজল প্রয়োগ কৰক আৰু চকুযুৰি উজ্জ্বল কৰিবলৈ চকুৰ তলৰ ৱাটাৰ লাইনত বগা ৰং বা পাতল ৰং ব্যৱহাৰ কৰি ল’ৱাৰ লিড এৰিয়াত কাজল লগাই দিলে চকুকেইটা ডাঙৰ দেখা যাব ।

ৰাউণ্ড চকুঃ ভিতৰৰ পৰা বাহিৰলৈ ওপৰৰ লেচলাইনৰ কাষেৰে পাতলকৈ কাজল সানিব আৰু তাৰ পিছত ইয়াক লেচলাইনৰ অলপ বাহিৰলৈ টানি দিব অধিক দীঘলীয়া দেখাবলৈ। আৰু ল’ৱাৰ লেচলাইনত পাতলকৈ আঁকিব, কিন্তু তলত বাহিৰলৈ বেছি নাটানিব। এতিয়া ইচ্ছা কৰিলে স্মাজ ব্ৰাছ/Q-tip দি, অলপ বহলাই দিব পাৰে। অলপ Smokey eye effect দেখুৱাবলৈ।

হুডযুক্ত চকুঃ হুডযুক্ত চকুত কাজল প্রয়োগ কৰিবলৈ ওপৰৰ ৱাটাৰলাইনত কাজল লগাব
আৰু লাহেকৈ upper lash lineলৈকো কাজল আঁকি দিব। কেৱল creaseline লৈ আঁকি নিদিব। পাৰিলে লাহেকৈ winged look দিব পাৰে । lower lashত কাজল আঁকিব পাৰে।

আপ টার্নড চকুঃ আপাৰ lashlineত কাজল আঁকিব। winged বাহিৰৰ কোণত অলপ ওপৰলৈ টানি দিব। তলৰ lashlineত কাজল আঁকিব। ৱাটাৰলাইনত ডাঠ কাজল পৰিহাৰ কৰিব। lashlineৰ কাজলখিনি Smudge Brush দি অলপ Smudge কৰিব ।

ডাউন টার্নড চকুঃ ডাউন টার্নড চকুত কাজল আঁকিবলৈ upper lash line ত কাজল আঁকি, বাহিৰৰ কোণৰ ওচৰলৈ যোৱাৰ লগে লগে ইয়াক ডাঠ কৰি তুলিব। এতিয়া কোণত wingedটো লিফট কৰিব অলপ, যাতে চকুটো দেখাত ওপৰলৈ উঠা নিচিনা লাগে।

এলমণ্ড চকুঃ এলমণ্ড আকৃতিৰ চকুত কাজল প্রয়োগ কৰিবলৈ প্ৰথমে আপাৰ লেছ লাইনত পাতলকৈ কাজল সানিব। বাহিৰলৈ আনোতে লাহে লাহে ডাঠ কৰি দিব। আউটাৰ কৰ্নাৰত অলপ winged কৰি দিলে আৰু আকষর্ণীয় হ’ব। ইনাৰ কৰ্নাৰ/tear ductত অলপ কাজল আঁকিব।

মনোলিড চকুঃ মনোলিড চকুত কাজল প্রয়োগ কৰিবলৈ ওপৰৰ লেছ লাইনত কাজল ব্যৱহাৰ কৰক। লগতে টাইট লাইন কৰিব আৰু আপাৰ লেচেছবোৰৰ মাজত আঁকি দিব। পাৰিলে Outer Line আঁকিব পাৰে Subtle Wing দেখুৱাবৰ বাবে। পাতলকৈ Lower Lash lineত আঁকিব পাৰে।

এইধৰণে কাজল লগালে আপোনালোক উপকৃত হ’ব আৰু চকুযুৰি অধিক আকষর্ণীয় হ’ব।

You might also like

Comments are closed, but trackbacks and pingbacks are open.