শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:
২০ মাঘ, মঙ্গলবাৰ , ইং ৩ ফেব্ৰুৱাৰী ২০২৬
*সূৰ্যোদয়* ঘ :- ৬/১১/২৩
*সূৰ্যাস্ত* ঘ :- ৫/২/৫১
*ৰাশি* : – সিংহ ৰাশি।
*তিথি* :- কৃষ্ণা দ্বিতীয়া তিথি। ৰা:ঘ:- ২/৪/১ যোৱাত শুক্লা তৃতীয়া তিথি আৰম্ভণি হ’ব।
*নক্ষত্ৰ* :- মঘা , ৰা:ঘ:- ১১/৪৬/১২ লৈ ।
*শুভ সংখ্যা* :- ৬/৯
*শুভ ৰং*:- ৰঙা / সোনালী ।
*আদ্যঋতু*:- কান্তা যোগ ।
*মৰণৰ দোষ* :- দ্বিপদ, ৰা:ঘ:- ২/৪/১ এপদ।
*যাত্ৰা* :- উত্তৰ দিশত নাই । ৰা:ঘ:- ২/৪/১ যোৱাত অগ্নি কোনত নাই।
*যোগিনী* :- উত্তৰ দিশত । ৰা:ঘ:- ২/৪/১ যোৱাত অগ্নি কোনত।
*ভক্ষ্যাভক্ষ্য* :- তিতা খোৱা নিষেধ। ৰা:ঘ:- ২/৪/১ যোৱাত পটল খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ ধন সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য কৰ্মত স্বাস্থ্যৰ অৱনতি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি (ক,ছ):- মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সুখ শান্তি বাঢ়িব, কৰ্মত সুনাম বাঢ়িব, লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি (ড,হ) : – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব, উকীল পুলিচ প্ৰশাসনৰ লোক সকলৰ কৰ্মত সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য পেটৰ ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধুৰ সান্নিধ্য লাভ কৰিব, কৰ্মত জয় লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, আৰ্থিক দিশত শুভ বুলি কব পাৰি, নৃত্য শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য অস্থিৰ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে মানসিক উদ্বেগ ভাৱ বাঢ়িব, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য সৃষ্টি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ কৰিব নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য উদ্বিগ্ন হ’ব পাৰে, যদিও আজি আপোনাৰ ধন- সম্পত্তি সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি (গ,শ,স): – কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত সন্মান বাঢ়িব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপোনাৰ সম্পদ হানি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জেষ্ঠ্য ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, কৰ্মত জয় লাভ কৰিব, যদিও আজি আপুনি লগ বন্ধুৰ পৰা সাৱধান নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।
জ্যোতিষী
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
নৱগ্ৰহ জ্যোতিষালয়
Comments are closed, but trackbacks and pingbacks are open.