মানসিক সুস্থতাৰ বাবে পুষ্টিকৰ খাদ্যাভ্যাস

8

অময়া দাস
খাদ্য বিশেষজ্ঞা আৰু গৱেষক

আজিৰ দ্ৰুতগতিৰ জীৱনত মানুহে শাৰীৰিক স্বাস্থ্যৰ ওপৰত কিছু মনোযোগ দিলেও বহু সময়ত মানসিক স্বাস্থ্যৰ কথা অৱহেলা কৰে। কিন্তু সুস্থ শৰীৰৰ দৰে সুস্থ মনো সমানেই প্রয়োজনীয়। এই কথাটো সমাজৰ মাজত বুজাবলৈ আৰু মানুহক সচেতন কৰিবলৈ প্ৰতিবছৰ মে’ মাহত মানসিক স্বাস্থ্য সচেতনতা মাহ পালন কৰা হয়। এই মাহৰ মূল উদ্দেশ্য হৈছে মানুহক মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰোৱা আৰু ইয়াৰ যত্ন ল’বলৈ উৎসাহিত কৰা। আজিৰ ব্যস্ত জীৱনত মানসিক স্বাস্থ্য এক গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিছে।

মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ কেৱল ঔষধ বা পৰামৰ্শই নহয়, সঠিক খাদ্যাভ্যাসো অতি গুৰুত্বপূৰ্ণ । ইয়াত এগৰাকী খাদ্য বিশেষজ্ঞাৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য। এজন খাদ্য বিশেষজ্ঞাই মানুহক স্বাস্থ্যসন্মত আৰু সুষম খাদ্য বাছি ল’বলৈ সহায় কৰে, যিয়ে মানসিক স্বাস্থ্য উন্নত কৰাত সহায়ক হয়। বিশেষকৈ ছাত্র-ছাত্রী, কৰ্মজীৱী মানুহ আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত মানসিক চাপ অধিক দেখা যায়। এনে সময়ত পুষ্টিকৰ খাদ্য আৰু সঠিক পৰামৰ্শই মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে।

গৱেষণাই দেখুৱাইছে যে আমাৰ খাদ্যাভ্যাস আৰু মানসিক অৱস্থাৰ মাজত গভীৰ সম্পৰ্ক আছে। মানসিক স্বাস্থ্য মানৱ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ। সঠিক আৰু পুষ্টিকৰ খাদ্য গ্রহণে মগজুৰ কাৰ্য ক্ষমতা উন্নত কৰে আৰু মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ সহায় কৰে। মানসিক স্বাস্থ্যত সহায়ক উপাদান আৰু এই উপাদানৰ উৎস লগতে ইয়াৰ বৈজ্ঞানিক সম্পৰ্কৰ বিষয়ে অৱগত কৰি মানৱ জীৱনত এই উপাদানৰ উপকাৰিতা উল্লেখ কৰাৰ চমু আভাস দাঙি ধৰিছোঁ।

মানসিক স্বাস্থ্যৰ লগত সম্পর্ক থকা প্রধান উপাদান সমূহ হৈছে অ’মেগা-৩ ফেটি এচিড, বিভিন্ন ভিটামিন, খনিজ লৱণ, প্ৰটিন, চর্বি, কার্বহাইড্রেট ইত্যাদি। এই উপাদানৰ প্ৰধান উৎস আৰু ইয়াৰ সম্পৰ্ক উল্লেখ কৰা হ’ল ।

অ’মেগা-৩ ফেটি এচিডৰ প্ৰধান খাদ্য উৎসসমূহ হ’ল— চর্বিযুক্ত মাছ (চালমন, চার্ডিন, মাকলে), তিসি বীজ, চিয়া বীজ, আখৰোট, মিঠাতেল, ছয়াবিন তেল ইত্যাদি।

অ’মেগা-৩ ফেটি এচিডৰ উপকাৰিতা আৰু মানসিক স্বাস্থ্যৰ লগত সম্পৰ্ক অৱগত কৰা হ’ল।

♦ ই মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে।

♦ ই মুড নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হতাশাৰ লক্ষণ কমাব পাৰে ।

♦ এই অ’মেগা-৩ মগজুত চেৰ ‘টনিন আৰু ড’পামিন নামৰ নিউৰোট্রান্সমিটাৰ নিয়ন্ত্ৰণত সহায় কৰে, যি ভাল অনুভূতি আৰু মানসিক স্থিৰতা বজাই ৰাখে।

♦ গৱেষণাই দেখুৱাইছে যে অ’মেগা-৩ গ্রহণে চাপ, উদ্বিগ্নতা আৰু হতাশা কমাব পাৰে আৰু নিদ্ৰা আৰু স্মৃতি উন্নত কৰে। যিসকল লোকৰ অ’মেগা-৩ বেছি, তেওঁলোকৰ হতাশা আৰু উদ্বিগ্নতা তুলনামূলকভাৱে কম দেখা যায় ।

B-Complex ভিটামিনঃ মানসিক স্বাস্থ্য সুস্থ ৰখাৰ কাৰণে বি-কমপ্লেক্স ভিটামিন এক অত্যন্ত প্রয়োজনীয় পুষ্টি উপাদান। ই ৮ প্ৰকাৰৰ ভিটামিন থাকে। B1 (থিয়ামিন), B2 (ৰাই ব’ফ্ল’বিন), B-3 (নিয়াচিন), B-5 পেনট’থেনিক এচিড), B-6 (পাইৰ ডাইন), B-7 (বায়’টিন), B-9 (ফ’লেট) B-12 (কবালামিন)। এই ভিটামিনসমূহৰ প্ৰধান খাদ্য উৎসসমূহ হ’ল— সম্পূর্ণ শস্য, দাইল, মাহজাতীয় খাদ্য, গাখীৰ আৰু দুগ্ধজাত খাদ্য, কণী, মাছ, মাংস, সেউজীয়া শাক, বাদাম, বীজ, ফল (কল, বেৰী ফল) ইত্যাদি।

বি কমপ্লেক্স ভিটামিন উপকাৰিতা আৰু মানসিক স্বাস্থ্যৰ লগত সম্পৰ্ক অৱগত কৰা হ’ল—

  • বি – কমপ্লেক্স ভিটামিনসমূহে মগজুত বিভিন্ন নিউৰ’ট্ৰেন্সমিটাৰ (যেনে – চেৰ’টনিন আৰু ড’পামিন) উৎপাদনত সহায় কৰে, যিয়ে মুড ভাল ৰাখে।
  • এই ভিটামিনসমূহে মগজুৰ কাৰ্যক্ষমতা, স্নায়ুতন্ত্ৰৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে। এই ভিটামিনৰ অভাৱ হ’লে উদ্বেগ, হতাশা, ক্লান্তি আৰু মনোযোগৰ সমস্যা দেখা দিব পাৰে ।
  • Folate B 9 আৰু B-12 হতাশা কম কৰাত সহায়ক।
  • এই ভিটামিনসমূহ স্নায়ুতন্ত্র শক্তিশালী কৰি স্মৃতি আৰু মনোযোগ উন্নত কৰে।
  • বি-কমপ্লেক্স ভিটামিন যথেষ্ট পৰিমাণে গ্ৰহণ কৰিলে মানসিক চাপ আৰু ক্লান্তি কম হয় ।

খনিজ পদাৰ্থ আৰু মানসিক স্বাস্থ্য

মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ ভিটামিনৰ লগতে খনিজ পদার্থও অতি প্রয়োজনীয় উপাদান। কিছুমান গুৰুত্বপূৰ্ণ খনিজ পদার্থ যেনে- মেগনেছিয়াম, জিংক, আইন, ছেলেনিয়াম আৰু আয়’ডিন মানসিক স্বাস্থ্যৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। এই খনিজ লৱণসমূহৰ প্ৰধান খাদ্য উৎসসমূহ হ’ল— বাদাম, তিল, দাইল, সম্পূর্ণ শস্য, সেউজীয়া শাক-পাচলি, মাছ, মাংস, কণী, গুৰ, ব্রাজিল নাট, বীজ, অটমিল, আয়’ডিনযুক্ত নিমখ, সামুদ্রিক মাছ ইত্যাদি।

খনিজ লৱণৰ উপকাৰিতা আৰু মানসিক স্বাস্থ্যৰ লগত সম্পৰ্ক অৱগত কৰা হ’ল—

  • মেগনেছিয়ামে চাপ আৰু উদ্বেগ কম কৰাত সহায় কৰে আৰু নিদ্ৰা উন্নত কৰে ।
  • জিংকে মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু হতাশা কম কৰাত সহায় কৰে ।
  • আইৰনে মগজুলৈ অক্সিজেন যোগান ধৰে। ইয়াৰ অভাৱ হ’লে ক্লান্তি, মনোযোগৰ অভাৱ আৰু মানসিক দুৰ্বলতা দেখা দিব পাৰে।
  • Selenium ছেলেনিয়ামে এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰি মগজুৰ কোষক অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰে ৷
  • স্মৃতি আৰু মনোযোগ উন্নত কৰি কগনিটিভ ফাংচন উন্নত কৰাত সহায় কৰে। ছেলেনিয়াম কম থাকিলে মন বেয়া লগা, ক্লান্তি আৰু হতাশা বৃদ্ধি হ’ব পাৰে ।
  • স্নায়ু ব্যৱস্থাৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে।
  • ছেলেনিয়াম আৰু আয়’ডিনে থাইৰয়ড গ্রন্থি সুস্থ ৰাখে আৰু থাইৰয়ড হৰমন উৎপাদনত সহায় কৰে।
  • শিশুৰ মগজুৰ বিকাশ আৰু বুদ্ধি বৃদ্ধিত আয়’ডিনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মানসিক স্বাস্থ্য উন্নত কৰে ৷
  • আয়’ডিনে মেটাবলিজম নিয়ন্ত্ৰণ কৰি শৰীৰক সক্ৰিয় কৰাৰ লগতে শৰীৰৰ বৃদ্ধি আৰু শক্তি নিয়ন্ত্ৰণ কৰে।

সামগ্ৰিকভাৱে ক’ব পাৰি যে সুস্থ শৰীৰ আৰু সুস্থ মন একেলগে জড়িত। সুষম পুষ্টিকৰ খাদ্য গ্রহণ কৰি নিয়মিত ব্যায়াম কৰি আৰু ইতিবাচক চিন্তা কৰি আমি মানসিক স্বাস্থ্য উন্নত ৰাখিব পাৰোঁ।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.