প্রত্যেক আহাৰে এক কাহিনী কয়। শস্য উৎপাদন কৰা কৃষকৰ পৰা আৰম্ভ কৰি, পেকেজিং, পৰিবহণ আৰু বিক্রেতা তথা প্ৰস্তুত কৰাজনলৈ অতিক্ৰম কৰি এনেদৰে আহাৰ আমাৰ থালীখনত আহি পৰালৈ বহুখিনি হাত আৰু কষ্ট পাৰ হয় । কিন্তু সদায় এটা অদৃশ্য কাৰকে এইটো নিৰ্ধাৰণ কৰে যে আহাৰে আমাক পুষ্টি যোগায় নে আমাৰ ক্ষতি কৰে। এইবোৰ ধাৰণাই জন্ম দিয়ে এক নতুন বিষয় যাক আমি খাদ্য সুৰক্ষা বুলি জানো। বৰ্তমান খাদ্য বিষয়টো আগৰ তুলনাত অধিক উদ্বেগজনক হৈ উঠিছে। আমি যি খাইছোঁ সেয়া নিৰাপদ হয় নে নহয় সেয়া নিশ্চিত কৰাটো আমাৰ সময়ৰ আটাইতকৈ জৰুৰী আৰু জনস্বাস্থ্য প্রাধান্যৰ অন্য তম দিশ হৈ পৰিছে। সেই কাৰণে প্ৰতিবছৰ ৭ জুন তাৰিখে অনুষ্ঠিত হোৱা বিশ্ব খাদ্য সুৰক্ষা দিৱস আজি এক শক্তিশালী বৈশ্বিক স্মৰণসূচী হিচাপে পৰিগণিত হৈছে। নিৰাপদ খাদ্যাভ্যাস কোনো বিলাসিতা নহয়, ই এক আৱশ্যকতা।
২০২৬ বছৰৰ বাবে বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ মূল বিষয়বস্তু হৈছে “From burden to solutions safe food everywhere” | বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ দ্বাৰা নেতৃত্ব দিয়া এই ভাবধাৰা দুটা গুৰুত্বপূৰ্ণ সত্যতাৰ ওপৰত কেন্দ্ৰীভূত হৈছে— প্ৰথম, খাদ্যসংক্ৰান্ত ৰোগসমূহে আজি দীৰ্ঘকাল ধৰি বিশ্বজুৰি সমস্যাৰ সৃষ্টি কৰি আছে আৰু দ্বিতীয়, প্ৰমাণিত সমাধানসমূহ ইতিমধ্যে উপলব্ধ আছে।
আমাৰ থালীৰ আঁৰৰ সংকট
খাদ্যৰ পৰা হোৱা ৰোগসমূহ প্ৰায়েই কম পৰিমাণে মূল্যায়ন কৰা হয় কাৰণ সেইবোৰ প্ৰধানকৈ অদৃশ্য। খাদ্য সতেজ দেখাব পাৰে, গোন্ধ মিহি হ’ব পাৰে বা সোৱাদ স্বাভাৱিক হ’ব পাৰে, তথাপিও তাত বিপজ্জনক বেক্টেৰিয়া, ভাইৰাছ, পৰজীৱী বা ক্ষতিকাৰক ৰাসায়নিক পদার্থ থাকিব পাৰে।। বিশ্বজনীন অনুমান অনুসৰি প্ৰায় ৬০ কোটি লোক প্রতিবছৰে দূষিত খাদ্য সেৱনৰ পিছত অসুস্থ হৈ পৰে। খাদ্যজনিত ৰোগত বছৰি প্রায় ৪ লাখ ২০ হাজাৰ লোকৰ মৃত্যু হয়। পাঁচ বছৰৰ তলৰ শিশুৱে খাদ্যজনিত ৰোগৰ প্ৰায় ৪০ শতাংশ অংশ বহন কৰে।
এইবোৰ কেৱল সংখ্যা নহয়। প্ৰতিটো পৰিসংখ্যাৰ আঁৰত বিদ্যালয়ত বাদ পৰা শিশু, আয় হেৰুৱাই পেলোৱা শ্রমিক, চিকিৎসাৰ বিলৰ সন্মুখীন হোৱা পৰিয়াল বা প্ৰাদুৰ্ভাৱৰ সৈতে মোকাবিলা কৰা সম্প্রদায় পাতে-পাতে সন্নিৱিষ্ট হৈ আছে। কম আয়ৰ আৰু দুৰ্বল জনসংখ্যাৰ ক্ষেত্ৰত ইয়াৰ পৰিণতি আৰু অধিক ভয়াৱহ হ’ব পাৰে। অসুৰক্ষিত খাদ্যই স্বাস্থ্যত বহু বেছি প্ৰভাৱ পেলায় । ই উৎপাদনশীলতাৰ ক্ষতি কৰে, স্বাস্থ্যসেৱা ব্যৱস্থাত চাপ দিয়ে, বাণিজ্যত ব্যাঘাত জন্মায়, পৰ্যটনৰ ক্ষতি কৰে আৰু লগতে বজাৰ-প্ৰতিষ্ঠানৰ ওপৰত আস্থা হ্ৰাস কৰে।
তেতিয়াহ’লে সঠিকভাৱে খাদ্য সুৰক্ষানো কি ?
খাদ্য সুৰক্ষাৰ অৰ্থ হ’ল খাদ্যৰ ব্যৱস্থাপনা, প্রস্তুত তথা সংৰক্ষণ কৰা আৰু এনেদৰে বিতৰণ কৰা যাতে বিষাক্ততা আৰু অসুস্থতাৰ আশংকা হ্রাস পায়। ই খাদ্য শৃংখলৰ প্ৰতিটো পৰ্যায় সামৰি লয়—
- খেতিত/পামত উৎপাদন
- চপোৱা আৰু প্ৰক্ৰিয়াকৰণ
- পেকেজিং আৰু পৰিবহণ
- সংৰক্ষণ আৰু খুচুৰা বিক্ৰী আৰু
- ঘৰত বা ৰেস্তোৰাত ৰন্ধন আৰু পৰিৱেশন।
সহজ ভাষাত ক’বলৈ গ’লে খাদ্য সুৰক্ষাৰ অৰ্থ হ’ল খেতিপথাৰৰ পৰা থালীখনলৈকে খাদ্য সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰা । ইয়াৰ লগত বিভিন্ন ধৰণৰ অভ্যাস জড়িত হ’ব পাৰে —
- খাদ্য প্ৰস্তুত কৰাৰ পূৰ্বে হাত ধোৱা
- পৃষ্ঠ, বাচন-বৰ্তন, আৰু সঁজুলি পৰিষ্কাৰ কৰা
- খাদ্য নিৰাপদ উষ্ণতাত ৰন্ধা
- নষ্ট হ’ব পৰা বস্তু সঠিকভাৱে সংৰক্ষণ কৰা
- খাদ্য দূষিতকৰণ হোৱাৰ পৰা প্ৰতিহত কৰা
- বিশুদ্ধ পানী ব্যৱহাৰ কৰা
- কীট-পতংগ নিয়ন্ত্ৰণ কৰা আৰু
- লেবেলিং আৰু এলাৰ্জীৰ নিয়ম অনুসৰণ কৰা ৷
এইবোৰ পদক্ষেপ সৰু যেন লাগিব পাৰে, কিন্তু একেলগে ইহঁতে জীৱন ৰক্ষা কৰে ৷
কিয় এই বছৰৰ বিষয়বস্তু গুৰুত্বপূর্ণ?
২০২৬ চনৰ বিশ্ব খাদ্য সুৰক্ষা অভিযানৰ মূল বিষয়বস্তুৱে গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দিয়ে। খাদ্যজনিত ৰোগৰ বোজা ইতিমধ্যে সকলোৱে বুজি পাইছে। এতিয়া সময় হৈছে সমাধানৰ ওপৰত গুৰুত্ব দিয়াৰ। ২০০০ চনৰ পৰা ২০২১ চনলৈকে সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰি WHOয়ে খাদ্য জনিত ৰোগৰ বিশ্বব্যাপী বোজাৰ ওপৰত নবীকৃত অনুমান প্ৰকাশ কৰাৰ আশা কৰা হৈছে। এই প্রতিবেদনে দেশসমূহক সর্বাধিক ক্ষতিকাৰক বিপদসমূহ চিনাক্তকৰণ, নীতি, বিনিয়োগ আৰু প্ৰতিৰোধ কেন্দ্ৰীভূত কৰাত সহায় কৰিব ।
নিৰ্ভৰযোগ্য তথ্য আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ চৰকাৰে মাপকাঠীৰ আধাৰতহে সমাধান বিচাৰে। যদি কোনো দেশৰ অনুভব হয় যে পানী, খাদ্য পৰিচালনা, কীটনাশক বা যোগান শৃংখলাৰ বিকলতাৰ সৈতে বিষাক্ততা জড়িত আছে বুলি, তেন্তে ই লক্ষ্য সংস্কাৰৰ সৈতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে ।
খাদ্য সুৰক্ষা আৰু খাদ্য সুৰক্ষিত অৱস্থাঃ একেটা মুদ্ৰাৰ দুই পৃষ্ঠ
খাদ্য সুৰক্ষাৰ অৰ্থ হ’ল মানুহে স্বাস্থ্যসন্মত জীৱনৰ বাবে পৰ্যাপ্ত পৰিমাণৰ নিৰাপদ, পুষ্টিকৰ খাদ্যৰ নিয়মীয়া সুবিধা লাভ কৰা। কেৱল পৰিমাণৰ কথাই নহয় ইয়াৰ লগতে গুণগত মান আৰু সুৰক্ষাও অত্যন্ত জৰুৰী। বজাৰত সকলো পৰ্যায়ৰ খাদ্য পর্যাপ্ত হ’ব পাৰে, কিন্তু সেই খাদ্য যদি দূষিত বা পুষ্টিহীন হয় তেন্তে প্রকৃত খাদ্য সুৰক্ষাৰ অস্তিত্ব নাথাকে।
এই কাৰণেই খাদ্য সুৰক্ষা হৈছে ক্ষুধাৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজৰ এক মূলভূত আধাৰ বিশেষকৈ শিশু, গৰ্ভৱতী মহিলা, প্রাপ্তবয়স্ক, বয়সস্থ আৰু দুৰ্বল ৰোগ-প্ৰতিৰোধ ক্ষমতা থাকা লোকৰ মাজত অসুৰক্ষিত খাদ্যই পুষ্টিহীনতাৰ স্তৰ অত্যধিক বৃদ্ধি কৰিব পাৰে। আজিও পৃথিৱীত সকলোৱে খাব পৰাকৈ খাদ্য-শস্য উৎপাদন হয় ৷ তথাপিও লাখ-লাখ লোক ভোকত থাকিব লগা হয়। আনহাতে বহু লোকে স্বাস্থ্যসন্মত খাদ্যৰ খৰচ বহন কৰিব নোৱাৰে। দুৰ্বল আন্তঃগাঁথনি, দৰিদ্ৰতা, বৈষম্য, সংঘাত তথা জলবায়ুৰ প্ৰভাৱে নিৰাপদ আৰু পুষ্টিকৰ খাদ্যৰ সুবিধা লাভ কৰাত বাধা দি আহিছে। বহু অঞ্চলত প্ৰত্যাহ্বান কেৱল খেতি কৰাই নহয় আনকি হৈছে খাদ্য নিৰাপদে সংৰক্ষণ কৰা, দক্ষতাৰে পৰিবহণ কৰা আৰু ইয়াক সুলভ কৰি ৰখা৷
জলবায়ুৰ সংযোগ
জলবায়ু পৰিৱৰ্তনে খাদ্য সুৰক্ষা অধিক জটিল কৰি তুলিছে। উষ্ণতা বৃদ্ধিয়ে ক্ষতিকাৰক বেক্টেৰিয়া বৃদ্ধি কৰিব পাৰে। বানপানীয়ে শস্য আৰু পানীৰ উৎস দূষিত কৰিব পাৰে। খৰাঙে উৎপাদন হ্ৰাস কৰিব পাৰে আৰু অসুৰক্ষিত সংৰক্ষণ পদ্ধতিক উৎসাহিত কৰিব পাৰে। বতৰৰ ধৰণ সলনি হ’লে কীট-পতংগ আৰু শস্যৰ ৰোগো বৃদ্ধি পাব পাৰে ।
কৃষি সদায়েই ভূমি, পানী আৰু জৈৱ- বৈচিত্ৰ্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। অস্থায়ী কৃষি পদ্ধতিয়ে মাটিৰ অৱক্ষয় ঘটাব পাৰে, পানী প্ৰদূষিত কৰিব পাৰে আৰু ভৱিষ্যতে খাদ্য উৎপাদন দুৰ্বল কৰিব পাৰে। অৰ্থাৎ খাদ্য সুৰক্ষাৰ ভৱিষ্যতো জলবায়ু-যথোচিত। কৃষকসকলক স্থিতিস্থাপক ব্যৱস্থাৰ প্ৰয়োজন । যোগান শৃংখলৰ বাবে অধিক শক্তিশালী শীতল সংৰক্ষণ আৰু পৰিবহণৰ প্ৰয়োজন। চহৰবোৰত উন্নত অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰয়োজন। ঠিক একেদৰে গ্ৰাহকসকলক পৰিৱৰ্তিত বিপদৰ বিষয়ে সজাগতাৰ প্ৰয়োজন ।
কৃষিভূমিৰ পৰা আমাৰ থালীখনলৈ
বহু সময়ত খাদ্য অশুদ্ধি বা বিষাক্ত হ’ব পাৰে। খেতিত অসুৰক্ষিত জলসিঞ্চনৰ পানী বা ৰাসায়নিক পদাৰ্থৰ অপব্যৱহাৰে বিপদৰ সৃষ্টি কৰিব পাৰে। প্ৰক্ৰিয়াকৰণৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ বা সঁজুলিৰ বিকলতাই বেক্টেৰিয়া বিয়পাব পাৰে। পৰিবহণৰ সময়ত বিচ্ছিন্ন শীতলতাই খাদ্য নষ্ট কৰিব পাৰে ৷ দোকানত বৈধতা উকলি যোৱা বস্তু বা অনুচিতভাৱে সংৰক্ষণ কৰিলে বিপদৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰি ঘৰত মাংস কমকৈ ৰন্ধা বা সিজোৱা খাদ্য বেছি সময় বাহিৰত থৈ দিলে তেনে খাদ্য খোৱাৰ ফলত অসুস্থতাৰ সৃষ্টি হ’ব পাৰে ৷
বহু সংস্কৃতিৰ অন্যতম অংশ হিচাপে ষ্ট্রীট ফুডেও প্রশিক্ষণ, অনাময় আৰু বিশুদ্ধ পানীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। সঠিক সমর্থনৰ দ্বাৰা ৰাজপথৰ খাদ্য অধিক সুস্বাদু আৰু নিৰাপদ দুয়োটা হ’ব পাৰে। যি নহওক বার্তাটো স্পষ্ট- খাদ্য সুৰক্ষা হৈছে এক ভাগিদাৰী সম্পন্ন
দায়িত্ব।
উপভোক্তাসকলে কি কৰিব পাৰে?
চৰকাৰ আৰু উদ্যোগসমূহে মুখ্য ভূমিকাপালন কৰিলেও আমাৰ পৰিয়ালসমূহ হৈছে খাদ্যজনিত ৰোগৰ বিৰুদ্ধে শক্তিশালী ফ্ৰণ্টলাইন ডিফেণ্ডাৰ। কিছুমান সৰল অভ্যাসে ডাঙৰ পাৰ্থক্য আনিব পাৰে। যেনে-
পৰিষ্কাৰ-পৰিছন্নতাঃ নিয়মিতভাৱে হাত ধুব লাগে। ফল-মূল, শাক-পাচলি, কটাৰী, ব’ৰ্ডৰ আৰু পাকঘৰৰ পৃষ্ঠভাগ পৰিষ্কাৰ কৰি ৰাখিব লাগে।
পৃথকীকৰণঃ কেঁচা মাংস, সাগৰীয় খাদ্য আৰু কণী, ৰেডী-টু-ইট খাদ্যৰ পৰা পৃথক কৰি ৰাখক।
ৰান্ধকঃ খাদ্য বিশেষকৈ মাংস, হাঁহ-কুকুৰা আৰু কণী ভালদৰে ৰান্ধক ।
ছীল বা ছিদ্রবিহীন কৰি তোলকঃ বাকী থকা খাদ্য তৎক্ষণাত ৰেফ্ৰিজাৰেটৰত থোৱাৰ ব্যৱস্থা কৰক ।
বাধ্যতামূলক দৃষ্টিভংগী ব্যৱহাৰ কৰকঃ লেবেল পঢ়ক, ম্যাদ উকলি যোৱাৰ তাৰিখ চাওক আৰু সদায় নিৰ্ভৰযোগ্য উৎসবোৰক প্রাধান্য দিয়ক।
এই অভ্যাসবোৰ ব্যৱহাৰিক, কম খৰচী আৰু ফলপ্ৰসূ।
ভাৰতৰ খাদ্য সুৰক্ষাৰ যাত্ৰা
ভাৰতত নগৰায়ণ, খাদ্য প্রদান সেৱা, পেকেজ খাদ্য আৰু সংগঠিত খুচুৰা বিক্ৰীৰ সম্প্ৰসাৰণ অব্যাহত থকাৰ লগে লগে খাদ্য সুৰক্ষাৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে। খাদ্য নিয়ন্ত্ৰণৰ বাবে আধুনিক, বিজ্ঞানভিত্তিক গাঁথনি সৃষ্টিৰ বাবে খাদ্য সুৰক্ষা আৰু মান আইন, ২০০৬ৰ অধীনত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কর্তৃপক্ষ (Food Safety and Standards Authority of India চমুকৈ FSSAI) প্রতিষ্ঠা কৰা হৈছিল ৷ ইয়াৰ আগতে একাধিক আইন আৰু বিভাগে খাদ্য নিয়ন্ত্ৰণৰ কাম চম্ভালিছিল। FSSAIৰ দায়িত্বসমূহৰ ভিতৰত আছে—
- খাদ্যৰ মান নিৰ্ধাৰণ
- খাদ্য ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ আৰু নিয়ন্ত্ৰণ
- পৰীক্ষাগাৰৰ স্বীকৃতি প্ৰদান
- চোৰাংচোৱাগিৰি আৰু তথ্য সংগ্ৰহ
- পৰামৰ্শ আৰু বাতিল আদেশ জাৰি
- খাদ্য পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সজাগতা বৃদ্ধি আৰু
- খাদ্য পৰিচালকৰ বাবে প্ৰশিক্ষণ।
বছৰ বছৰ ধৰি FSSAIয়ে পৰিষ্কাৰ পাকঘৰ, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ আৰু ৰেস্তোৰাঁ, বিদ্যালয়, আৰু ঘৰত সুৰক্ষিত পদ্ধতিক উৎসাহিত কৰি ৰাজহুৱা অভিযানো আৰম্ভ কৰিছে। খাদ্য ব্যৱস্থা আধুনিক হোৱাৰ লগে লগে নিয়ন্ত্রণ মানদণ্ডও যে আধুনিক হ’ব লাগিব – ইয়াৰ ক্ৰমবৰ্ধমান উপস্থিতিয়ে এই গুৰুত্বপূৰ্ণ সত্য প্ৰতিফলিত কৰে ।
প্ৰযুক্তিৰ জৰিয়তে দৃশ্যপট সালসলনি
খাদ্য সুৰক্ষাৰ ভৱিষ্যৎ উদ্ভাৱনৰ দ্বাৰাহে আগবাঢ়ি যাব । আজি ডিজিটেল সঁজুলিয়ে যোগান শৃংখলৰ জৰিয়তে সামগ্ৰীৰ সন্ধান কৰিব পাৰে । QR ক’ডে গ্রাহকক তথ্য পৰীক্ষা কৰাত সহায় কৰিব পাৰে। চেন্সৰে পৰিবহণ ট্ৰাকত উষ্ণতা নিৰীক্ষণ কৰিব পাৰে। পৰীক্ষাগাৰসমূহে পূৰ্বতকৈ দ্রুতগতিত অশুদ্ধি ধৰা পেলাব পাৰে। ইয়াৰ লগতে তথ্য ব্যৱস্থাই প্ৰাদুৰ্ভাৱৰ ধৰণ দ্রুতভাৱে চিনাক্ত কৰিব পাৰে ।
কৃত্রিম বুদ্ধিমত্তাই অতি সোনকালে প্ৰাদুৰ্ভাৱৰ পূৰ্বে দূষণৰ আশংকা ভৱিষ্যদ্বাণী কৰাত সহায় কৰিব পাৰে। ক্ষুদ্র কৃষক আৰু ব্যৱসায়ীসকলৰ বাবে সুলভ মূল্যৰ প্ৰযুক্তিয়ে আৱৰ্জনা হ্ৰাস কৰিব পাৰে, সংৰক্ষণ উন্নীত কৰিব পাৰে আৰু গ্ৰাহকৰ সৈতে বিশ্বাস গঢ়ি তুলিব পাৰে। শক্তিশালী শাসন ব্যৱস্থাৰ সৈতে সংযুক্ত হ’লে প্ৰযুক্তিয়ে খাদ্য সুৰক্ষাক প্রতিক্রিয়াশীলৰ পৰা প্ৰতিৰোধমূলকলৈ ৰূপান্তৰিত কৰিব পাৰে।
এই ধৰণৰ সচেতনতা দিৱস কিয় গুৰুত্বপূর্ণ?
মনতে হয়তো প্রশ্ন উঠিব পাৰে যে আন্তঃৰাষ্ট্ৰীয় দিৱস পালনে সঁচাকৈয়ে কিবা সলনি কৰে নেকি? ইয়াৰ উত্তৰটো হ’ল ‘হয়’- যেতিয়া সচেতনতা কাৰ্যলৈ ৰূপান্তৰিত কৰা যায় তেতিয়া । বিশ্ব খাদ্য সুৰক্ষা দিৱসে আমাক বহু ধৰণে সহায় কৰে। ই-
- জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰে
- চৰকাৰী জবাবদিহিতাক উৎসাহিত কৰে
- বৈজ্ঞানিক গৱেষণাৰ ওপৰত আলোকপাত কৰে
- নিৰাপদ উদ্যোগৰ পদ্ধতিসমূহক প্ৰসাৰ কৰে
- বিদ্যালয় আৰু সম্প্ৰদায়ক অনুপ্রাণিত কৰে আৰু
- পৰিয়ালক সোঁৱৰাই দিয়ে যে প্ৰতিৰোধ ঘৰৰ পৰাই আৰম্ভ হয় ।
আটাইতকৈ ডাঙৰ কথাটো হ’ল ই এটা অদৃশ্য বিষয়ক দৃশ্যমান অগ্ৰাধিকাৰলৈ ৰূপান্তৰিত কৰে।
সুৰক্ষিত খাদ্য আৰু অর্থনীতি
সুৰক্ষিত খাদ্য ব্যয় নহয়- এইটো এটা বিনিয়োগহে। কিয়নো খাদ্য ব্যৱস্থা যদি সুৰক্ষিত
হয় তেন্তে-
- স্বাস্থ্য খৰচ হ্ৰাস পায়
- উৎপাদনশীলতা বৃদ্ধি পায়
- ৰপ্তানি সহজ হয়
- পর্যটনে বিশ্বাসযোগ্যতা লাভ কৰে
- পৰিয়ালৰ আয় হ্ৰাস পৰিহাৰ হয় আৰু
- বিদ্যালয়ত শিশুৰ উপস্থিতি বৃদ্ধি পায় ৷
ইয়াৰ বিপৰীতে এটা সাধাৰণ দূষণ বা অশুদ্ধিৰ ঘটনাই ব্যৱসায়ৰ ক্ষতি কৰিব পাৰে, ব্ৰেণ্ড ধ্বংস কৰিব পাৰে আৰু বছৰ বছৰ ধৰি জনসাধাৰণৰ আস্থাক জোকাৰি যাব পাৰে । সেইবাবেই খাদ্য সুৰক্ষাক কেৱল স্বাস্থ্য নীতি হিচাপেই নহয়, অর্থনৈতিক কৌশল হিচাপেও গণ্য কৰাটো উচিত।
এক সন্মিলিত দায়িত্ব
“খাদ্য সুৰক্ষা সকলোৰে কৰণীয়’- বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ সময়ত প্ৰায়ে আওৰোৱা এই শ্লোগানটো সহজ আৰু শক্তিশালী। ইয়াক কাৰ্যকৰী কৰি তুলিবলৈ কৃষকে ভাল কৃষি পদ্ধতি ব্যৱহাৰ কৰিব লাগিব আৰু নিৰ্মাতাসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণগত নিয়ন্ত্রণ বজাই ৰাখিব লাগিব। লগতে চৰকাৰে মানদণ্ড বলৱৎ কৰিব লাগিব আৰু বিজ্ঞানীসকলে সঠিক দিশত গৱেষণা আগবঢ়াই নিব লাগিব। খুচুৰা বিক্রেতাসকলে সামগ্রীসমূহ সঠিকভাৱে সংৰক্ষণ কৰিব লাগিব, ৰেস্তোৰাসমূহে কৰ্মচাৰীক প্ৰশিক্ষণ দিব লাগিব আৰু গ্ৰাহকে খাদ্য সাৱধানে চম্ভালিব লাগিব। অর্থাৎ এই কাম কোনো এজন ব্যক্তিয়ে অকলে কৰিব নোৱাৰে-ই এক সন্মিলিত প্রচেষ্টা ।
অগ্রগামী দৃষ্টিভংগী
বিশ্বৰ জনসংখ্যা বৃদ্ধি আৰু খাদ্য ব্যৱস্থা অধিক সংযুক্ত হোৱাৰ লগে লগে খাদ্য সুৰক্ষিত ৰখাৰ প্ৰত্যাহ্বান আৰু অধিক বৃদ্ধি পাব। তথাপিও সেই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰা আহিলাসমূহ ইতিমধ্যে বিৰাজমান। আমি দূষণ কম কৰিব জানো, শক্তিশালী কৰিব জানো, ঘৰখনক শিক্ষিত কৰিব জানো আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক অধিক ফলপ্রসূভাৱে ব্যৱহাৰ কৰিব জানো। সমাধানৰ অস্তিত্ব আছে নে নাই সেয়া এতিয়া আৰু প্ৰশ্ন নহয় । সমাজে সেইবোৰক অগ্ৰাধিকাৰ দিবলৈ ইচ্ছুক হয়নে নহয় সেয়াহে ডাঙৰ প্রশ্ন।
প্রত্যেক আহাৰে এক কাহিনী কোৱাৰ দৰে প্ৰতিখন থালীয়ে এক বিশ্বাস কঢ়িয়ায়। বিশ্ব খাদ্য সুৰক্ষা দিৱসে আমাক সোঁৱৰায় যে এই আস্থা আমি প্রতিদিনে অৰ্জন কৰিব লাগিব । নিৰাপদ খাদ্যই স্বাস্থ্য সুৰক্ষিত কৰে, অৰ্থনীতিক সমৰ্থন কৰে, সম্প্রদায়ক শক্তিশালী কৰে আৰু অধিক সুৰক্ষিত ভৱিষ্যৎ গঢ়ি তোলে। গাঁৱৰ পাকঘৰতেই হওক বা চহৰৰ ৰেস্তোৰাঁত, বিদ্যালয়ৰ কেণ্টিনতেই হওক বা বিশ্বব্যাপী ছুপাৰ মাৰ্কেটৰ শৃংখলত, নীতিটো একেই— ‘যেতিয়া খাদ্য সুৰক্ষিত হয় তেতিয়া জীৱন শক্তিশালী হয়।’
বিপ্লব ওজা
তেজপুৰ বিশ্ববিদ্যালয়
Comments are closed, but trackbacks and pingbacks are open.