ইণ্ডিয়ান আইডল ছিজন ১৬-ৰ বিজয়ী জ্যোতিৰ্ময়ী নায়ক

8

দেশৰ জনপ্ৰিয় সংগীতভিত্তিক বাস্তৱধৰ্মী অনুষ্ঠান ‘ইণ্ডিয়ান আইডল ছিজন ১৬’-ৰ মহা ফাইনেলত ওড়িশাৰ জ্যোতিৰ্ময়ী নায়কে বিজয়ীৰ মুকুট দখল কৰিবলৈ সক্ষম হয়। এই জয়ৰ জৰিয়তে তেওঁ ইণ্ডিয়ান আইডল-ৰ খিতাপ জয় কৰা প্ৰথম ওড়িয়া প্ৰতিযোগী হিচাপে ইতিহাস ৰচনা কৰে।

সমগ্ৰ ছিজনত জ্যোতিৰ্ময়ীয়ে তেওঁৰ সুমধুৰ কণ্ঠ, সংগীতৰ ওপৰত দক্ষতা আৰু হৃদয়স্পৰ্শী পৰিবেশনৰ জৰিয়তে বিচাৰক মণ্ডলী আৰু কোটি কোটি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। প্ৰতিটো পৰ্যায়তে তেওঁ সুন্দৰ প্ৰদৰ্শনেৰে নিজকে শক্তিশালী প্ৰতিযোগী হিচাপে প্ৰতিষ্ঠা কৰিছিল।

আনহাতে অত্যন্ত উত্তেজনাপূৰ্ণ মহা ফাইনেলত তনিষ্ক শুক্লা প্ৰথম আৰু মনৰাজ বীৰ সিংহ দ্বিতীয় ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হয়।

ইণ্ডিয়ান আইডল ছিজন ১৬-ৰ বিজয়ী হিচাপে জ্যোতিৰ্ময়ী নায়কে লাভ কৰে প্ৰতিষ্ঠিত ইণ্ডিয়ান আইডল ট্ৰফী আৰু ২০ লাখ টকাৰ নগদ পুৰস্কাৰ। ইফালে ৰানাৰ্ছ-আপ তনিষ্ক শুক্লা আৰু মনৰাজ বীৰ সিঙেও লাভ কৰে ৫ লাখ টকাকৈ নগদ পুৰস্কাৰ।

উল্লেখ্য যে ইণ্ডিয়ান আইডল ছিজন ১৬ৰ বিচাৰকৰ আসনত আছিল জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল, বিশাল দাদলানি আৰু বিখ্যাত সংগীত পৰিচালক তথা গায়ক বাদশ্বাহ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.