ড্রয়িং আৰু ডাইনিং ৰুম কেনেকৈ সজাব?

8

ড্রয়িং আৰু ডাইনিং ৰুম হ’ল ঘৰখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, য’ত আলহী-অতিথিৰ সমাগম হয় আৰু পৰিয়ালৰ সকলোৱে একেলগে সময় কটায়। এই কোঠাকেইটা ধুনীয়াকৈ সজাবলৈ তলত কিছুমান সহজ অথচ কাৰ্যকৰী পৰামৰ্শ আগবঢ়োৱা হ’ল—

ড্রয়িংৰুমৰ সজ্জাঃ ড্রয়িংৰুমটো সদায় পৰিষ্কাৰ আৰু মুকলি হোৱা উচিত, যাতে সোমায়েই এটা আৰামদায়ক অনুভৱ হয় ।

আচবাবৰ স্থানঃ ছোফা ছেটটো এনেদৰে ৰাখিব যাতে মানুহ বহিলে ইজনে সিজনৰ লগত কথা পাতিবলৈ সহজ হয়। মাজত এখন ধুনীয়া চেণ্টাৰ টেবুল ৰাখিব।

দেৱালৰ ৰং আৰু ছবিঃ দেৱালত পাতল ৰং (যেনে- ক্রীম, অফ-হোৱাইট বা লাইট গ্রে) ব্যৱহাৰ কৰিলে কোঠাটো ডাঙৰ যেন লাগে। এখন দেৱালত এখন ডাঙৰ ‘ষ্টেটমেণ্ট’ পেইণ্টিং বা পৰিয়ালৰ ফটো ফ্ৰেম লগাব পাৰে ।

একচেণ্ট ৱালঃ ড্রয়ি ৰুমৰ এখন দেৱালত গাঢ় ৰং বা টেক্সাৰ পেইণ্ট কৰক। তাত আপুনি সুন্দৰ ৱালপেপাৰ বা কাঠৰ পেনেল ব্যৱহাৰ কৰি কোঠাটোৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব পাৰে।

পোহৰৰ ব্যৱস্থাঃ কোঠাৰ চুকত এটা Floor Lamp বা চিলিঙত এটা আধুনিক Chandelier লগালে কোঠাটোৰ উজ্জ্বলতা আৰু সৌন্দৰ্য বৃদ্ধি পায়।

পৰ্দা আৰু দলিচাঃ ছোফাৰ ৰঙৰ লগত মিলাই ধুনীয়া পর্দা আৰু মজিয়াত এখন কার্পেট বা দলিচা ব্যৱহাৰ কৰক। ই কোঠাটোক এটা সম্পূৰ্ণ ৰূপ দিয়ে ।

ডাইনিং ৰুমৰ সজ্জাঃ ডাইনিং ৰুমটো এনেকুৱা হ’ব লাগে, য’ত খোৱা-বোৱাৰ পৰিৱেশটো আনন্দদায়ক হয় ।

ডাইনিং টেবুলঃ যদি ঠাই কম, তেন্তে ঘূৰণীয়া টেবুল ব্যৱহাৰ কৰক। টেবুলৰ মাজভাগত এটা সৰু ফুলদানি বা ফল-মূলৰ বাটি ৰাখিব পাৰে ।

ক্ৰকাৰী ইউনিটঃ দেৱালৰ একাষে কাঁচৰ দুৱাৰ থকা এটা কেবিনেট ৰাখিব পাৰে, য’ত আপোনাৰ ধুনীয়া বাচন-বৰ্তনবোৰ সজাই থ’ব পাৰি ।

আইনাৰ ব্যৱস্থাঃ ডাইনিং টেবুলৰ ওচৰৰ দেৱালত এখন ডাঙৰ আইনা লগালে কোঠাটো দুগুণ ডাঙৰ আৰু পোহৰময় যেন লাগে।

গছ-গছনিঃ কোঠাৰ চুকত ইনড’ৰ প্লেন্ট যেনে-মানীপ্লেণ্ট বা স্নেকপ্লেন্ট ৰাখিব পাৰে। ই বায়ু নিৰ্মল কৰাৰ লগতে চকু শাঁত পেলায়। প্লাষ্টিক ফুলৰ টাবৰ পৰিৱৰ্তে অৰিজিনেল প্লাণ্ট ৰাখিব।

কিছুমান অতিৰিক্ত টিপছঃ ছোফাত উজ্জ্বল ৰঙৰ কুশ্বন ব্যৱহাৰ কৰক। কোঠাত সুগন্ধি কেণ্ডেল বা ডিফিউজাৰ ব্যৱহাৰ কৰিব পাৰে। সদায় টেবুল ক্লথ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে এখন দীঘল Table Runner আৰু মেট ব্যৱহাৰ কৰক। ই ডাইনিং টেবুলখনক এক ৰেষ্টুৰেণ্টৰ দৰে ক্লাছী লুক দিয়ে। যিহেতু দুয়োটা অংশ ওচৰা-উচৰি, গতিকে ৰং আৰু আচবাবৰ থীমটো একে ৰাখিবলৈ চেষ্টা কৰিব, যাতে গোটেই কোঠাটো দেখিবলৈ একে ধৰণৰ লাগে । খালী ঠাই অতিৰিক্ত আচবাব ৰাখি কোঠাটো ভৰাই নেপেলাব।

মনত ৰাখিব গৃহসজ্জাৰ নামত কোঠাটো বস্তুৰে ভৰাই নেপেলাব। যিমানেই সৰল কৰি ৰাখিব, সিমানেই ই চকুৰ বাবে আৰামদায়ক হ’ব।

Comments are closed, but trackbacks and pingbacks are open.