লুকীমা বৰুৱা (খাদ্য বিশেষজ্ঞা)
আদিত্য ডায়েগনষ্টিক ও হাস্পতাল
পল্টনবজাৰ, ডিব্ৰুগড়
গৰ্ভধাৰণ প্ৰায় প্ৰত্যেক মহিলাৰ জীৱনৰ এক প্ৰত্যাশিত আৰু সুখময় অনুভৱ। যিসকল মহিলাই গৰ্ভাৱস্থা সুকলমে অতিক্রম কৰে, তেনে মহিলাৰ মন আনন্দৰে উপচি পৰে আৰু এক স্বাস্থ্য ৱান সন্তান জন্ম দিবলৈ সক্ষম হয়। অন্যহাতে কোনো কোনো মহিলা গৰ্ভাৱস্থাত কিছুমান স্বাস্থ্য সমস্যাত ভুগিবলগীয়া হয়, যাৰ বাবে সন্তান আৰু মাতৃ উভয়ৰে ওপৰত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ ভিতৰত আজি আলোচনা কৰিবলৈ লৈছোঁ ‘গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছ ৰোগ’।
বর্তমান ভাৰতবৰ্ষত এই সমস্যাৰ প্ৰকোপ বৃদ্ধি পোৱা দেখা গৈছে। এইবিধ ৰোগ যদি সময়ত ধৰা নপৰে আৰু চিকিৎসা কৰোৱা নহয় তেন্তে, মাতৃ আৰু গৰ্ভস্থ সন্তান দুয়োৰে বাবে ক্ষতিকাৰক। এই দিশটোৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ২০১৪ চনত কিছুমান নির্দেশ, নির্দেশনা প্রস্তুত কৰি উলিয়াইছে। যাৰ জৰিয়তে গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষাৰ আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি গৰ্ভধাৰণৰ প্ৰথম অৱস্থাৰ পৰাই ডায়েবেটিছ ৰোগ চিনাক্ত প্ৰক্ৰিয়া বাধ্যতামূলক কৰিছে। এনে ধৰণৰ পদক্ষেপৰ দ্বাৰা নৱজাত আৰু মাতৃৰ মৃত্যুৰ হাৰ কমোৱাৰ চেষ্টা কৰা হৈছে।
গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছ ৰোগ কোন সপ্তাহৰ পৰা হ’ব পাৰে ?
সাধাৰণতে গৰ্ভধাৰণৰ ৬ মাহত (২৪ সপ্তাহ) বা ২৪-২৮ সপ্তাহৰ ভিতৰত এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। কিছুমানৰ ক্ষেত্ৰত ইয়াৰ আগতেও হ’ব পাৰে। সন্তান প্ৰসৱৰ পিছত এই সমস্যা নোহোৱা হয় যদিও পিছৰ পৰ্যায়ত টাইপ-২ ডায়েবেটিছ ৰোগ হোৱাৰ আশংকা থাকে। সময়মতে এই ৰোগ চিনাক্ত নহ’লে অথবা চিনাক্ত হোৱাৰ পাছত যাৱতীয় চিকিৎসা নকৰালে গৰ্ভস্থ সন্তান আৰু মাতৃৰ নানা ক্ষতি হোৱাৰ উপৰি সন্তানেও ভৱিষ্যতে ডায়েবেটিছত ভোগাৰ সম্ভাৱনা থাকে। অৱশ্যে উপযুক্ত চিকিৎসা আৰু সঠিক আহাৰ গ্ৰহণৰ দ্বাৰা বহুখিনি সমস্যা লাঘৱ কৰিব পৰা যায়।
এই ৰোগৰ গৰ্ভস্থ সন্তানৰ ওপৰত কিদৰে প্ৰভাৱ পৰিব পাৰে?
গৰ্ভাৱস্থাত ডায়েবেটিছ ৰোগ হ’লে সন্তানৰ ওজন স্বাভাৱিক ওজনতকৈ অধিক হ’ব পাৰে। যাৰ ফলত প্ৰসৱৰ সময়ত সন্তানটি আঘাতপ্ৰাপ্ত হ’ব পাৰে অথবা আকাৰ বহু বেছি ডাঙৰ হ’লে জৰুৰীকালীনভাৱে চিজাৰিয়ান কৰিব লগা হয়।
>গৰ্ভস্থ সন্তানৰ আকাৰ বৃদ্ধি পোৱাৰ বাবে সময়তকৈ আগতে বহু সময়ত প্ৰসৱ কৰোৱা হয় ।
>আন এক সমস্যা হৈছে প্ৰসৱৰ ঠিক পিছতে নৱজাতকে শ্বাস-প্রশ্বাস লোৱাত কষ্ট পাব পাৰে ।
>বহু সময়ত এনে নৱজাতকৰ শৰীৰত শৰ্কৰাৰ পৰিমাণ বহু কমি যোৱা দেখা যায় আৰু চিজাৰ হয় ৷
>গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছ ৰোগৰ যদি চিকিৎসা কৰোৱা নহয়, তেন্তে মৃত সন্তান জন্ম হ’ব পাৰে নাইবা জন্মৰ কিছু সময়ৰ ভিতৰতে নৱজাতকৰ মৃত্যু হোৱাৰ প্ৰবল আশংকা থাকে।
মাতৃৰ ওপৰত এই ৰোগৰ প্ৰভাৱ কেনেধৰণৰ হ’ব পাৰে ?
এনে মহিলাৰ প্ৰসৱৰ আগৰ সময়ছোৱাত আৰু প্ৰসৱৰ পাছতো কিছুমান শাৰীৰিক সমস্যাই দেখা দিয়ে৷ সেয়া হৈছে—
- উচ্চ ৰক্তচাপ
- মূৰৰ বিষ
- কোনো কোনোৰ দৃষ্টিশক্তি অস্পষ্ট হোৱা
- প্ৰস্ৰাৱত প্ৰটিন যোৱা
- শৰীৰত বিশেষকৈ ভৰিত পানী জমা হোৱা
- সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হোৱা ।
ইয়াৰ উপৰি ভৱিষ্যতে হাৰ্টৰ অসুখ অথবা বৃক্ক ৰোগত ভুগিবলগীয়া হ’ব পাৰে ।
সাৱধানতাঃ
গৰ্ভাৱস্থাত ডায়েবেটিছ হোৱা মহিলাই আগলৈ যাতে এই ৰোগৰ পৰা বাচি থাকিব পাৰে, তাৰ বাবে কিছু সতর্কতা, পৰীক্ষা-নিৰীক্ষা কৰাই থকা উচিত। সেইসমূহ হৈছে—
♦ প্ৰসৱৰ পিছত শৰীৰৰ ওজন সঠিক ৰখা ।
♦ আহাৰৰ ওপৰত অধিক ধ্যান দিয়া উচিত। আঁহযুক্ত আহাৰ গ্ৰহণ, সময় অনুযায়ী খোৱা-বোৱা কৰা, একেবাৰতে বহু বেছি কার্বহাইড্রেটযুক্ত আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থকা, মিঠাজাতীয় খাদ্য সীমিতভাৱে গ্ৰহণ কৰা আদি ।
♦ তদুপৰি শাৰীৰিকভাৱে সক্ৰিয় থকা আৰু লগতে কিছু ব্যায়াম কৰা উচিত।
♦ পর্যাপ্ত পৰিমাণে সন্তানক স্তনপান কৰালে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বহু কমে ।
♦ ইয়াৰ উপৰি ডাক্তৰৰ পৰামৰ্শ অনুযায়ী সময়মতে ব্লাড চুগাৰৰ পৰীক্ষা, হাৰ্টৰ পৰীক্ষা কৰাই থকা উচিত।
ওপৰত আলোচনা কৰাৰ দৰে সাৱধানতাখিনি মানি চলিলে সুফল পাব আৰু শাৰীৰিক সমস্যা বহু পৰিমাণে কমিব।
Comments are closed, but trackbacks and pingbacks are open.