ফলমূলৰ বাকলিও আপোনাৰ-মোৰ সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী হ’ব পাৰে !
কেনেকৈ জানো আহক-
দৈনন্দিন জীৱনত আমি খাদ্যৰ তালিকাত যিকোনো ফল ৰাখোৱেই নহয় জানো। এই ফল আমি খোৱাৰ উপৰি ছাল-চুলিৰ সৌন্দৰ্য সাধনাতো ব্যৱহাৰ কৰোঁ। আমি তাৰ আগতে ফলটোৰ বাকলিটো এৰুৱাই লওঁ আৰু বাকলিটো পেলাই দিওঁ। এতিয়াৰ পৰা এই বাকলি পেলাই নিদি বিভিন্ন ধৰণে সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰোঁ আহক।
প্রথমেই জানো আহক কমলা টেঙাৰ বাকলি কেনেকৈ আৰু কি কি ধৰণেৰে ইয়াক ব্যৱহাৰ কৰিব পাৰি । কমলা টেঙাৰ বাকলি ৰ’দত শুকুৱাই ভালকৈ গুড়ি কৰি এটা এয়াৰ টাইট কণ্টেনাৰত ভৰাই থ’লে বহু দিনলৈ ভালে থাকে। যেতিয়া প্রয়োজন হয় উলিয়াই ব্যৱহাৰ কৰিলেই হ’ল।
যিসকলৰ ছালখন খুব শুকান আৰু অলপো উজ্জ্বলতা নাথাকে, তেওঁলোকে কমলা বাকলিৰ গুড়িৰ লগত দৈ আৰু মৌ মিলাই মুখত লগালে সুফল পাব। এই পেকটো দহ বা পোন্ধৰ মিনিট ৰখাৰ পিছত ধুই পেলাব। মুখৰ উপৰি ডিঙি আৰু হাততো লগাব পাৰে। সপ্তাহত অতিকমেও দুই বা তিনি দিন লগাব ।
কমলা বাকলিৰ গুড়িৰ লগত মৌ, গোলাপ জল আৰু দৈ মিহলাই স্কার্ব হিচাপে ব্যৱহাৰ কৰিব পাৰে। বজাৰৰ পৰা কিনা স্কাৰ্বতকৈ বহুগুণে উত্তম।
আমি দৈনন্দিন ঘৰত নেমু ব্যৱহাৰ কৰোঁ আৰু তাৰ বাকলিখিনিও পেলাই দিওঁ। বাকলিখিনি পেলাই নিদি মিক্সিত পেষ্ট বনাই তাৰ লগত চেনি আৰু এক চামুচ অলিভ অইল লৈ হাত দুখনত লগাই লাহে লাহে মালিচ কৰি ধুই পেলাব। মন কৰিব আপোনাৰ হাত দুখন একেদিনাই নিমজ হৈছে।
নেমু বাকলি সৰু সৰুকৈ কাটি গা ধোৱা পানীখিনিত আধা ঘণ্টা মানৰ আগতে তিয়াই থৈ সেই পানীৰে গা ধুলে গাৰ পৰা ওলোৱা দুৰ্গন্ধ দূৰ কৰে আৰু নিজকে সতেজতা অনুভৱ হ’ব।
কলৰ বাকলিটো পিচি তাৰ লগত বেচন আৰু দৈ মিহলাই ফেচমাক্স হিচাপে লগাব পাৰি ।
কলৰ বাকলিৰ ভিতৰ ফালটোত আধা চামুচ চেনি (একেবাৰে মিহিটো নাইবা পিচি ল’ব) লৈ স্কার্ব হিচাপে ব্যৱহাৰ কৰিব পাৰে।
আৰু বহুত এনেকুৱা ফল আছে যাৰ বাকলি সৌন্দৰ্য সাধনত ব্যৱহাৰ কৰিব পাৰি।
Comments are closed, but trackbacks and pingbacks are open.