বিপ্লৱ ওজা
তেজপুৰ বিশ্ববিদ্যালয়
এজিং কিম্বা বার্ধক্য এতিয়া চিন্তাৰ কাৰক নহয়, ই মাথোঁ সময়ৰ সৈতে প্ৰৱহমান গতিৰ এক বাস্তৱ পৰিচয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি প্ৰতি ৬জন লোকৰ ভিতৰত এজনৰ বয়স ৬০ বছৰ বা তাতেকৈ বেছি হ’ব। এই বয়সৰ লোকৰ সংখ্যা ২০২০ চনত ১ বিলিয়ন আছিল আৰু ২০৩০ চনৰ ভিতৰত এই সংখ্যা ১.৪ বিলিয়নলৈ বৃদ্ধি পাব। ২০৫০ চনৰ ভিতৰত এই সংখ্যা দুগুণ হৈ ২.১ বিলিয়ন হ’ব বুলি অনুমান কৰা হৈছে। ৮০ বছৰ বা তাতকৈ বয়সীয়া জনসংখ্যাই তিনিগুণ অর্থাৎ প্রায় ৪২৬ মিলিয়নলৈ বৃদ্ধি হ’ব। এই পৰিসংখ্যা কেৱল দীৰ্ঘ জীৱনৰেই নহয় আনকি স্বাস্থ্য আৰু বয়স বৃদ্ধিৰ বিষয়ে সমাজে কেনেকৈ ভাবিব লাগে, তাৰ এক মূলভূত পৰিৱৰ্তনৰ প্রতিফলন।
এই বিশ্বব্যাপী পৰিৱৰ্তনক সাক্ষী কৰি ৰাষ্ট্ৰসংঘই ২০২১-২০৩০ চনক স্বাস্থ্যৱান বাৰ্ধক্যৰ দশক (UN Decade of Healthy Ageing) হিচাপে অভিহিত কৰিছে। এই উদ্যোগটোৱে বয়োজ্যেষ্ঠ মানুহ, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ জীৱন- ধাৰণৰ মান উন্নত কৰিবলৈ চেষ্টা কৰে, স্বাস্থ্যৰ অসমতাসমূহ হ্ৰাস কৰে আৰু এনে পৰিৱেশ সৃষ্টি কৰিবলৈ যত্ন কৰে, য’ত মানুহে সন্মানপূর্বকভাবে বৃদ্ধাৱস্থা অতিবাহিত কৰিব পাৰে। এই দশকটোৱে চাৰিটা সংযুক্ত ক্ষেত্ৰক লৈ আগবাঢ়ি গৈছে—
• বয়স বৃদ্ধিক লৈ সমাজৰ দৃষ্টিভংগী পৰিৱৰ্তন আৰু বয়সবৈষম্যৰ বিৰুদ্ধে অভিযান
• সমাজৰ উন্নয়নৰ হকে বয়োজ্যেষ্ঠৰ সক্ষমতাক সমর্থন
• ব্যক্তিকেন্দ্ৰিক আৰু সংহত স্বাস্থ্যসেৱা প্ৰদান আৰু
• প্রয়োজন হোৱা লোকসকলৰ বাবে গুণগত মানৰ দীৰ্ঘকালীন যতনৰ সহজলভ্যতা।
বার্ধক্যঃ মানৱতাৰ বিজয় নে প্ৰণালীৰ পৰীক্ষণ ?
WHO অনুসৰি যি প্ৰক্ৰিয়াৰ ফলত পৰমাণু আৰু কোষৰ ক্ষতি ধীৰে ধীৰে সঞ্চিত হয়, যাৰ ফলত শাৰীৰিক আৰু মানসিক ক্ষমতা হ্রাস ঘটে আৰু ৰোগৰ প্ৰতি দমনশীলতা বৃদ্ধি পায় সেয়াই হৈছে বার্ধক্য। জীৱবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বয়স বৃদ্ধি অনিবার্য। কিন্তু সামাজিক দৃষ্টিকোণৰ পৰা এয়া মানৱ জাতিৰ আৰ্জিত সফলতা। চিকিৎসা, জনস্বাস্থ্য, পুষ্টি আৰু জীৱনমানৰ ক্ষেত্ৰত হোৱা বিকাশৰ ফলস্বৰূপে জীৱনৰ দৈৰ্ঘ্য নাটকীয়ভাৱে বৃদ্ধি পাইছে। যাৰ ফলত লাখ লাখ মানুহ দীঘল আৰু অধিক সন্তুষ্টিজনক জীৱন- যাপন কৰিবলৈ সক্ষম হৈছে।
একে সময়তে বার্ধক্যই জনসংখ্যাৰ গম্ভীৰ সমস্যাসমূহ উপস্থাপন কৰে। দীর্ঘকালীন ৰোগ অৱস্থা বৃদ্ধি হোৱাৰ ফলত স্বাস্থ্য সেৱা প্ৰণালীত বহু পৰিমাণে চাপ বৃদ্ধি পায়। সামাজিক নিৰাপত্তা, পেন্সন তথা স্বাস্থ্য সম্বন্ধীয় কাৰকসমূহে স্বতঃস্ফূর্তভাৱে জীৱন সংৰচনাসমূহত চাপ সৃষ্টি কৰে । এই চাপসমূহ বৃদ্ধকালৰ ভয়ৰ কাৰণ বুলি আমি নাভাবি কিদৰে জীৱন প্ৰণালীসমূহে অনুকূল হ’ব পাৰে, তাৰ হকে সাজু হোৱাটো উচিত। লগতে এইটো নিশ্চিত কৰা দৰকাৰ যে দীঘল আয়ু থকা জীৱনসমূহো অধিক স্বাধীন, স্বাস্থ্যৱান আৰু সামাজিকভাৱে অৰ্থপূৰ্ণ কৰিব পৰা যায়।
এণ্টি এজিঙৰ ধাৰণাৰ পৰা হেল্থী এজিঙৰ ধাৰণালৈ
বহু দশকলৈ বাৰ্ধক্যক প্ৰায়েই নৈতিকভাৱে নেতিবাচক বুলি গণ্য কৰা হৈছিল। যাৰ ফলত ‘এণ্টি-এজিং’ৰ ধাৰণাৰ উত্থান ঘটে। এই পদ্ধতিটোৱে বয়স বৃদ্ধিৰ দৃশ্যমান লক্ষণসমূহ প্ৰতিহত কৰাৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰিছিল। কিন্তু আজিৰ দিনত এটা অধিক বাস্তৱসন্মত আৰু ক্ষমতা প্রদানকাৰী দৃষ্টিভংগী জন্ম লৈছে আৰু সেয়া হৈছে ‘হেল্থী এজিং’ অর্থাৎ স্বাস্থ্যকৰ বার্ধক্য। বয়স ৰোধৰ চেষ্টা কৰাৰ সলনি স্বাস্থ্যকৰ বয়স বৃদ্ধিয়ে জীৱনৰ প্ৰতিটো অৱস্থাত দৈহিক কার্যক্ষমতা, মানসিক সু-অৱস্থা, স্বাধীনতা আৰু সামাজিক অংশগ্রহণ নিৰৱচ্ছিন্ন ৰাখিবলৈ আমাৰ বাবে দুৱাৰ মুকলি কৰি দিয়ে ।
স্বাস্থ্যকৰ বাৰ্ধক্যৰ বাবে কেৱল চিকিৎসাৰ অগ্রগতিয়ে যথেষ্ট নহয়। ইয়াৰ বাবে এটা ব্যাপক জনস্বাস্থ্য দৃষ্টিভংগীৰ প্রয়োজন যি জীৱনধাৰা, পৰিৱেশ, চিকিৎসা সেৱা আৰু সামাজিক গাঁথনিক সমৰ্থন কৰে। স্বাস্থ্যকৰ বয়স সম্ভৱক এটা সুযোগ হিচাপে গঢ়িব লাগে— এনে এক সুযোগ যি ব্যক্তিসকলক সমাজৰ সক্ৰিয় অৱদানকাৰী হিচাপে থাকিবলৈ অনুমতি প্রদান কৰে, চিকিৎসা খৰচ কমায় আৰু সমাজক শক্তিশালী কৰে। সমগ্ৰ জীৱনৰ সময়ছোৱাত স্বাৱলম্বিতা আৰু মংগলাৰ্থক অৱস্থাৰ বাবে পৰিৱেশ সৃষ্টি কৰাটো সকলো বয়স বিশেষৰ লোকৰ বাবেই লাভজনক।
বিশ্বৰ আটাইতকৈ দীর্ঘায়ু সম্প্ৰদায় আৰু নীল ক্ষেত্র
স্বাস্থ্যকৰ বৃদ্ধিৰ ক্ষেত্ৰত অন্তৰ্দৃষ্টি লাভ কৰাৰ আটাইতকৈ শক্তিশালী উৎসসমূহৰ এখন হৈছে নীল ক্ষেত্র। এই অঞ্চলসমূহত মানুহে বিশ্বগড়ৰ তুলনাত যথেষ্ট দীঘল আৰু স্বাস্থ্যকৰ জীৱন-যাপন কৰে। ইয়াত অন্তৰ্ভুক্ত হৈছে ইটালীৰ ছাৰ্ডিনিয়া, জাপানৰ ওকিনাৱা, গ্ৰিচৰ ইকাৰিয়া, ক’ষ্টাৰিকাৰ নিকয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াৰ ল’মা লিণ্ডা। ইয়াৰ লগতে ভাৰতৰ কিছুমান স্থানতো অনুৰূপ জীৱন-ধাৰণ দেখা গৈছে। যেনে- অৰুণাচল প্ৰদেশৰ আপাতানি জনজাতি আৰু উত্তৰাখণ্ডৰ কুমাউনি সম্প্রদায় ৷
নীল ক্ষেত্ৰসমূহৰ ওপৰত কৰা গৱেষণাই এটা আচৰিত তথ্য প্রকাশ কৰিছে যে জীৱনৰ প্ৰত্যাশাৰ কেৱল ২০ শতাংশ আনুবংশিক বাজিনীয় আৰু ৮০ শতাংশ জীৱনধাৰা তথা পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। আহাৰ, দৈহিক কর্মব্যস্ততা, সামাজিক সম্পর্ক, চাপ ব্যৱস্থাপনা আৰু জীৱনৰ উদ্দেশ্যৰ ধাৰণা সদায়েই দীৰ্ঘজীৱনৰ মূল স্তম্ভস্বৰূপ।
আহাৰঃ দীর্ঘায়ু আৰু স্বাস্থ্যকৰ জীৱনৰ বাবে
সাংস্কৃতিক পার্থক্য থাকিলেও নীল ক্ষেত্ৰসমূহৰ মানুহৰ আহাৰবোৰৰ এটা সাধাৰণ বৈশিষ্ট্য আছে। ইয়াত প্ৰধানকৈ উদ্ভিদভিত্তিক খাদ্য গ্ৰহণ কৰে, য’ত শাক-পাচলি, ফল-মূল, সম্পূৰ্ণ শস্য আৰু বাদাম প্ৰচুৰ পৰিমাণে অন্তৰ্ভুক্ত। ইয়াত মাংস খোৱাৰ প্ৰচলন খুবেই কম আৰু প্ৰক্ৰিয়াজাত খাদ্য তথা পৰিশোধিত চেনিৰ ব্যৱহাৰ দুৰ্লভ। মেডিটেৰেনিয়ান অর্থাৎ ভূমধ্য সাগৰৰ ওচৰ-পাঁজৰৰ অঞ্চল সংক্ৰান্তীয় আহাৰত (যিটো ছাৰ্ডিনিয়া আৰু ইকাৰিয়াত প্ৰচলিত) স্বাস্থ্যকৰ চৰ্বি যেনে- এক্সট্রা ভার্জিন অলিভ অইলৰ ওপৰত গুৰুত্ব দিয়া হয়। এই আহাৰ পদ্ধতিৰ সৈতে হৃদ-সংবহনতন্ত্ৰৰ স্বাস্থ্য আৰু প্ৰদাহ হ্ৰাসৰ সৈতে শক্তিশালী সম্পর্ক আছে। ল’মা লিণ্ডাৰ এডভেণ্টিষ্ট সম্প্রদায়ে প্ৰধানকৈ উদ্ভিদভিত্তিক আহাৰ অনুসৰণ কৰে, যিটো হৃদৰোগ আৰু কিছুমান কেঞ্চাৰ প্ৰতিৰোধৰ সৈতে সম্পর্কিত। এনে অভ্যাসবোৰে প্ৰমাণ দিছে যে স্বাস্থ্যকৰ আহাৰ পদ্ধতি মানে কঠোৰ নিয়ম বা ত্যাগ নহয়, বৰঞ্চ সময়ৰ সৈতে সঁচা অৰ্থত সমতা, মধ্যমতা আৰু নিয়মিততা পালন কৰি চলা।
আয়ুৰ্বেদঃ স্বাস্থ্যকৰ বাৰ্ধক্যৰ বাবে প্রাচীন পথপ্রদর্শক
পাৰম্পৰিক চিকিৎসা প্ৰণালীসমূহ যেনে আয়ুর্বেদে স্বাস্থ্যকৰ বাৰ্ধক্য নীতিৰ সৈতে জড়িত মূল্যৱান অন্তর্দৃষ্টি প্ৰদান কৰে। আয়ুর্বেদে খাদ্য (আহাৰ), জীৱনশৈলী অভ্যাস (বিহাৰ), দৈনন্দিন কাৰ্যসূচী (দিনচর্যা), ঋতুৰ উপযোগী পৰিৱৰ্তন (ঋতুচর্যা) আৰু নৈতিক আচৰণ (আচাৰ) ৰ যোগেদি মানসিকতা, দেহ আৰু আত্মাৰ মাজৰ সন্মিলনৰ ওপৰত জোৰ দিয়ে।
আয়ুৰ্বেদৰ মূল নীতি হৈছে দোষসমূহৰ মাজত সমতা ৰক্ষা কৰা, হজম শক্তি (অগ্নি) সজাগ ৰখা, পর্যাপ্ত টোপনি নিশ্চিত কৰা আৰু ধ্যান আৰু আধ্যাত্মিক অভ্যাসৰ জৰিয়তে মানসিক শান্তি উৎকৃষ্ট কৰা। ৰোগ চিকিৎসাৰ ওপৰত কেন্দ্ৰিত আয়ুর্বেদে প্ৰতিষেধন আৰু জীৱনশক্তি সংৰক্ষণক প্ৰাথমিক বুলি গণ্য কৰে। এই ধাৰণাটো স্বাস্থ্যকৰ বাৰ্ধক্যৰ বাবে যথেষ্ট প্ৰাসংগিক।
গতিশীলতাই জীৱনধাৰাৰ প্ৰকৃত ৰূপ
নীল ক্ষেত্ৰসমূহত দৈনিক জীৱনত দৈহিক পৰিশ্ৰম স্বাভাৱিকভাৱে সংহত কৰা হৈছে। মানুহে নিয়মীয়াকৈ খোজ কাঢ়ে, বাগিচা চাৰে, গৃহস্থালি কাম-কাজ কৰে আৰু বৃদ্ধ হোৱা পৰ্যন্ত দেহৰ সৈতে সক্রিয় থাকে। এই অবিৰত কম-তীব্ৰতাৰ গতিয়ে মাংসপেশীৰ শক্তি, গাঁঠিৰ নমনীয়তা আৰু হৃদ-সংবহনতন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখিবলৈ সহায় কৰে ।
সংগঠিত ব্যায়াম পৰিকল্পনাৰ মাজেদিও হয়তো যিবোৰ বজাই ৰখা কঠিন হ’ব পাৰে। এই প্রাকৃতিক কাৰ্যকলাপৰ ৰূপসমূহ আনন্দদায়ক, ব্যৱহাৰযোগ্য আৰু সকলো বয়সৰে লোকৰ বাবে উপলব্ধ। এইবোৰে দৈনন্দিন জীৱনৰ স্বাভাৱিক অংশ হিচাপে গতি প্ৰেৰণা যোগোৱা জীৱনশৈলী আৰু পৰিৱেশ ৰূপাংকন কৰাত গুৰুত্ব প্ৰদৰ্শন কৰে।
সামাজিক সম্পৰ্কৰ শক্তি
দীর্ঘায়ু সম্পন্ন সমাজৰ এক পৰিচায়ক বৈশিষ্ট্য হৈছে শক্তিশালী সামাজিক বন্ধন। ছাৰ্ডিনিয়াৰ পৰিয়ালভিত্তিক সম্পৰ্কৰ পৰা লৈ ওকিনাৱাৰ সামাজিক গোটলৈ বৃদ্ধ বয়সৰ মানুহে নিজৰ সমাজৰ সৈতে গভীৰভাৱে সংযোগিত থাকে। এই সম্পর্কসমূহে মানসিক সমর্থন প্রদান কৰে, একাকিত্ব হ্ৰাস কৰে আৰু সু-স্বাস্থ্যসন্মত আচৰণৰ প্ৰচাৰ কৰে ।
বেছিসংখ্যক নীল ক্ষেত্ৰ সংস্কৃতিত পুৰণি পৰিয়ালৰ সদস্যৰ যত্ন লোৱাটো এটা ভাগীদাৰী দায়িত্ব হিচাপে বিবেচিত। এনে কাৰ্যই অন্তৰংগতা আৰু সন্মানৰ অনুভূতি শক্তিশালী কৰে। সামাজিক সম্পৃক্ততা মাথোন মানসিক স্বাস্থ্য উন্নত কৰাৰ বাবে নহয় বৰঞ্চ ই দীর্ঘায়ুত্বৰ বৃদ্ধিত এক পৰিমাপযোগ্য ভূমিকা পালন কৰে ।
মানসিক চাপ পৰিচালনা আৰু জীৱন উদ্দেশ্যৰ সন্ধান
মানুহে মানসিক চাপৰ প্ৰতি কেনেদৰে প্রতিক্রিয়া জনায় তাৰ ফলস্বৰূপে স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰে। নীল ক্ষেত্ৰৰ জনগোষ্ঠীয়ে কার্যকৰী সমাধানৰ কৌশল প্রদর্শন কৰে যেনে- নিয়মিত অৱকাশ লোৱা, আধ্যাত্মিক অভ্যাস পালন কৰা আৰু ধনাত্মক দৃষ্টিভংগী ৰখা। আধ্যাত্মিকতা আৰু বিশ্বাসে প্ৰায়ে সান্ত্বনা, সমাজ আৰু অৰ্থৰ দৃষ্টিকোণত কেন্দ্ৰীয় ভূমিকা পালন কৰে। ইয়াৰে সমানভাৱে গুৰুত্বপূৰ্ণ হৈছে জীৱনৰ প্ৰবল উদ্দেশ্য। ওকিনাৱাত ইকিগাই আৰু নিকোইয়াত প্লান ডি ভিডা বুলি জনাজাত এক নিয়মে প্রতি পুৱাই উঠি জীয়াই থাকিবলৈ কাৰণ থকা মানুহক সক্রিয়, সংযুক্ত আৰু আশাপূর্ণ কৰি ৰাখিবলৈ অনুপ্ৰাণিত কৰে। লগতে জীৱনৰ উদ্দেশ্য, দিশ আৰু মানসিক সহনশীলতা প্ৰদান কৰে, যাৰ ফলত মানসিক আৰু শাৰীৰিক সুস্বাস্থ্য বৰ্তাই ৰখাত সহায়ক হয় ।
স্বাস্থ্যকৰ জীৱনৰ বৰ্ধিত বয়সত স্বাস্থ্যকৰ বৰ্ধনীৰ ভূমিকা
যেতিয়া জীৱনধাৰাই মুখ্য ভূমিকা পালন কৰে তেতিয়া স্বাস্থ্যকৰ বৰ্ধনীৰ বাবে কেৱল ব্যক্তিগত প্রচেষ্টাত বিশ্বাস কৰিব নোৱৰি। চৰকাৰ আৰু স্বাস্থ্য সেৱা ব্যৱস্থাৰ দায়িত্ব হৈছে এনে পৰিসৰ সৃষ্টি কৰা যি স্বাস্থ্যকৰ পছন্দসমূহক সমৰ্থন কৰে ।
স্বাস্থ্য সজাগতা বা সাক্ষৰতাই মানুহক স্বাস্থ্য সম্পর্কীয় তথ্য বুজিবলৈ আৰু প্ৰয়োগ কৰিবলৈ সক্ষম কৰে, যাৰ ফলত আশানুৰূপ ফলাফল হয় আৰু স্বাস্থ্য সেৱাৰ ব্যয় হ্ৰাস পায়।
ইয়াৰ উপৰি টিকাকৰণ জীৱনৰ গোটেই সময়ছোৱাত অব্যাহত ৰাখিব লাগে— বিশেষকৈ যিসকলে সংক্ৰমণৰ প্ৰতি অধিক সংবেদনশীল তেনে বৃদ্ধ প্রাপ্তবয়স্কৰ বাবে। স্ক্রীনিং প্রগ্রামসমূহে ৰোগৰ প্ৰাৰম্ভিক নিৰ্ণয় আৰু প্ৰতিৰোধ সক্ষম কৰে, জটিলতা হ্ৰাস কৰে আৰু স্বাস্থ্যকৰ জীৱনৰ সময়সীমা বৃদ্ধি কৰে। অৰ্থনৈতিকভাৱে সুলভ, উপলব্ধ আৰু ব্যক্তিকেন্দ্ৰিক স্বাস্থ্য সেৱা স্বাস্থ্যকৰ বৰ্ধনীৰ এক মূলভূত আধাৰ ৷
বয়স-সঁহাৰি আৰু দীর্ঘায়ুসন্মত পৰিৱেশ প্রস্তুত
আমি বসবাস কৰা পৰিৱেশে আমাৰ জীয়াই থকাৰ প্ৰকৃতি গভীৰভাৱে নিৰ্ধাৰণ কৰে । ২০০৭ চনৰ পৰাই WHOয়ে বয়স-সঁহাৰি থকা চহৰৰ ধাৰণাক প্ৰচাৰ কৰিছে যি চলাফিৰাৰ সুবিধা, সুৰক্ষা আৰু সামাজিক অংশগ্রহণসমূহক সমর্থন কৰে। অভিযোজনক্ষম আৱাস, বাধাহীন আন্তঃ গাঁথনি আৰু প্ৰৱেশযোগ্য ৰাজহুৱা স্থানসমূহৰ জৰিয়তে এনে পৰিৱেশ প্ৰস্তুত কৰিব পাৰি ৷ দীর্ঘায়ু-প্ৰস্তুত চহৰ (longevity ready city)ৰ উদীয়মান ধাৰণাই ইয়াক আৰু এখোজ আগবঢ়াই দিয়ে। লগতে পৰিৱেশগত প্রভাৱসমূহে স্বাস্থ্যৰ ফলাফলসমূহ কেনেকৈ প্ৰভাৱিত কৰে, সেয়া স্বীকৃতি দিয়ে। সাম্প্রতিক অধ্যয়নসমূহে কৃত্রিম উপগ্ৰহ আৰু কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰৰ জৰিয়তে দীঘলীয়া ৰোগসমূহৰ মাজত সংগতি প্ৰদৰ্শন কৰি চিন্তাশীল নগৰ পৰিকল্পনাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।
সুস্থ অৱসৰলৈ আহিবৰ বাবে এটা সামগ্রিক দৃষ্টিভংগীৰ প্ৰয়োজন যি জনস্বাস্থ্য ব্যৱস্থা, নতুন নীতি, সমাজিক সম্পৃক্ততা আৰু ব্যক্তিগত যতনক সংযুক্ত কৰে। প্ৰচলিত জ্ঞানৰ সৈতে আধুনিক বিজ্ঞানোৎকৰণ আৰু উদীয়মান প্ৰযুক্তি যেনে- কৃত্রিম বুদ্ধিমত্তা একত্ৰিত কৰি লক্ষ্যভিত্তিক কৌশল সাজু কৰিব পাৰি। ফলস্বৰূপে কাৰ্যক্ষমতা বৃদ্ধি পাব আৰু জীৱন মান উন্নত হ’ব। তেতিয়াহে অৱসৰক এটা প্ৰত্যাহ্বানৰ পৰা এটা সুযোগলৈ পৰিৱৰ্তন কৰিব পৰা যাব- যিয়ে ব্যক্তি এগৰাকীৰ জীৱন সমৃদ্ধ আৰু সমাজক শক্তিশালী কৰি তুলিবলৈ সক্ষম হ’ব।
ফোনঃ ৯৪৩৫০-৬৪১৭৪
Comments are closed, but trackbacks and pingbacks are open.