অলিম্পিক পদক বিজয়ী প্ৰথমগৰাকী ব্ৰিটিছ ভাৰতীয়

15

পংকজ কুমাৰ নেওগ

এজন তাৰকা ক্রীড়াবিদ আৰু দক্ষ অভিনেতা হিচাপে নৰ্মেন প্রিচার্ড খ্যাতিৰ অস্থিৰতা সম্পর্কে গভীৰভাৱে সচেতন আছিল। ‘যি খ্যাতিয়ে নিশাটোৰ ভিতৰতে বৈদ্যুতিক আখৰেৰে কোনো ব্যক্তিৰ নাম উজলাই তোলে, তেনে খ্যাতিৰ কোনো মূল্য নাই’— তেওঁ কৈছিল। ‘এদিন নিদ্ৰাৰ পৰা উঠি দেখা যায় যে এসময়ত সফলতাৰ কথা কোৱা বৈদ্যুতিক আখৰবোৰত বিফলতাহে লিখা থাকে।’ সফলতা আৰু ব্যৰ্থতা উভয়ে নৰ্মেন প্রিচার্ডক বিভিন্ন সময়ত অনুসৰণ কৰিছিল। ১৯০০ চনত তেওঁ প্ৰথম ব্ৰিটিছ ভাৰতীয় বা ভাৰতীয় হিচাপে অলিম্পিক পদক জয় কৰিছিল কিন্তু আঘাতৰ বাবে দুৰ্ভাগ্যবশতঃ তেওঁৰ ক্ৰীড়া জীৱনৰ ওৰ পৰে। তেওঁক ভাৰতীয় নে বৃটিছ ভাৰতীয় হিচাপে গণ্য কৰা উচিত সেই বিষয়ে মতভেদ আছে। ক্রীড়া জগতৰ পৰা বিদায় লোৱাৰ কেইবছৰমানৰ পাছত তেওঁ এজন অভিনেতা হৈ উঠে আৰু ফটো-প্লে’ আৰু আৰম্ভণিৰ মূক চলচ্চিত্ৰসমূহত নিজৰ নাম উজলাবলৈ সক্ষম হয়, কিন্তু ঘৰুৱা হিংসাৰ অভিযোগে তেওঁৰ বৰ্ণিল কেৰিয়াৰত চেকা লগায় । তেওঁৰ চুটি জীৱনটোৰ শেষৰ ফালে প্ৰছেনিয়াম আৰু মঞ্চখনো তেওঁৰ বাস্তৱতাৰ পৰা বহুত দূৰ বুলি ভাব হৈছিল। মানসিক স্বাস্থ্য জনিত সমস্যাই তেওঁক বিভ্ৰান্ত কৰি পেলোৱাত কেলিফর্নিয়াৰ এটা চেনাটৰিয়ামত তেওঁ বন্দী হিচাপে দিন কটাবলগীয়া হয়। অৱশেষত ১৯২৯ চনৰ অক্টোবৰত বিভিন্ন সমস্যাত জৰ্জৰিত হৈ তেওঁ অকাল মৃত্যুবৰণ কৰে ।

১৮৭৫ চনত বা কোনো কোনো ৰেকৰ্ডৰ মতে ১৮৭৭ চনত কলকাতা চহৰত নৰ্মেন প্রিচার্ডে জন্মগ্রহণ কৰিছিল। তেওঁৰ পিতৃ জর্জ, পশ্চিমবংগতে জন্মগ্রহণকাৰী এজন ইংৰাজ আৰু চাহপাত, নীল আৰু মৰাপাটৰ ব্যৱসায়ী আছিল । নৰ্মেনে তেওঁৰ শৈশৱকাল এখন পাহাৰীয়া চাহ বাগানত কটাইছিল বুলি জনা যায়। নিউয়র্ক টাইমছে সেই চাহ বাগানখন ‘গাধৰ পিঠিত উঠি ভ্ৰমণ কৰিলে কলকাতাৰ পৰা নদিনমানৰ বাট’ বুলি উল্লেখ কৰিছে। ১৮৯৩ চনত প্ৰিচাৰ্ডে বেঙ্গল প্ৰেছিডেন্সী এছ’চিয়েচন চেম্পিয়নশ্বিপ জয়ৰ মাধ্য মেৰে ক্ৰীড়াক্ষেত্ৰত প্ৰথম পদক্ষেপ দিয়ে। পৰৱৰ্তী সাত বছৰ ধৰি তেওঁ এই কৃতিত্বৰ পুনৰাবৃত্তি কৰি ‘কলকাতা ফ্লায়াৰ’ উপাধি অৰ্জন কৰে। ১৮৯৩ চনৰ পৰা ১৯০০ চনলৈকে এইজন যুৱকে বোম্বে প্ৰেছিডেন্সী আৰু বেংগল প্ৰেছিডেন্সীত ট্রেক এণ্ড ফিল্ড ইভেণ্টত বিভিন্ন ৰেকৰ্ড স্থাপন কৰে। ১০ ছেকেণ্ডত ১০০ গজ, ১৫ ছেকেণ্ডত ১১০ গজ আৰু ৫০ ছেকেণ্ডত ৪৪০ গজ দৌৰ আছিল প্ৰিচাৰ্ডৰ ৰেকৰ্ড। ১৯১২ চনত ডেইলি মিৰৰে ৰিপ’ৰ্ট কৰা মতে তেওঁ এক মাইল খোজকঢ়া, এক মাইল দৌৰা আৰু তাৰ পিছত ঘোঁৰাত উঠা এই সকলো ১৮ মিনিট ২২ ছেকেণ্ডত শেষ কৰি অভিলেখ গঢ়িছিল। ১৯০০ চনৰ জুন মাহত অপেছাদাৰী এথলেটিক চেম্পিয়নশ্বিপৰ বাবে ইংলেণ্ডলৈ যাওঁতে অষ্ট্ৰেলিয়াৰ এখন সংবাদপত্র ‘দ্য ৰেফাৰী’য়ে তেওঁক ‘ভাৰতৰ তাৰকা ক্ৰীড়াবিদ’ হিচাপে উল্লেখ কৰে। ১৯০০ চনৰ পেৰিছ অলিম্পিকত তেওঁ দুটা ইভেণ্টত ৰূপৰ পদক লাভ কৰি তেওঁৰ খ্যাতি অক্ষুণ্ণ ৰাখে ।

তেওঁৰ প্ৰথম ৰূপৰ পদক আহে ২০০ মিটাৰ দৌৰত। এই ইভেণ্টত আমেৰিকাৰ উইলিয়াম টিউক্সবাৰীয়ে ২২.২ ছেকেণ্ডত দৌৰি সোণৰ পদক অৰ্জন কৰে। প্রিচাৰ্ডৰ সময় আছিল ০.৬ ছেকেণ্ড (মুঠ সময় ২২.৮ ছেকেণ্ড) বেছি। তেওঁৰ দ্বিতীয় ৰূপৰ পদক আহে ২০০ মিটাৰ হার্ডলছত য’ত তেওঁক আমেৰিকান তাৰকা ক্রীড়াবিদ এলভিন ক্রেনজলেইনে পুনৰ ০.৬ ছেকেণ্ডত পৰাভূত কৰে। পেৰিছ অলিম্পিকত প্রিচার্ডে যি অৰ্জন কৰিছিল সেইখিনি আৰু কেতিয়াও কৰিব নোৱাৰিলে। যদিও বেংগল প্ৰেছিডেন্সী এচ’ছিয়েচনে প্রিচাৰ্ডক ১৯১২ চনৰ ষ্টকহোম অলিম্পিকৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰাটো বিচাৰিছিল, ১৯০৭ চনত সন্মুখীন হোৱা ভৰিৰ গুৰুতৰ আঘাতৰ বাবে তেওঁ ক্ৰীড়া জগতৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইতিমধ্যে তেওঁ মঞ্চ তথা অভিনয় জগতখনৰ দ্বাৰা প্রলুব্ধ হৈছিল।

১৯০৫ চনত প্ৰিচাৰ্ড তেওঁৰ পৰিয়ালৰ সৈতে ইংলেণ্ডলৈ গুচি যায় আৰু দেউতাকৰ দৰে চাহপাত, নীল আৰু মৰাপাটৰ ব্যৱসায় আৰম্ভ কৰে। ঠিক সেই সময়তে কনষ্টেন্স ক্লেগৰ সৈতে তেওঁৰ ১০ বছৰীয়া বিবাহিত জীৱন ভাঙি যোৱাৰ উপক্রম ঘটে। তেওঁলোকৰ এগৰাকী জীয়ৰীও আছিল। বিতর্কই প্রিচাৰ্ডক লগ এৰা নাছিল আৰু ১৯০৬ চনৰ এপ্ৰিলত তেওঁৰ স্ত্ৰীয়ে ইংলেণ্ডত দাখিল কৰা এখন প্রবেট আদালতৰ আবেদনত তেওঁক কেইবাবাৰো নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰে। এই পৰিস্থিতিৰ মাজতে প্রিচাৰ্ডৰ জীৱনে বেলেগ এটা দিশে গতি লয়। ১৯০৬ চনৰ ডিচেম্বৰত তেওঁ লণ্ডনৰ নৈশভোজ এটাত ১৯০৩ চনত ৰজা সপ্তম এডৱাৰ্ডৰ ৰাজ অভিষেক স্মৃতিত অনুষ্ঠিত হোৱা দিল্লী দৰবাৰৰ ঘটনাসমূহ বৰ্ণনা কৰিছিল। নৈশভোজৰ বিশিষ্ট অতিথিসকলৰ ভিতৰত বিখ্যাত অভিনেতা-ব্যৱস্থাপক ছাৰ চাৰ্লছ উইণ্ডহামো আছিল। উইণ্ডহামে প্রিচাৰ্ডৰ পৰিৱেশন দেখি ভাল পায় আৰু তেওঁক নিজৰ এখন নাটক ‘দ্য ষ্ট্ৰংগাৰ ছেক্স’ত এটা সৰু ভূমিকাৰ প্ৰস্তাৱ দিয়ে। প্রিচার্ডে প্রথমে কোনো প্রতিশ্রুতি দিয়া নাছিল, কিন্তু আন এগৰাকী প্রযোজক ছাৰ জর্জ আলেকজেণ্ডাৰৰ পৰামৰ্শমতে নিজৰ মত পৰিৱৰ্তন কৰে। আলেকজেণ্ডাৰে নিজেই প্রিচার্ডক তেওঁৰ নাটক ‘ছাৰ জন গ্লেইডছ অনাৰ’ত এজন ফুটমেনৰ ভূমিকা দিছিল আৰু প্ৰয়োজনত যাতে তেওঁ সকলো পুৰুষ চৰিত্ৰৰ ভাও ল’ব পাৰে তাৰ বাবে সাজু কৰাইছিল। আলেকজেণ্ডাৰে প্রিচার্ডক অভিনয়ক গুৰুত্ব সহকাৰে ল’বলৈ পৰামর্শ দিয়ে। তিনি মাহৰ ভিতৰতে প্রিচাৰ্ডৰ ভাগ্যৰ সলনি ঘটে আৰু তেওঁ মুখ্য অভিনেতাৰ মর্যাদালৈ উন্নীত হয়। ভাগ্য তেওঁৰ প্ৰতি সুপ্রসন্ন হয় যেতিয়া অভিনেতা-পৰিচালক হাৰবাৰ্ট ড্ৰছৰ নাটক ‘পকেট মিছ হাৰকিউলিছ”ৰ বাবে নির্বাচিত প্রধান অভিনেতাজনে প্রিচাৰ্ডক চুপাৰিশ কৰে।

মঞ্চত নৰ্মেন ট্ৰেভৰ নামেৰে পৰিচিত প্রিচার্ডে এই সুযোগ অপচয় কৰা নাছিল । পৰৱৰ্তী সাত বছৰত তেওঁ নিজৰ নাট্যকৰ্মৰ বাবে সুপ্রসিদ্ধ হৈ পৰে। ১৯০৯ চনত তেওঁ নিজা কোম্পানীৰ সৈতে ইংলেণ্ড ভ্ৰমণ কৰি আধুনিক আৰু শ্বেইক্সপীয়েৰৰ নাটক পৰিৱেশন কৰে আৰু ১৯১৩ চনত এজন অভিনেতা-পৰিচালক হৈ চেভয় থিয়েটাৰত কেইবাখনো নাটক প্রযোজনা আৰু অভিনয় কৰে। এইসমূহৰ ভিতৰত আছিল ‘দ্য কাৰ্ডিনেলছ ৰোমাঞ্চ’আৰু ‘দ্য ছেভেন চিষ্টাৰ্ছ।’ প্রিচাৰ্ডৰ ইংলেণ্ড ভ্ৰমণৰ কালছোৱা বিশ্বমঞ্চত অস্থিৰতাৰ সময় আছিল। ১৯১১ চনত ইটালীয়ে লিবিয়া আক্ৰমণ কৰাৰ সময়তে ১৯১২ চনত বলকান যুদ্ধ আৰম্ভ হয় আৰু প্ৰথম বিশ্বযুদ্ধৰো দুন্দুভি বাজি উঠে। বিশ্বযুদ্ধৰ সময়ত প্রিচার্ড তেওঁৰ শাৰীৰিক আঘাতৰ হেতু সৈন্যদলত ভৰ্তি হ’ব পৰা নাছিল আৰু সেয়েহে তেওঁ প্ৰযোজক উইলিয়াম ব্রেডিৰ সৈতে নিউয়কত অভিনয়ৰ চুক্তি গ্ৰহণ কৰে। ১৯১৪ চনৰ ছেপ্টেম্বৰত ব্ৰডৱে’ত ‘দ্য এল্ডাৰ চন’ নাটকখনেৰে তেওঁ আত্মপ্রকাশ কৰে ৷ প্রিচাৰ্ডৰ জনপ্ৰিয় অভিনয়সমূহৰ ভিতৰত আছিল জেমছ বেৰীৰ ‘এ কিছ ফৰ চিনডেলো’ (১৯১৬) নামৰ এখন নাটক, মিঃ বেৰী পিটাৰ পেনৰ লেখক হিচাপে বেছি জনাজাত আছিল। প্ৰিচাৰ্ড আৰু বেৰী একেলগে কেইবাখন নাটকতো কাম কৰিছিল আৰু এজন প্রশংসকে প্রিচার্ডক ‘বেৰীৰ নাটকসমূহৰ এজন সুযোগ্য অভিনেতা’ বুলি অভিহিত কৰিছিল।

থিয়েটাৰত কাম কৰাৰ সময়তে প্ৰিচাৰ্ডে কিছুসংখ্যক ফটোপ্লে কৰিছিল। উইলিয়াম ব্রেডিয়ে প্রযোজনা কৰা তেওঁৰ প্ৰথম ফটোপ্লেসমূহ ১৯১৫ চনত মঞ্চস্থ কৰা হৈছিল— নির্মাতাসকলে মঞ্চস্থ কৰা ঠাইসমূহৰ ফটো তুলিছিল, ছবিখন ৰীলত স্থাপন কৰিছিল আৰু ছবিগৃহত প্ৰদৰ্শন কৰিছিল। ১৯১৭ চনত তেওঁ নিউয়ৰ্কৰ এটা সমাৱেশত যুদ্ধৰ বাবে ধন সংগ্ৰহত সহায় কৰে আৰু থিয়েটাৰৰ ওপৰত যুদ্ধৰ প্ৰভাৱৰ বিষয়ে বক্তৃতা দিয়ে। তেওঁৰ বিষয়ে ২৫ নৱেম্বৰ, ১৯১৭ চনৰ ‘দ্য চান ত এইদৰে প্ৰকাশ পাইছিল— ‘যুক্তৰাষ্ট্ৰলৈ অহাৰ পূৰ্বে জীৱনৰ বিশাল অভিজ্ঞতাই তেওঁক বিভিন্ন ধৰণৰ বুদ্ধিমান বোধগম্যতা আৰু ব্যাখ্যাৰ এক বিৰল ক্ষমতা দিছে। এজন অভিনেতা হিচাপে ই তেওঁৰ শিল্পক সমৃদ্ধ কৰি তোলাৰ লগতে তেওঁৰ অভিনয়ক সদায় বিশেষ আকৰ্ষণৰ বিষয় কৰি তুলিছে।

১৯১৪ৰ পৰা ১৯২৬ চনলৈকে প্রিচার্ডে ব্ৰডৱে’ত ২৯টা চৰিত্ৰত অভিনয় কৰিছিল। তাৰ মাজতে সময়ে সময়ে তেওঁ চলচ্চিত্রতো কাম কৰিছিল আৰু এইবোৰৰ ভিতৰত এখন আছিল নীৰৱ চলচ্চিত্র ‘জেন আয়াৰ’ (১৯২১) । ১৯২৬ চনত তেওঁ চলচ্চিত্ৰ জগতখনৰ সৈতে ভালকৈ সাঙুৰ খাই পৰে আৰু কেলিফর্নিয়ালৈ স্থানান্তৰিত হয়। টকিৰ যুগ আৰম্ভ হোৱাৰ আগে আগে সমালোচক ইউজিন চেগালে লিখিছিল যে প্ৰিচাৰ্ড নীৰৱ চলচ্চিত্ৰ জগতৰ পৰা সফলভাৱে উত্তৰণ হ’ব পৰা এজন অভিনেতা আৰু তেওঁ তাৰ বাবে প্ৰস্তুত আছে। তেওঁৰ চকুযুৰিয়ে তেওঁৰ অদ্ভুত যোগ্যতাৰ কথা প্ৰকাশ কৰে। অৱশ্যে বাস্তৱ জীৱনত ই কেতিয়াও নঘটিল। ১৯২০ দশকৰ শেষৰ ফালে প্রিচাৰ্ডৰ পতন আৰম্ভ হয়। ১৯২৮ চনত তেওঁৰ চেক এখন বাউন্স হোৱাৰ বাবে পুলিচে গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ বন্ধু, সহকর্মী অভিনেতা এইচ বি ৱাৰ্নাৰে তেওঁক উদ্ধাৰ কৰিবলগীয়া হয়। ৱাৰ্নাৰে কোৱা মতে প্রিচাৰ্ডৰ ভ্ৰম আছিল যে তেওঁ এজন ধনী ব্যক্তি, যদিও খুব কম টকাহে তেওঁৰ বেংকৰ একাউণ্টত আছিল। কেলিফ’ৰ্নিয়া ষ্টেট লুনাচি কমিছনে প্রিচার্ডক এটা চেনাটৰিয়ামত ভৰ্তি কৰে। তেওঁৰ শেষ ছবিবোৰৰ ভিতৰত আছিল ‘টুনাইট এট টুৱেলভ’, ‘দ্য লাভ ট্ৰেপ’ আৰু ‘মেড আৱাৰ’ যিখনত তেওঁ আৰ্নেষ্ট হেমিংৱে’ৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯২৯ চনৰ শৰৎকালত তেওঁক পুনৰবাৰ চেনাটৰিয়ামলৈ পঠিওৱা হয় আৰু ৩০ অক্টোবৰ তাৰিখে ‘মস্তিষ্কৰ স্নায়ুজনিত অৱস্থাৰ হেতু মাত্র পঞ্চাশ বছৰ বয়স অতিক্ৰম কৰা প্ৰিচাৰ্ডৰ মৃত্যু ঘটে। পার্কাৰে প্ৰিচাৰ্ডক ‘এজন ভাল লগা আৰু অভিজ্ঞ অভিনেতা’ বুলি অভিহিত কৰিছিল, কিন্তু কানাডাৰ ‘উইণ্ডচৰ ষ্টাৰ’ৰ স্তম্ভলেখক গ্লেডিছ হলে আৰু বেছি প্ৰশংসা আগবঢ়াইছিল। তেওঁৰ ‘ডায়েৰী অফ এ মুভি ফেন’ কিতাপখনত তেওঁ প্রিচাৰ্ডক এনে এজন পুৰুষ হিচাপে বৰ্ণনা কৰিছে যিজনৰ প্ৰতিগৰাকী মহিলা এদিন নহয় এদিন আকৰ্ষিত হৈছিল।

You might also like

Comments are closed, but trackbacks and pingbacks are open.