সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ‘ছুপাৰ ফুড’ বা অতিপুষ্টিকৰ খাদ্যৰ ভূমিকা অপৰিসীম। ইয়াত এনে পাঁচবিধ ছুপাৰ খাদ্যৰ বিষয়ে উল্লেখ কৰা হ’ল যিবোৰ আমাৰ সহজলভ্য:
১. আমলখি (Amla)
*আমলখিক ভিটামিন-চিৰ ভাণ্ডাৰ বুলি কোৱা হয়।
উপকাৰিতা: ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, চুলি আৰু ছাল উজ্জ্বল কৰে আৰু হজম শক্তিত সহায় কৰে।
কেনেকৈ খাব: কেঁচাকৈ, ৰস উলিয়াই বা আচাৰ হিচাপে খাব পাৰে।
২. হালধি (Turmeric)
*হালধিত থকা ‘কাৰকুমিন’ (Curcumin) নামৰ উপাদানবিধৰ বাবে ই এক শক্তিশালী ঔষধি।
উপকাৰিতা: ই শৰীৰৰ বিষ আৰু প্ৰদাহ (Inflammation) কমায়। ই প্ৰাকৃতিক এন্টি-চেপ্তিক হিচাপে কাম কৰে।
কেনেকৈ খাব: ৰাতি শুবৰ সময়ত গৰম গাখীৰৰ লগত মিহলাই খাব পাৰে।
৩. তিল (Sesame Seeds)
*তিলত প্ৰচুৰ পৰিমাণে কেলচিয়াম, মেগনেচিয়াম আৰু আইৰণ থাকে।
উপকাৰিতা: ই হাড় মজবুত কৰে আৰু হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী।
কেনেকৈ খাব: লাডু বনাই বা ভাজি বিভিন্ন আঞ্জাৰ লগত খাব পাৰে।
৪. অমিতা (Papaya)
*অমিতাত ভিটামিন-এ আৰু যথেষ্ট পৰিমাণে আঁহ (fiber) থাকে।
উপকাৰিতা: চকুৰ জ্যোতি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।
কেনেকৈ খাব: পকা অমিতা ফল হিচাপে আৰু কেঁচা অমিতা আঞ্জা বনাই খাব পাৰি।
৫.কাঠবাদাম (Almonds)
*বাদামত ওমেগা-৩, ফেটি এচিড আৰু ভিটামিন-ই থাকে।
উপকাৰিতা: ই মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে।
কেনেকৈ খাব: ৰাতি পানীত তিয়াই থৈ পিছদিনা খালী পেটত খোৱাটো আটাইতকৈ ফলদায়ক।
Comments are closed, but trackbacks and pingbacks are open.