২১ ব’হাগ, মঙ্গলবাৰ, ইং ৫ মে’ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উৎসাহ বাঢ়িব, আপোনাৰ দ্বাৰা ভাতৃ কৰ্মত উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব, উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হব, লগতে আজি আপোনাৰ সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দ্ৰব্য হানি হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে,সৰু সৰু কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে , লগতে আজি আপুনি সজাগ নহ’লে দেহ মনত আঘাত পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, লগতে আজি আপোনাৰ পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি মনোমালিন্য সৃষ্টি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, ধন- সম্পত্তি হাতলৈ আহিব, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপোনাৰ পেটৰ ৰোগ হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ভ্ৰমণত সফলতা লাভ কৰিব যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
Comments are closed, but trackbacks and pingbacks are open.