১৬ চ’ত, মঙ্গলবাৰ, ইং ৩১ মাৰ্চ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপুনি যান বাহন ক্ৰয় কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য চৰ্চাত মনোনিৱেশ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হ’ব পৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আজি আপোনাৰ সামান্য ব্যয় বাঢ়িব পাৰে, লগতে আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে দ্ৰব্য বা সামগ্ৰী হানি হ’ব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুনাম বাঢ়িব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপোনাৰ সামান্য চকুৰ অসুখ হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, আৰ্থিক দিশটো শুভ বুলি কব পাৰি, যদিও আজি আপুনি অপমানিত হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ ধন- সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, আৰ্থিক দিশটো শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব পাৰে, যদিও আজি আপোনাৰ ক্ষতিৰ সন্মূখীন হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
Comments are closed, but trackbacks and pingbacks are open.