গল্পঃস্মার্ট মা

44

সুৰভি ডেকা

পাহিয়ে একপ্ৰকাৰ চিঞৰি উঠিছিল মোক দেখি ।

কি যে মা তুমি এতিয়াও আউটডেটেড হৈ আছা! এনেকৈ চুলি নাবান্ধিবা বুলি কিমান ক’ম?

মুখৰ ভিতৰতে ভোৰভোৰাই এসোপামান অসন্তুষ্টি লৈ তাই মোক চুলিখিনি ধুনীয়াকৈ বান্ধি দিলে । যিযোৰ কাপোৰ মই পিন্ধিছিলোঁ, সেইযোৰো তাইৰ পছন্দৰ নহয় ৷ মোৰ বিয়াৰ মেইন ছেট আছিল সেইযোৰ। হ’লেও পাহিৰ বাবে সেইযোৰৰ এতিয়া ম্যাদ উকলিল। দেখিলেই বোলে বুজিব পাৰি বহুত পুৰণি বুলি। এমাহমানৰ আগতে তায়ে জোৰ কৰি লোৱা মিক্স পাটৰ কাপোৰযোৰ তাই নিজৰ ধৰণে মোক পিন্ধাই দিলে ৷ আচলতে মোৰ ননদজনীৰ জীয়েকৰ বিয়া। একমাত্ৰ ভতিজীৰ বিয়া । ঘৰুৱা বিয়া, গতিকে ভালদৰেই যাব লাগিব। পাহিৰ মতে সজাই মেলি সাজু হওঁতে প্রায় দুঘণ্টাই লাগিল।

চুলি বন্ধাৰ পৰা আৰম্ভ কৰি হাত-ভৰিৰ আঙুলিত নেইলপলিছ লগোৱালৈকে এক দীঘল পৰিক্ৰমা তাইৰ নিৰ্দেশত চলিল। মানে চলিব লগা হ’ল। উপায় নাই। নহ’লে যে তাইৰ মাক আউটডেটেড হৈ পৰিব । তাইৰ লাজ— বিয়াৰ ঘৰত সন্মান ক’ত ৰ’ব? আজিকালি বোলে সকলোৰে মাকবোৰ বৰ স্মার্ট। মাত্ৰ মইহে সেই স্মার্ট মাকৰ শাৰীত এতিয়ালৈকে উপনীত হোৱা নাই। কিন্তু এইবাৰ তাই নাচোৰবান্দা । তাই পণ লৈছে যে মাকক তাই স্মাৰ্ট কৰিহে এৰিব। তাইক দোষ দি লাভ নাই। সমাজত যিটো চলিছে তেনেকৈয়ে চলিব লাগিব । মাজতে দীঘলকৈ সেওঁতা ফালি সেন্দূৰৰে আলি বন্ধাটো বোলে সিহঁতৰ বাবে পুৰণি ষ্টাইল। ইমানকৈ সেন্দূৰ লৈ মানুহক জনোৱাৰ একো প্রয়োজন নাই। তাইৰ ভাষাত— ‘তুমি যে দেউতাৰ পত্নী সেইটো সবেই জানে, মানে বিবাহিত মহিলা, গতিকে ইমান ডাঙৰকৈ সেন্দূৰ নল’লেও হ’ব। আজিকালি দেখা নাই মডার্ন মহিলাবিলাক বা মাকবিলাক কিমান ধুনীয়াকৈ থাকে? দেখিলেও ক’বই নোৱাৰি দুটা সন্তানৰ মাক বুলি । তুমি এতিয়া আৰু সেইবোৰ অভ্যাস এৰা। তোমাৰ ছোৱালী যে চহৰৰ দামী স্কুলখনত পঢ়ে সেই কথা কিয় পাহৰি যোৱা ?”

মুঠতে পাহি মানে মোৰ ছোৱালীজনীৰ মোক লৈ নানান চিন্তা, নানান অসন্তুষ্টি। এনেবোৰ কথাৰ অসন্তুষ্টিৰ দীঘল লিষ্টখন দেখিছোঁ দিনে দিনে আৰু দীঘল হৈ গৈ আছে। পিন্ধা-উৰাৰ পৰা খোৱা-বোৱা আনকি আমাৰ বিছনাখনৰ বেডক’ভাৰ আৰু গাৰু ক’ভাৰলৈকে তাইৰ আপত্তি। বহুত কথা মনেৰে মানি ল’বলৈ টান হ’লেও, তাইৰ আশীভাগ কথাই মানি লৈছোঁ। কাৰণ পাহি আমাৰ একমাত্ৰ সন্তান। সন্তানক বাদ দি কোনো মাক বা দেউতাকে জীৱন পৰিক্ৰমা আগবঢ়াই নিব নোৱাৰে। সন্তানৰ মুখৰ হাঁহি আৰু সন্তুষ্টিৰে ভৰা মুখখনেই মোৰ বাবে আটাইতকৈ ডাঙৰ কথা ।

তাই অৱশ্যে মোৰ চাকৰিটো ভাল পায়। কথাইপতি মোৰ ছোৱালীবোৰ এনেকুৱা, মোৰ ছোৱালীবোৰে এনেকৈ কৰে আদি কথাবোৰ মোৰ মুখত শুনি বৰ আমোদ পায়। বিহু অথবা নতুন বছৰৰ শুভেচ্ছাৰে যেতিয়া ছোৱালীবোৰে মোক ওপচাই দিয়ে পাহিৰ বোলে মোলৈ হিংসা লাগে ৷ তাই কয়— ‘মা, তুমি সঁচাকৈ গ্রেট। তোমাতকৈ বয়সত বহুত ডাঙৰ তোমাৰ ছোৱালীবোৰে সঁচাই তোমাক বৰ ভাল পায় দেই। নহ’লেনো বিহুৰ দিনা আৰু থাটী-ফাৰ্ষ্টৰ দুপৰনিশালৈকে তোমাক ফোন কৰি, মেছেজ কৰি শুভেচ্ছা জনাবনে? মোৰ যে তেতিয়া সঁচাকৈ তোমালৈ ঈর্ষা হয়, তুমি সিহঁতৰ বাবে ইমান আপোননে? নে ইমান স্পেচিয়েল ?”

মোৰ ভাল লাগে তাইৰ মুখত এনেকুৱা কথা শুনি। ম‍ই তাইক বুজাবলৈ চেষ্টা কৰোঁ যে বয়সটো কেতিয়াও ডাঙৰ বা গুৰুত্বপূৰ্ণ নহয় ৷ নিজৰ কামটোহে আচল। মোৰ চাকৰিটো মোৰ মৰমৰ অংগনৱাড়ী কর্মী-সহায়িকাসকলক লৈয়ে আৰম্ভ আৰু শেষ। সকলো সিহঁতৰ ওপৰতে নিৰ্ভৰ কৰিছে। গতিকে সিহঁতক মই সঁচাকৈ সন্তানৰ দৰেই ভাল পাওঁ, সন্মান কৰোঁ। তাত আনে ঈর্ষা বা হিংসা কৰিব লগা একো নাই । কামত
সকলো সমান। সকলোৰে কামৰ সমান গুৰুত্ব আৰু সন্মান আছে। আমি কৰ্মৰ মৰ্যাদা সকলোকে দিয়া উচিত… আৰু কিবাকিবি কৈ বুজাবলৈ চেষ্টা কৰিলেই পাহিয়ে মোক দুই হাতেৰে ডিঙিত মেৰিয়াই লৈ টপটপকৈ চুমা দুটামান খাই পৰম তৃপ্তিৰে চকু দুটা মুদি দি কৈ উঠে, ” really
proud of you ma… Love you so… much …love you…” তাইৰ তৃপ্তিৰ আভা মোৰ দেহৰ প্ৰতিটো অংগলৈ বিয়পি আহি লাহে লাহে মন আৰু মগজুত থিতাপি লয়। সুখ আৰু আনন্দই মোক বুৰাই পেলায়। লগে লগে মই মোৰ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতিও সমানে সজাগ হওঁ। সকলো কৰ্মীক একোগৰাকী স্মার্ট কৰ্মীৰূপে গঢ় দিয়াৰ দায়িত্বৰ পৰা হাত সাৰিব পাৰি জানো ? কিন্তু তাৰ আগতে মই নিজেওতো স্মার্ট হ’ব লাগিব। তাৰ বাবেই পাহিৰ লগত মোৰ এক অপ্রকাশিত চুক্তি হৈ যায়। তাইৰ মতেই মোৰ আউটডেটেড কী- পেডৰ ম’বাইলটোৰ ঠাইত স্মার্টফোন এটা ল’ব লগা হয়। হোৱাটছএপৰ ব্যৱহাৰ প্ৰথমে তায়েই শিকালে। আৰু এদিন তাই মোক প্ৰস্তাৱ দিয়ে যে মোৰ ছোৱালীবোৰৰ লগত ম‍ই যোগাযোগ কৰিবলৈ এটা হোৱাটছএপ গ্রুপ খুলি ল’ব লাগে। তেতিয়া মোৰ কষ্ট বহুখিনি কমি যাব।

এৰা, কথাটো তাই মিছা কোৱা নাই। কিন্তু সমস্যাটো হ’ল মোৰ সকলো কৰ্মীৰ নিজৰ ম’বাইল নাই। কাৰোবাৰ আকৌ যেনেতেনে কথা পাতিব পৰা ম’বাইলহে আছে। তথাপি পাহিয়ে মোক ক’লে— “যিকেইগৰাকীক যোগাযোগ কৰিব পাৰি তাকেই প্রথমে গ্ৰুপত ভৰাই দিওঁ। তেতিয়াও তোমাৰ মেছেজবোৰ আনবোৰে তেওঁলোকৰ পৰা পাই যাব।’ তাইৰ মতেই গ্রুপ খুলি প্রথম এডমিন হোৱাৰ আনন্দ লাভ কৰিলোঁ। প্ৰতিগৰাকীক ফোন কৰি কৰি যিমান সময় খৰচ কৰিব লগা হৈছিল সেয়া একেবাৰে কমি গ’ল। গ্ৰুপত এটা মেছেজ দিলেই হৈ যায়। তেতিয়াই যেন প্রথম অনুভৱ কৰিলোঁ, সঁচাকৈ পাহিৰ মাকজনী স্মার্ট হৈ গৈছে দেই।

তেনেকৈয়ে এদিন ফেচবুক একাউণ্ট এটাৰো অধিকাৰী হ’লোঁ। বিভিন্ন গ্ৰুপত সোমাই বহু কথা জানিলো, বুজিলোঁ। মুঠতে পাহিৰ নিৰ্দেশত স্মার্ট হোৱাৰ খোজ স্থবিৰ নহ’ল৷ লাহে লাহে এনেকুৱা হ’ল যে ম’বাইলটো হাতত নাথাকিলে নিজৰ হাৰ্টটোকে ক’ৰবাত এৰি থৈ অহাৰ নিচিনা হ’ল । অক্সিজেনৰ অভাৱত ছটফটাই থকা ৰোগীজনৰ নিচিনাই মোৰ গতি। কেতিয়াৰ পৰা যে মোৰ এই স্মার্টফোনটো মোৰ জীৱনৰ বিশ্বস্ত লগৰী হ’ল গমেই নাপালোঁ ।

বিশ্বস্ত! মানে চকু মুদি বিশ্বাসত ল’ব পৰা। কিন্তু সঁচাকৈয়েনে বিশ্বস্ত? এতিয়া যেন এই স্মার্টফোনটোৰ বাবেই মোৰ উশাহবোৰ চুটি হৈ আহিছে। চাৰিওফালে অন্ধকাৰ অথবা ধুঁৱলি- কুঁৱলী আৱৰণৰ মাজত সোমাই পৰিছোঁ। এক অস্বস্তিকৰ পৰিৱেশত মোক আৱৰি ধৰি আছে পাহিয়ে। এক অপৰাধৰ ঘন ছায়াই তাইৰ মুখমণ্ডল আৱৰি ৰাখিছে। কান্দিব খুজিও যেন ছোৱালীজনী ৰৈ গৈছে। মোৰ যিমান কষ্ট হৈছে তাইৰ যেন মোতকৈ দুগুণ কষ্ট হৈছে। কষ্টত অথবা দুখত কান্দিব পৰা সহজ মন এটা মোৰ আছে বাবে ম‍ই কান্দিব পাৰিছোঁ। দুচকুৰে লোতকবোৰে বাধা নামানি মোৰ দুগাল তিয়াই দিছে।

কিন্তু পাহি? পাহি যে দুখবোৰ বুকুৰ মাজত চেপি খুন্দি ৰাখিব পৰা আজিৰ প্ৰজন্মৰ ছোৱালী। সিহঁতে আনক দেখুৱাই কান্দিব নোৱাৰে, হাঁহিব নোৱাৰে! আৱৰণ খুলি দিব নোৱাৰে। কেৱল তাই বাৰে বাৰে মোৰ ওচৰত ক্ষমা বিচাৰি আছে।

কথাটো হ’ল মোৰ ষ্টেট বেংকৰ একাউণ্টৰ পৰা সাতাশী হাজাৰ টকা হৰলুকী হৈছে। কথাটো বহুত পলমকৈ গম পালোঁ। পাহিয়ে ফোন পে’, গুগ্‌ল পে’ ইনষ্টল কৰি দিয়াৰ পিছত লেনদেন ফোন পে’ত বেছিকৈ কৰিবলৈ লৈছিলোঁ। আজিকালি পাৰ্চত টকা লৈ ফুৰাৰ দিন উকলিল। এ.টি.এম কার্ড অথবা ক্রেডিট কার্ডখন থাকিলেই গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিব পাৰি। স্মার্ট মা হোৱাৰ এইটোও এটা অংশই আচলতে। সকলো ঠিকেই চলিছিল চাৰি-পাঁচ বছৰে। ক’তো কেতিয়াও একো ক্ষতি হোৱা নাছিল। মোৰ দৰে তৃতীয় শ্ৰেণীৰ চাকৰি কৰা মানুহৰ বাবে একাউণ্টত বিশ হাজাৰ টকা থকাটো বহুত ভাল বুলি ভাবোঁ। অৱশ্যে সকলোৰে নহয় । মোৰ প্ৰায়ে একাউণ্ট খালী হৈ থাকে। এক বুজন পৰিমাণৰ ধন আমি দুয়োজনে লোন লৈ নতুনকৈ নিৰ্মাণ কৰা আমাৰ সপোনৰ ঘৰটোৰ কাৰণে খৰচ হয় বাবে আমাৰ দুয়োৰে একাউণ্ট খালী। পাহিৰ দেউতাকৰো বেলেগকৈ লোন আছে। গতিকে দুয়োজনে এটা হিচাপত বহুতো যোগ-বিয়োগ কৰি দৈনন্দিন পৰিক্ৰমা আগুৱাই নিব লগা হৈছে। তাৰ বাবে আমাৰ তিনিওজনৰে বহুত কষ্ট হৈছে। বহুত কথা আমি এৰাই চলিব লগা হৈছে। কিছুমান খৰচ নিয়ন্ত্ৰণ কৰি কেনেকৈ মিতব্যয়ী হ’ব পাৰি, তাৰো আলোচনা আমি দুয়ো পাহিৰ লগত কৰিব পৰাকৈ সহজ পৰিৱেশ এটা গঢ় লৈ উঠিছে। তায়ো শ্বপিং মল বা অনলাইনত যেতিয়াই তেতিয়াই নতুন ট্ৰেণ্ডৰ কাপোৰ অৰ্ডাৰ নকৰা হ’ল । কেতিয়াবা মই জোৰ কৰি লৈ দিছোঁ নতুন কাপোৰ। মুঠতে আমাৰ এই আৰ্থিক অৱস্থাটো আমাৰ তিনিওজনৰ বেলেগ বেলেগ একোটা শিকনি। দামী দামী ৰেষ্টুৰেণ্টৰ মনপছন্দ ডিজাৰ্টৰ কথা পাহিৰ মনৰ পৰা প্ৰায় আঁতৰি যোৱাৰ দৰেই ।

তাৰ মাজতে বহুত কষ্টৰে বচাই বচাই দুবছৰৰ আগতে ষ্টেট বেংকত থৈছিলোঁ পাঁচ হাজাৰকৈ ৰেকাৰিং ডিপ’জিট। সেইটো সম্পূর্ণ হোৱাত নিজে নিজে মোৰ একাউণ্টত ট্ৰেন্সফাৰ হৈছিল টকাখিনি। মনটো ভাল লাগিছিল পৰিকল্পনা কৰি থোৱাৰ দৰেই ব্যক্তিগত ধাৰখিনি এইবাৰ মাৰিব পৰা যাব । মনটো মুকলি লাগিছিল। এটা বোজা যেন মূৰৰ পৰা আঁতৰি যাবলৈ সাজু হৈছে এনে অনুভৱ হৈছিল। বাৰে বাৰে একাউণ্টত টকাখিনি ক্রেডিট হোৱাৰ মেছেজটো চাই সন্তুষ্টি লভিছিলোঁ। ভাবিছিলোঁ, পাহিৰ আহি থকা জন্মদিনত তাইক এখন ভাল হাৰমনিয়াম উপহাৰ দিম । যোৱা দুটা বছৰে তাইক ভাল ফ্ৰক এটাও দিব পৰা নাই। এইবাৰ ভাল ফ্ৰক এটা দিম।

কিন্তু ভবাবোৰ মনতে থাকি গ’ল। আজি দেওবাৰ। বন্ধৰ দিন। গেষ্ট ৰুমৰ লগত থকা বাথৰুমটোত লাইটৰ কানেকচন কৰা হোৱা নাছিল। গতিকে আজি লাইটৰ মিস্ত্ৰী এজনক পুৱাই এওঁ গৈ লৈ আনিলে। মিস্ত্ৰীজনে দৰকাৰী বস্তুৰ লিষ্ট এখন তৎক্ষণাৎ প্ৰস্তুত কৰি এওঁক দিলে। গতিকে তেওঁক ম‍ই ঘৰৰ দেওবৰীয়া দীঘল এক্সট্রা কামৰ দোহাই দি এ.টি.এমখন দি টকা বিশ হাজাৰ উলিয়াবলৈ দিলোঁ। তাৰ পিছৰ ঘটনা একেবাৰে চমু। এওঁ এ.টি.এমৰ পৰা এক টকাও উলিয়াব নোৱাৰি মোক ফোন কৰি ক’লে যে মোৰ একাউণ্টত টকা নাই। ‘not sufficient balance’ দেখুৱাই আছে। মইতো তেওঁৰ লগত তৰ্ক কৰিবলৈ আৰম্ভ কৰি দিলোঁ— কি কথা ক’বলৈ আহিছা তুমি, নিজেই দেখিছা মোৰ কিমানখিনি টকা আছিল। ৰেকাৰিং ডিপ’জিট টকাৰ পৰা ম‍ই ক’ৰবাত ক’ৰবাত দিছোঁ, যদিও এতিয়াও আশী হাজাৰ্মান থাকিব লাগে!’

এওঁ কোনোপধ্যেই নামানে। পিছত মিস্ত্ৰীজনে তেওঁৰ চিনাকি দোকানৰ পৰা বস্তুখিনি বাকীকৈ আনিলে। তেতিয়াহে আচলতে মোৰ হুঁচ আহিল যে সঁচাকৈয়ে মোৰ একাউণ্ট খালী।

ধৈৰ্যৰে ২৪ ঘণ্টা কিদৰে পাৰ কৰিলোঁ, সেয়া কেৱল মইহে বুজি পাম আৰু মইহে অনুভৱ কৰিব পাৰিম। কাৰণ ইমানখিনি টকা নাইকিয়া হোৱা মোৰ বাবে বৰ সহজে ল’ব পৰা কথা নহয় ৷ পাহিৰ মুখৰ মাত হেৰাই গৈছে। তাই বাৰে বাৰে Sorry কৈ আছে নেট বেংকিঙৰ কাৰণে মোক জোৰ কৰাৰ বাবে। গোটেই ঘটনাটো তাই নিজে মূৰ পাতি লৈছে। আৰু মোৰ মানুহজনে মোক মনত পেলাবলৈ কৈ আছে যে মই কেতিয়াবা এ.টি.এমৰ নম্বৰ শ্বেয়াৰ কৰিছোঁ নেকি অথবা কাৰোবাৰ ফোনকল বা মেছেজত একাউণ্টৰ সবিশেষ জনাইছোঁ নেকি?

মই স্মার্ট নহ’ব পাৰোঁ, কিন্তু ইমান মূৰ্খও নহওঁ যে কাৰোবাক এই বিষয়ে ক’ম। গোটেই নিশা উজাগৰে থকাৰ পিছত এওঁ ভাত নিজেই ৰান্ধি খাই নিজৰ কৰ্মস্থলীলৈ গুচি গ’ল। মই দহ বজাৰ আগতেই বেংকৰ মূল গেটৰ সন্মুখত হাজিৰ। প্ৰথমে পাছবুকখন আপডেট কৰি ল’লোঁ। ভালদৰে ধৰিব নোৱাৰিলেও জুপি জুপি চাই বুজি পালোঁ যে একেবাৰে টকা ওলাই যোৱা নাই । ৭,৫০০ আৰু ৩,৮০০ এই দুটা পৰিমাণত ওলাই গৈছে বাৰে বাৰে। কোনোমতে চকীখনত বহি মই গোটেই পাছবুকখন পৰীক্ষা কৰিলোঁ। তাৰ পিছত বেংক ষ্টেটমেণ্ট এটা উলিয়াই মেনেজাৰৰ ওচৰলৈ গ’লোঁ।

আচৰিত ধৰণে মেনেজাৰে মোক একো এটা স্পষ্ট আৰু মনোগ্ৰাহী উত্তৰ দিব নোৱাৰিলে। কেৱল ইউ. পি. এ. বন্ধ কৰাৰ পৰামৰ্শ দিলে আৰু থানাত এখন এজাহাৰ দিবলৈ ক’লে। চৰম বিৰক্তি লাগিছিল যদিও ভদ্রতা বজাই ৰাখি একো নোকোৱাকৈ মেনেজাৰৰ ৰুমৰ পৰা ওলাই আহিলোঁ। কাউণ্টাৰৰ সন্মুখত পৰুৱাৰ দৰে লানি হৈ থকা মানুহখিনিক মোৰ কিয় জানো বৰ অসহায় যেন অনুভৱ হ’ল। নিজৰ একাউণ্টটোক নিৰ্ভৰ কৰিব নোৱাৰা ডিজিটেল পৃথিৱীখন যেন মোৰ চকুৰ সন্মুখত নাঙঠ হৈ নাচিবলৈ লাগিল । সেই নাঙঠ নাচোনৰ মিছিলত কেতিয়া জানো ময়ো সোমাই পৰিলোঁ ধৰিবকে নোৱাৰিলোঁ । ভাগৰুৱা দেহাটো আৰু বিধ্বস্ত মনটো লৈ কোনোমতে ঘৰ পালোহি।

পাহিয়ে স্কুলত এপ্লিকেচন দি অর্ধ-ছুটী লৈ ঘৰ সোমালেহি। তাইৰ দুচকুৰ ভাষা মই বুজি পাওঁ। কিবা এক পজিটিভ ৰিজাল্ট আশাত তাই ক্লাছ শেষ নকৰাকৈয়ে ওলাইছেহি। তাতোকৈ ডাঙৰ কথাটো ভবাৰ দৰে যদি কথাবোৰ নহয়, তেনেহ’লে তায়ে মোক চম্ভালিব লাগিব। তাইৰ দুচকুৰ ভাষা বুজিবলৈ মোৰ যিমান সময়ৰ প্রয়োজন হ’ল, তাতকৈ কম সময়ৰ প্ৰয়োজন মোৰ মনৰ অৱস্থা বুজি উঠা আৰু মোৰ চকুৰ ভাষা বুজি পোৱাটো তাইৰ বাবে। এয়াই মোৰ বাবে আচলতে একপ্ৰকাৰ সুখৰ প্রাপ্তি। তাই মোৰ হাত দুখন দুয়োখন হাতৰ মুঠিত সুমুৱাই বৰ শান্ত হৈ ক’লে— ‘একো নাই মা হৈ যায় কেতিয়াবা। ধৰি লোৱা এই টকাখিনি তোমাৰ নাছিলেই। নহ’লে এনেকৈ ভাবি লোৱা যে তোমাৰ হ’ব লগা ডাঙৰ ঘটনা এটা ইয়াতে শেষ হৈ গ’ল।’ পাহিৰ কথাবোৰত হয়তো যাদু আছিল। চিন্তা, বিষাদ আৰু হতাশাই আগুৰি ধৰা মনটো মোৰ হঠাতে ফৰকাল হৈ গ’ল। কিছু সময়ৰ পিছত এওঁ আহি মোক একেই নিৰ্ভৰতাৰে ক’লে— তুমি ধৰি লোৱা যে তুমি ক’তো এটকাও ডিপ’জিট কৰাই নাছিলা। তুমি SBIত RD খোলাই নাছিলা। তেতিয়া তোমাৰ কথাবোৰ পাহৰি যাবলৈ সহজ হ’ব।’

মই মাথোঁ একো নুবুজাৰ দৰে বাপেক- জীয়েকৰ মুখলৈ চাই ৰ’লোঁ। মুখত মোৰ এনে ভাব— কিনো ইমান ডাঙৰ কথাটো হ’ল ? গ’ল গ’ল আৰু ….টকা-পইচা হাতৰ মলিহে, আজি আছে কালি নাই। আচলতে ডাঙৰ কথাটো হ’ল, মোৰ ছোৱালীজনী সঁচাকৈ ডাঙৰ হ’ল আৰু তাই আমাক বুজি পোৱাকৈ পৰিপক্ক হৈ উঠিছে ক্লাছ ছেভেনতে। সকলোতকৈ উজলি উঠা পাহিৰ দুচকুত মই দেখিলো স্মার্ট পাহিজনীক। দুচকুত মোৰ দুটোপাল চকুপানী বিৰিঙি উঠিল। সেয়া বাপেক-জীয়েকৰ দুচকুত পৰাৰ আগতেই মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি আহিলোঁ। কেতিয়াবা সুখৰ প্ৰাপ্তিবোৰ কেৱল নিজৰ কৰি ৰাখিয়ে ভাল লাগে দেখোন।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.