১৫ জেঠ, শনিবাৰ , ইং ৩০ মে’ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যাত্ৰা বা ভ্ৰমণত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, কৰ্মত যশস্যা বাঢ়িব যদিও আজি আপুনি মনটো চঞ্চল হ’ব নিদিব।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি হ’ব পাৰে, কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত শাৰীৰিক কষ্ট পাবলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, উকীল সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য চকুৰ অসুখ হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, মনৰ আনন্দ হ্ৰাস হ’ব পাৰে লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ কৰিব, কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ কৰিবলৈ সক্ষম হব, পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য পাৰিবাৰিক অশান্তিৰ সৃষ্টি লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সামান্য বাধাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, সজাগ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ যান বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.