ভাৰতীয় ক্ৰিকেটৰ নতুন নক্ষত্ৰঃ বৈভৱ সূৰ্যবংশী

47

ভাৰতীয় ক্ৰিকেটত বৰ্তমান আটাইতকৈ চৰ্চিত নামটো হ’ল বৈভৱ সূৰ্যবংশী (Vaibhav Sooryavanshi)। মাত্ৰ ১৫ বছৰ বয়সতে বিশ্ব ক্ৰিকেটক স্তম্ভিত কৰি তোলা বিহাৰৰ এই বাওঁহতীয়া বেটাৰগৰাকীয়ে বৰ্তমান ক্ৰিকেটৰ ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰি এক নতুন ইতিহাস ৰচনা কৰিছে। বিশেষকৈ আই পি এল ২০২৬ (IPL 2026) বৰ্ষত ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) হৈ তেওঁ কৰা বিস্ফোৰক বেটিঙে তেওঁক বিশ্বৰ অন্যতম ভয়ংকৰ যুৱ বেটাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।

২০১১ চনৰ ২৭ মাৰ্চত বিহাৰৰ সমস্তিপুৰ জিলাৰ তাজপুৰত বৈভৱ সূৰ্যবংশীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সঞ্জীৱ সূৰ্যবংশী নিজেই এজন ক্ৰিকেটাৰ হোৱাৰ সপোন দেখিছিল। বৈভৱৰ ভিতৰত থকা প্ৰতিভা অনুধাৱন কৰি মাত্ৰ চাৰি বছৰ বয়সৰ পৰাই পিতৃয়ে তেওঁক ক্ৰিকেটৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। পিছলৈ বৈভৱক পাটনাৰ এখন ক্ৰিকেট একাডেমীত নামভৰ্তি কৰোৱা হয় আৰু প্ৰশিক্ষণৰ বাবে সমস্তিপুৰৰ পৰা পাটনালৈ প্ৰায় ১০০ কিলোমিটাৰ পথ তেওঁলোকে সঘনাই অহা-যোৱা কৰিবলগীয়া হৈছিল। ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী বেটাৰ ব্ৰায়ান লাৰাক নিজৰ আদৰ্শ গণ্য কৰা বৈভৱে অতি কম সময়ৰ ভিতৰতে ক্ৰিকেটৰ বহুতো কৌশল আয়ত্ত কৰি লৈছিল।

২০২৪ চনৰ জানুৱাৰী মাহত মাত্ৰ ১২ বছৰ ২৮৪ দিন বয়সত বিহাৰৰ হৈ মুম্বাইৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত আত্মপ্ৰকাশ কৰি বৈভৱে আধুনিক ক্ৰিকেট ইতিহাসৰ আটাইতকৈ কম বয়সীয়া প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত তেওঁ ঘৰুৱা ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটতে আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে খেলি কেইবাটাও অভিলেখ গঢ়ে।

২০২৬ চনৰ Under-১৯ ক্ৰীড়া বিশ্বকাপত ভাৰতীয় দলক চেম্পিয়ন কৰাত বৈভৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সমগ্ৰ প্ৰতিযোগিতাত ৪৩৯ ৰান সংগ্ৰহ কৰি তেওঁ ‘প্লেয়াৰ অব দ্য টুৰ্নামেণ্ট’ৰ খিতাপ অৰ্জন কৰে। বিশেষকৈ ইংলেণ্ডৰ বিৰুদ্ধে ফাইনেলত মাত্ৰ ৮০ টা বলত ১৭৫ ৰানৰ এক অনবদ্য ইনিংছ খেলি তেওঁ ভাৰতক খিতাপ জয় কৰাত সহায় কৰে।

২০২৫ চনৰ আই পি এল মেগা নিলামত ৰাজস্থান ৰয়েলছে ১.১ কোটি টকাত বৈভৱক দলত অন্তৰ্ভুক্ত কৰিছিল, যাৰ ফলত তেওঁ আই পি এল ইতিহাসৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। কিন্তু ২০২৬ চনৰ ছিজনতহে তেওঁৰ প্ৰকৃত বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে।

বৰ্তমান চলি থকা আই পি এল ২০২৬ ত ৰাজস্থান ৰয়েলছৰ হৈ অ’পেনিং কৰিবলৈ আহি বৈভৱে ক্ৰিকেট দলটোক এক নতুন গতি দিছে। এতিয়ালৈকে খেলা মুঠ ১৫টা ইনিংছত তেওঁ ৪৫.৩৩ ৰ এক অপূৰ্ব গড় আৰু ২৪২.৮৫ ৰ এক অবিশ্বাস্য ষ্ট্ৰাইক ৰেটেৰে সৰ্বমুঠ ৬৮০ ৰান সংগ্ৰহ কৰি টুৰ্ণামেণ্টৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰৰ তালিকাৰ একেবাৰে শীৰ্ষ স্থান লাভ কৰিছে। বিশেষকৈ বুধবাৰে হায়দৰাবাদৰ বিৰুদ্ধে হৈ যোৱা আই পি এল ২০২৬ ৰ এলিমিনেটৰ মেচখনত পেট কামিন্সৰ দৰে বিশ্বমানৰ বলাৰক ধূলিস্যাৎ কৰি বৈভৱে ৩৩৫.০০ ষ্ট্ৰাইক ৰেটেৰে ২৯ বলত ৯৭ ৰান সংগ্ৰহ কৰে। এই ইনিংছটোত তেওঁ ১২ টা ছিক্স কোবাই ক্ৰিছ গেইলৰ ১৪ বছৰ পুৰণি এক নির্দিষ্ট আই পি এল ছিজনত আটাইতকৈ বেছি ছিক্স মৰাৰ অভিলেখ ভংগ কৰে।

বৈভৱ সূৰ্যবংশীৰ এই অবিশ্বাস্য বেটিঙে সমগ্ৰ বিশ্বৰ ক্ৰিকেট বিশেষজ্ঞসকলক আচৰিত কৰি তুলিছে। মাত্ৰ ১৫ বছৰ বয়সতে ধৈৰ্য্য, কৌশল আৰু আক্ৰমণাত্মক ক্ৰিকেটৰ যি অপূৰ্ব মিশ্ৰণ বৈভৱ সূৰ্যবংশীয়ে স্পষ্টতাৰে দেখুৱাইছে, ইয়াৰ পৰা এয়া নিশ্চিত যে তেওঁ ভাৰতীয় ক্ৰিকেটৰ এক উজ্জ্বল নক্ষত্ৰ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.