১৬ ব’হাগ, বৃহস্পতিবাৰ, ইং ৩০ এপ্ৰিল ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য চিন্তা বাঢ়িব পাৰে, শাৰীৰিক কষ্ট পাৱলগীয়া হ’ব পাৰে যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে, মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি বাঢ়িব, মনটো সামান্য চঞ্চল হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন অহাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য উদ্বিগ্ন হ’ব পাৰে, শত্ৰু বাঢ়িব পাৰে, যদিও আজি সংগীত শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি মনোমালিন্য সৃষ্টি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হব পাৰে লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য হতাশাৰ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সৰু সুৰা বাধা আহিব পাৰে, লগতে আজি আপুনি সকলো দিশতে সজাগ নহ’লে আনৰ সমালোচনাৰ পাত্ৰ হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ঘৰুৱা ধন- সম্পত্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি মিচা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ ধন- সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.