অসমীয়া শিশু গীত আৰু কিছু নষ্টালজিয়া

36

ববিতা শৰ্মা
জৱাহৰ নৱোদয় বিদ্যালয়
মহাদেৱপুৰ নামচাই, অৰুণাচল প্ৰদেশ

অসমীয়া শিশু সাহিত্যৰ উৎপত্তি গীত-মাতত। চহা কবিৰ স্বভাৱজাত সৃষ্টি নিচুকনি গীত, ল’ৰা ধেমালি গীত আদিৰ সুৰত। ‘আমাৰে মইনা শুব এ’…’, শিয়ালী এ’ নাহিবি ৰাতি…’, ‘কপৌ খুদ চাউল খা হি…’ আদি শিশু গীতবোৰ অসমীয়া সাহিত্যৰ চহকী পথাৰখনত আপোনাআপুনি জাতিষ্কাৰ হোৱা কিছুমান বনৰীয়া ফুল । এই ফুলবোৰৰ সুবাসে ভৰাই ৰাখিছিল আমাৰ শৈশৱ । হৃদয়ৰ নিভৃত কোণত আজিও নজহা-নপমা স্মৃতি হৈ থকা এই সুৰবোৰে সুৰুঙা পালেই উজাৰ খাই আহিব খোজে। মৌখিকভাৱে চলি অহা এই গীতসমূহৰ পাছতে শংকৰীযুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ পদাংক অনুসৰণ কৰি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা বৰগীতসমূহে অসমীয়া গীতি সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰে । গুৰু দুজনাৰ দ্বাৰা ৰচিত বৰগীতসমূহ আচলতে ভাৰতীয় শাস্ত্রীয় সংগীতৰ অসমত প্ৰচলিত এটি স্বকীয় ধাৰা। মহাপুৰুষ মাধৱদেৱৰ ৰচনাৰ মূল কেন্দ্ৰ হ’ল শিশু কৃষ্ণ। স্বাভাৱিকতে মহাপুৰুষজনা বিৰচিত বৰগীতসমূহত পূর্ণব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণৰ শিশু ৰূপ সুন্দৰ ৰূপত বৰ্ণিত হৈছে। এই বৰ্ণনাত আছে মাতৃ যশোদাই পুত্ৰ কৃষ্ণক টোপনিৰ পৰা জগোৱাৰ কথা, দধি-লৱণু-শিঙা-বেত-বেণু লৈ কৃষ্ণই গৰু চৰাবলৈ যোৱাৰ কথা, ককায়েক বলোৰামৰ লগতে দাম, সুদাম আদি সমনীয়াসকলৰ লগত কষ্ণই কৰা নানা ধেমালিৰ কথা—

তেজৰে কমলাপতি পৰভাত নিন্দ
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ
*******

কোটোৰা খেলয় হৰি এ, ওহি বালকৰ কেলি।
পৰম আনন্দে খেলে গোপ শিশু মেলি।।

সময় বাগৰিল। ভাৰতৰ শাসনভাৰ ইংৰাজৰ হাতলৈ গ’ল। ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসমো ইংৰাজৰ অধীন হ’ল। ইংৰাজৰ আমোলত দেশলৈ ভালেমান পৰিৱৰ্তন আহিল। পৰিৱৰ্তনৰ ঢৌৱে সাহিত্যকো স্পৰ্শ কৰিলে। সাহিত্যলৈ নতুন নতুন ধ্যান-ধাৰণাৰ আমদানি ঘটিল। নতুন দৃষ্টিভংগীৰে নতুন নতুন সাহিত্য সৃষ্টি হ’ল। গীতি সাহিত্যও পিছপৰি নাথাকিল। গীতি সাহিত্যতো আধুনিকতাৰ পৰশ পৰিল। অৱশ্যে এই সময়ছোৱাত শিশু উপযোগী গীত-মাত ৰচনাত বিশেষ অগ্রগতি দেখা নগ’ল। আধুনিক অসমীয়া গীতি সাহিত্যৰ প্ৰথম স্তৰত ভালেমান গীতিকাৰে আত্মপ্রকাশ কৰিলে যদিও শিশু উপযোগী গীত ৰচনা নহ’ল। দ্বিতীয় স্তৰত অৱশ্যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰুদ্ৰ বৰুৱা, ড°ভূপেন হাজৰিকা, কেশৱ মহন্ত, নৱকান্ত বৰুৱা, লক্ষহীৰা দাস, ড° নিৰ্মলপ্ৰভা বৰদলৈ আদি গীতিকাৰে শিশুসকলৰ বাবে কেইবাটাও সুন্দৰ সুন্দৰ গীত ৰচনা কৰিলে । কলাগুৰুৱে সহজ-সৰল ভাষাৰে প্ৰকৃতিক বিষয়বস্তু কৰি শিশুৰ মন চুব পৰাকৈ কেইবাটাও গীত ৰচনা কৰে । তেওঁৰ শিশু গীতসমূহত লোকসংস্কৃতিৰ ছাঁ বিদ্যমান। লগতে গীতসমূহৰ জৰিয়তে শিশুক নৈতিক শিক্ষা দিয়াৰ প্ৰয়াসো দেখা যায়। ৰাভাদেৱৰ এটি জনপ্রিয় শিশু গীত হ’ল—

জোনবাই এ তৰা এটি দিয়া
পাত নাই চোত নাই
কিহতকৈ দিম
হালধীয়া চৰায়ে
বাওধান খায়
শহুৰৰ পুতেকে
নাও মেলি যায়…।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালায়ো এমুঠি সুন্দৰ শিশু গীত ৰচনা কৰি গৈছে। শিশুৰ মনোজগতখন কল্পনাৰ জগত । ৰূপকথাৰ জগত স্বাভাৱিকতে সেই জগতখনৰ এখন নিখুঁত ছবি আঁকিবলৈ বিশেষ দক্ষতাৰ প্ৰয়োজন । সেই দক্ষতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আছিল। সেয়েহে সংখ্যাত তাকৰ হ’লেও তেওঁৰ শিশু গীতসমূহ শিশু মনোজগতৰ ওচৰ চপা—

জিলিকা পাখিৰে
জিলিকা পাখিৰে
অ’ অ’ অ’
অ’ অ’ অ’
অ’ সোণ ম’ৰা চৰাই…।

‘কলংপৰীয়া গীতিকাৰ’ ৰূপে খ্যাত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীতত অসমৰ মাটিৰ গোন্ধ আছে। তেওঁৰ গীতৰ সুৰত অসমৰ সাতামপুৰুষীয়া বিহুগীত, বনঘোষা, আইনাম, বিয়ানাম আদি থলুৱা গীতৰ সুৰৰ স্বতঃস্ফূর্ত প্ৰভাৱ লক্ষ্য কৰা যায় । ‘ৰুদ্ৰ বৰুৱাৰ গীত’ নামেৰে পৰিচিত তেওঁৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত এটি উল্লেখযোগ্য গীত হ’ল ‘অ’তুলতুল অ’ বুলবুল… ‘। আৰতি মুখার্জীয়ে কণ্ঠদান কৰা গীতটিত শিশুসকলে কৰা ধেমালিৰ মাজেৰে অসমীয়া বিয়া এখনৰ প্ৰতিচ্ছবি নিখুঁতভাৱে ফুটাই তুলিছে—

অ’ তুলতুল অ’ বুলবুল
অ’ সেউতী তৰা
লুকাভাকু ভাল নালাগে
খেল কইনা দৰা…।

প্ৰকৃতি আৰু মানৱতাক লৈ ভালেমান গীত ৰচনা কৰা গীতিকাৰ কেশৱ মহন্তই শিশু উপযোগী কেইবাটাও জনপ্রিয় গীত ৰচনা কৰিছিল। তেওঁ স্মৃতিৰ পৰশ, মাক আৰু মৰম, ওপজা সোণৰ মাটি, আজলী নবৌ, ককাদেউতা নাতি আৰু হাতীকে আদি কৰি প্ৰায় দহখন অসমীয়া বোলছবিৰ বাবে গীত ৰচনা কৰিছিল। কণ্ঠশিল্পী খগেন মহন্তই কণ্ঠদান কৰা কেশৱ মহন্তৰ দুটি শ্রেষ্ঠ শিশু উপযোগী গীত হ’ল—

মা আমি শদিয়ালৈ যামেই
মা আমি সত ফুল খামেই
বান্ধিম মা বান্ধিম আমি
কেঁচা পাতত লোণ…।
*******

বৰষুণৰ বতৰত মইনা নুঠে মটৰত
বৰষুণৰ বতৰত মইনা নুঠে মটৰত
পিছল বাটত সুচল লাগি
ধুপুচ ধুপুচ পৰে মইনা
ধুপুচ ধুপুচ পৰে…।

খগেন মহন্তৰ কণ্ঠত প্ৰাণ পাই উঠা আন
এটা জনপ্রিয় শিশু গীত হ’ল—

এখন দেশত এজন ৰজা আছিল
লঘু দোষতে গুৰু দণ্ড দিছিল….।

অসমীয়া গীতি সাহিত্যৰ আন এগৰাকী জনপ্ৰিয় গীতিকাৰ তথা কণ্ঠশিল্পী লক্ষহীৰা দাসেও শিশু উপযোগী কেইবাটাও গীত ৰচনা কৰিছে। তাৰ ভিতৰত দুটামান জনপ্রিয় গীত হ’ল—

ডালিম ঐ ডালিম
আমালৈ আনিছা কি?
আনিছোঁ আনিছোঁ ৰণুৱা ঘোঁৰাটো
ডিঙিতে শিৰকলি দি…।
********
জিৰিপ জিৰিপ অ’ বতা চৰাই
মোৰ ধান নাখাবি
তোক দিম গোটা কৰাই … ।

আন এজন স্বনামধন্য গীতিকাৰ নৱকান্ত বৰুৱায়ো শিশুসকলৰ বাবে কেইবাটাও গীত ৰচনা কৰিছে। গীতিকাৰ, সুৰকাৰ তথা গায়ক ড° বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত প্ৰাণ পাই উঠা বৰুৱাৰ ‘অ’ ধুন ধুনীয়া মোৰ অকণমানি…’ গীতটি সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া গীত—

অ’ ধুন ধুনীয়া মোৰ অকণমানি
অ’ সোণ কণমানি মোৰ আইটিজনী
অ’ তোমাৰ খোলা ডিঙিৰ বুটাম খোলা
ফুটফুটীয়া ফ্রক
সদায় খোলা ধক…।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই শিশুসকলক উপহাৰ দিয়া ‘পাচলিৰ বাগিচা…’ অসমীয়া শিশু গীতৰ এটি উৎকৃষ্ট নিদর্শন। গীতটোৱে শিশুক নিজাকৈ পাচলি বাৰী পাতিবলৈ অনুপ্ৰাণিত কৰাৰ লগতে নিজে কৰা কামৰ যি আনন্দ তাক উপলব্ধি কৰায়-

পাচলিৰ বাগিচা সৰু বাগিচা
মোৰ সৰু বাগিচা জানো দেখিছা ?
তাত মই ৰুইছোঁ পাচলি ইমান
সৰিয়হ ফুলবোৰ ফুলিছে কিমান ….

জনপ্রিয় কণ্ঠশিল্পী ৰিদিপ দত্তৰ কণ্ঠত প্ৰাণ পাই উঠা এটি সুন্দৰ শিশু গীত হ’ল—

কণমানি সেই ভণ্টিজনী
সপোন সপোন লগা
ঠুনুক ঠানাক মাতটি তাইৰ
ইমান মৰম লগা…।

কেইবাখনো অসমীয়া বোলছবিত শিশুসকলৰ বাবে সুন্দৰ সুন্দৰ গীত সন্নিৱিষ্ট কৰা হৈছে আৰু বোলছবিৰ এই গীতসমূহে শ্ৰোতাৰ মন জয় কৰিবলৈও সক্ষম হৈছে। এই গীতসমূহেৰে অসমীয়া শিশু গীতি সাহিত্য চহকী হৈ আছে। শ্ৰোতাৰ হৃদয়ত বাহ সজা তেনে দুটিমান গীত এইখিনিতে উল্লেখ কৰিবলৈ ওলাইছোঁ। ১৯৭২ চনত মুক্তিপ্রাপ্ত কমলনাৰায়ণ চৌধুৰী পৰিচালিত ‘ভাইটি’ বোলছবিৰ এটি শিশু উপযোগী গীত বৰ জনপ্ৰিয় হৈছিল। জয়ন্ত বৰুৱাই ৰচনা কৰা আৰু আৰতি মুখার্জীয়ে কণ্ঠদান কৰা গীতটি হ’ল—

মই ভয় নকৰোঁ নকৰোঁ কাকো
নিজ হাতে ৰান্ধো খাওঁ
ভোকত নাথাকোঁ…।

একে বছৰতে মুক্তিপ্রাপ্ত ব্ৰজেন বৰুৱা পৰিচালিত ‘ললিতা’ বোলছবিৰ এটি গীতেও শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। বোলছবিখনৰ সংগীত পৰিচালনা কৰিছিল যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাই। কেশৱ মহন্তই ৰচনা কৰা আৰু দ্বীপেন বৰুৱাই কণ্ঠদান কৰা সেই গীতটি হ’ল—

টুপ টুপ টুপলি
পানী পালে মুকলি
সময় গ’ল উকলি…।

১৯৭৩ চনত মুক্তিপ্রাপ্ত ‘অনুতাপ’ বোলছবিৰ খগেন মহন্তই কণ্ঠদান কৰা এটি শিশু গীতে শ্রোতাৰ মন আকৰ্ষণ কৰিছিল। সাধুকথাৰ কথনভংগীৰে আৰম্ভ হোৱা গীতটিৰ কথা নুৰুল হকৰ

এক আছিল ৰজা
তেওঁৰ ৰাণী দুগৰাকী
এগৰাকী লাগী আনগৰাকী এলাগী…।

১৯৭৫ চনত আব্দুল মজিদৰ পৰিচালনাত মুক্তি লাভ কৰা ‘চামেলি মেমচা’ব’ বোলছবিখনৰ সংগীত পৰিচালনা কৰি ড° ভূপেন হাজৰিকাই শ্রেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ছবিখনত ঊষা মংগেশকাৰে কণ্ঠদান কৰা এটি সুন্দৰ গীত হ’ল ‘ক-খ-গ-ঘ’। গীতটিত এগৰাকী মাতৃয়ে নিজ সন্তানক লৈ ৰচা সপোনৰ ছবিখন সুন্দৰ বাবে ফুটি উঠিছে—

ক-খ-গ-ঘ
ক-খ-গ-ঘ
দুয়ে দুয়ে চাৰি
এ বি চি ডি ইস্কুল পঢ়ি
গিয়ানী বনিব গ’…।

১৯৭৮ চনত মুক্তিপ্রাপ্ত ‘ফাল্গুনী’ বোলছবিৰ উপেন কাকতিয়ে ৰচনা কৰা আৰু সাগৰিকা বৰুৱা আৰু নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা শিশু গীতটি শ্রোতাই আদৰি লৈছিল—

মইনা চৰাইটি
মাত মাত মাত মিঠা মাতটি
তোৰে লগৰীয়া
আমি সমনীয়া
উমলি জামলি
ফুৰোঁ আজি দিনটি…।

১৯৭৯ চনত পুলক গগৈৰ পৰিচালনাত মুক্তি লাভ কৰা হাস্যমধুৰ বোলছবি ‘শ্ৰীমতী মহিমাময়ী’ৰ এটি শিশু উপযোগী গীত যথেষ্ট জনপ্ৰিয় হৈছিল। কবি, গীতিকাৰ নিৰ্মলপ্রভা বৰদলৈয়ে ৰচনা কৰা গীতটিত কণ্ঠদান কৰিছিল কুল বৰুৱা আৰু ডলী ঘোষে-

নীলা আকাশৰে ৰূপোৱালী পৰী
জিঞাৰে দুখনি পাখি
আলফুলে উৰি আহে
লগতে তৰাৰে জাকি….।

১৯৮০ চনত মুক্তিপ্রাপ্ত দেৱকুমাৰ পৰিচালিত ‘মইনাজান’ বোলছবিখনৰ সংগীত পৰিচালনা কৰিছিল খগেন মহন্তই। কেশৱ মহন্তৰ কথাৰে খগেন মহন্তই কণ্ঠদান এই বোলছবিৰ এটি শিশু উপযোগী গীতে শ্রোতাক বিশেষভাৱে আকৰ্ষণ কৰিছিল—

বাঁহৰ মূঢ়া বগৰীৰ গুৰা
এটা যে আছিল বুঢ়া
সৰু ল’ৰাবোৰে
মাতে জোৰে জোৰে
কলৈ যোৱা টলৌ খুড়া…।

১৯৮০ চনত গৌৰী বৰ্মনৰ পৰিচালনাত প্ৰথমখন অসমীয়া শিশু বোলছবি ‘অকণ’-এ মুক্তি লাভ কৰে। বোলছবিখনৰ সংগীত পৰিচালনা কৰিছিল ড° ভূপেন হাজৰিকাই। তেওঁ বোলছবিখনৰ কেইবাটাও গীতো ৰচনা কৰিছিল। তাৰে দুটি জনপ্রিয় শিশু গীত হ’ল—

ৰং ৰং না না ৰং
কিনিবলৈ যাওঁ
ৰংপুৰ অভিমুখে
আমি আগুৱাওঁ…।
*******
আমি ভাইটি ভণ্টি
নাই আমাৰ গণ্টি
ইমান সোপা আমি আছোঁ
কিমান যে ফূর্তি…।

১৯৮৩ চনত নিপ বৰুৱাৰ পৰিচালনাত মুক্তি লাভ কৰা ‘ককাদেউতা নাতি আৰু হাতী ‘ বোলছবিৰ কেশৱ মহন্তই ৰচনা কৰা এটি শিশু গীত শ্ৰোতাৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছিল। কোকিলা গোস্বামী আৰু মৃণালিনী দত্তই কণ্ঠদান কৰা গীতটি হ’ল—

এক দুই তিনি চাৰি
যুটি দিলোঁ গৰুগাড়ী
অ’ দেখিছানে হাতীয়ে চলায় …।

১৯৮৪ চনত ৰাজেন্দ্ৰ বেনাৰত মুক্তিপ্রাপ্ত ‘নয়নমণি’ বোলছবিখনৰ সংগীত পৰিচালনা কৰিছিল জিতু-তপনে। বোলছবিখনৰ এটি জনপ্রিয় শিশু গীত হ’ল—

মা তুমি খেলিবা নে
দেউতা খেলিবা নে
আহা আমি খেলোঁ
আহানা আকৌ আমি খেলোঁ…।

১৯৮৪ চনত নিপ বৰুৱাৰ পৰিচালনাত মুক্তিপ্রাপ্ত ‘শকুন্তলা আৰু শংকৰ জোচেফ আলি’ বোলছবিখনৰ সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই আৰু গীত ৰচনা কৰিছিল কেশৱ মহন্তই । গীতসমূহৰ ভিতৰত নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা কবিতা বৰঠাকুৰে কণ্ঠদান কৰা এটি গীতে শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল—

অ’ ঘুমটি আহ
অ’ আহ,
কঁহুৱাৰে ফুল
যেন বা দি যা
আলফুলীয়া…।

অসমীয়া গীতি সাহিত্যত অৱশ্যে শিশু উপযোগী গীত যিমান হ’ব লাগিছিল সিমান হোৱা নাই। তাৰে মাজতে যিখিনি আছে তাৰ আটাইখিনি গীতেই শ্রোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এসময়ত স্বনামধন্য গীতিকাৰৰ হাতত প্ৰাণ পাই উঠা আৰু কিছু শিশু গীত প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ অভাৱত আজি পাহৰণি হ’ল। তেনে দুটিমান গীত হ’ল—

অ’ কুলি কু কু কু বুলি
আকৌ এবাৰ মাত…। (মিত্ৰদেৱ মহন্ত)
********
অ’ চিত পখিলি
কচোন ক’ত পায়
সৰু পাখি দুখিলি…। (পাৰ্বতিপ্ৰসাদ বৰুৱা)
*********
আমি পোহৰ বিচাৰি যাওঁ…। (পৰাগধৰ চলিহা)
*********

কিয় ৰৈ ৰৈ কেতেকী বিনাব….। (কমলানন্দ ভট্টাচার্য)

এই শিশু গীতসমূহ আমাৰ শৈশৱৰ ৰঙীন সোঁৱৰণী। আজিৰ এক নষ্টালজিয়া। সৰুতে ৰেডিঅ’ৰ ‘সুৰৰ সাতসৰী’, ‘কল্পতৰু’ আদি গীতৰ অনুষ্ঠানবোৰত শুনা এই গীতসমূহ আমাৰ হৃদয়ৰ সুৰ হৈ পৰিছিল আৰু সেই সুৰবোৰ আজিও আমি সংগোপনে নিজৰ হৃদয়ত ভৰাই ৰাখিছোঁ আৰু কর্মব্যস্ত জীৱনত সুৰুঙা পালেই সেই সুৰবোৰ গুণগুণাই আপোনপাহৰা হৈ পৰোঁ।

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.