৫ চ’ত, শুক্ৰবাৰ , ইং ২০ মাৰ্চ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): কৰ্মস্থানত মধ্যম। দূৰ ভ্ৰমণৰ যোগ। বিদ্যা-বুদ্ধিত শুভ। সন্তানক লৈ চিন্তা বাঢ়িব। শৰীৰত বিষ হ’ব পাৰে। শুভ ৰং মুগা। শুভ সংখ্যা ২।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): কৰ্মোন্নতিত আনৰ প্ৰভাৱ পৰিব পাৰে। বিখ্যাত লোকৰ সংগ পাব পাৰে। ভ্ৰমণ নকৰাই ভাল। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): পশ্চিম দিশত ভ্ৰমণত লাভৱান হ’ব। শত্রু নাশ হ’ব। গোপন তথ্যৰ সন্ধান পাব পাৰে। আৰ্থিক ব্যয়। শৰীৰ মাধ্যম। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।
৪.কৰ্কট ৰাশি(ড,হ): কর্মস্থানত উচ্চপদস্থ ব্যক্তিৰ লগত সাক্ষাৎ হ’ব পাৰে। খৰচ বৃদ্ধি, সু-সংবাদ পাব। কিছু পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লগা হ’ব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
৫.সিংহ ৰাশি (ম,ট): ধার্মিক দিশ প্ৰকাশ পাব। কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। আর্থিক চিন্তা বৃদ্ধি। বিষ্ণু ভগৱানক পূজা কৰিব। বগা শুভ ৰং। শুভ সংখ্যা ৯।
৬.কন্যা ৰাশি(ঠ,প,ন): কোনো যোগাযোগৰ পৰা লাভৱান হ’ব পাৰে। কৰ্মস্থানত মধ্যম। শিং থকা জীৱ-জন্তুৰ পৰা সাৱধান হওক। প্ৰেমত কষ্ট। মাখন ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৫।
৭.তুলা ৰাশি(ৰ,ত): লেখক-লেখিকাৰ সুনাম বৃদ্ধি। সততা ৰক্ষা পৰিব৷ শৰীৰ ভাল। কর্মব্যস্ততা বাঢ়িব। দাম্পত্য শুভ। নতুন সংস্থাপন পাব পাৰে। ব্যয় বৃদ্ধি। শুভ ৰং হালধীয়া। সংখ্যা ৪।
৮.বৃশ্চিক ৰাশি(ন,য): যান-বাহনত কষ্ট হ’ব পাৰে। কৰ্মত মধ্যম। নিজৰ শক্তিত বিশ্বাস ৰাখক। ব্যয় বৃদ্ধি। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): কর্মক্ষেত্ৰত সন্মান বৃদ্ধি। মনত দুশ্চিন্তা নানিব। খৰচৰ মাত্ৰা বৃদ্ধি। শৰীৰত পুৰণি বেমাৰে কষ্ট দিব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৮।
১০.মকৰ ৰাশি(খ,জ): কৰ্মত জটিল হ’ব। বন্ধুৰ পৰা সাৱধান হওক। দুষ্ট লোকৰ পৰা সাৱধান হওক। বিদ্যাত শুভ। সোণালী ৰং শুভ। শুভ সংখ্যা ৩।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): বাত বিষ হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত শুভ৷ আনৰ ওপৰত ভৰসা নকৰিব। সমস্যা সমাধান হ’ব। আকাশী নীলা শুভ ৰং। শুভ সংখ্যা ১।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): নতুন যোগাযোগত অনুকূল আশা। বিদ্যাত মধ্যম। আকস্মিক কোনো সুযোগ-সম্ভাৱনা আছে। মেৰুণ শুভ ৰং। শুভ সংখ্যা ৬।
Comments are closed, but trackbacks and pingbacks are open.