আমাৰ জীৱনৰ ৰঙীন খাদ্যবোৰ

27

সমীৰণ বৰুৱা
অভিহিত বিষয়া, খাদ্য সুৰক্ষা

খাদ্য মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ। খাদ্যৰ জুতিৰ লগত ইয়াৰ ৰূপ আৰু ৰঙো মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত হৈ আহিছে। প্ৰতিজন মানুহেই যিকোনো এটা খাদ্য সামগ্রী ক্রয় বা খোৱাৰ সিদ্ধান্ত লোৱাৰ আগতে দৃশ্যমান জ্ঞানৰ দ্বাৰা পৰীক্ষা কৰাতো এক প্ৰবৃত্তিত পৰিণত হৈছে। কোনো এটা খাদ্য সামগ্ৰীৰ ৰং খাদ্য সামগ্ৰীৰ সংবেদনশীল দিশত অৰিহণা যোগোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। খাদ্যৰ ৰঙে মানুহক খাদ্যৰ জুতি লোৱাৰ আগতেই মানসিকভাৱে সোৱাদ উৎপন্ন হোৱাৰ সংকেত সৃষ্টিত প্ৰেৰণা যোগায়।

খাদ্যক অধিক মনোমোহা আৰু ৰুচিকৰ কৰিবৰ বাবে প্রাচীন কালৰে পৰা মানুহে খাদ্যত ৰঙৰ ব্যৱহাৰ কৰি আহিছে। খাদ্যত ৰঙৰ ব্যৱহাৰৰ ইতিহাস প্রায় ৪০০০ বছৰীয়া পুৰণি। সেই সময়ত মিছৰ, চীন, জাপান আনকি ভাৰতবৰ্ষতো খাদ্যত ৰঙৰ ব্যৱহাৰ কৰিছিল বুলি জনা যায়। সেই সময়ত এই ৰংসমূহৰ উৎস হিচাপে কৃষিজাত সামগ্ৰী আৰু অন্যান্য পদাৰ্থৰ ব্যৱহাৰ কৰিছিল। প্রাচীন ইজিপ্তত কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ৰং প্রসাধন আৰু চুলিত ব্যহাৰ কৰা বুলি জনা যায়। আমাৰ আজিৰ দিনত বহুলভাৱে চুলিত ব্যৱহাৰ কৰা জেতুকা যীশুখ্ৰীষ্টৰ জন্মৰ ২৫০০ বছৰৰ আগৰ পৰাই ব্যৱহাৰ কৰি অহা হৈছিল। খ্ৰীঃপূৰ্ব ১৫০০ চনমানৰ পৰাই ইজিপ্তত প্রাকৃতিক ৰং, যেনে— হালধি, কেশৰ আৰু প্ৰেপিকা (এবিধ গুড়ি মচলা, যাৰ ৰং গাঢ় ৰঙা আৰু কিছু কেচেমা-কেচেম গোন্ধৰ, যিটো ফল শুকাই খুন্দি গুড়ি কৰা হয়) খাদ্যৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হৈছিল বুলি জনা যায়। খাদ্যৰ ৰংসমূহ প্রাচীন গ্ৰীকসকলে চিত্ৰৰ অংকনতো ব্যৱহাৰ কৰিছিল। যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ ১৫০০ চনত অংকন কৰা ‘কেশৰৰ মহিলা সংগ্ৰহক’ (Fe- mal gatherers of sufforon) চিত্ৰখনত খাদ্যৰ ৰঙৰ ব্য ৱহাৰ কৰা বুলি জনা যায়। হোমাৰৰ মহাকাব্য ইলিয়াডত চেফৰণ অথবা কেশৰক ৰং কৰা সামগ্ৰী হিচাপে উল্লেখ কৰা বুলি জনা যায়। বর্তমান যুগতো খাদ্যৰ ৰঙে মানুহক আকৰ্ষণ কৰি আহিছে।

প্রাচীন যুগত খাদ্যৰ ৰং সম্পূৰ্ণৰূপে প্রাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰা হৈছিল। সেই সময়ত খাদ্যত দিয়া ৰঙৰ মূল উৎসৱ আছিল হালধি, কেশৰ, বিট, পালেংশাক, গাজৰ, নীলাফুল ইত্যাদি। ভাৰতীয় সভ্যতা-সংস্কৃতিৰ অন্যম এটি অংগ হৈছে আয়ুর্বেদ। এই আয়ুৰ্বেদত বহু প্রাকৃতিক ৰঙৰ ঔষধি গুণৰ কথা বৰ্ণনা কৰা আছে। বিশেষকৈ হালধীয়া ৰং স্বাস্থ্যৰ বাবে বিশেষ উপকাৰী বুলি বিশ্বাস কৰা হৈছিল। খাদ্য বিজ্ঞানীসকলেও সোৱাদ আৰু খাদ্যৰ গঠনৰ লগত ৰঙক এক প্রধান গুণগত কাৰক হিচাপে গণ্য কৰে। যদি খাদ্যৰ ৰং সঠিক নহয় তেন্তে খাদ্যৰ সোৱাদ আৰু খাদ্যৰ গঠন প্ৰায় গুৰুত্বহীন হৈ পৰে। মানুহৰ ধাৰণাত ই গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰে। ধৰা হ’ল আপুনি গাখীৰৰ পৰা পায়স তৈয়াৰ কৰিছে আৰু তাত অকণমান হালধীয়া ৰং দিলে। সোৱাদ নোলোৱাকেয়ে মানুহৰ ধাৰণা হ’ব সেয়া হয়তো কল অথবা অন্য ফলৰ পৰা প্ৰস্তুত কৰা এবিধ খাদ্য। সেয়াই খাদ্যৰ ওপৰত আমাৰ দৃষ্টি সংলগ্ন ধাৰণা।

মধ্যযুগীয়া সময়লৈকে ৰান্ধনীসকলে প্রাকৃতিকভাৱে উপলব্ধ ৰঙহে খাদ্যত ব্যৱহাৰ কৰিছিল। এই ৰংসমূহ সহজ উপলব্ধি নাছিল আৰু সেয়েহে এইসমূহ উচ্চ শ্ৰেণীৰ মানুহৰ বাবে সংৰক্ষিত আছিল। ইউৰোপৰ পুনৰুস্থান যুগৰ সময়ত এই ৰঙীন খাদ্যসমূহ পুষ্টিকৰ আৰু ঔষধি গুণযুক্ত বুলি এক ধাৰণা প্ৰবাহিত হৈ আছিল। সেই সময়ত এইসকল লোকৰ এনে ধাৰণা আছিল যে গাঢ় ৰঙা ৰঙৰ খাদ্যই শৰীৰত তেজৰ মাত্ৰা বৃদ্ধি কৰে আৰু সোণালী ৰঙৰ খাদ্যই ঐশ্বৰিক সূৰ্য শক্তিৰে মানুহৰ শৰীৰত ৰোগ নিৰাময়ত সহায়ক হয়। দুর্ভাগ্যবশতঃ বিভিন্ন দুষ্পাপ্য উদ্ভিদৰ পৰা নিষ্কাশিত ৰংসমূহ বৰ্তমানৰ মানদণ্ড অনুসাৰে যথেষ্ট উজ্জ্বল বা একে ধৰণৰ নাছিল। আমাৰ পূৰ্বপুৰুষসকলৰ খাদ্যত ৰঙৰ অভাৱ আছিল, কিয়নো সেই সময়ত জনা খাদ্যৰ ৰংসমূহৰ অধিকাংশই সাধাৰণলোকৰ অজ্ঞাত আছিল বা ইয়াৰ সহজলভ্যতা আৰু প্ৰভাৱ এইসকলৰ বাবে অতিশয় কম আছিল।

শতিকাধৰি খাদ্যত ৰঙৰ ব্যৱহাৰক লৈ সমস্যাৰ সৃষ্টি হৈ আহিছে। খাদ্যত ৰঙৰ ব্য ৱহাৰ কৰাক লৈ প্ৰথম আইন প্রণয়ন হোৱা তথ্য ফ্ৰান্সত পোৱা যায়। ১৩৯৬ চনত প্ৰথমবাৰৰ বাবে ফ্ৰান্সত মাখনত ৰং কৰা বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছিল। পৰৱৰ্তী সময়ত ফ্ৰান্সতে ১৫৭৪ চনত পেষ্টিত ৰঙৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল। ইয়াৰ মূলতেত আছিল পেষ্ট্রিত কণীৰ উপলব্ধতা নিশ্চিত কৰা। শাস্তিৰ ভাবুকি থকা সত্ত্বেও এই আইনসমূহ তেতিয়াৰ দিনতো ব্য ৱসায়ীসকলে আওকাণ কৰি চলিছিল।

শিল্পযুগৰ আৰম্ভণিৰ লগে লগে মিঠাইসমূহত বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ পৰা প্রস্তুত কৰা ৰঙৰ ব্যৱহাৰ কৰিবলৈ লয়। ফলত মানুহৰ চকুত এই ৰংসমূহ অধিক আকর্ষণীয় হৈ ধৰা দিবলৈ ল’লে। ১৯ শতিকাৰ মাজভাগলৈ প্রাণী, শস্য অথবা খনিজাত পদাৰ্থৰ পৰা তৈয়াৰী কৰা ৰং প্রসাধন সামগ্ৰী, কাপোৰ, দৰব আৰু খাদ্য ইত্যাদিত ব্যৱহাৰ কৰি অহা হৈছিল। কিন্তু এইসমূহ বিষাক্ত হয়নে নহয় এই সম্পর্কে কোনো ধাৰণা নাছিল।

১৮২০ চনত ইংৰাজ ৰসায়নবিদ ফ্রেডিক একুৱামে প্রথম ক্রমবর্ধমান এই সমস্যাটোৰ বিষয়ে তেওঁৰ প্ৰণিত গ্রন্থ ‘এ ট্রিটিজ অন এডালটেৰেছনছ অৱ ফুড এণ্ড কুলিনেৰী পয়জনছ’ৰ জৰিয়তে জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিচিল। সেই কিতাপখনত সমসাময়িক খাদ্যৰ অসংখ্য উদাহৰণ উল্লেখ কৰা হৈছিল। যিয়ে বিষাক্ত ৰং অথবা অন্যান্য ৰং ব্যৱহাৰ কৰিছিল। যাৰ জৰিয়তে সেই সময়ত সামগ্ৰীসমূহৰ প্ৰকৃত পৰিচয় ঢাকি ৰখাৰ প্ৰচেষ্টা কৰা হৈছিল। তেওঁৰ গ্ৰন্থখনৰ পৰা এটা কথা স্পষ্ট হৈছিল যে সেই সময়ত ভাৰমিলিয়ন (মাৰকিউৰিক চালফাইড), ৰঙাসীহ, বগাসীহ, হালধীয়া লেড ক্ৰমেট, ভাৰডিগ্ৰিছ নামৰ এক যৌগিক পদার্থ, ব্লুডিটৰল, আৰু ক’পাৰ আৰচেনাইটৰ পৰা প্ৰস্তুত কৰা শিহেলৰ সেউজীয়া ইত্যাদি ৰং ব্যৱহাৰ কৰা হৈছিল খাদ্যত।

১৮৫৬ চনত ছাৰ উইলিয়াম হেনৰি পাৰকিনে মেলেৰিয়া প্ৰতিৰোধৰ এক দৰবৰ উদ্‌ঘাটনৰ প্ৰচেষ্টা চলাওঁতে দুর্ঘটনাবশতঃ হঠাৎ মাওভাইন (Mauvine) নামৰ এক ৰঙৰ আৱিষ্কাৰ কৰে আৰু সম্ভৱত সেই ৰঙেই প্রথম কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ৰং। ইয়াৰ পৰৱৰ্তী সময়ত ৰঙৰ শিল্প উদ্যোগে জন্ম লাভ কৰিলে, লগে লগে আৱিষ্কাৰ হ’ল বিভিন্ন ৰঙৰ। ক্রমান্বয়ে অবৈজ্ঞানিক আৰু মানৱ শৰীৰৰ অনুপযোগী ৰঙে খাদ্য সংশোধন উদ্যোগত ক্ৰমে প্ৰভাৱ বিস্তাৰ কৰিবলৈ লয়। ফলশ্রুতিত ১৮৫১ চনত কৃত্ৰিম ৰং ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ‘লজেন্স’ খাই ব্ৰিটেইনত প্রায় ২০০ মানুহৰ খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈছিল আৰু তাৰে ১৭জন মানুহ মৃত্যুমুখত পৰা বুলি জনা যায়। কুৰি শতিকাৰ আৰম্ভণিৰ লগে লগে খাদ্যত কৃত্ৰিম ৰঙৰ ব্য ৱহাৰে বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হ’ল। লগে লগে আৰম্ভ হ’ল এই ৰংসমূহ মানুহৰ শৰীৰৰ বাবে উপযোগী হয়নে নহয় তাৰ চিন্তা- চর্চা। ফলশ্রুতিতে ১৯০৬ চনত পাশ্চাত্যৰ দেশসমূহত আইন প্ৰৱৰ্তন কৰি বৈজ্ঞানিক তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰায় ৮০বিধ ৰঙৰ খাদ্যত প্রচলন বন্ধ কৰি দিলে আৰু মাত্ৰ ৭বিধ ৰঙহে মানুহৰ খাদ্যত উপাযোগী বুলি বিবেচনা কৰিলে। ক্রমান্বয়ে পৰৱৰ্তী সময়ত এই ৰংসমূহৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা হ’বলৈ ল’লে আৰু ৰংসমূহৰ ব্যৱহাৰৰ ওপৰত অধিক সতর্কতা অৱলম্বন কৰিবলৈ ল’লে। ৰঙৰ অবিহনে খাদ্যৰ কথা মানৱ সমাজত প্ৰভাৱহীন। খাদ্যৰ ৰং অকল মানুহৰে নহয় অন্যান্য প্রাণীজগতৰ আকৰ্ষণৰ কাৰণ হৈ আহিছে। আমাৰ খাদ্য প্ৰস্তুত কৰাৰ সময়ত, খাদ্যসমূহে প্ৰকৃত ৰং হেৰুৱাই পেলাই আৰু খাদ্যসমূহক আকর্ষণীয় কৰিবৰ বাবেই হওক বা পৰিৱেশনৰ স্বাৰ্থতে কৃত্ৰিমভাৱে ৰঙৰ প্রলেপ সনা হয়। ৰঙৰ অন্যতম এটি বৈশিষ্ট্য হৈছে, ই মানুহক খাদ্য নিৰ্বাচনত সহায় কৰে।

বহু সময়ত খাদ্যৰ স্বাদ, ইয়াৰ পৌষ্টিক গুণাগুণ আৰু পোহৰৰ পৰা হ’ব পৰা ক্ষয়ৰ বাবেও খাদ্যৰ ওপৰত ৰঙৰ প্ৰলেপ সনা হয়। প্রথমবিধ প্রলেপ কৃত্রিম প্রলেপ, যিসমূহ ৰাসায়নিকভাৱে প্ৰস্তুত কৰা হয় আৰু অন্যবিধ ৰং প্রাকৃতিকভাৱে মানুহৰ খোৱা বস্তু অথবা অন্যান্য বস্তুৰ পৰা উৎপাদন কৰা হয়।

খাদ্যৰ সোৱাদ, গোন্ধ, ৰং আদিৰ বাবে ভাৰতবৰ্ষক খাদ্যৰ বৈচিত্ৰ্যৰ কেন্দ্ৰ হিচাপে পথিৱীৰ ভিতৰতে গণ্য কৰা হয়। ভাৰতীয় খাদ্য উদ্যোগে বিভিন্ন খাদ্যশৈলীৰ বিপনন কৰি প্ৰচুৰ লাভান্বিত হৈছে। উজ্জ্বল আকর্ষণীয় ৰংসমূহ ভাৰতীয় খাদ্যৰ স্বকীয়তা, য’ত কৃত্রিম খাদ্যৰ ৰঙৰ উদ্যোগৰ প্ৰসাৰত সহায়ক হৈছে। অন্যহাতে স্বাস্থ্য সজাগ গ্রাহকে প্রাকৃতিক ৰঙেৰে প্ৰস্তুত কৰা খাদ্যৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। অন্যতম এক বিষয় হৈছে কৃত্ৰিমভাৱে যি ৰসায়নিক খাদ্যৰ ৰং প্ৰস্তুত কৰা হয়, ই স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। এই প্রসংগতে এটা কথা উল্লেখ কৰিব পৰা যায়, ভাৰতীয়সকলৰ চহকী ৰন্ধনশৈলীৰ ঐতিহ্য প্রাদেশিক খাদ্যসমূহত দেখা যায় য’ত বনৌষধি আৰু ভিন্ন স্বাদৰ বাবে মচলাৰ ব্যৱহাৰ কৰা হয়। ভাৰতীয় কৃত্ৰিম ৰঙৰ বজাৰখন ক্ৰমান্বয়ে, ইউ. এছ., চীন, ব্রাজিল, ইণ্ডোনেছিয়া, মেক্সিকো আৰু ইটালীলৈ সম্প্ৰসাৰিত হৈছে। অহা দুই- তিনি বছৰৰ ভিতৰত এই উদ্যোগৰ প্ৰায় ৫.৩% বৃদ্ধিৰ আশা কৰা যায়। অন্যহাতে প্রাকৃতিকভাৱে উৎপাদিত ভাৰতীয় খাদ্যৰ ৰং উদ্যোগেও যথেষ্ট প্ৰসাৰতা লাভ কৰিছে। আশা কৰা যায় অহা দুই-তিনি বছৰত এই প্ৰসাৰতা ৩-৪% বৃদ্ধি হ’ব। প্রাকৃতিকভাৱে উৎপাদিত ৰঙৰ এটি বৈশিষ্ট্য হৈছে ই খাদ্যক অকল ৰঙৰ উজ্জ্বলতাই নিদিয়ে লগতে পৌষ্টিক আৰু স্বাস্থ্য উৎকৰ্ষ সাধন কৰে। এইসমূহ কম প্ৰদূষণকাৰী, বিষক্ত নহয় লগতে এইসমূহৰ পৰা কৰ্কট ৰোগৰ সম্ভাৱনা নাই । এইসমূহৰ বেছিভাগ পানীত দ্রবীভূত হয়, যাৰ ফলত এইসমূহ পনীয়া খাদ্য দ্রব্যত সহজতে মিলাব পৰা যায়। এই গুণসমূহৰ বাবে এই ৰং বোৰে খাদ্যক আকৰ্ষণীয় কৰাৰ লগতে পুনৰ ব্যৱহাৰৰ বাবে যোগ্য হয়। জৈৱ ৰঙৰ অন্য তম এটি গুণ হৈছে এইবোৰ এণ্টিঅক্সিডেন্ট অধিকাৰী হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ সক্ষমতা আছে।

প্রাকৃতিকভাৱে প্ৰস্তুত কৰা ৰঙৰ কিছুমান ব্যাৱহাৰিক সীমাবদ্ধতা আছে। এই সমূহৰ নিজস্ব গোন্ধ আৰু সোৱাদ থাকে, যি প্রস্তুত কৰা খাদ্যত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে। কিছু কিছু উষ্ণতাত এইসমূহৰ ৰঙৰ নিজস্বতা নাথাকিব পাৰে লগতে বহুতৰ ক্ষেত্ৰত এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে। প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ কিছু ব্যয়বহুল। এনেবোৰ সমস্যা প্রাকৃতিকভাৱে উৎপাদন কৰা ৰঙৰ ক্ষেত্ৰত আছে।

এইখিনিতে আমাৰ ভাৰতীয় খাদ্য সুৰক্ষা মানক আইন ২০০৬ অনুসৰি কেনেধৰণৰ ৰং আমাৰ খাদ্যসমূহত ব্যৱহাৰ কৰিব পৰা যায়, তাৰ কিছু উল্লেখ কৰা হ’ল। ভাৰতীয় খাদ্য সুৰক্ষা মানক আইন ২০০৬ৰ মতে প্রাকৃতিকভাৱে প্রস্তুত কৰা কেৰ’টিন আৰু ক্ৰেটিনয়ড, বিটা কেটিন, কেনথাক্সিন্থিন, ক্লৰফিল যাৰ উৎস উদ্ভিদ, কোমেল, যিটো খাদ্যৰ কাৰ্বহাইড্ৰেটৰ পৰা প্ৰস্তুত কৰা হয়, কেশৰ, কাৰকুমাইন যিটো হালধিৰ পৰা নিষ্কাশন কৰা হয়। কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ৰংসমূহৰ ভিতৰত, টাটাজিন যাৰ পৰা উজ্জ্বল হালধীয়া ৰঙৰ দৰে হয়, চানচেট ইয়েল্ল, যাৰ পৰা ৰঙচুৱা কমলা ৰং, ক্রিমচাইন মিঠ ৰঙা ৰং, পনকিউ 4-আৰ, য’ৰ পৰা উজ্জ্বল ৰঙা ৰঙৰ পৰা কমলা ৰঙলৈ, ইৰিথ্ৰচিন এক গোলাপী ৰং, ইণ্ডিগো কামাইন য’ৰ পৰা গভীৰ নীলা ৰং, ব্রিলিয়েন্ট ব্ল এফ চি এফ, যাৰ পৰা আকাশী নীলা ৰং পোৱা যায়। এই ক্ষেত্ৰত এই আইনে কোনো এটা খাদ্যত কিমান পৰিমাণৰ কৃত্ৰিম ৰং থাকিব লাগে সেই সম্পর্কে এক নির্দেশনা দি থৈছে। এই অনুসৰি প্ৰতিটো কৃত্ৰিম ৰঙৰ পৰিমাণৰ সৰ্বোচ্চ সীমা ১০০ মিলিগ্রাম/প্রতি কিলোগ্ৰামত (১০০ পি পি এম)। অন্যহাতে কোনোধৰণৰ নিম্নমানৰ বস্তুৰ ক্ষেত্ৰত তাৰ প্ৰকৃত তথ্য লুকুৱাবৰ বাবে এই ৰং ব্যৱহাৰ কৰিব নোৱাৰিব। এই ৰংসমূহ সম্পূর্ণ বিশুদ্ধ হ’ব লাগিব আৰু ইয়াত আৰ্চেনিক বা সীহৰ দৰে গধুৰ ধাতু থাকিব নোৱাৰিব। প্রতিজন খাদ্য প্রস্তুত কৰোঁতাই এই ৰংসমূহ ক’ৰ পৰা ক্ৰয় কৰিছে এই সম্পর্কে সকলো নথিপত্র লগত ৰাখিব লাগিব। এটা কথা এইসকল খাদ্য ৰং ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ খাদ্যৰ পেকেটৰ ওপৰত এই ৰংসমূহৰ বিষয়ে উল্লেখ কৰিব লাগিব। নিৰ্দিষ্ট পৰিমাণতকৈ কোনেও অধিক ৰং ব্যৱহাৰ কৰিব নোৱাৰিব।

কৃত্ৰিমভাৱে প্ৰস্তুত কৰা খাদ্য ৰঙৰ কিছুমান স্বাস্থ্যজনিত সমস্যাৰ কথা বর্তমান সময়ত ধৰা পৰিছে। সেইসমূহ গ্ৰহণ কৰিলে মানুহৰ মনোযোগৰ অভাৱ, হাইপাৰ অক্টিভিটি ডিছঅৰ্ডাৰ (ADHD), আচৰণৰ সমস্যা, উদাসীনতা, খাদ্য এলাৰ্জী, মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা হোৱা আশংকা থাকে। ইয়াৰ উপৰি কোনো কোনো কৃত্ৰিম ৰঙৰ বহুল ব্যৱহাৰে কৰ্কট ৰোগৰো কাৰক হ’ব পাৰে । উন্নত দেশসমূহত নিষিদ্ধ বহুতো কৃত্রিম খাদ্য ৰং ভাৰতবৰ্ষত আজিও লুকাই-চুৰকৈ ব্য ৱহাৰ হৈ থকাৰ কথা সময়ে সময়ে প্রকাশ হৈ থাকে। যিটো আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। উদাহৰণস্বৰূপে মেটানিল ইয়েল’ নামৰ এটি ৰং ভাৰতবৰ্ষৰ খাদ্যত ব্যৱহাৰৰ অনুমতি নাই। ই কৰ্কট ৰোগৰ কাৰক হিচাপে এক সমীক্ষাত প্রকাশ। কিন্তু অসংগঠিত খাদ্য খণ্ডত, বুন্দিয়া লাড়ু, বেচন অন্যান্য গাখীৰৰ পৰা প্রস্তুত কৰা খাদ্য ইত্যাদিত এতিয়াও ইয়াৰ ব্য ৱহাৰ দেখা যায়। ইয়াৰ মূলতে তেওঁলোকৰ অজ্ঞতা। অন্যহাতে বহু সময়ত অনুমোদিত ৰঙৰ পৰিমাণতকৈ অধিৰ ৰং ব্যৱহাৰ কৰা দেখা যায় ।

খাদ্যত ৰঙৰ বিষয়ে আলোচনা কৰাতো এক বিশাল বিষয়। কেইটামান উল্লেখযোগ্য আমি সততে ব্যৱহাৰ কৰা প্ৰাকৃতিক খাদ্য ৰঙৰ আমাৰ স্বাস্থ্যৰ লগত উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল।

বিটৰ পৰা নিষ্কাশিত ৰং আমাৰ শৰীৰৰ বাবে অতিশয় উপকাৰী। বিটত অজৈৱিক নাইট্রেট থাকে। যিটো আমাৰ শৰীৰৰ বাবে অতিশয় প্রয়োজনীয়। ইয়াত থকা নাইট্রিক অক্সাইডৰ অনুৱে আমাৰ হৃদৰোগীৰ বাবে প্রয়োজনীয় অধিক অক্সিজেন প্রবাহিত হোৱাত সহায় কৰে। এই বিটত থকা ৰঙৰ মূলতে বিটালিন নামৰ অনু যাৰ পুষ্টিকৰ গুণসমূহ হৈছে, ই শৰীৰক বিষাক্ত পদাৰ্থৰ পৰা মুক্ত কৰে, লগতে শৰীৰক চৰ্বি মুক্ত কৰা, কলেষ্টৰেল কমোৱা, ছালৰ ৰোগ ৰোধ কৰাৰ দৰে কাম কৰে । এক অধ্যয়নত প্রকাশ ইয়াত এণ্টিঅক্সিডেন্ট থাকে আৰু ই এন্টিভাইৰেল হিচাপেও কাম কৰে।

বিটাক্ৰেটিন অন্যতম এটি প্রাকৃতিক খাদ্য ৰং। ইয়াৰ মূল উৎস গাজৰ। কমলা আৰু হালধীয়া ৰঙৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। এই ৰঙৰ মূল অনুটোক ক্ৰেটিনয়ড নামে জনা যায়। ইয়াত ভিটামিন এ পোৱা যায়, ই ইউ ভি ৰশ্মি আৰু সূৰ্যৰ পোহাৰৰ পৰা ছালত পোৰাৰ পৰা ৰক্ষা কৰে, এন্টিঅক্সিডেন্ট সমৃদ্ধ, ছালৰ বয়স বৃদ্ধি ৰোধ কৰাৰ উপৰি, স্তনৰ কৰ্কট ৰোগ আৰু হাঁওফাওৰ ৰোগৰ প্ৰতিৰোধ বুলি এক অধ্যয়নত প্রকাশ। গাজৰৰ উপৰি অন্যান্য ফল আৰু পাচলিত উপলব্ধ ।

লুয়েটিন হ’ল প্রাকৃতিক খাদ্য ৰঙৰ অন্য এটি উৎস, এই লুয়েটিন পাতল হালধীয়াৰ পৰা তীব্ৰ হালধীয়া ৰঙৰ বাবে ব্যৱহাৰ কৰা হয়। নাজীফুলৰ পৰা এই লুয়েটিন পোৱা যায়। এই লুয়েটিনৰ অন্যতম বৈশিষ্ট্য ই চকুৰ ৰেটিনাত জমা হোৱা এন্টিঅক্সিডেণ্ট প্ৰতিৰোধ কৰে। অন্যহাতে নাজীফুলৰ এণ্টিঅক্সিডেণ্টে কৰ্কট ৰোগৰ প্ৰতিৰোধত সহায়ক হয়, ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে পোৰা ঘা নিৰাময় কৰাত সহায়ক হয়।

আঙুৰৰ পৰা উলিওৱা ৰং, ইয়াত এন্থোচায়নিন আৰু ফ্লেভোনল নামধা এবিধ ৰাসায়নিক দ্রব্য থাকে। ফলত নীলা, বেঙুনীয়া ৰঙৰ উৎপন্ন হয়। ইবোৰৰ বহুতো জৈৱিক কার্যকলাপ আছে। ইয়াত থকা এন্টিঅক্সিডেন্ট হৃদৰোগীৰ বাবে অত্যন্ত উপকাৰী। এইসমূহ কৰ্কটৰোগ প্ৰতিৰোধকাৰী হোৱাৰ উপৰি বয়সৰ চাপ ৰোধত সহায়কাৰী। অন্যহাতে এইসমূহ এণ্টিমাইক্র’বিয়েন বুলিও এক অধ্যয়নত প্রকাশিত।

পেপ্রিকা অলিওৰেচিন নামৰ এবিধ পদার্থ পোৱা যায় ৰঙা জালুকত। ৰঙা জালুক বুলিলে বহুক্ষেত্ৰত আমাৰ ৰঙীন কেপচিকামকে বুজুৱা হয়। এই পেপ্রিকা অলিওৰেচিনৰ উজ্জ্বল কমলা পৰা ৰঙা কমলা ৰঙৰ বাবে খাদ্যত ব্যৱহাৰ কৰা হয়। এই ৰঙৰ উল্লেখযোগ্য স্বাস্থ্যসন্মত গুণসমূহৰ ভিতৰত, ই প্ৰদাহ প্ৰতিৰোধী আৰু এন্টিঅক্সিডেন্ট গুণাগুণসম্পন্ন। অমেগা-৩ ফেটি এচিডৰ উৎস, ই পেটৰ কিছুমান ৰোগৰ বাবে উৎকৃষ্ট ঔষধ। ভিটামিন ‘চি’-ৰ অন্যতম উৎস।

আমাৰ খাদ্যত ব্যৱহৃত আমাৰ সকলো ভাৰতীয়ৰ আটাইতকৈ প্ৰিয় হালধিৰ বিষয়ে উল্লেখ নকৰিলে কোনো খাদ্যই সম্পন্ন নহয় । এই হালধিত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাসায়নিক দ্রব্যবিধ কাউমাইন হিচাপে জনা যায়। এই হালধিৰ পৌষ্টিক গুণাগুণসমূহ বিষয়ে উল্লেখ নকৰিলে খাদ্যৰ ৰঙৰ অসমাপ্ত হৈ ৰ’ব। এই হালধিয়ে শালমইনা নিৰাময় কৰে, বিষ আৰু ঘা নিৰাময় কৰে, কৰ্কট ৰোগ প্ৰতিৰোধকাৰী কোষৰ বৃদ্ধি কাৰক, মধুমেহ ৰোগৰ প্ৰতিৰোধ কৰাৰ লগতে ৰক্তচাপ প্ৰতিৰোধত সহায়ক হয় । লগতে আপোনাৰ মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে অন্যান্য বহুতো গুণৰ অধিকাৰী এই হালধি।

খাদ্যত ৰঙৰ ই খাদ্যৰ মূল বৈশিষ্ট্য। ইয়েই গ্ৰাহকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বহুক্ষেত্ৰত কৃত্ৰিম ৰং আমাৰ স্বাস্থ্যৰ বিভিন্ন ৰোগৰ বাহক হিচাপে পৰিগণিত হৈছে। প্ৰাকৃতিকভাৱে উৎপাদিত ৰঙৰ হয়তো বহুতো স্বাস্থ্যৰ উপকাৰী গুণ আছে। কিন্তু সৰ্বসাধাৰণ জনতাৰ বাবে ই সহজলভ্য নহয় লগতে এই বিষয়ত অজ্ঞ আৰু ই ব্যয়বহুলো। গতিকে আমাৰ কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ৰঙৰ খাদ্যসমূহৰ পৰা নিলগত থকাই আমাৰ স্বাস্থ্যৰ বাবে উপাদেয়। এই সকলোবোৰৰ পৰা আমি মুক্তি পাবৰ বাবে আমাৰ কাঁহীখন সতেজ ৰঙীন খাদ্য সামগ্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্যই আমাক দীর্ঘায়ু প্ৰদান কৰিব। সেয়া লাগিলে ৰন্ধাই হওক বা কেঁচাই হওক।

ফোন : ৯৪৩৫০-৩৫৬৬২

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.