কেলৰি হিচাপ কৰি খোৱাৰ পিছতো ওজন নকমে কিয়?

23

ৰিতুমণি সাহা
খাদ্য বিশেষজ্ঞ
লোকেল ফুড ৱিছডম ডায়েট ক্লিনিক, বঙাইগাঁও

প্ৰায়ে সকলো ধৰণৰ জীৱনশৈলী জড়িত ৰোগসমূহ সেয়া মধুমেহ ৰোগ, উচ্চ ৰক্তচাপ, মহিলাৰ মাহেকীয়াজনিত ৰোগ যেনে- PCOD, ফাইব্রইড, চিষ্ট নাইবা বাত বিষ, উচ্চ কলেষ্টেৰলৰ মাত্ৰা, লিভাৰত চৰ্বি জমা হোৱা ৰোগ ইত্যাদি বেমাৰবোৰ ঠিক কৰাৰ প্ৰথম সমাধান হিচাপে ‘ওজন হ্রাস’ কৰিব দিয়া হয়। ওজন কমাবলৈ ‘ক্যালোৰি’ হিচাপ কৰি খোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি আমাক চিকিৎসক, ডায়েটিচিয়ান আৰু বিভিন্ন ধৰণৰ স্বাস্থ্য বিশেষজ্ঞই সকলো সময়তে কৈ আহিছে।

ওজন কমাবলৈ কম ক্যালোৰি, কম কাৰ্বহাইড্রেট, কম চর্বি থকা খাদ্য বোৰ বাঞ্ছনীয় বুলি আমি সকলোৱে বিশ্বাস কৰোঁ। ‘কম ক্যালোৰি ডায়েট’, ‘কিটো ডায়েট’ (Keto Diet), ‘কম কার্বহাইড্রেট ডায়েট’, বিৰতিপূৰ্ণ উপবাস (Intermittent Fasting), এইসমূহ ডায়েট ওজন কমোৱাত অতিকৈ জনপ্ৰিয় ডায়েট, ইয়াৰ বিষয়ে নজনা মানুহ খুব কম, বিশেষকৈ যিসকল লোক ওজন কমোৱাৰ প্ৰচেষ্টাত আছে। এই ধৰণৰ ডায়েটৰ পৰা লাভান্বিত হোৱা মানুহ বহুত আছে যদিও তাৰে মাজত এক শতাংশ মানুহ এনে আছে যিসকলে এইবোৰ ডায়েট মানি ওজন কমোৱাৰ পিছতো নিজকে সম্পূর্ণভাৱে স্বাস্থ্যৱান অনুভৱ নকৰে।

গেছ, এচিডিটি এনেবোৰ সমস্যাৰ পৰা আৰাম নাপায় আৰু কেতিয়াবা ওজন আৰু বাঢ়ি থাকে এই ডায়েট মনাৰ পিছত ৷ আকৌ কিছু শতাংশ লোকে বেছিকৈ দুৰ্বলহে অনুভৱ কৰে, আৰু আচৰিতভাৱে কিছু শতাংশ এই ধৰণৰ কম ক্যালোৰি বস্তু খায়ো বা একেবাৰে কম খায়ো, তেওঁলোকৰ মতে বতাহ আৰু পানী খায়ো ওজন কমাব নোৱাৰে বৰঞ্চ বাঢ়িহে থাকে । ইয়াৰ পৰা এইখিনি ধাৰণা কৰিব পাৰি যে এইসমূহ ডায়েট সকলোৰ কাৰণে লাভদায়ক হ’ব বুলি কলে এয়া ভুল হ’ব। কাৰণ এনে ধৰণৰ ডায়েট ওজন কমোৱাৰ একমাত্র সমাধান নহয়। বিশেষকৈ মহিলাসকলৰ কাৰণে বা যিসকল লোকে পাচনতন্ত্ৰৰ সৈতে জড়িত ৰোগ, যেনে- গ্ৰহণী ৰোগ (IBS), গেছ, পেট ফুলা, কোষ্ঠকাঠিন্য আৰু হৰমনৰ ভাৰসাম্যহীনতাৰ নিচিনা সমস্যাত ভুগি আছে।

দীঘলীয়া সময়ৰ কাৰণে এনে ধৰণৰ ডায়েট মানি থাকিলে সমস্যাসমূহ আৰু জটিল হ’ব পাৰে। সেয়াই এইবোৰ ডায়েট মনাৰ আগত কিছুমান কথা জানি লোৱাটো অতিকৈ আৱশ্যক, কাৰণ ওজন বঢ়াৰ কাৰণসমূহ সকলোৰে কাৰণে একে নহয়, সেয়াই সমাধানো একে হ’ব নোৱাৰে। ওজন বঢ়াৰ কাৰণ বহু তাৰে ভিতৰত যেনে- হৰমনৰ ভাৰসাম্যহীনতা, দীৰ্ঘদিনীয়া প্রদাহ, পাচনতন্ত্ৰৰ সৈতে জড়িত ৰোগজনিত সমস্যা হ’ব পাৰে, ওজন বঢ়াৰ কাৰণ ডায়েটত গণ্ডগোলৰ লগে লগে আন বহুতো আছে। যেনে- দীর্ঘকালীন মানসিক চাপ, সংক্রমণজনিত ৰোগ, কম শাৰীৰিক শ্রম, গভীৰ টোপনিৰ অভাৱ ইত্যাদি আছে। আৰু এইবোৰ সমাধান অকল কম ক্যালোৰি ডায়েট হ’ব নোৱাৰে।

সমাধানবোৰ সমস্যাৰ আঁৰতে লুকাই আছে। খাদ্যৰ ওপৰত গুৰুত্ব দি ক’বলৈ গ’লে- পুষ্টিকৰ খাদ্যৰ অভাৱ এটা গুৰুত্বপূৰ্ণ কাৰণ। আমি ভাবিব পাৰোঁ, আমি নিতৌ ভাবোঁ পুষ্টিকৰ খাদ্যতো খায়ে থাকোঁ, যেনে- দৈ, মাছ, মাংস, কণী, পাচলি, চিয়া চিড, অটছ, ফলমূল, দালিয়া ইত্যাদি। কিন্তু আমি নাজানো সেয়া কিমান শতাংশ আমাৰ গাত লাগি আছে বা শৰীৰে শোষণ কৰিব পাৰিছে। সম্পূর্ণভাৱে শৰীৰে শোষণ কৰিব নোৱাৰা কাৰণসমূহ

  1. পাচনতন্ত্র কমজৰী হোৱা, লক্ষণসমূহ যেনে-গ্ৰহণী ৰোগ (IBS) থকা, গেছ বা বুকু জ্বলা, পেট ফুলা, কোষ্ঠকাঠিন্য, ভোক নলগা ইত্যাদি
  2. হৰমনৰ ভাৰসাম্যহীনতা যেনে- কৰ্টিচল হমন বাঢ়ি যোৱা,
  3. কি খাদ্যৰ লগত কি খাব লাগে, কি খাব নালাগে সেয়া নজনা, যেনে- চাহৰ লগত কণী খালে কণীৰ আইৰন শৰীৰে ল’ব নোৱাৰে।
  4. কি খাদ্য বস্তু কেনেকৈ খাব লাগে নজনা উদাহৰণস্বৰূপে- কিছমিছ, মিলেট, দাইল এইবোৰ বহুত পুষ্টিকৰ যদিও ইয়াক খোৱাৰ বা ৰন্ধাৰ আগত তিয়াই নথ’লে ইয়াত থকা ফাইটিক এচিডে পুষ্টিখিনি গাত লাগিব নিদিয়ে ।

এনে আৰু বহুতো কাৰণ আছে, সেয়েহে সকলোৱে ইউটিউব, ফেচবুকৰ ভিডিঅ’ত দিয়া উপায়বোৰ নিজৰ ওপৰত মানি থাকিলে ভালতকৈ ক্ষতি খোৱাৰ সম্ভাৱনা লুকাই থাকে। এইসমূহ কথাত আৰু সমস্যাত গুৰুত্ব নিদিলে, ওজন কমোৱাটো জটিল হ’ব পাৰে আৰু যদিও ওজন কমে অতি কম সময়ত ঘূৰি অহাৰ সম্ভাৱনা বেছি। তাতকৈ গুৰুত্বপূৰ্ণ, আৰু মন কৰিবলগীয়া কথা হ’ল— ওজন কমোৱাৰ লক্ষ্যৰ আঁৰত থাকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰা । আৰু সেয়ে পাহৰি থাকিলে আমি এই যাত্ৰাত হেৰাই যাম, সেয়েহে ভাবি-চিন্তি ওজন কমোৱাৰ ৰাস্তা বাছি ল’ব।

ফোনঃ ৭৮৩৬৯-০৪১৩৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.