মনোজ কুমাৰ ডেকা
সংগ্ৰহালয়লৈ গৈছেনে? সততাৰে কওক, বেয়া পাব নালাগে৷ গৈছেনে?… নালাগে বাৰু ক’ব৷ ভাবিলেই হ’ব বা মনে মনে কথাখিনি উপলব্ধি কৰিলেই হ’ল৷
নিশা সংগ্ৰহালয় বন্ধ থাকে৷ সংগ্ৰহালয়ৰ ওখ দেৱালৰ সিপাৰে আমাৰ অতীত শুই থাকে নিশা৷ দিনৰ ভাগত দুই এজনক লগ পায়৷ তেওঁলোক যেনে- গৱেষক, ছাত্ৰ-ছাত্ৰী, চেমনীয়া প্ৰেমিক-প্ৰেমিকা৷ গাঁৱৰ শিক্ষকজন আৰু ইউনিফৰ্ম পিন্ধা কণ কণ ল’ৰা-ছোৱালীকেইটা…৷ অতীতে নিজৰ কথা কয়৷ দুই এটা…
আমাৰ অতীতে দিনৰ ভাগতো বহু মানুহক লগ নাপায়৷ এগৰাকী বাৰবনিতাই এটি নিশাত যিমান মানুহক লগ পায় সেয়াও যেন বেছি হ’ব৷ আমাৰ সমাজত শিপা নিবিচৰা মানুহ এতিয়া বেছি৷
অথচ, সংগ্ৰহালয়ে আমাক কয় অতীতৰ বহু কথা৷ যুদ্ধৰ, শান্তিৰ, সংস্কৃতিৰ, পোছাকৰ, ৰীতি-নীতিৰ…৷ এইবোৰ আমি শুনিব লাগে৷ চাব লাগে৷ শুনাব লাগে৷ …চালে নাইবা অধ্যয়ন কৰিলে তথ্যৰ ভঁৰাল টনকিয়াল হয়৷ আত্মবিশ্বাস বাঢ়ে৷ ক’ব পাৰি৷
সংগ্ৰহালয় চাবলৈ যোৱা বহু মানুহে টিকটৰ পাঁচ টকাটো এনেয়ে যোৱা বুলি কয়৷ এয়া দুখৰ কথা৷ সেয়ে আজি মই আপোনাক লৈ যাম অতীতলৈ৷ উত্তৰ-পূৰ্বাঞ্চলৰ এটি জনগোষ্ঠীৰ দুখ লগা কাহিনীৰ মাজলৈ৷ আহক৷ আমি শুনো লিকাইৰ কাহিনী…
‘লিকাই ডাঙৰ হৈ আহিল৷ যৌৱনে তাইক এদিন আৱৰি পেলালে৷ তাই ফুলৰ দৰে ফুলি উঠিল৷ আৰু আন এদিন এজনে তাইক ভালপোৱাৰ বৰষুণেৰে ধুৱাই পেলালে৷ তাই, তাই হৈ নাথাকিল৷ তাই কাৰোবাৰ পত্নী হ’ল৷ …এদিন তাই পূৰ্ণিমাৰ জোন যেন হ’ল৷ লিকাই মা হ’ল৷ যিয়ে তাইক মা সাজিলে তেওঁৰ মৰমে তাইক আৱৰি ৰাখিলে৷ কিন্তু কিমান দিন৷ চিলেটৰ পৰা বেহা সামৰি উভতি আহোঁতে হোৱা দুৰ্ঘটনাত তেওঁ আঁতৰি গ’ল লিকাইক এৰি৷ দুখৰ শীত আৰু এন্ধাৰ আঁতৰাই একমাত্ৰ নিজৰ সন্তানৰ বাবে লিকাই বোজা কঢ়িওৱা কামত ধৰিলে৷ দিন আগবাঢ়িল…
সময়ে সকলো সলনি কৰে৷ অকলশৰীয়া লিকাই নিজৰ সন্তান, জীৱনৰ বাবেই দহজনৰ কথা শুনি আকৌ বিয়াত বহিল৷ জীৱনে আকৌ বাগৰ সলালে৷ দ্বিতীয়গৰাকী স্বামীয়ে প্ৰথম পক্ষৰ সন্তানক হিংসা কৰিছিল৷ সময় পালেই অত্যাচাৰ কৰিব খুজিছিল৷ কিন্তু লিকাই নিজৰ সন্তানক আৱৰি ৰাখিছিল… এখন অভেদ্য ঢালৰ দৰে৷
…আনদিনাৰ দৰেই সেইদিনাও কালিকাই কামলৈ গ’ল৷ থৈ গ’ল সন্তানক৷ ভৰ দুপৰীয়া ভোক ভাগৰত ক্লান্ত লিকাই আহি ঘৰ পালে৷ নিজৰ সন্তানক চালে, চিঞৰি মাতিলে৷ নাই৷ …আছে ক’ৰবাত৷ ইপিনে ভোক-ভাগৰ৷ পাকঘৰৰ পৰা আহিছে সুগন্ধ৷ লিকাই ৰ’ব নোৱাৰিলে৷ তাই ভোকৰ জুই নুমুৱাবলৈ দৌৰা দৌৰিকৈ ভাত খালে… গিৰীয়েকে ৰন্ধা মঙহেৰে৷
ৱাহ… ইমান ধুনীয়া ৰান্ধিছে! আৰু মঙহখিনি… তাই কেতিয়াও ইমান কোমল সোৱাদৰ মঙহ খোৱাই নাই৷ ভাত খাবলৈ নোজোৰে৷ আকৌ মঙহ …বহু দূৰৈৰ কথা৷ লিকাই পেট ভৰাই বহুদিনৰ পিছত এসাঁজ খালে৷ গিৰীয়েক যে আজি ৰান্ধিছে৷ তাইক ভাল পায় তাৰমানে!
…তাই কোৱাই (তামোল) বিচাৰিলে৷ মাছ বা মঙহেৰে ভাতকেইটা খালে অকণ কোৱাই লাগে৷ মুখশুদ্ধিৰ বাবে৷… লিকাই কোৱাই বিচাৰি খাচাত হাত ভৰালে৷ সেপিয়াই যি পালে তুলি আনিলে৷ তাৰ পিছত?
অবৰ্ণনীয়! তাইৰ হাতত উঠি আহিল কেইটামান কটা আঙুলি৷ সৰু ছোৱালীৰ৷ লিকাই বুজি পালে৷ তাই বলিয়া হল৷ হিয়াভগা চিঞৰ… চকুপানী…! তাই ধুমুহাৰ ৰূপ ল’লে৷ তাইৰ পেটত তাইৰ সন্তানৰ মঙহ৷ …অকণ আগেয়ে চোৱাই তৃপ্তিৰে তাই খালে৷ পৃথিৱীৰ কোনগৰাকী মাকে খাব পাৰে সন্তানৰ মঙহ৷ এটি পশুতুল্য মানুহৰ বাবে লিকাই কৰিলে এনে কাণ্ড৷ আহ…! তাই হাততে পোৱা কুঠাৰখন লৈ ওলাই দৌৰ দিলে..৷ গাঁৱৰ মানুহৰ সাহস নহ’ল তাইক ৰাখিব৷ বাধা দিব৷ বুজাব৷
সকলো হেৰুওৱা লিকাই জীৱনক শেষ কৰা সিদ্ধান্ত ল’লে৷ তাই দৌৰি দৌৰি গৈ পাহাৰৰ দাঁতি পালে৷ য’ৰ পৰা হঠাৎ আৰম্ভ হৈছে গভীৰতা৷ লিকাই জঁপিয়াই দিলে…৷ মৃত্যু হ’ল লিকাইৰ৷ লিকাইৰ চকুপানীয়ে তাৰ পৰা বৈ গভীৰতাক স্পৰ্শ কৰিলে৷
…জন্ম হ’ল এটি জলপ্ৰপাতৰ৷ নাম নোহকালিকাই (Noh-Ka-Likai)৷ নহ- জাঁপ, কা-(শ্ৰী) মতি/(শ্ৰী)যুতা, লিকাই (দূৰভোগীয়া মহিলাগৰাকীৰ নাম)৷ ই ভাৰতবৰ্ষৰ অন্যতম ওখ জলপ্ৰপাত৷
…সংগ্ৰহালয়ৰ ভিতৰত সিদিনা দুগৰাকী শিল্পীয়ে পৰিৱেশন কৰিছিল এই কাহিনীটো৷ বাঁহী বা বিচলি, ছিং-চিনৰাঙ বা ঢোল আৰু মাৰিং-গোদ’ৰ সুৰত সেইদিনা কঁপিছিল সংগ্ৰহালয়ৰ ভিতৰচ’ৰা৷ সন্ধিয়া৷…
সংগ্ৰহালয় নিশা বন্ধ থাকে৷ Museum close at night- কিন্তু তাত শুই থাকে, সাৰে থাকে, উচুপি থাকে হাজাৰ কাহিনীয়ে৷ ছয় টকাত এটি চিগাৰেট খোৱাতকৈয়ো বেয়ানে শিপা বিচাৰি সংগ্ৰহালয়ত সোমোৱা? য’ত আমি আমাক বিচাৰি পাওঁ৷ থিয় হ’বলৈ শিপা, ওলমি ৰ’বলৈ ঠাৰি বিচাৰি পাওঁ…
পাৰিলে দিনত এপাক মাৰিব৷ নিজৰ সন্তানক লৈ যাব, নিজকে দেখুৱাবলৈ৷ ৰাতি যাব নালাগে…৷ কাৰণ- Museum close at night.
Comments are closed, but trackbacks and pingbacks are open.