গল্পঃ জীয়ন

61

অনুৰাধা গগৈ

পুৱাৰ পৰা বৰুৱাই ইফাল-সিফাল কৰি কিবা বিচাৰি ফুৰিছে। বৰুৱানীয়ে লক্ষ্য কৰি আছে কথাটো। বৰুৱাই প্ৰায়ে ঘূমুটিয়াই ফুৰে। চিজিল ঘৰখনৰ যথাস্থানৰ বস্তুবোৰো তেওঁ বিচাৰি নাপায়। সমগ্ৰ ঘৰখন তল-ওপৰ কৰি পেলায়। তাকে দেখি বৰুৱানীয়ে মুখত পাতলীয়া গালিৰ আখৈ ফুটে। বৰুৱাই তাক লৈ মূৰ নঘমায়৷ বৰুৱাৰ মতে নাৰী জাতিটো এলাইবাদু, দুনীয়াৰ কামত নহা কামবোৰৰ কথা ভাৱি এই এলাইবাদু প্রাণীখিনিয়ে ঘৰ এখন তল-ওপৰ কৰি ৰাখে। কাকো শান্তিতো থাকিবলৈ নিদিয়ে। এইষাৰ কথা কিমানবাৰ যে বৰুৱানীক কাণ চোওৱা নাই! বৰুৱানীয়ে তাৰ উত্তৰত এডৰা বকে, এখন চকুপানীৰ নৈ বোৱায় আৰু কেতিয়াবা নতুন কাপোৰ এসাজ পিন্ধি ওচৰতে থকা ভায়েকৰ ঘৰখনলৈ খোজ লয়। বৰুৱাই জ্বলা জুইত ঘিউ ঢালি তেওঁৰ পিছে পিছে জপনামুখলৈকে গৈ বাই-বাই দিয়েগৈ। বৰুৱানী উতলি পৰে। মুখ আৰু চকুৰ ভিতৰতে টিক্‌চি-বিক্‌চি কৰি উঠে।

সময়বোৰ গৈ থাকে। বৰুৱাৰ আমনি লাগে অকলে থাকি। চাহ একাপ খাবলৈও মন যায়। নিজে বাকি চাহকাপ খাব পৰা যায়। কিন্তু বৰুনীয়ে বকা চাহকাপৰ সোৱাদ তেওঁৰ জিভাই নাপায় তাত বৰুৱাৰ উচ-পিচ লাগে। জপনামুখলৈ বাট বোলে। অৱশেষত তেওঁ দেখে এটা ডাঙৰ মোনা লৈ তেওঁক মানুহজনী কেঁকুৰিটো পাৰ হৈছে । বৰুৱাই আধা বাটৰ পৰা আগবঢ়াই আনেগৈ। সমগ্ৰ বাটটো তেওঁৰ নাকত ওলমি থাকেহি গৰম আঞ্জাৰ মলমলীয়া সুগন্ধ এটা। তথাপি বুকু ভৰাই সামৰি লয় বৰুৱানীয় সেই পৌৰাণিক চন্দন পাউডাৰৰ মলমলীয়া গোন্ধ । বৰ আপোন এই গোন্ধ। পুৰণি অথচ বুকুজুৰি থকা, আমনি নলগা ।

অকলশৰীয়া মানুহহালৰ এইবোৰ দৈনন্দিন কাম। উখনা-উখনিখন নকৰিলে দেখোন বৰুৱাৰ ভালেই নালাগে আজিকালি। আপোন বুলিবলৈ তেওঁৰ আছেই বা কোন! এই লৈ বৰুৱাৰ আক্ষেপ নাই। বৰুৱানীৰ আছে, সম্পত্তি সোপাৰ হ’ব কি? হাইৱে’ৰ কাষৰ মাটিখিনি ইতিমধ্যে অনাথ আশ্রম এখনক গতোৱা হৈ গৈছে। কিন্তু এই ঘৰটো, পিচ্ছ লিলি (Peace Lily) ৰে ভৰা ঘৰটোক লৈ বৰুৱানী অলপ আৱেগিক। কোনো এটা বস্তুকে বৰুৱাই ইফালৰ পৰা সিফাললৈ টানি পোৱা নাই। সেয়ে তেওঁ ঘৰৰ সজাই থোৱা সামগ্ৰীবোৰো ঠাই বন্দী কৰা বুলি মাজে-সময়ে মন্তব্য একোটা দি থাকে।

বৰুৱানীৰ লগত সেই লৈও অখুন্দা লাগে। আজি পুৱাটো হওঁতেও তেনে ধৰণৰ তল-ওপৰ যেন কথা এষাৰ হ’ল। কিবা কথা এটাত বৰুৱাই বৰুৱানীক আওপকীয়াকৈ কৈ উঠিল–

‘সংসাৰৰ নাদৰ ভেকুলীবোৰক এই অমুকাইহে উদ্ধাৰি নদীত মেলিব লাগে! এজনী ভেঁকুলী দেখুন গলতে ওলমিল!’

হওঁতে বৰুৱাৰ মুখখন লাও পাত-কচুপাতৰ শাৰীতে পৰে। বৰুৱানীয়ে এই কথা অতবছৰত বাৰুকৈ বুজিছে। কিন্তু আজি এইষাৰ কথাই মানুহজনীক ঠিকছে দহিলে । দুচকুৰে দুধাৰি চকুলো বৈ আহিল। তথাপি আনদিনাৰ দৰে সিদিনা অনা তেনেই নতুন কাপোৰসাজ পিন্ধি ভায়েকৰ ঘৰলৈ দপদপাই ওলাই নগ’ল। টেপটেপকৈ দুষাৰমান নবকিলেও। তাৰ বিপৰীতে বৰুৱাৰ প্ৰিয় কলৰ মালপোৱা দুটামানৰ সৈতে পুৱাতেই আদা দিয়া গাখীৰ চাহকণ কাষতে পালে।

চশমাৰ ওপৰেৰে বৰুৱাই লক্ষ্য কৰে ।

বৰুৱানীৰ বগী মুখখন আজি ৰঙা পৰা নাই । জেতুকা লগাই ৰঙা কৰা পকা চুলিখিনিও আজি পৰিপাটী। গাত এটা নতুন হাউছকোট।

বৰুৱা কণমান আহত হ’ল, লগতে আচৰিতো। গলহেকাৰি এটা মাৰি তেওঁ বৰুৱানীক জনাই দিলে যে, এই চাহ, এই মালপোৱা আজি নাখায় তেওঁ। দেখিলে, বৰুৱানীয়ে উভতি নাচালে। আচলতে বৰুৱানীয়ে চালে। উভতি নহয়, দুৱাৰৰ ফাঁকেৰে। যত্নেৰে তৈয়াৰ কৰা মালপোৱাকেইটা চেঁচা হ’বলৈ ধৰা দেখি তেওঁৰ মনটো জঁই পৰি গ’ল।

বৰুৱাৰো মনটো জঁই পৰি গ’ল। কিয়বা মানুহজনীয়ে আজি এনেখন কৰিছেহু তেওঁ পুনৰ চিঞৰি উঠিল—

‘চাহ নাখাওঁ মই! পুৱাতে গাখীৰ চাহ কোনে খায়।’

মানুহজনীয়ে আজি ঘূৰিও নাচালে। আনকালে উচাট মাৰি গুচি গ’লেই বৰুৱাই ৰস পাইছিল। বগে ঢকে-ঢকী মানুহজনীৰ ৰঙা পৰা দুগাল চাই পৰম তৃপ্তিৰে নিলগাই থোৱা চাহকাপ নিজেই চপাই আনি পি থৈছিল। অথচ আজি দেখোন সকলো বেলেগ। বৰুৱানী আজি একেবাৰে চুপ-চাপ। ইমান নিজান পুৱা এটা বৰুৱাৰ বাবে অসহ্য। সৌ তাহানিতে, আজিৰ পৰা চল্লিশ বছৰ আগতেহে পুৱাবোৰ এনেদৰে নিতাল মাৰি থাকিছিল। বৰ্তমান নাথাকে, বৰুৱাই থাকিবলৈ নিদিয়ে। সেই দিনবোৰত আনকি বৰুৱানীয়ে কেৰাহীত হেতা ঘূৰোৱা মাতটোও আছিল তেনেই নিখুঁত আৰু কোমল। বৰুৱায়ো বৰ জুখি-মাখি খোজ দি পুৱাৰ নিত্য নৈমিত্যিক কামবিলাক কৰিছিল। কিজানি তাই সাৰ পাব! কিজানি তাইৰ কেঁচা টোপনি ভঙাৰ বাবে দিনটো কষ্ট পাই থাকিব! তাই তাৰ বাবে দিনটো থুনথুনাই থাকিব!

বৰুৱাই অতীতৰ কথাবোৰ মনলৈ আনিব নোখোজে। কিন্তু অতীতটো যে বৈ থকা নদী এখন! বৈয়েই থাকে দেখোন বুকুত! সেই নদীত কেতিয়াবা বান আহে, বৰুৱা বৰুৱানী দুয়োজন বুৰ যায় সেই বানত। দুচকুৰ ধল নামে। ঘৰখন নিজাৰ পৰে ৷ এন্ধাৰ বাৰাণ্ডাত বৰুৱাক অকলে এৰি বৰুৱানী গোসাঁই ঘৰত এপৰ পৰি থাকে। বৰুৱাৰ কষ্ট হয় সেই মানুহজনীক দেখি। এই মানুহজনীৰ বাদে তেওঁৰ আপোনেইবা আছে কোন! তেৱেঁই যদি এনেকৈ কষ্ট পাই থাকে তেন্তে মানুহটো শান্তিত থাকে কেনেকৈ!

অতীতক জোকাৰি তেওঁ বাৰাণ্ডাৰ পৰা চোতাললৈ নামি আহিল। চোতালৰ চৌপাশে বগাকৈ পিচ্ছ লিলিবোৰ ফুলিছে। যেন মেলি থোৱা বগা চাদৰ। তাৰ ওপৰত হেঙাৰবোৰত ৰামধেনু যেন নাইন-অ’-ক্লক। চোতালৰ মাজতে তিনিটা বেডত সৌবোৰ কিবা নাম নজনা ফুলৰ পুলি । বৰুৱানীৰ চখ। কেতিয়াবা বৰুৱায়ো হাতউজান দিবলৈ যায়। বৰুৱানীয়ে হৈ হৈ কৰি উঠে। যেন বৰুৱাই চুলেই জঁই পৰি যাৰ সকলো! এই কথাটোতো উখনা-উখনি হয়। তথাপি সন্ধিয়াৰ চাহকণ দুয়ো একেলগে খাবই। কিন্তু আজিহে …

হঠাৎ বৰুৱাৰ মনটো উৰুঙা হৈ পৰিল। সংসাৰখন যেন অসাৰ। কি অর্থ যদিহে ঘৰখনৰ একমাত্ৰ দুটা প্ৰাণীৰ এটাই আনটোৰ কথাত সহযোগ নকৰে। ৰুণ গুচি যোৱাৰ পিছত দুয়োটাইতো অভিনয় কৰি হ’লেও ঘৰখন ঘৰ কৰি ৰাখিছে। ভৰণ কৰি ৰখা বুকু খালী কৰি সেই পাঁচ বছৰীয়া ছোৱালীজনী ঈশ্বৰৰ দেশলৈ গুচি গ’ল। সেই তেতিয়াৰ পৰাই সকলো নিজান। সকলো! মৰিব ধৰা মানুহজনী জীয়াব লগা হ’ল বৰুৱাৱেই। এনেকৈয়ে…। সেই জাধলী মানুহজনী! সেই মৰা মাছৰ দৰে ঘোলা দুচকু! সেই থৰ লগা মানুহজনী! আস্‌! বৰুৱাই উপায় পাইছিল। কাজিয়া লাগি হ’লেও মানুহজনীক মানুহ কৰি ৰাখিছে। নীৰৱ নিশাবোৰত মানুহজনীৰ উচুপনি আজিও শুনে তেওঁ। কাহ এটা অহাৰ আগজাননী দি বৰুৱা শোৱাৰ পৰা উঠি বহে। বৰুৱানী তেওঁৰ লগত ব্যস্ত হৈ পৰে। ভাতৰ কাঁহীত বহি ভাতকেইটা লিৰিকি-বিদাৰি থাকিলে বৰুৱাৰ কাঁহীত ক’ৰবাৰ পৰা অদৃশ্য চুলি এডাল পৰেহি। এই লৈ বৰুৱাৰ মুখেৰে ভোৰভোৰণি বাহিৰ হয়। এই চেষ্টাবোৰ কি অথলে গৈছে? বৰুৱাইতো ভবা নাই তেনেকৈ। বৰুৱানী নীৰা বৰুৱা হৈ জী আছে আৰু নীৰা বৰুৱাক জী থকা দেখি অমৃত বৰুৱাও জী আছে ।

অথচ আজিহে কিবাখন হৈছেগৈ! কি বা হৈছে মানুহজনীৰ!

তেওঁ হঠাতে পিচ্ছ লিলি দুপাহমান ছিঙি ল’লে। বৰুৱানীয়ে দেখাকৈ সেইকেইপাহ গিলাচ এটাত গুঁজি খোৱা মেজৰ মাজখিনিতে সজাই থলেগৈ।

বৰুৱানীয়ে দেখিলে। মনে মনে ৰুটী সেকি থকা মানুহজনীয়ে পিছে অন্য দিনৰ দৰে জকজকাই নুঠিল। নীৰৱে মানুহজনলৈ পুৱাৰ জলপান যুগুতাইছে।

বৰুৱাৰ অসহ্য লাগিল। তেওঁ লাহেকৈ মানুহজনীৰ কাষ পালেগৈ। সকলো নাট সামৰি মৰমেৰে সুধিলে,

‘কি হ’লনো তোমাৰ আজি?’

গুড়ৰ টেমাটো খুলিবলৈ চেষ্টা কৰি থকা মানুহজনীৰ হাতখন ৰৈ গ’ল। বৰুৱালৈ তেওঁ ক্ষন্তেক চালে আৰু কোনো পাতনি নেমেলাকৈ লাহেকৈ কৈ উঠিল,

‘আজি সপোনত ৰুণক দেখিছিলোঁ।”

এই অতবছৰৰ পিছতো মানুহজনৰ বৃদ্ধ বুকুখনত কোনোবাই হাঁতুৰি মাৰিলেহি। বৰ কষ্টেৰে নিজকে সামৰি তেওঁ মানুহজনীক সুধিলে—

‘কিবা কৈছিল তাই?’

মানুহজনীয়ে তেওঁৰ প্ৰশ্নৰ উত্তৰ নিদিলে ।

তাৰ পৰিৱৰ্তে ক’লে,

‘খোৱা মেজলৈ আহা । জলপান খোৱাহি।’ বৰুৱাৰ মনটো বিদাৰি গ’ল। কান্দোন এটাত তিতি থাকা মাতটোৰ পিছে পিছে তেওঁ বাট বুলিলে। কিছু প্রশ্নৰ উত্তৰ নাথাকে। সেই তেতিয়াই গুচি যোৱা একমাত্র কন্যাজনী জীয়াই থকা হ’লে সময়বোৰ এনে হ’লহেঁতেননে ?

থাকিলহেঁতেননে স্মৃতিয়ে এনেকৈ দুচকু তিয়াই? নাজানে নাজানে? অমৃত বৰুৱা নামৰ এই মানুহজনে নাজানে৷

এই মানুহজনীয়ে আজি দিনটো মৰা-মুজা হৈ জুপুকা লাগিব ৷ বেমাৰে আৱৰা এই শৰীৰটো, মনটো সুস্থ এই মানুহটোৱেই কৰিব লাগিব।

হঠাতে তেওঁ চিঞৰি উঠিল— ‘জলপানত কোনোবাই এনেকৈ এসোপা গুড় ঢালেনে ? ইমান মিঠা খোৱাই এই মানুহজনীয়ে মোক মাৰি পেলাব খুজিছে! মই কি পানীখোৱা পুখুৰীত বিহ ঢালিলো অ’!”

মৰা-মুজা হোৱা মানুহজনী এইবাৰ জী উঠিল। নিজান ঘৰখন দুজন মানুহৰ খকা-খুন্দাত প্ৰাণ পাই উঠিল।

 

ফোনঃ ৭৮৯৬০-৪৮৫৩৮

You might also like

Comments are closed, but trackbacks and pingbacks are open.