কণ্ঠৰ ৰোগ আৰু পাণৰ উপকাৰিতা

19

ডাঃ ৰীমা ভট্টাচাৰ্য
আয়ুর্বেদ মেডিচিন বিশেষজ্ঞ

শীতকালীন কণ্ঠ আৰু শ্বাসনলীৰ সমস্যা অধিক হোৱা দেখা যায়। বিশেষকৈ কাহ, কণ্ঠৰ সুৰসুৰণি, ফেৰিনজাইটিছ, হাপানী, নিউম’নিয়া আদি ৰোগ সকলো বয়সৰ লোকৰ ক্ষেত্ৰত দেখা যায়। বিভিন্ন ঔষধ ব্যবহাৰ কৰা হয় যদিও সম্পূর্ণ নির্মূল হোৱা দেখা নাযায় অথবা বাৰে বাৰে লক্ষণসমূহ প্রতিফলিত হয়। কিছুসংখ্যক বিজ্ঞানসন্মত ঘৰুৱা উপায় অৱলম্বন কৰি ৰোগসমূহ আঁতৰাব পৰা যায়।

পাণৰ বৈজ্ঞানিক নাম হ’ল (Piper betle. এক ঔষধি উদ্ভিদ যি শ্বাসনলীৰ বাবে খুবেই উপকাৰী। বিশেষকৈ কণ্ঠৰ সুস্থতাৰ বাবে পাণৰ অধিক গুণকাৰী প্ৰভাৱ আছে।

১) পাণত (hydroxychavicol) উপাদান থাকে, যিয়ে ভেঁকুৰ সংক্ৰমণ নাশ কৰে। যদিহে ভেঁকুৰজনিত সংক্ৰমণৰ বাবে কণ্ঠৰ বিকাৰ আৰম্ভ হৈছে তেন্তে পাণৰ ঔষধি গুণে সংক্ৰমণ ৰোধ কৰিব পাৰে। ভেঁকুৰ সংক্ৰমণত মুখখন বিজলুৱা হৈ থাকে, কণ্ঠত কিবা লাগি থকা যেন অনুভৱ হয়, কণ্ঠ বা খাদ্যনলীত জ্বলা-পোৰা অনুভৱ হয় আদি ৷

২) পাণত ঘা শুকুওৱাৰ ক্ষমতাও আছে, ই কোষৰ এপিথেলিয়েল আৱৰণত কাম কৰি নতুন কোষৰ দ্বাৰা ঘা শুকাই যোৱাত সহায় কৰে । ফেৰিনজাইটিছ, Erosion, খাদ্যনলীৰ আলছাৰ আদিত ঘা হৈ যায়, তেতিয়া ৰোগীয়ে জ্বলা-পোৰা, কণ্ঠ শুকাই যোৱা আদি সমস্যাৰ বিষয়ে কয়।

৩) পাণৰ বীৰ্য বা Potency উষ্ম হয়, সেয়ে কফজনিত বিকাৰত পাণৰ ঔষধীয় গুণে সহায় কৰে। মূৰৰ বিষ, কাহ, Post covid আদি অৱস্থাত পাণ নিতৌ সেৱনে লক্ষণসমূহ কমাই ৰাখে ৷

৪) এলার্জিজনিত সমস্যা, হাঁওফাঁওৰ এলাৰ্জেনৰ প্ৰতিক্ৰিয়া আদিবোৰত শৰীৰত ইনফ্লেমেচন হৈ যায়। পাণৰ Anti-inflammatory, Analgesic কাৰ্যৰ জৰিয়তে এলার্জেন প্রতিক্রিয়া কমাই ৰাখে।

৫) কণ্ঠৰ সুৰসুৰণি/Sore Throat ৰ বাবে বাৰে বাৰে হৈ থকা কাহ অথবা গল হেকাৰনিত পাণ খালে, ইয়াত থকা এনজাইমৰ বাবে গলত এক ৰক্ষক বীজলুৱা আৱৰণ ৰৈ যায়, যিয়ে Protective আৰু Healing উপাদানৰূপে কাম কৰে।

৬) পাণত থকা এণ্টিবেক্টেৰিয়েল গুণৰ বাবে মুখত বেয়া বেক্টেৰিয়া জমা হ’ব নিদিয়ে।

৭) পাণত এন্টিঅক্সিডেণ্ট আৰু ভিটামিন B, C থাকে, যাৰ জৰিয়তে মুখগহ্বৰৰ স্বাস্থ্য সঠিক থাকে।

পাণ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া: চোৱাই খোৱা, খুন্দি খোৱা আদি প্ৰক্ৰিয়াৰে পাণৰ ঔষধি গুণ পোৱাটো সম্ভৱ নহয়। ২ গিলাচ পানীত এখিলা পাণ ছিঙি এক গিলাচ হোৱালৈ উতলাই নিতৌ সেৱন কৰিলে ইয়াৰ ঔষধীয় গুণাগুণ পোৱা যায়। ৰোগীৰ কণ্ঠৰ বিকাৰৰ লগত ঠাণ্ডা লগা ভাব থাকিলে বনাই লোৱা কাঢ়াত জালুক আৰু আদা দিব পাৰি। এনেদৰে বনাই লোৱা কাঢ়াখিনি খাবলৈ বীজলুৱা হয়, যিয়ে কণ্ঠক সুৰক্ষা প্ৰদান কৰে ।

বহুসংখ্যক লোকে পাণক ৰাগিয়াল দ্ৰব্য বুলি ক’ব খোজে, কিন্তু পাণ এবিধ ঔষধি লতা । পাণৰ লগত অন্য বস্তু যেনে- তামোল, চূণ, ধঁপাত আদি ব্যৱহাৰ কৰিলে মাদক দ্ৰব্য হৈ পৰে। বায়ু প্ৰদূষণ আদিৰ ফলত কণ্ঠৰ ৰোগ আজিৰ সময়ত সকলো সময়তে দেখা যায়। সমস্যা গুৰুতৰ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে যদিও ঘৰুৱা দিহাসমূহে সমস্যাসমূহ কমাই ৰাখে ।

ফোনঃ ৭০৮৬৬-৯১৫২০

You might also like

Comments are closed, but trackbacks and pingbacks are open.