ডাঃ নিতুল বৈশ্য
একোছা স্বাস্থ্যৱান চুলি সকলোৱেই বিচাৰে। দীঘল, ঘন, ক’লা চুলি একোছা কেৱল সৌন্দৰ্যৰ প্রতীকেই নহয়, ই দেহৰ সামগ্রিক সুস্বাস্থ্যৰো প্ৰতিফলন।
আয়ুৰ্বেদত চুলিক অস্থি ধাতুৰ উপধাতু বুলি কোৱা হৈছে। চুলিৰ বৃদ্ধি ৰসধাতু আৰু ৰক্তধাতুৰ পুষ্টিৰ ওপৰত নিৰ্ভৰশীল।
কেশহীনতাক সংস্কৃত আৰু আয়ুৰ্বেদত খালিত্য বুলি কোৱা হয়। খালিত্যক আয়ুর্বেদীয় গ্ৰন্থসমূহ (চৰক সংহিতা, শুশ্রুত সংহিতা আৰু অষ্টাংগ হৃদয় আদি)-ত ক্ষুদ্ৰ ৰোগৰ ভিতৰত ধৰা হৈছে।
আধুনিক বিজ্ঞানৰ মতে, বিভিন্ন কাৰণত চুলিৰ গুৰি বা মূল (ফলিকল) ধীৰে ধীৰে অনুৰ্বৰ হ’লে চুলি সৰিবলৈ ধৰে। শেষলৈ কেশহীনতা (Androgenic Alopecia)ৰ সৃষ্টি হয়। ইয়াৰ প্ৰধান কাৰণসমূহ হৈছে— বংশগত প্ৰৱণতা, হৰমনৰ অসাম্যতা (বিশেষকৈ DHT-Dihydrotestosterone), পৰিপুষ্টিৰ অভাৱ আৰু মানসিক চাপ আদি। আয়ুৰ্বেদ আৰু আধুনিক চিকিৎসাই একেলগে জিনতত্ত্ব, হমনজনিত, পুষ্টিগত আৰু মানসিক কাৰকসমূহক প্ৰধান কাৰক ৰূপে চিহ্নিত কৰিছে। DHT – Dihydrotestosterone হৰমনৰ তাৰতম্য, পুষ্টিৰ অভাৱ (Vitamin D, Iron, Zinc, Biotin), দীঘলীয়া oxidative stress আৰু micro-inflammation-য়ে চুলিৰ মূলবোৰ ধ্বংস কৰে।
আয়ুৰ্বেদ অনুসৰি বৰ্ধিত পিত্তদোষে চুলিৰ মূলক ক্ষতিগ্ৰস্ত কৰাৰ ফলত চুলি অকালতে পকে। বর্ধিত বাতদোষৰ ফলত চুলি শুকান হয় আৰু ফাটে। কফদোষ বৃদ্ধি হ’লে আৰু ৰক্ত দূষিত হ’লে চুলি অতিমাত্রা তৈলাক্ত হয়, চুলিত খজুৱতি আৰু উফি হয়। আয়ুৰ্বেদৰ মতে অস্থি ধাতু দুর্বল হ’লে আৰু ৰস বা ৰক্ত আদি ধাতুসমূহে যথাযথ পুষ্টি নাপালে কেশহীনতাই স্থায়ী ৰূপ লয়৷
ব্যৱস্থাপনা
বহিঃচিকিৎসা (External Therapies)
(ক) তৈল অভ্যংগ (Oil Massage): ভৃংগৰাজ তেল (Eclipta alba), নীলিভৃংগাদী, কর্পস্থ্যাদী, আমলা তেল আদিক আয়ুৰ্বেদত কেশ্য ৰসায়ন বুলি বৰ্ণনা কৰা হৈছে। আধুনিক অধ্যয়নত দেখা গৈছে যে এন্টিঅক্সিডেণ্ট আৰু ফাইটো- কম্পাউণ্ডেৰে সমৃদ্ধ এইসমূহে চুলি ফলিকলৰ anagen (growth) phase দীঘল কৰে আৰু Density বৃদ্ধি কৰে।
(খ) নস্য চিকিৎসা : অণু তেল বা ভূংগৰাজ তেল নাকেৰে প্ৰয়োগ কৰিলে মূৰ আৰু কপাল অংশ পুষ্ট হয়। আধুনিক বৈজ্ঞানিক প্রমাণত দেখা যায় intranasal drug delivery তৎক্ষণাৎ মগজু আৰু cranial circulation লৈ প্ৰৱেশ কৰে।
(গ) শিৰোধাৰা আৰু শিৰোবস্তি : চুলিত নিয়মীয়া তেল লগালে cortisol হৰমনৰ পৰিমাণ কম হয় বুলি আধুনিক clinical study-ত প্রমাণিত। Stress-induced alopecia নিয়ন্ত্ৰণত সহায় কৰে।
(ঘ) হার্বেল প্রলেপ : আমলখি, জটামাং সী, ব্ৰাহ্মী আৰু মেথীৰ প্রলেপে লাওখোলা পুষ্ট কৰি চুলিৰ ফলিকল কোষৰ বৃদ্ধি কৰে।
(ঙ) জবা ফুল আৰু পাত পতাত পিহি কণীৰ লগত মিহলাই প্রলেপ হিচাপে চুলিত লগালে চুলিৰ মূল বা ফলিকল শক্তিশালী হয়, নতুন চুলি গজে আৰু গজা চুলি স্বাস্থ্যৱান তথা শক্তিশালী হয়।
(চ) গুঞ্জা বীজ (abrus precatorius), পলাশ গছৰ বীজ (butea monosperma) আৰু নীলি বীজ (indigofera tinctoria ) – ৰ পৰা নিষ্কাশন কৰা তেল alopecia areata-ত চুলি গজাৰ ক্ষেত্ৰত চমকপ্রদ ফলাফল দেখুৱায়।
আভ্যন্তৰীণ চিকিৎসা (Internal Medicines)
ৰসায়নীয় ঔষধ-
ভূংগৰাজঃ ফলিকল পুনৰুদ্ধাৰত প্রয়োজনীয় Wnt/B-catenin signaling pathway সক্রিয় কৰে।
আমলখিঃ ভিটামিন চি আৰু tannins সমৃদ্ধ শক্তিশালী এন্টিঅক্সিডেন্ট।
ব্রাহ্মীঃ মানসিক চাপ হ্ৰাস কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে ।
অশ্বগন্ধাঃ কৰ্টিছল কমায়, হৰমনৰ সমতা ৰক্ষা কৰে।
যষ্টিমধুঃ phytoestrogen আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ ৷
পঞ্চকর্ম চিকিৎসা-
বিৰেচন (Purgation): ই অতিৰিক্ত পিত্ত নিষ্কাশন কৰে। আধুনিক Detoxification সৈতে ইয়াৰ মিল আছে।
নস্যঃ মূৰৰ পুষ্টি, intranasal drug absorption-ৰ সৈতে বৈজ্ঞানিকভাৱে সামঞ্জস্য
আছে।
ৰক্তমোক্ষণঃ ৰক্তদুষ্টিৰ ফলত প্রদাহজনিত সমস্যা হ’লে ৰক্তমোক্ষণৰ দ্বাৰা প্রদাহ হ্ৰাস কৰিব পৰা যায় ৷
আহাৰ আৰু জীৱনশৈলীঃ চুলিৰ পুনৰুৎপাদনৰ বাবে প্ৰয়োজনীয় খাদ্যাভ্যাস— প্ৰ’টিনসমৃদ্ধ আহাৰ (চুলিত প্রধানতঃ কেৰাটিন প্ৰ’টিন থাকে) যেনে- কণী, মুৰ্গীৰ মাংস, মাছ, দাইল, মটৰ, চয়াবিন আদি ।
আইৰন আৰু জিংকসমৃদ্ধ খাদ্য যেনে- পালেংশাক, লাউ, বিট, চজিনা পাত, তিল, গুৰ, খেজুৰ আদি ।
বায়’টিন আৰু বি-কমপ্লেক্স ভিটামিন (কেৰেটিন নিৰ্মাণত সহায়ক) থকা খাদ্য যেনে- বাদাম, আখৰুট। সূর্যমুখী ফুলৰ বীজ, ফ্লেক্স, চিয়াবীজ, মিঠা আলু, ওটচ, কাঠফুলা আৰু কল।
ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট যুক্ত খাদ্য (ক’লাজেন গঠনত সহায় কৰে) যেনে- আমলখি, কমলা, নেমু, ষ্ট্ৰবেৰী, ব্লুবেৰী, বিলাহী আদি।
অ’মেগা-৩ আৰু স্বাস্থ্যকৰ চাৰ্বিযুক্ত খাদ্য যেনে- ফ্লেক্স, চিয়া বীজ, আখৰুট, এভ’কাডো, জলফাই তেল বা অলিভ অইল আদি।
ভিটামিন ডি আৰু কেলচিয়ামৰ বাবে পুৱা সূৰ্যৰ কোমল পোহৰত ১৫-২০ মিনিট হ’ব লাগে।
পানী আৰু ডিটক্সঃ দৈনিক ৮-১০ গ্লাছ পানী খাব লাগে। গ্রীন টী, আমলখি টী, ভূংগৰাজ টী আদি খাব পাৰে।
এৰিবলগীয়া খাদ্যাভ্যাস
অধিক চেনি (ইনছুলিন-DHT বৃদ্ধি কৰে।
জাংক/প্রচেড ফুড।
অধিক ভজা-পোৰা খাদ্য, ৰঙা মাংস, মদ আৰু ধূমপান আদি ।
যোগ আৰু ধ্যান
যোগ আৰু ধ্যানে সর্বাংগাসন, মৎস্যাসন, বজ্ৰাসনে লাওখোলালৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে।
প্রাণায়াম যেনে-অনুলোম-বিলোম, ভ্ৰামৰী প্রাণায়াম আদিয়ে কৰ্টিছল কমায় আৰু অক্সিজেন সৰবৰাহ বৃদ্ধি কৰে।
চুলি গজিবলৈ হ’লে চুলিৰ মূল বা শিপাডাল অর্থাৎ হেয়াৰ ফলিকলটো স্কাল্পত থাকিব লাগিব। উল্লেখ্য ঔষধ বা বনদৰব আদিয়ে হেয়াৰ ফলিকলক প্ৰয়োজনীয় পৰিপুষ্টি যোগান ধৰিব পাৰে। হেয়াৰ ফলিকলক উত্তেজিত কৰি নতুন চুলি গজাত সহায় কৰিব পাৰে। চুলি সৰা হ্ৰাস কৰিব পাৰে। থকা চুলিকোছা অধিক স্বাস্থ্যৱান কৰিব পাৰে। কিন্তু যিসকল লোকৰ হেয়াৰ ফলিকলেই নাই, তেনে লোকৰ মূৰত হেজাৰ দৰবেও চুলি গজাব নোৱাৰে । তেনে ক্ষেত্ৰত হেয়াৰ ট্ৰেন্সপ্লান্ট কৰিব পৰা যায়।
Comments are closed, but trackbacks and pingbacks are open.