মাণিক পাল
আপুনি বাৰু নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছে নেকি? লেখক হিচাপে আপুনি জনপ্রিয় হ’ব বিচাৰে নেকি বা লেখক হিচাপে আপুনি জীৱনত কেনেকৈ আগবাঢ়ি যাব, সেয়া জানিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে মই আজি যিখন কিতাপৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো, সেইখন এবাৰ হ’লেও পঢ়ি চাব। কাৰণ কিতাপখনত সন্নিৱিষ্ট হৈ আছে এজন জনপ্রিয় লেখকৰ জীৱন সংগ্ৰাম, যি জীৱন সংগ্ৰামৰ বিষয়ে তেওঁ নিজে বৰ্ণনা কৰিছে। অর্থাৎ কিতাপখন এজন বিখ্যাত লেখকৰ আত্মজীৱনী।
কিতাপখনৰ নাম হৈছে ‘অ’টোবায়’গ্ৰাফীয়া’ আৰু কিতাপখন লিখি উলিয়াইছে লেটিন আমেৰিকান সাহিত্যৰ কিংবদন্তি পুৰুষ আৰু স্পেনীয় সাহিত্যৰ অন্যতম দিকদর্শক হৰ্হে লুই বৰ্হেছ। জীৱনৰ দীঘলীয়া বাট পাৰ হৈ আহি তেওঁ সত্তৰ বছৰ বয়সত ‘দ্য নিউ ইয়র্কাৰ’ নামৰ বিখ্যাত আলোচনীখনৰ বাবে ‘অ’টোবায়’গ্রাফিকেল নোটছ’ শিৰোনামৰ এক লেখা যুগুত কৰি উলিয়াইছিল। এইক্ষেত্ৰত তেওঁক সহায় কৰিছিল ইংৰাজী অনুবাদক নৰ্মান থ’মাছ ডি জিঅ’ ভান্নীয়ে। এই লেখাবোৰৰ আলমতে পৰৱৰ্তী সময়ত তেওঁ স্পেনীয় ভাষাত লিখি উলিয়াইছিল নিজৰ আত্মজীৱনী আৰু ইয়াৰ নাম দিছিল ‘অটোবায়’গ্ৰাফীয়া’। গ্ৰন্থগনত মুঠ পাঁচটা অধ্যায় আছে। আটাইতকৈ আচৰিত কথাটো হ’ল যে গ্ৰন্থখন এতিয়ালৈকে ইংৰাজীত অনুবাদ হোৱা নাই। কিন্তু মূল স্পেনীয় ভাষাৰ পৰা অর্পিতা মুখোপাধ্যায়ে বাংলাত অনুবাদ কৰিছে আৰু মই সেই বাংলা কিতাপখনে অধ্যয়ন কৰিছোঁ। অসমীয়া পাঠকসকলৰ বাবেও ভাল খবৰ যে গ্ৰন্থখন ইতিমধ্যে অসমীয়াতো অনুবাদ হৈছে আৰু অনুবাদ কৰিছে দিগন্ত শইকীয়াই ।
হৰ্হে লুই বৰ্হেছৰ জন্ম হৈছিল ১৮৯৯ চনত বয়ুনেছ আইবেছৰ মাজমজিয়াত তুকুমান অঞ্চলৰ সুইপাশা আৰু এশমেৰালডাৰ মধ্যৱৰ্তী কোনো ঠাইৰ এটা সৰু পঁজাত। তেওঁৰ দেউতাক হর্হে গিয়ের্মো বর্হেছ পেছাত এজন উকীল আছিল। তেওঁৰ মাক লিয়’নৰ আছেবাদো ডে বহেছ আর্জেন্টিনীয় আৰু উৰুগুৱেৰ ঐতিহ্যবাদী এটা পৰিয়ালৰ সদস্য আছিল। তেওঁৰ দেউতাক স্পেঞ্চাৰৰ আদৰ্শৰ অনুৰাগী নৈৰাজ্যবাদী দার্শনিক আছিল আৰু মাক কেথলিক পন্থাৰ কট্টৰ অনুগামী আছিল। শৈশৱৰ পৰাই অন্ধত্বই তেওঁক ধীৰে ধীৰে গ্ৰাস কৰিলেও কিতাপৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণ আৰু জ্ঞানচর্চা কেতিয়াও কম হোৱা নাছিল। সাহিত্য, দর্শন, সমাজতত্ত্ব, বিজ্ঞান সকলো বিষয়তে তেওঁৰ সমান আগ্রহ আছিল। তেওঁ বিশ্ব সাহিত্যৰ একনিষ্ঠ পাঠক আছিল। তেওঁ ইংৰাজী, লেটিন, ইটালীয়, জার্মান, ফৰাচীসহ অন্যান্য ইউৰোপীয় ভাষাত সমানে দক্ষ আছিল। তেওঁৰ দৃষ্টিশক্তি যিমানে কমি গৈছিল, সিমানে অন্তর্দৃষ্টি বাঢ়ি গৈছিল আৰু এইক্ষেত্ৰত তেওঁক সহায় কৰিছিল বিভিন্ন ভাষাৰ কিতাপবোৰে । কিতাপ আছিল তেওঁৰ বাবে জীৱন, যিটো কথা আমি তেওঁৰ এই আত্মজীৱনীখন পঢ়িলে স্পষ্টকৈ বুজিবলৈ পাম। কাৰণ তেওঁৰ আত্মজীৱনীৰ প্ৰতিটো পৃষ্ঠাতে লিখা আছে কিতাপ আৰু কিতাপৰ সৈতে জড়িত মানুহৰ কথা। এই মহান সাহিত্যিকজনে ১৯৮৬ চনৰ ১৪ জুনত আমাক এৰি চিৰদিনৰ বাবে গুচি যায়।
নিজৰ গ্ৰন্থপ্ৰেমৰ কথা ব্যাখ্যা কৰি তেওঁ লিখিছে— ‘মই জীৱনত প্ৰথমবাৰ যিখন উপন্যাস সম্পূর্ণকৈ পঢ়িছিলোঁ সেইখন হ’ল ‘হেকলবেৰী ফিন’। তাৰ পাছত পঢ়িছিলোঁ ‘ৰাফিং ইট’ আৰু ‘ফ্লাশ্ব ডেইজ ইন কেলিফ’ৰ্নিয়া’। ইয়াৰ উপৰি কেপ্টেইন মেৰিয়েটৰ কিতাপ, ৱেলছৰ ‘লছ প্রিমেৰছ ওমব্ৰেছ এন লা লুণা’ (চন্দ্ৰত প্ৰথম মানুহ), এডগাৰ এলেন পো আৰু লংফেল’ৰ কিতাপ ‘লা ইসলা ডেল কিহতে’, ‘টম ব্রাউন এন লা এস্কুয়েলা’(স্কুলত টম ব্রাউন), গ্রীম ভাতৃদ্বয়ৰ ৰূপকথা, লুই কেল, ‘এডভেঞ্চাৰছ অৱ মিষ্টাৰ ভেডাণ্ট গ্রীন’ (যিখন কিতাপৰ কথা এতিয়া সকলোৱে পাহৰি পেলাইছে), বাৰ্টনৰ ‘এহেজাৰ এক আৰব্য ৰজনী’।’
নিজৰ সাহিত্য জীৱনৰ পাতনি সম্পৰ্কে ব্যাখ্যা কৰি তেওঁ কয়— ‘মোৰ শৈশৱতে যেতিয়া দেউতা অন্ধ হৈ গৈছিল, মই স্তব্ধ হৈ পৰিছিলোঁ, চিন্তা কৰিছিলোঁ— পৰিস্থিতিৰ বশ হৈ দেউতা যি হৈ উঠিব নোৱাৰিলে, সেই সাহিত্যিক হোৱাৰ তেওঁৰ বাসনা মই কেনেকৈ পূৰা কৰিম। সকলোৱেই এই কথা ভাবি থৈছিল, সকলোৱেই আশা কৰিছিল যে মই এদিন লেখক হ’ম। ছয় কি সাত বছৰ বয়সতে মই লিখা-মেলা আৰম্ভ কৰি দিছিলোঁ। স্পেনীয় ধ্রুপদী সাহিত্য অনুকৰণ কৰাৰ চেষ্টা কৰিছিলোঁ। যথেষ্ট দুর্বল যদিও, ইংৰাজীতে গ্ৰীক কিংবদন্তিবোৰৰ এক খচৰা প্ৰস্তুত কৰি উলিয়াইছিলোঁ, কিন্তু সেইটো নিতান্তই লেমপ্রিয়েৰৰ পৰা চুৰি কৰা হৈছিল। এই লেখাৰেই হয়তো সাহিত্যৰ পৃথিৱীত মোৰ প্রথম পদার্পণ। মোৰ প্ৰথম গল্পটো ছাৰ্ভেণ্টিছৰ আৰ্হিৰে লিখা, কাল বিসংগতিপূৰ্ণ, একেবাৰে অবাস্তৱ এটা কাহিনী।
১৯১৯-২০ চনত, চেবেইয়াত থাকোঁতে তেওঁৰ প্ৰথমটো কবিতা প্রকাশ পাইছিল। কবিতাটোত তেওঁ ৱাল্ট হুইটমেন হৈ উঠিবৰ বাবে সম্ভাব্য সমস্ত শক্তি প্ৰয়োগ কৰিছিল—
‘হে’সমুদ্ৰ! হে’ পুৰাণ! হে সূর্য। হ’বিস্তৃত শয্যা।
জানো কিয় তোমাক ভাল পাওঁ। জানো আমি অতি প্রাচীন
আমি পৰস্পৰক চিনি পাওঁ কিছু শতাব্দীজুৰি…..
হে’ বহুস্তবিশিষ্ট, আমি তোমাৰ মাজৰে পৰাই উচ্চাৰিত ।
আমি পৰস্পৰ শৃংখলিত আৰু বিচ্ছিন্ন,
আমাৰ উভয়ৰে প্ৰগাঢ় নক্ষত্র-তৃষ্ণা,
আমাৰ প্ৰত্যাশা আৰু বিভ্ৰান্তি….!”
এজন লেখক হিচাপে তেওঁ নিজক নিজে সমালোচনাও কৰিছিল। তেওঁ নিজক সমালোচনা কৰি লিখিছে— ‘১৯২১ চনৰ পৰা ১৯৩০ চনৰ মাজৰ সময়খিনি আছিল বিশাল কর্মযজ্ঞৰ হয়তো ইয়াৰে বেছিবোৰ কামেই আছিল অৰ্থহীন। এই সময়খিনিতে মই সাতখনমান কিতাপ লিখি প্ৰকাশ কৰিছিলোঁ। ইয়াৰে চাৰিখন প্ৰবন্ধৰ আৰু তিনিখন আছিল কবিতাৰ। ইয়াৰ উপৰি তিনিখন আলোচনী প্ৰকাশ কৰিছিলোঁ আৰু একডজনমান আলোচনীত নিয়মিত লিখিছিলোঁ। মোৰ ধাৰণা হয়, সেই সময়ত লিখা কিতাপবোৰত বেছিভাগ সাহিত্য সম্বন্ধীয় পাপ মই কৰি পেলাইছিলোঁ। এই পাপবোৰ হ’ল— কৃত্রিমতা, স্থানীয়কৰণ, অপ্রত্যাশিতৰ সন্ধান আৰু সপ্তদশ শতিকাৰ শৈলী। এইবোৰৰ বাবে আজিও নিজকে ক্ষমাৰ অযোগ্য যেন লাগে। ভাব হয় এইবোৰ কিতাপ মই নহয়, অন্য কোনো লেখকেহে যেন লেখা। কিছু বছৰ আগতে যদি সেই কিতাপবোৰৰ বৰ বেছি দাম নহ’লহেঁতেন, মই তাৰ আটাইবোৰ কপী কিনি পুৰি পেলালোঁহেঁতেন।’
তদুপৰি আপুনি যদি যৌথভাৱে কোনো লেখকৰ সৈতে মিলি কাম কৰিব বিচাৰে তেন্তে এবাৰ হ’লেও তেওঁৰ এই গ্ৰন্থখন পঢ়িব। কাৰণ তেওঁ এই সম্পর্কে নিজৰ অভিজ্ঞতা ব্যক্ত কৰি লিখিছে— ‘মোক অনেকবাৰ সোধা হৈছে যে এই যৌথ উদ্যোগ কেনেকৈ সম্ভৱ হ’ল। মই ভাবোঁ ইয়াৰ বাবে প্ৰয়োজন— অহংকাৰ, আত্মশ্লাঘা আৰু প্ৰয়োজনত শিষ্টাচাৰো বিসৰ্জন দিব পৰা স্বভাৱ ৷ যৌথ উদ্যোগত উদ্যোক্তা দুজনৰ ব্যক্তিগত পৃথক অস্তিত্ব পাহৰি গৈ একমাত্ৰ কামৰ বিষয়ে চিন্তা আৰু মনোনিৱেশ কৰা হয় ৷
সাহিত্যিক বা লেখক এজনৰ জনপ্ৰিয়তাৰ বাবে প্রতিষ্ঠিত সংগঠনৰ পৰা বঁটা পোৱাটো কিমান জৰুৰী সেই কথাষাৰো আমি তেওঁৰ জীৱনৰ পৰা জানিব পাৰোঁ। বঁটা পোৱাৰ পিছতে তেওঁ কেনেকৈ ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিল সেই সম্পৰ্কে ব্যাখ্যা কৰি তেওঁ লিখিছে— ‘পঞ্চাশৰ দশকৰ আৰম্ভণিতে যি দুজন লেখকে মোৰ লেখা ফৰাচী ভাষালৈ অনুবাদ কৰাৰ মৰসাহ কৰি মোক পৰম উপকৃত কৰিছিল, তেওঁলোক হ’ল নেষ্টৰ ইবৰৰা আৰু ৰোজাৰ কাইয়োইছ। মোৰ ভাব হয় তেওঁলোকৰ এই পথ প্ৰদৰ্শনকাৰী কৰ্মই মোৰ সাহিত্যৰ ভেটি তৈয়াৰ কৰি দিছিল আৰু ফলস্বৰূপে হয়তো ১৯৬১ চনত চেমুৱেল বেকেটৰ সৈতে ময়ো ‘ফৰ্মোণ্টৰ বঁটা’ পাইছিলোঁ। যেতিয়ালৈকে ফৰাচী ভাষাত মোৰ আত্মপ্রকাশ ঘটা নাছিল, তেতিয়ালৈকে লেখক হিচাপে মই কেৱল বিদেশত নহয়, মোৰ স্বদেশতো প্রায় অদৃশ্য আছিলোঁ। এই বঁটা পোৱাৰ ফলত ৰাতিটোৰ ভিতৰতে মোৰ কিতাপবোৰ বেংছতাৰ দৰে পাশ্চাত্য দেশবোৰত ভৰি পৰিছিল।’
মুঠতে যদি এজন নবীন লেখক হিচাপে আপুনি নির্ভুলভাৱে আগবাঢ়িব বিচাৰে, তেন্তে তেওঁৰ এই জীৱনী এবাৰ হ’লেও পঢ়ি চাব।
ফোন : ৯৮৬৪২-৬৯৬৪০
Comments are closed, but trackbacks and pingbacks are open.