বকুল ফুলৰ সুবাস
কৰবী দেৱী
জকমকাই ফুলি থকা বকুলজোপাই হঠাতে সাগৰৰ দৃষ্টি আকৰ্ষণ কৰিলে।তাৰ খোজবোৰ স্থবিৰ হৈ পৰিল ।তাৰ দুচকুত তন্ময় ।মনত উৎসুকতা। বকুল ফুলৰ মিঠা সুবাসটো চৌপাশে আমোলমোলাই পৰিছে ।সংমিশ্ৰণ হৈ বৈ পৰিছে তাৰ উশাহটিৰ লগতো।এইবাৰ সি গছডালতে আঁউজি…