১২ আহাৰ, শনিবাৰ, ইং ২৭ জুন ২০২৬
১.মেষ ৰাশি(অ,আ,ল): আজি কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। শৰীৰত আঘাত পাব পাৰে, গতিকে চলা-ফুৰাত সতৰ্ক থাকিব। ব্যৱসায়ত মধ্যম ফল। বিদ্যাৰ্থীৰ কাৰণে নতুন সুযোগ আহিব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ৯।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি ঘৰুৱা দিশত শান্তি বজাই থাকিব। চাকৰি ক্ষেত্ৰত সমস্যাই দেখা দিব। প্রাপ্য ধন প্রাপ্তিৰ যোগ। বিদ্যাৰ্থীসকলৰ অধিক মনোযোগৰ প্ৰয়োজন। প্ৰেমত বাধা। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি পৰিশ্ৰম আৰু চেষ্টাৰ দ্বাৰা দিনটোত বিভিন্ন সমস্যাৰ সমাধান কৰিব পাৰিব। নিজৰ মনৰ কথা আনৰ আগত প্ৰকাশ নকৰিব। বিদ্যাত বাধা। প্ৰেমত কষ্ট। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২।
৪.কৰ্কট ৰাশি(ড,হ): আজি চাকৰিয়ালসকলৰ উন্নতিৰ যোগ। ব্যৱসায়ৰ জৰিয়তে নতুন বন্ধু লাভৰ যোগ। ঘৰত আলহীৰ আগমনৰ ফলত ব্যস্ততাৰ লগত অর্থ ব্যয়। বিদ্যাৰ্থীৰ ভ্ৰমণৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৬।
৫.সিংহ ৰাশি (ম,ট): আজি নতুন কোনো পৰিকল্পনা বাস্তৱত পৰিণত হ’ব পাৰে। সমাজসেৱামূলক কাম কৰি মানসিক আনন্দ লাভ। ভ্ৰমণৰ আলোচনা হ’ব পাৰে। ব্যৱসায়ত মধ্যম ফল। শুভ ৰং কমলা, শুভ সংখ্যা ২।
৬.কন্যা ৰাশি(ঠ,প,ন): আজি কৰ্মক্ষেত্ৰত জটিলতা পাব। সন্তানৰ কাৰণে পিতৃ-মাতৃৰ চিন্তা বৃদ্ধি পাব। উচ্চ বিদ্যাৰ্থীৰ বাবে বিভিন্ন ধৰণৰ সুযোগ-সুবিধা আহিব পাৰে। ব্যৱসায়ত শুভ ফল। শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা ৩।
৭.তুলা ৰাশি(ৰ,ত): আজি চাকৰি ক্ষেত্ৰত নতুনকৈ অশান্তি দেখা দিব পাৰে। সংসাৰৰ ব্যয় বৃদ্ধিৰ ফলত আর্থিক ক্ষেত্ৰত চিন্তা থাকিব। বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ কোনো সমস্যা দেখা দিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।
৮.বৃশ্চিক ৰাশি(ন,য): আজি চাকৰিৰ ক্ষেত্ৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ চিকাৰ হ’ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। কোনো মহিলাৰ কাৰণে বদনাম হোৱাৰ সম্ভাৱনা। হৃদৰোগীসকলে সতর্ক থাকিব। শুভ ৰং কলা, শুভ সংখ্যা ৭।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি নিবনুৱাসকলৰ যোগ্যতা অনুযায়ী কৰ্ম প্ৰাপ্তিৰ যোগ। পাৰিবাৰিক ক্ষেত্ৰত শুভ হ’লেও সন্তানৰ কাৰণে চিন্তা বৃদ্ধি পাব। বিদ্যাত শুভ। প্ৰেমত অস্থিৰতা বৃদ্ধি পাব। শুভ ৰং সোণালী, শুভ সংখ্যা ১।
১০.মকৰ ৰাশি(খ,জ): আজি কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধিৰ লগত পদোন্নতিৰ যোগ। ব্যৱসায়ৰ জৰিয়তে নতুন পৰিচিত লাভ। ঘৰুৱা সম্পদ হানিৰ যোগ। বিবাহৰ যোগাযোগত বাধা। শুভ ৰং মাখন, শুভ সংখ্যা ৩।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি ধৈর্যসহকাৰে কাম কৰিলে ভাল ফল লাভ কৰিব। আপোনাৰ সৰলতাৰ সুযোগ লৈ কোনোবাহ ক্ষতি কৰিব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত শাৰীৰিক সমস্যা দেখা দিব। বিদ্যাত উন্নতি। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি পাৰিবাৰিক ক্ষেত্ৰত শান্তি বজাই থাকিব। কোনো অশুভ সংবাদে মানসিক অশান্তি দিব পাৰে। দাম্পত্যত সুখ। যান-বাহন ক্ৰয় কৰাৰ যোগ। ব্যৱসায়ত সফলতা লাভ কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।
Comments are closed, but trackbacks and pingbacks are open.