দৈনিক ৰাশিফল ২৯ জুন ২০২৬

7

১৪ আহাৰ, সোমবাৰ, ইং ২৯ জুন ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , ভাল খৱৰ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, শিল্পী সকলৰ সুনাম বাঢ়িব লগতে আজি আপুনি আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শাৰীৰিক কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ মনৰ আশা ভংগ হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব , প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ মনটো উদাৰ হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনটো সহনশীল হ’ব , লগতে আজি আপোনাৰ নৃত্য গীতত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ সামান্য বুদ্ধি ভ্ৰষ্ট হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আগ্ৰহ বাঢ়িব যদিও আজি আপুনি সন্মন হানি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত অধিক সচেতনতা বাঢ়িব, সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত অশান্তি সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি ছোৱালী সকলে সজাগ নহ’লে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.