অৰুণিমা সিনহা: অদম্য সাহসৰ এক দাপোণ

28

এক মৰ্মান্তিক দুৰ্ঘটনাৰ পৰা বিশ্বৰ শিখৰলৈ-

এয়া হৈছে ইচ্ছাশক্তিৰ বিজয়ৰ এক কাহিনী। সাহস, দৃঢ়তা আৰু একাগ্ৰতাৰ এক কাহিনী। প্ৰত্যাহ্বানৰ মাজতো আশা আৰু সহনশীলতাৰ এক কাহিনী।

২০১১ চনত, ২৪ বছৰীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাই পিন্ধি থকা সোণৰ চেইনডাল দিবলৈ অস্বীকাৰ কৰাত চোৰে তেওঁক চলন্ত ৰেলৰ পৰা পেলাই দিছিল। সেই দুৰ্ঘটনাত তেওঁ নিজৰ বাওঁ ভৰিখন হেৰুৱাইছিল। চিকিৎসালয়ৰ বিচনাত এটা ভৰি কটা যোৱা অৱস্থাত শুই থকাৰ পৰাই অৰুণিমা সিনহাই এনে এক সংকল্প লৈছিল যিটো বহুতে অসম্ভৱ বুলি ভাবিব পাৰে।

সেই দিনটোৰ পৰাই তেওঁৰ লক্ষ্য কেৱল এটা কৃত্ৰিম ভৰিৰে খোজ কঢ়াত পাকৈত হোৱাই নহয়, বৰঞ্চ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাটোহে আছিল। ২০১৩ চনত তেওঁ তাকেই কৰি দেখুৱালে আৰু এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বিশেষভাৱে সক্ষম (amputee) ব্যক্তি হিচাপে পৰিগণিত হ’ল। ই আছিল এনে এক বিৰল কৃতিত্ব—যিটোক বহুতে অসম্ভৱ বুলি গণ্য কৰিব—যিয়ে কেৱল তেওঁৰ আত্মবিশ্বাসেই ঘূৰাই অনা নাছিল, বৰঞ্চ তেওঁক দেশৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে অনুপ্ৰেৰণাৰ উৎস কৰি তুলিছিল। ২০১৫ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ৰে বিভূষিত কৰা হয়।

অৰুণিমা সিনহাৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰত। লক্ষ্ণৌৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰৈৰ এই সৰু জিলাখনতেই তেওঁৰ শৈশৱ অতিবাহিত হৈছিল। অৰুণিমাই সৰুৰে পৰাই জীৱনৰ কঠিন বাস্তৱৰ সৈতে মুখামুখি হ’বলগীয়া হৈছিল

অৰুণিমাৰ পিতৃ সেনাবাহিনীৰ এজন অভিযন্তা আছিল। দেশৰ সেৱাত নিয়োজিত পিতৃৰ সাহস হয়তো অৰুণিমাৰ তেজত জন্মগতভাৱেই আছিল। তেওঁৰ মাতৃ জ্ঞান বালা আছিল এগৰাকী চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য পৰিদৰ্শিকা। অৰুণিমাৰ পৰিয়ালত তেওঁৰ উপৰিও আছে জ্যেষ্ঠ ভগ্নী লক্ষ্মী সিনহা আৰু ভাতৃ ৰাহুল সিনহা। অৰুণিমাৰ বয়স মাত্ৰ তিনি বছৰ  থাকোঁতেই তেওঁৰ পিতৃৰ বিয়োগ ঘটে। দেউতাৰ মৃত্যুৰ পিছত তেওঁৰ ভিনিদেউ শ্ৰীমান ওমপ্ৰকাশ, যাক সকলোৱে মৰমতে ‘ভাই চাহাব’ বুলি মাতিছিল, তেৱেঁই পৰিয়ালটোৰ মূৰব্বী হৈ পৰিছিল।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.