শোৱা কোঠা বা বেডৰুম এটাৰ বেড বেক ডিজাইন বা বিছনাৰ পিছফালৰ দেৱালখন ধুনীয়াকৈ সজাই তুলিলে গোটেই কোঠাটোৰ ৰূপ সলনি হৈ যায়। ইয়াক কেনেকৈ ডিজাইন কৰিব পাৰি, তাৰ কিছুমান আধুনিক আৰু সহজ উপায় আগবঢ়ালোঁ—
কুশ্বন বা পেডিং ডিজাইনঃ বৰ্তমান সভেলভেট বা লেডাৰ : বিছনাৰ পিছফালে নৰম
ভেলভেট বা লেডাৰঃ বিছনাৰ পিছফালে নৰম ভেলভেট বা লেডাৰৰ কাপোৰেৰে তৈয়াৰী কুশ্বন লগালে কোঠাটোৰ ৰূপ ৰাজকীয় দেখা যায়।
ফুল হাইট পেনেলঃ এই ডিজাইনটো বিছনাৰ পৰা চিলিং পর্যন্ত কৰিব পাৰি, যিয়ে কোঠাটো ডাঙৰ যেন দেখুৱায়।
কাঠৰ কামঃ কাঠৰ ডিজাইনে কোঠাটোক এটা প্রাকৃতিক আৰু আৰামদায়ক অনুভৱ দিয়ে।
লাইটিংঃ কাঠৰ পেনেলৰ কাষত ‘ৱাৰ্ম হোৱাইট’ এলইডি ষ্ট্রিপ লাইট লগালে নিশাৰ ভাগত কোঠাটো বহুত ধুনীয়া দেখি।
ভেনিয়াৰ ফিনিচিংঃ আজিকালি কাঠৰ চাৰিওফালে ভেনিয়াৰ বা লেমিনেট ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ আৰ্হি তৈয়াৰ কৰিব পাৰি।
ৱালপেপাৰ আৰু পেইণ্ট
যদি আপুনি কম খৰচত বেছি ভাল ডিজাইন বিচাৰে—
থ্রী-ডি ৱালপেপাৰঃ বিছনাৰ পিছফালে এটা সুন্দৰ টেক্সচাৰ থকা ৱালপেপাৰ লগাব পাৰে
ষ্টেনচিল পেইণ্টঃ দেৱালত বিভিন্ন ধৰণৰ ফুল বা জ্যামিতিক নক্সা পেইণ্ট কৰি ল’ব পাৰে।
আইনাৰ ব্যৱহাৰঃ যদি আপোনাৰ বেডৰুমটো সৰু, তেন্তে বিছনাৰ পিছফালে আইনা ব্যৱহাৰ কৰিব পাৰে । সৰু শোৱা কোঠাৰ বাবে বেডৰ ডিজাইন
নির্বাচন কৰোঁতে লক্ষ্য হ’ব লাগে যাতে ঠাইৰ সঠিক ব্যৱহাৰ হয় আৰু কোঠাটো দেখিবলৈও মুকলি লাগে।
আইনাই পোহৰ প্ৰতিফলিত কৰে, যাৰ ফলত সৰু কোঠা এটাও বহুত মুকলি আৰু উজ্জ্বল যেন লাগে ।
ছেল্ল্ফ বা আলমাৰী ডিজাইনঃ বিছনাৰ পিছফালৰ দেৱালখনত সৰু সৰু কাঠৰ ছেলফ বনাই ল’ব পাৰে। ইয়াত আপুনি প্রিয় কিতাপ, ফটো ফ্রেম বা সৰু ইনড’ৰ প্লান্ট ৰাখিব পাৰে। ৱাল মাউন্টেড হেডব’ৰ্ড বিছনাৰ সৈতে লগা হৈ থকাতকৈ দেৱালত লগোৱা কুশ্বন বা পাতল কাঠৰ ডিজাইন ব্যৱহাৰ কৰিব পাৰে ।
শ্বেল্ফযুক্ত হেডব’ৰ্ডঃ মূৰৰ ফালে সৰু সৰু ৰেক বা শ্বেল্ফ ৰাখিব পাৰে য’ত কিতাপ, চছমা বা ফোন ৰাখিব পৰা যায়। ইয়াৰ ফলত ‘ছাইড টেবুল’ৰ প্ৰয়োজন নোহোৱা হয়। ই কোঠাটোক এটা ব্যতিক্রমী লুক দিয়ে।
কিছুমান বিশেষ টিপছ
ৰঙৰ চয়নঃ বেড বেক ডিজাইনৰ ৰং বাছনি কৰোঁতে বিছনাৰ চাদৰ আৰু পৰ্দাৰ ৰঙৰ সৈতে মিলাই ল’ব।
লাইটিংঃ ডিজাইনটো জিলিকাই তুলিবলৈ ফ’কাচ লাইট বা ছাইড লেম্প ব্যৱহাৰ কৰিবলৈ নাপাহৰিব ।
বিছনাৰ দুয়োকাষে দেৱালত ওলোমাই থোৱা লাইট ব্যৱহাৰ কৰক যাতে টেবুলৰ ঠাই ৰাহি হয় ।
কোঠাৰ জোখ অনুযায়ী ইয়াৰে যিকোনো এটা ডিজাইন বাছি এনেদৰে আপুনিও আপোনাৰ শয়ন কক্ষ সাজি ল’ব পাৰে।
Comments are closed, but trackbacks and pingbacks are open.