জেউতি ৰাণী শৰ্মা
‘বৌদেউ ধানখিনি ইয়াতে থ’লোঁ। আমি দুপৰীয়ালৈ আহিম ৷’ দেওকণৰ মাত শুনি মণিলতাই খিৰিকীৰ কাষলৈ আহি মাত লগালে- ‘হ’ব দিয়া, দুপৰীয়া সোনকালে আহিবা দেওকণ।‘ ধানখিনি চোতালতে থৈ দেওকণ ওলাই গ’ল । এতিয়া পথাৰত ধান কটা সময়। প্ৰায়বোৰ মানুহৰে ঘৰৰ আগচোতাল ধানেৰে ভৰি থাকে। মণিলতাৰ এইকেইদিন দিনটো ব্যস্ততাৰ মাজেৰেই পাৰ হয়। ধান কটা মানুহকেইজনৰ বাবে দিনত চাহ ভাতৰ যোগাৰ কৰিব লাগে । তাৰ উপৰি ৰাতিপুৱাৰ পৰা ঘৰখনৰ ইটো সিটো কামৰ পৰা মূৰ তুলিবলৈ আহৰিয়েই নাপায় ৷ কইনা হৈ পাটৰ কাপোৰসাজ পিন্ধি এইখন ঘৰত প্ৰথম ভৰি দিয়াৰ দিনটোৰ পৰা আজি দহ বছৰে মণিলতাই ঘৰখন মন্দিৰৰ দৰে সজাই ৰাখিছে। মণিলতাৰ শাহুৱেক প্ৰণতি দেৱীয়ে এটা সময়ত গোটেই ঘৰখন আটোমটোকাৰিকৈ ৰাখিছিল। কিন্তু স্বামীৰ মৃত্যুৰ পাছত মানুহজনী অসুখীয়া হ’ল। ভৰিৰ বিষটোৰ বাবে তেওঁ আগৰ দৰে কামবোৰ কৰিব নোৱাৰা হ’ল। ডাঙৰ পুতেক হেমন্তলৈ মণিলতাক বিয়া কৰাই অনাৰ পিছত মণিলতাৰ হাতৰ পৰশত ঘৰখন আকৌ পোহৰ হৈ পৰিল । পাকঘৰৰ পৰা গোসাঁই ঘৰলৈ, চোতালৰ পৰা বাৰীৰ পিছফাললৈ প্ৰতিটো বস্তুৱেই মণিলতাৰ নখদর্পণত।
ৰঙা ফোঁটটো কপালত ডাঙৰকৈ আঁকি মণিলতা দৌৰা দৌৰিকৈ পাকঘৰত সোমাল । এইখিনি সময়ত হাত-ভৰিবোৰ খৰকৈ চলাবলগীয়া হয়। দৈনন্দিন কৰাৰ দৰে তাই এফালৰ পৰা কামবোৰ চিজিলকৈ কৰি গ’ল । অইন দিনাৰ তুলনাত আজি ঘৰখনৰ পৰিৱেশটো অলপ বেলেগ। শাহুৱেক আৰু নন্দেকে আঁৰ চকুৰে মণিলতাৰ কামবোৰ লক্ষ্য কৰি আছে। আনদিনাৰ দৰে সেই একেই উৎসাহ, একেই উদ্দীপনা। ক’তো অকণো হেৰফেৰ নাই। মণিলতাৰ কাষলৈ যাবলৈ কাৰো সাহসেই হোৱা নাই। খবৰটো কালিয়েই আহিল, অথচ…
হেমন্তৰ ভনীয়েক বাসৱী আহি বৌৱেকৰ কাষত থিয় হ’ল। মণিলতাই হাঁহি মাৰি সুধিলে- “কি হ’ল বাসৱী, আজি দেখোন মাত বোল নাই? কালি ৰাতি হাঁহৰ মাংস এডোখৰ কমকৈ দিয়াত খংটো এতিয়াও নাকত লাগিয়ে আছে নেকি?’ মণিলতাই খিলখিলাই হাঁহি দিলে। বাসৱীৰ লগত তাই সদায় এনেদৰে ধেমালি কৰিয়েই কথা পাতে। কিন্তু বাসৱীয়ে একো ক’ব পৰা নাই। পৰা নাই আজি তাই বৌৱেকৰ লগত সদায়ৰ দৰে ধেমালি কৰিব। তাৰ বিপৰীতে তাই আচৰিত হৈছে বৌৱেকৰ ধৈৰ্য আৰু সাহস দেখি। এইজনী মানুহৰ লগতে এনেকুৱা কিয় হ’ল? মণিলতাই বাসৱীক সৰু ভনীয়েকৰ দৰে মৰম কৰে। বিয়াৰ পিছত শাহুৱেক আৰু বাইশাহুৱেকৰ অত্যাচাৰৰ কৃপাত গিৰীয়েকৰ ঘৰত বাসৱী মাত্ৰ ডেৰ বছৰহে থাকিব পাৰিলে । ককায়েকে জোৰ কৰি ঘৰলৈ লৈ অনাৰ পিছত জীৱনৰ সকলো ৰং হেৰুৱাই সম্পূৰ্ণৰূপে ভাঙি পৰা বাসৱীক বৌৱেকে হাঁহি-ধেমালি আৰু মৰমৰ মাজেৰে ৰাখি আকৌ আগৰ বাসৱীজনীলৈ ঘূৰাই আনিলে। বাসৱীৰ বাবে মণিলতা কেৱল তাইৰ বৌৱেকেই নহয়, তাইৰ দৃষ্টিত মণিলতা এগৰাকী মাতৃতুল্য নাৰী। অকল বাসৱীৰ বাবেই নহয়, এটি মনপৰশা হাঁহি, উজ্জ্বল এযুৰি চকু, কপালত জিলিকি থকা ৰঙা গোল ফোঁট, চুলিৰ সেওঁতাত দীঘলকৈ লোৱা সেন্দূৰেৰে সৈতে প্ৰতিমাসদৃশ এখন মুখৰ অধিকাৰী মণিলতা ঘৰখনৰ লগতে গাঁৱৰ প্ৰতিজন মানুহৰ বাবে দেৱীৰ দৰে এগৰাকী নাৰী। বাসৱীয়ে এবাৰ বৌৱেকৰ হাতখনত ধৰি ক’লে- ‘তুমি এবাৰো প্রতিবাদ নকৰা কিয় বৌ? কিয় মনে মনে আছা, কেনেকৈ পাৰিছা তুমি?’ বাসৱীৰ হাতখন খামুচি মণিলতাই ক’লে- ‘যি হৈছে হ’বলৈ দিয়া বাসৱী, ককায়েৰাই যি কৰে সেয়া ভালৰ বাবেইতো কৰে।’ হেমন্তৰ সিদ্ধান্তত ঘৰৰ এজনো সদস্য সন্তুষ্ট নহয়। তথাপি তাৰ বিৰোধিতা কৰিবলৈ কৰো সাহস নাই ।
আজি হেমন্ত মানে মণিলতাৰ মানুহজন ঘৰলৈ আহিব। তেওঁ গুৱাহাটীৰ এটা চৰকাৰী কাৰ্যালয়ত কৰ্মৰত। নিজৰ মানুহজন ঘৰলৈ অহা দিনটো মণিলতাৰ বাবে আটাইতকৈ আনন্দৰ দিন। সিদিনা হেমন্তই ভালপোৱা সকলো বস্তুৱেই ৰান্ধে, বিছনা চাদৰ, গাৰু ক’ভাৰ আদি ধুই চিকচিকিয়া কৰি থয়। আনদিনাতকৈ নিজকে অলপ সজাই ৰাখে। আহি নোপোৱালৈকে তাইৰ মনটো এক বুজাব নোৱাৰা আনন্দত উচপিচাই থাকে। হেমন্তলৈ বিয়া হৈ অহাৰ পিছৰ সেই দিনকেইটা কিমান যে ভাল লগা আছিল । বিয়াৰ প্ৰথম নিশা লাজে ভয়ে তেওঁৰ চকুলৈ চোৱা, তেওঁ গহীন হৈ কোৱা কথাকেইষাৰ। প্ৰথম ছোৱালী চাবলৈ যোৱাৰ দিনা গাভৰু মণিলতাই যিজন মানুহৰ প্ৰেমত পৰিছিল, বিয়াৰ দহ বছৰ পিছতো সেই হেমন্তৰ প্ৰতি ভালপোৱা অকণো কমা নাই। তায়ো জানে হেমন্তই তাইক এতিয়াও সমানে ভাল পায়। মানুহজনে মৰমবোৰ দেখুৱাবহে নাজানে। ইটো সিটো কাম কৰি থকাৰ মাজতে আইনাখনলৈ মণিলতাৰ চকু গ’ল। ইচ চাদৰেৰে মুখখন মচি থাকোঁতে সেন্দুৰখিনি অকণমান মচ খাই গৈছে । তাই আকৌ ভিতৰলৈ গৈ সেন্দুৰখিনি ভালকৈ লগাই ল’লে। দীঘলকৈ শিৰত সেন্দূৰ ল’লে হেমন্তই ভাল পায়।
পাকঘৰৰ পৰা ওলাই মণিলতাই শাহুৱেকক চাহ দিবলৈ চোতাললৈ আহিল। চাহকাপ লৈ শাহুৱেকে নোচোৱাকৈয়ে মণিলতাক সুধিলে- ‘আজি ই হেমন্ত আহিব নহয় মণি!”
-‘অ’মা, মই ৰন্ধা বঢ়া যোগাৰ কৰিছোঁৱেই।’
শাহুৱেকে কওঁ নকওঁকৈ আকৌ ক’লে- কিন্তু এইবাৰ যে সি অকলে অহা নাই? মণিলতাই সহজভাৱেই উত্তৰ দিলে- ‘জানো, তাৰ বাবেও মই সকলো আয়োজন কৰি থৈছোঁ, আপুনি চিন্তা নকৰিব।’ মণিলতা আঁতৰি যোৱাৰ পিছত শাহুৱেকে নীৰৱে চকুলো টুকিলে। নিমাত হৈ থাকি তেওঁ বাৰু মণিলতাৰ লগত অন্যায় কৰিছে নেকি? ঘৰখনত মণিলতা তেওঁৰ আটাইতকৈ প্রিয়। মণিলতাক তেওঁ নিজৰ জীৰ দৰে মৰম কৰি আহিছে। কামে-কাজে সকলো ফালে পাকৈত মণিলতা তেওঁৰ বাবে অহংকাৰ । অথচ তাই আজি অন্তৰত এবোজা দুখ লৈ আছে বুলি জানিও তেওঁ বোৱাৰীয়েকৰ বাবে একো কৰিব পৰা নাই ।
ভগৱানে মণিলতাক কোনোফালেই অকামিলা কৰা নাই। তাইৰ জীৱনত মাত্ৰ এটাই অসম্পূর্ণতা, আজি দহ বছৰে তাই এইখন ঘৰক এজন উত্তৰাধিকাৰী দিব পৰা নাই। দুৰ্ভাগ্যবশতঃ মণিলতাৰ গৰ্ভত থিতাপি লোৱা প্ৰথম সন্তানটি মাত্ৰ দুমাহৰ পিছতেই হেৰুৱাবলগীয়া হৈছিল। শাহুৱেকে বুজাইছিল এয়া ভগৱানৰ ইচ্ছা। এবছৰ দুবছৰকৈ সময়বোৰ যিমানেই পাৰ হ’ল সিমানেই হেমন্তৰ ব্যৱহাৰৰ পৰিৱৰ্তন হ’বলৈ ধৰিলে। হেমন্তক কেৱল এটা সন্তান লাগে। সমাজত তেওঁৰ যি মর্যাদা আছে সেয়া তেওঁ তল পৰিব দিব বিচৰা নাছিল ৷ অসম্পূর্ণতা তেওঁ মানি ল’ব নিবিচাৰে। পিতৃ হ’ব নোৱাৰা ক্ষোভত হেমন্ত আগতকৈ বহুত সলনি হ’ল। লাহে লাহে মণিলতাৰ পৰাও হেমন্তই দূৰত্ব বজাই ৰাখিবলৈ ধৰিলে। আৰু মণিলতা? মণিলতাই মাত্ৰ মনৰ দুখবোৰ লুকুৱাই চিৰযুগমীয়া হাঁহিটোৰে নিজৰ সমস্ত দায়িত্ব পালন কৰি গ’ল। দিন যোৱাৰ লগে লগে গাঁৱৰ কিছু কিছু মানুহৰ মুখত মণিলতাই এটা নতুন নাম পালে। ‘বাজি’।
এজনী পত্নী হিচাপে আজিৰ দিনটোত কেনে আচৰণ কৰিব লাগে মণিলতাই সেয়া ভবা নাই। তাই কেৱল নিজৰ দায়িত্বৰ পৰা পলোৱা নাই। এজন পুৰুষ হিচাপে এইখিনি বিচৰাটো জানো হেমন্তৰ ভুল? তেওঁ ঘৰখনৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে । এয়া তেওঁৰ দায়িত্ব। তেওঁতো এজন পুৰুষ। ইমান দিনে তেওঁনো তাইৰ পৰা কি পালে? তাৰ বাবেইনো তাই হেমন্তক দোষ দি থাকিবনে? তেওঁৰ সুখতেই মণিলতা সুখী। ইতিমধ্যে ওচৰ-চুবুৰীয়াৰ মুখত কথাষাৰ বিয়পি পৰিছে। বিভিন্নজনৰ মুখত বিভিন্ন কথা—
কথাটো সঁচানে?
ইচ ৰাম বেয়াই লাগে
হয় জানো ?
আবেলি ৪ মান বজাত পদূলিত এখন গাড়ী ৰ’ল। মণিলতা সাজু হ’ল তাইৰ জীৱনৰ এটি কঠোৰ বাস্তৱক আদৰিবলৈ। ভিতৰখনে বাৰে বাৰে কান্দি উঠিছে। নাই, মণিলতা ভাঙি পৰা নাই, তাই নিজকে দোষ দিয়া নাই, নিজৰ অসমৰ্থতাৰ ওপৰত ঘিণ উপজা নাই। এগৰাকী অপূৰ্ণ নাৰী হোৱাৰ দুখ বুকুত বান্ধি মণিলতা ওলাই আহিছে হাতত ধূপ-চাকিৰ কাঁহীখন লৈ। গাড়ীৰ পৰা হেমন্তৰ লগত নামি আহিছে চিকমিকিয়া পাটৰ কাপোৰেৰে এজনী ন-কইনা। হেমন্তৰ সহকৰ্মী দত্তৰ ভনীয়েক। বিয়াৰ এবছৰ পিছতে শিৰৰ সেন্দূৰ মচি মাকৰ ঘৰতে আছিল । আৰু আজি হেমন্তৰ দ্বিতীয় পত্নী। মণিলতা আগবাঢ়ি আহিল। তাইৰ সন্মুখত থিয় হৈ আছে তাইৰে প্ৰতিদ্বন্দ্বী। ছোৱালীজনীৰ হাতত ধৰি তাই ক’লে- ‘সতিনী নহয়, ভনী হিচাপে মোৰ ঘৰলৈ তোমাক স্বাগতম।’ চোতালত থিয় হৈ থকা প্ৰতিজন ব্যক্তিৰে চকুত এটাই প্রশ্ন ‘মণিলতাই কেনেকৈ পাৰিছে?”
সকলোকে ভাত-পানী দি মণিলতাই সিহঁতৰ কোঠাটো ঠিক ঠাক কৰি আছিল । আজি এইটো কোঠাত নতুন ছোৱালীজনীৰ সতে হেমন্ত থাকিব। ন-কইনা এজনীক আদৰিবলৈ যিমানখিনি কৰিব লাগে মণিলতাই আজি সকলোখিনি কৰিছে। তেনেতে হেমন্ত সোমাই আহি মাত লগালে-‘লতা’। আস্! কিমানদিন যে শুনা নাই এই মাতষাৰ। তাই ঘূৰি চালে। হাজাৰ চেষ্টাৰ পিছতো চকুযুৰি চলচলীয়া হৈ পৰিল। মণিলতাৰ এনে লাগিছে যেন আগৰ দৰে সৰু ছোৱালীজনী হৈ হেমন্তৰ বুকুত সোমাই হেঁপাহ পলুৱাই কান্দিব। কিন্তু আজি আৰু সেই সময় নাই। ওচৰত থাকিও সিহঁত যে এতিয়া বহু দূৰত ৷ অপৰাধী ভাবেৰে হেমন্তই ক’লে-‘লতা, মই আচলতে….।’
কথাষাৰ সম্পূৰ্ণ হ’বলৈ নিদি মণিলতাই মাত লগালে- “মই বুজিছো, আপোনাৰ অধিকাৰ আছে নিজৰ সুখবোৰ আৰ্জি লোৱাৰ ৷ চিন্তা নকৰিব, আজিৰ পৰা ঘৰখন সম্পূৰ্ণ হ’ব। দুদিনমান পিছত এইখন ঘৰে কেঁচুৱাৰ কান্দোন শুনিব, ইয়াতকৈ সুখৰ কথা আৰু কি হ’ব পাৰে কওকচোন।’ হেমন্তই একো ক’ব পৰা নাই। মণিলতা আঁতৰি যাবলৈ ওলাই এবাৰ হেমন্তৰ চকুলৈ ঘূৰি চাই সুধিলে- ‘আপুনি মোক বহুত ভাল পায় ন।’ হাঁহি মাৰি তাই আঁতৰি গ’ল ৷
বাহিৰত বৰষুণ অহাৰ আগজাননী। ভাত খাই ঘৰৰ আটাইবোৰ টোপনিত পৰিল। হেমন্তহঁতৰ কাষৰ সৰু কোঠাটোত মণিলতাই নিজৰ থকাৰ ব্যৱস্থা কৰি লৈছে। সিটো কোঠাৰ পৰা মিহিকৈ এটি নাৰীকণ্ঠ ভাহি আহিছে। ভাহি আহিছে টুকুৰা-টুকুৰ হাঁহিৰ শব্দ। এটা কোঠাত ফুলশয্যাৰ ৰজনী পাৰ কৰিছে এহাল নৱদম্পতীয়ে ৷ আৰু আনটো কোঠাত বিছনাত ইকাটি সিকাটি কৰি নিদ্রাহীন ৰাতি পাৰ কৰিছে মণিলতাই। বাহিৰত তেতিয়ালৈ ধাৰাসাৰ বৰষুণ। শব্দ নোহোৱাকৈ মণিলতা বিছনাৰ পৰা উঠি আহিল। তাইৰ এনে লাগিছে বৰষুণজাক যেন তাইৰ বাবেই আহিছে। তাই এখোজ দুখোজকৈ গৈ চোতালত ভৰি দিলে। হাতেৰে চাদৰৰ আঁচলতো তুলি মূৰৰ ওপৰত ল’লে। চুলিখিনি পানীৰে তিতি সেন্দূৰখিনি মচ খাই গ’লে বেয়া লাগিব। গাৰ কাপোৰবোৰ বৰষুণৰ পানীয়ে তিয়াই পেলালে। আজি বৰষুণজাকক বৰ নিজৰ নিজৰ লাগিছে। বিজুলী আৰু ঢেৰেকনিও যে মানুহৰ ইমান আপোন হৈ পৰে সেয়া মণিলতাই আজিহে অনুভৱ কৰিছে। ঢেকেনি আৰু বৰষুণৰ শব্দত মণিলতাৰ বুকু ফাটি যোৱা কান্দোনৰ শব্দ কোনেও নুশুনিলে….
ফোনঃ ৯৯৫৭২-১৯৮৯৩
Comments are closed, but trackbacks and pingbacks are open.