এজাক জোনাকীৰ জিলমিল

6

এইহাল বুঢ়া-বুঢ়ীয়ে আজি দিনটোৰ ভিতৰতে আমাৰ একো অপকাৰ কৰিব নোৱাৰে। আজি ইমানদিনে যেনেকৈ চলি আহিছ, আজিও তেনেকৈ চলি যাব পাৰ। কিন্তু সন্দেহ নকৰি, মুখখুলি কথা ক, এটা দিনৰ কাৰণে সিহঁতক আপোন কৰি ল, তোৰ একো লোকচান নহয়, কিন্তু অকণমান মৰম পাবি।

লাভ কি? কি লাভ ? এনেকুৱা ক্ষন্তেকীয়া মৰমক ভয় কৰি চলিব লাগে । যি পোহৰে আমাক বাট দেখুৱাব পাৰে তেনেকুৱা পোহৰ আমাক লাগে। যি পোহৰে ক্ষন্তেকৰ কাৰণে জিলিকি উঠি চকু চাট মাৰি ধৰে, আমাক বিভ্ৰান্ত কৰে, তেনেকুৱা পোহৰ আমাক নালাগে। (নাটক – এজাক জোনাকীৰ জিলমিল, ৰচনা – ড° ভবেন্দ্ৰনাথ শ‍ইকীয়া)

ছাত্ৰ অৱস্থাৰ কথা। স্বাধীনতা লাভৰ লগে লগে হোৱা দেশ বিভাজনৰ ঘটনাক কেন্দ্ৰ কৰি ভবেন্দ্ৰনাথ শ‍ইকীয়াই লিখি উলিয়াইছিল একাংক নাটক— ভাগ-বাটোৱাৰা। নাটকখন নগাঁৱৰ আমোলাপট্টি নাট্যমন্দিত মঞ্চস্থ হৈছিল। সেয়াই আছিল ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ প্ৰথম নাটক। আমি শিশু আলোচনী সঁফুৰা পঢ়ি ডাঙৰ হোৱা মানুহ। গতিকে শিশুকালত ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াক প্রথম জানিছিলো তেওঁৰ দ্বাৰা সম্পাদিত শিশু আলোচনী সঁফুৰাৰ জৰিয়তে ।

অনেকবাৰ পঢ়িলো তেওঁৰ ৰচনা তোমালোকৰ ভাল হওক, মহাদুষ্টৰ দুষ্ট বুদ্ধি আদি। হাইস্কুলত পঢ়ি থাকোঁতে হাতত পৰিল তেওঁৰ শিশু উপন্যাস মৰমৰ দেউতা, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট। তাৰ পিছত ভবেন শ‍ইকীয়াৰ বহুকেইটা গল্প-উপন্যাস পঢ়িলো, প্রান্তিক প্রায় নিয়মীয়াকৈ পঢ়িলো, তেওঁৰ চিনেমা চালোঁ । তেওঁৰ চিনেমাই অসমলৈ অনা বিভিন্ন বঁটা-সন্মানক লৈ গর্বিত হ’লোঁ। তেওঁৰ আত্মজীৱনী জীৱন বৃত্তৰ বহু আলোচনা পঢ়িলোঁ-শুনিলোঁ। কিন্তু ৰেডিঅ’ক বাদ দি নাট্যকাৰ ভবেন্দ্ৰনাথ শ‍ইকীয়াজনৰ কথা ম‍ই নাটকৰ জগতখনৰ লগত জড়িত নোহোৱালৈকে বৰ বেছিকৈ শুনা নাছিলোঁ । এয়া মোৰেই সীমাবদ্ধতা।

২০১৮ চনৰ আগষ্ট মাহত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত চাইছিলো ইনলি ফাউণ্ডেচনে সুপৰিচালক নয়ন প্ৰসাদৰ পৰিচালনাত মঞ্চস্থ কৰা ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ নাটক এজাক জোনাকীৰ জিলমিল। শ‍ইকীয়া ছাৰৰ সকলো ৰচনা আৰু চিনেমাৰ প্ৰতি আগ্ৰহী বাবেই তেওঁৰ এজাক জোনাকীৰ জিলমিল নাটকখন কেইবাবাৰো পঢ়িছো, নাট্যকাৰে ক’ব খোজা সময়খিনি আৰু চৰিত্ৰকেইটিৰ মনোজগতত বিচৰণৰ চেষ্টা কৰিছোঁ ৷

১৯৬১ চনত ৰচিত নাটকখন ইতিমধ্যে বহুবাৰ মঞ্চস্থ হোৱাৰ কথা জানো যদিও ২০১৮ চনৰ আগলৈকে কোনোদিনে মই নাটকখনৰ মঞ্চায়ণ চাই পোৱা নাছিলোঁ। এজাক জোনাকীৰ জিলমিল বিপ্লৱৰ কিছু ছাঁ-পোহৰ আৰু মনোহৰ, ভাস্কৰ, মৃণাল, বিজুলীহঁতৰ কাহিনী। ভিন্ন বয়সৰ তিনিজন বিপ্লৱী— প্ৰায় ষাঠি বছৰীয়া মনোহৰ, পঁয়ত্রিশ বছৰীয়া ভাস্কৰ, সাতাইশ বছৰীয়া মৃণালে এদিনৰ বাবে আশ্ৰয় লয় ছোৱালী মহাবিদ্যালয় এখনৰ এটি শ্ৰেণীকোঠাত। চকীদাৰে তেওঁৰ পত্নীক কয়— তই কথাটো বুজা নাই। তেওঁলোক থাকিবলৈ অহা আলহী নহয় নহয়। ক’লে নুশুনিলি, দিনটো কোনোমতে বহি শুই কটাব।

গধূলি পৰত বোলে উজনিলৈ যোৱা ৰে’লৰ সময়। ৰে’লত উঠি গুচি যাবগৈ। নাটকখনৰ আৰম্ভণিতে থকা এই সংলাপৰ জৰিয়তে মৃণালহঁতযে সাধাৰণভাৱে মানুহৰ ঘৰলৈ অহা আলহী নহয় সেয়া সহজেই বুজিব পাৰি ৷ ভাস্কৰে কয়- নাই, যুদ্ধ শেষ হোৱা নাই। যিবোৰ মানুহক গোলাম কৰিবলৈ গুলীয়াগুলী কৰিছিল, সিহঁতৰ গুলীৰ বল কমিছে। কিন্তু যিবোৰ দুৰ্ভগীয়া গোলামে মুকলি হ’বলৈ বিচাৰিছে সিহঁতৰ কাৰণে যুদ্ধ শেষ হ’বলৈ বহুত দিন আছে। নাটকখনত দেশ বা মানুহবিলাকৰ মাজত লগা যুদ্ধৰ কথাৰ লগতে অতি নিপুণভাৱে দেখুওৱা হৈছে মানুহৰ মনৰ মাজত চলি থকা যুঁজ-বাগৰবোৰৰ কথাও।

এদিনৰ চিনাকি মহাবিদ্যালয়খনৰ চকীদাৰ- চকীদাৰনী আৰু তেওঁলোকৰ একমাত্ৰ জীয়েক বিজুলীৰ আতিথ্যত বিপ্লৱৰ কথা পাহৰি অলপ বেছিকৈয়ে আৱেগিক হৈ পৰে মনোহৰ আৰু মৃণাল। মনোহৰে বিজুলীৰ মুখেৰে সৰুতে এৰি থৈ অহা বৰ্তমানৰ গাভৰু জীয়েকৰ খবৰো পায় ৷ এবাৰ নিজ সন্তানক চাবলৈ তেওঁ ব্যাকুল হৈ পৰে দৃঢ়মনা ভাস্কৰে মৃণাল-মনোহৰৰ আৱেগক ভেটা দিবলৈ গৈ নিজে কঠোৰ হ’বলৈ বাধ্য হয় যদিও পত্নী-সন্তানৰ স্মৃতিয়ে তেওঁকো ক্ষন্তেক সময়ৰ বাবে অস্থিৰ কৰি তোলে।

ৰাষ্ট্ৰযন্ত্ৰৰ দৃষ্টিত সিহঁত অপৰাধী, গতিকে লক্ষ্য পাহৰি কোনসতেনো বিচাৰি যায় পৰিয়ালৰ সংগ। তথাপি চেনেহ-আদৰ-যত্ন, পৰিয়ালৰ টান আদি স্বাভাৱিক জীৱনমুখী প্ৰক্ৰিয়া আৰু মোহক উপেক্ষা কৰাটো জানো ইমান সহজ? কোনো এক লক্ষ্যৰ বাবে উৎসর্গিত জীৱনে সমসাময়িকভাৱে এনে বান্ধোন উপেক্ষা কৰিব পাৰিলেও পৰিয়াল বা প্ৰেয়সীৰ চেনেহ-স্পর্শ পালেই যেন মনে হাহাকাৰ কৰিবলৈ লয়। বিজুলীৰ জৰিয়তে পৰিচয় পাই মনোহৰেও নিজৰ ছোৱালীজনীক চাবলৈ ব্যাকুল হৈ পৰে। কাৰণ বৰ্তমান মনোহৰহঁতে আশ্রয় লোৱা মহাবিদ্যালয়খনৰ কোঠাটোৰ পৰা মাত্ৰ আধামাইলৰ দূৰত্বতে তাই আছে। পিতৃ হিচাপে মনোহৰ অস্থিৰ হৈ উঠিছে।

এয়া তেনেই স্বাভাৱিক মানৱীয় কথা । পিছে মনোহৰ, ভাস্কৰহঁতে যি পথ ইতিমধ্যেই লৈ পেলাইছে সেই পথত এই কথাবোৰ, আনকি সন্তানৰ প্ৰতি আৱেগো স্বাভাৱিক নহয়। সেয়ে ভাস্কৰে কঠোৰভাৱে কয় যে সিহঁত চহৰৰ বাটলৈ ওলালেই আৰু উভতি আহিব নোৱাৰিব৷ গতিকে মনোহৰে জীয়েকক লগ কৰাৰ লোভ সম্বৰণ কৰা উচিত। তাৰ মতে নিজৰ সন্তান, পত্নী-পৰিয়ালৰ ওচৰ চপাটো সিহঁতৰ কাৰণে অতি বিপজ্জনক। আনকি পৰিয়ালক লগ কৰিবলৈ যোৱা কথাটোক ভাস্কৰে অমানুষিক বুলিহে উল্লেখ কৰিছে।

অথচ দেখাত অতি কঠোৰ সেইজন ভাস্কৰৰ মনেও ঘৰত এৰি থৈ অহা মৰমৰ মানুহজনী আৰু এঘাৰ বছৰীয়া পুত্ৰৰ বাবে কান্দে, নির্জন হাবিৰ গছপাতৰ ওপৰত বিছনা পাৰি লৈ পৰি থাকোতে কান্দিবলৈ মন যোৱাৰ কথা কয় ৷ ভাস্কৰ, মনোহৰহঁতে বিপ্লৱৰ অংশীদাৰ হৈ নিজ সন্তানৰ শৈশৱ-কৈশোৰ, যৌৱনো নেদেখিলে। ইফালে ছোৱালী মহাবিদ্যালয়ৰ ওখ ওখ দেৱালৰ মাজত এক নিতান্তই সাধাৰণ, গতানুগতিক জীৱন কটোৱা বিজুলীহঁতৰ বাবে যেন এই তিনি আলহী সাক্ষাৎ দামোদৰ। শ‍ইকীয়া ছাৰৰ ৰচনাৰাজিত সাধাৰণ মানুহৰ কথাবোৰ অসাধাৰণ ৰূপত অং কিত হয়। সেয়া আমাৰ নিচিনা দৰ্শক বা পঢ়ুৱৈৰ বাবে অতি উপভোগ্য।

হৃদয়ানন্দ গগৈয়ে সম্পাদনা কৰা গল্প আৰু শিল্পত সন্নিৱিষ্ট এক সাক্ষাৎকাৰত শ‍ইকীয়া ছাৰে কৈছিল- নাটক ৰচনাৰ ক্ষেত্ৰত মোৰ দৃষ্টিভংগী হল মই আমাৰ জীৱনৰ আমাৰ সমাজৰ, আমাৰ মনৰ পৰাই উপাদান সংগ্ৰহ কৰিম, নাটক হিচাপে উপস্থাপন কৰোঁতে দর্শকে যেন সেই উপাদানবোৰ সহজে চিনি পায় আৰু সেয়া যেন তেওঁলোকৰ বস্তু বুলি ভাবিব পাৰে। অনাৱশ্যক জটিলতা মই নাটকত পৰিহাৰ কৰিবলৈ চেষ্টা কৰোঁ । চাই যাওঁতে দৰ্শকে নাটকৰ ৰস আৰু বক্তব্য উপলব্ধি কৰি যাব পৰাটো নাটকৰ এটা ভাল গুণ বুলি মই বিশ্বাস কৰোঁ।

মৰমৰ দেউতা, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট, অন্তৰীপ আদিৰ পৰা ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ঢোঁৰাসাপ, প্ৰহৰী, বৃন্দাবন, বাণপ্রস্থ, এন্দুৰ, শৃংখল, বর্ণনা, দৰিদ্ৰ কুবেৰ, বৃন্দাবন, এই বন্দৰৰ আবেলি, আকাশ, তৰুলতা ইত্যাদি গল্প পঢ়ি আমি অত্যন্ত মুগ্ধ হৈ থৈছোঁ। পদ্মশ্রী ভবেন্দ্ৰনাথ শ‍ইকীয়া ২০০০ চনৰ গৰীয়সী আৰু সাদিনৰ জনমত সমীক্ষাত কুৰি শতিকাৰ কুৰিজন শ্রেষ্ঠ অসমীয়াৰ অন্যতম হিচাপে নিৰ্বাচিত হৈছিল। এজাক জোনাকীৰ জিলমিল ১৯৪৬-১৯৪৯ চনৰ পটভূমিত ৰচিত হ’লেও পৰিস্থিতিৰ ধৰণ-কৰণ আজিৰ সময়ৰ লগত খাপ খোৱা ।

অস্থিৰ সময় আৰু বিপ্লৱ-মানৱ ইতিহাসৰ যেন প্রতি পৃষ্ঠাৰ কাহিনী। নাটকখনৰ এই বৈশিষ্ট্য মন কৰিবলগীয়া। নাট্যকাৰে এজাক জোনাকীৰ জিলমিলৰ বাবে মঞ্চ নির্দেশনা দি থৈ গৈছে এনেদৰে— প্রথম দৃশ্যৰ সময় দোকমোকালি, দ্বিতীয় দৃশ্যৰ সময় দুপৰীয়া আৰু তৃতীয় দৃশ্যৰ সময় আবেলি। এই হিচাপে মঞ্চৰ পোহৰ নিয়ন্ত্ৰণ কৰাটো বাঞ্ছনীয়। ১৯৬১ চনত লিখা এই নাটকখন দ্বিতীয় মহাযুদ্ধৰ পাছৰ এছোৱা সময়ৰ (১৯৪৬-১৯৪৯ চনৰ মাজৰ) পৰিৱেশ, সাজপাৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি মঞ্চস্থ কৰাটো যুক্তিযুক্ত। অন্য এছোৱা সময়ৰ লগত খাপ খুৱাবলৈ যেন নাটকখনৰ সংলাপৰ পৰিৱৰ্তন কৰা নহয়। অলংকাৰ, ভগা ডেউকাৰ ছাঁ, পুতলা নাচ, তীৰ্থ, যাতনা, অৱৰোধ আদি শ‍ইকীয়া ছাৰে লিখা নাটক। ছাৰে ১৯৮১ চনত লিখা ৰামধেনু আছিল ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী আৱাহনৰ কাৰণে লিখা তেওঁৰ প্ৰথম নাটক। ৰামধেনুৰ মূল কাহিনীটো তেওঁ অনাতাঁৰ কেন্দ্ৰৰ বাবে লিখা কোলাহল নামৰ নাটকখনৰ পৰা লৈছিল।

নিজৰা ৰাজকুমাৰী

You might also like

Comments are closed, but trackbacks and pingbacks are open.