মঞ্চ জীৱনৰঃ পেবেট, মিগি সাৰাং, নুপী আদিৰ কথাৰে…

4

নিজৰা ৰাজকুমাৰী

মঞ্চৰ পোহৰ
অথবা জীৱনৰ আন্ধাৰত
জিলিকি থাকে চৰিত্ৰবোৰ
সংলাপত হৃদয় থাকে
নে পৃথিৱী ছুঁয়াময়া বাতুলতা
বেঙুনীয়া পোহৰত প্ৰজা
উজ্জ্বল হালধীয়াত ৰজা
নাটকৰ নাটকত কোনে হেৰুৱাই থৈ আহে
মায়াৰো ঊৰ্ধ্বৰ মায়া ।

মণিপুৰ। সমাজ, ৰাজনীতি, উগ্ৰপন্থী আদিৰ কথা পাতোতে আমি মণিপুৰৰ কথাও পাতো। কিন্তু আমাৰ চুবুৰীয়া ৰাজ্যখনৰ নাটক আৰু নাটকৰ চৰ্চাৰ বিষয়ে আমি কিমান কথা পাতো বা জানো? ম‍ই কেতিয়াও মণিপুৰলৈ যোৱা নাই, তাত হৈ থকা বা মণিপুৰৰ মানুহে ভালপোৱা নাটকৰ বিষয়ে ক্ষেত্রভিত্তিক অধ্যয়ন কৰি পোৱা নাই। বহুবছৰ আগৰে পৰা মাথোঁ মাজে মাজে কাণত পৰি থাকিছিল এটি নাম এইচ. কানহাইলাল । আমাৰ বাবে নামটোত বিস্ময় আছিল। নাটক আছিল তেওঁৰ বাবে ন-ন আৱিষ্কাৰ বা অবিশ্বাস্য সৃজনীশীলতাৰ অন্য নাম । এইচ. কানহাইলালৰ লগতে আৰু এটি নাম শুনিছিলো সাৱিত্ৰী দেৱী। এইচ. কানহাইলালৰ পত্নী, অসামান্য প্রতিভাধৰ অভিনেত্রী সাৱিত্ৰী দেৱীক বহুত নাট্যকর্মীয়ে মাতৃৰ স্থানত ৰখাৰ কথা জানিছিলো। ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গল্প ডাকঘৰৰ নাট্যৰূপত সাৱিত্ৰী দেৱীয়ে কৰা অসাধাৰণ অভিনয়ৰ কথা ৰূপকথাৰ দৰে আমাৰ কাণত পৰিছিল। টুকুৰাটুকুৰ এই কথাবোৰে মনত কৌতূহল জগাইছিল। ভাবিছিলো নাটক আচলতে খুবেই সাধাৰণভাৱে লৈ থ’ব পৰা এবিধ কলা নহয় । নাটকে বহুত কথা কয়। এইচ. কানহাইলাল আৰু সাৱিত্ৰী দেৱীৰ কথা শুনি থাকোঁতেই সৌভাগ্যক্রমে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত এসন্ধ্যা চাবলৈ পাইছিলো কানহাইলালৰ পেবেট। নাটকৰ সুখ আৰু নাটকখনে কোৱা কথাবোৰৰ চিন্তাৰে সেইদিনা ভৰপূৰ মন এটাৰে প্ৰেক্ষাগৃহৰ পৰা ওলাই আহিছিলোঁ। পেবেটত সুৰ আৰু শিল্পীসকলৰ শাৰীৰিক ভংগিমাও আছিল অপূর্ব। পেবেটে মণিপুৰৰ নাটকৰ জগতখনৰ বিষয়ে, কানহাইলাল- সাৱিত্ৰীৰ বিষয়ে মোৰ দৰে সাধাৰণ নাট্যপ্ৰেমীৰ আগ্রহ বঢ়াইছিল।

তেওঁলোকৰ অবিস্মৰণীয় সৃজনীশীলতাৰ প্ৰমাণ ডাকঘৰ চোৱাৰ আশা মনতেই ৰ’ল যদিও নাটকখনৰ বিষয়ে হোৱা অনেক আলোচনাই আমাক আপ্লুত কৰিছিল। জ্ঞানপীঠ বঁটা বিজয়িনী মহাশ্বেতা দেৱীৰ গল্পৰ আধাৰত কৰা নাটক দ্রৌপদীৰে কানহাইলালে মঞ্চৰ পৰাই সমাজক কঁপাই তুলিছিল ৷ এনেবোৰ নাটক আছিল তেওঁৰ সামাজিক দায়িত্ববোধৰ উৎকৃষ্ট নিদর্শন। নাটকেৰে নাট্যকর্মীয়ে নিজৰ সামাজিক-ৰাজনৈতিক স্থিতিক জাহিৰ কৰি অন্যায়ৰ প্ৰতিবাদ কৰিব পাৰে, দর্শক-শ্রোতা- পাঠকৰ মনত চিন্তাৰ খোৰাক যোগাব পাৰে। এইখিনি কথা ভাবি থাকোঁতে হঠাৎ মনলৈ আহিল জোনাকী যুগৰ লেখক পদ্মনাথ গোহাঞিবৰুৱাই ১৯২৪ চনত লিখা নাটক ভূত নে ভ্ৰমৰ কথা। এইখন লঘু সামাজিক নাটক য’ত গাঁৱলীয়া মানুহৰ মনৰ পৰা অন্ধবিশ্বাস নাইকিয়া কৰাৰ এক চেষ্টা চলোৱা হৈছিল। ভূতৰ ভয়, ৰোগীক ঔষধ-পথ্য যোগান ধৰাৰ পৰিৱৰ্তে বেজৰ শৰণাপন্ন হৈ ৰোগী মৃত্যুমুখত পৰাৰ কাহিনী সন্নিৱিষ্ট এই নাটকখনে আজিৰ তাৰিখত দৰ্শকক আকৰ্ষিত কৰিব নোৱাৰিলেও ১৯২৪ চনত নিশ্চয়কৈ ইয়াৰ বিষয়বস্তু প্ৰাসংগিক আছিল। নিবন্ধকাৰ ড° অজিত শ‍ইকীয়াই এঠাইত কৈছিল— ভূত নে ভ্ৰম নাটকখনত কিছু খুটি-নাটি ধৰা পৰে যদিও আধুনিক অসমীয়া নাট্যসাহিত্যৰ আদিস্তৰৰ নাটক হিচাপে কেৱল এইখনতে নহয়, গোহাঞিবৰুৱাৰ তিনিওখন সামাজিক নাটকতে গাঁৱলীয়া চৰিত্ৰবোৰৰ কথা-বার্তা, চালচলন, আচাৰ-ব্যৱহাৰ বৰ সজীৱতাৰে অংকিত হৈছে। অসমীয়া যোজনা- পটন্তৰে নাটককেইখনৰ শোভা বঢ়াইছে। তদুপৰি গাঁৱলীয়া জীৱন যাত্ৰাৰ দোষ-ত্রুটি, কুসংস্কাৰ, অন্ধবিশ্বাসৰ ছবিবোৰ সহানুভূতিৰে অংকন কৰিব পৰাটো নাট্যকাৰৰ বিশাল হৃদয়ৰ মহানুভৱতাৰ পৰিচায়ক বুলিব পাৰি ।

এই যে নাট্যকাৰৰ বিশাল হৃদয়ৰ মহানুভৱতাৰ কথা কোৱা হৈছে সেয়া সঁচাকৈয়ে নাটকৰ উত্তৰণৰ বাবে জৰুৰী। সামাজিক- সাংস্কৃতিক-ৰাজনৈতিক আদি প্ৰতিখন ক্ষেত্ৰতে আপোচবিহীন, সাহসী, দূৰদৰ্শী চিন্তাৰ অতি প্রয়োজন। আমাৰ গাতে লগা মণিপুৰৰ নাট্য ক্ষেত্ৰত (আচলতে সমগ্ৰ ভাৰতৰ নাট্যক্ষেত্ৰত) কানহাইলালে যি ধৰণৰ সাহসী-প্রতিবাদী ৰূপ দেখুৱালে, তাক আমি অহৰহ মনত ৰখা দৰকাৰ। ফ’ৰ চেপ্টাৰছ, নিঃশব্দ, ড’জ হু ডু নট ডাউন, চাইনীজ উইছপাৰ্ছ আদিত অভিনয় কৰা, অক্সফোর্ড ইউনিভাৰ্ছিটিতো অধ্যয়ন কৰা নাট্যকর্মী তৃণা নিলীনা বেনাৰ্জীয়ে বাংলা ভাষাৰ এটা প্ৰবন্ধত এইচ কানহাইলালৰ দ্রৌপদী নাটকখনৰ সম্পৰ্কত লিখিছিল- ২০০০ চনত মণিপুৰৰ বিখ্যাত নাট পৰিচালক হেইচনা কানহাইলালৰ নাটক দ্রৌপদী পোনপ্রথমবাৰৰ বাবে ইম্ফলত মঞ্চস্থ হয় আৰু দুটি দর্শনী কৰাৰ পাছতেই প্রবল বিতৰ্কৰ বাবে বন্ধ কৰি দিয়া হয়। মহাশ্বেতা দেৱীৰ এটা গল্পৰ অৱলম্বনত এই নাটকখনৰ কাহিনী ৰচিত হৈছিল। বিতৰ্কৰ মূল কাৰণ আছিল নাটকখনৰ শেষ দৃশ্য— যেতিয়া মূল অভিনেত্রী সাৱিত্ৰী হেইচনামে দ্রৌপদীৰ (মেহজেন) ভূমিকাত মঞ্চত সম্পূর্ণ নগ্ন হৈ থিয় দিয়ে। ইমান বিতৰ্কৰ পাছতো কিন্তু কানহাইলালে নাটকৰ পৰা শেষ দৃশ্যটো বাদ দিবলৈ ৰাজী নহ’ল। পৰিশেষত নাটক বন্ধ হৈ গ’ল। ২০১৪ চনৰ মাৰ্চ মাহ পর্যন্ত এইখন নাটক আৰু কোনোদিনে ইম্ফল চহৰত মঞ্চস্থ নহ’ল। পোন্ধৰ বছৰ আগৰ সেই দর্শনীটোত ঘটনাক্রমে ময়ো দৰ্শকৰ আসনত বহি আছিলোঁ। তাৰ পাছত কানহাইলালৰ দ্ৰৌপদী ভাৰতত কিংবদন্তি। ইম্ফলৰ বেছিভাগ মানুহেও আনকি সেইখন নাটক চাবলৈ নাপালে। সেইদিনা ইম্‌ফলৰ মঞ্চত আমি যিমানজন অভিনেতাক সেনাৰ ইউনিফর্মত দেখিছিলো, তাতোতকৈ বহুত বেছি সেনা অডিটৰিয়ামৰ বাহিৰে-ভিতৰে ভৰি আছিল। ইয়াত তৃণা নিলীনা বেনাৰ্জীয়ে দ্রৌপদীৰ ২০০ চনত হোৱা মঞ্চায়নটোৰ কথা কৈছে। পোন্ধৰ বছৰ, মানে তেওঁ লেখাটো লিখালৈকে ইম্ফলত আৰু কোনোদিনে দ্রৌপদী মঞ্চস্থ নোহোৱাৰ কথা কৈছে।

সাধাৰণ জনতাৰ সুখ-দুখ আৰু সমাজ- ৰাজনৈতিক পৰিস্থিতিৰ ধমনীয়ে ধমনীয়ে বিচৰণ কৰি মানুহৰ বাবে, নতুন চিন্তাৰ বাবে নাট্য উপাদান তুলি অনা এজন নাট্যকাৰ-পৰিচালকৰ বুকুৰ কিমান দলৈ নাটক সোমাই থাকিব পাৰে সেয়া সহজেই অনুমেয়। কানহাইলালৰ নাটকে ভৱিষ্যতৰ উমানো দিছিল। সেয়েই হয়তো তেওঁক ভৱিষ্যদ্রষ্টা বুলিও কৈছিল (মেইটেই ভাষাৰ এখন সংবাদ পত্ৰই এই আখ্যা দিছিল)। তেওঁৰ নাটকৰ বিষয়বস্তু আৰু উপস্থাপনৰ নতুনত্ব আছিল নাট্যৰসিকৰ বাবে বিস্ময়। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত পদ্মশ্রী, পদ্মভূষণেৰে বিভূষিত কানহাইলালৰ দৰে এজন নাট্যকৰ্মীৰ কৰ্মৰ সঠিক গৱেষণাই উত্তৰ-পূৰ্বাঞ্চল বা ভাৰতকেই নহয় পৃথিৱীৰ নাট্যজগতকে সমৃদ্ধ কৰিব। আচলতেই এইচ কানহাইলাল আৰু সাৱিত্ৰী দেৱী এক অনুপ্ৰেৰণাৰ নাম। অনেক নাট কর্মশালা পৰিচালনা কৰি তেওঁ অনেকৰ মনত সিঁচি থৈ গৈছে নাটকৰ বীজ। শিশু অৱস্থাতে মাতৃহাৰা হোৱা ঘটনাবহুল জীৱনৰ অধিকাৰী কানহাইলালে ১৯৬৯ চনত প্রতিষ্ঠা কৰিছিল কলাক্ষেত্ৰ মণিপুৰ। কলাক্ষেত্র মণিপুৰৰ জৰিয়তে নাট্যকর্মী দম্পতীয়ে বিশ্বৰ নাট্যজগতলৈ উলিয়াই আনিছে কেইবাখনো সফল নাটক। কলাক্ষেত্র মণিপুৰে কানহাইলালৰ ৰচনা-পৰিচালনাৰে মঞ্চস্থ কৰা মিগি সাৰাং (Human cage) নামৰ নাটকখনে অংশ লৈছিল ১৯৯১ চনত অনুষ্ঠিত হোৱা তৃতীয় কাইৰো ইণ্টাৰনেচনেল ফেষ্টিভেল অৱ এক্সপেৰিমেণ্টেল থিয়েটাৰত। মহোৎসৱটিত মিগি সাৰাং দৰ্শকৰ দ্বাৰা উচ্চ প্রশংসিত হৈছিল আৰু বিশ্বৰ ছয়খন শ্রেষ্ঠ নাটকৰ ভিতৰত এখন হৈছিল। কাইৰোত মিগি সাৰাঙৰ থাম্বাল চৰিত্ৰত কৰা অভিনয়ৰ বাবে সাৱিত্ৰী দেৱীয়ে লাভ কৰিছিল ক্রিটিকছ এৱাৰ্ড ফৰ বেষ্ট এক্টৰ। সেইদৰে ছিংগাপুৰত ২০০২ চনত অনুষ্ঠিত প্রথম এছিয়ান কন্টেমপ’ৰেৰী থিয়েটাৰ ফেষ্টিভেলত কলাক্ষেত্ৰ মণিপুৰে কানহাইলালৰ পৰিচালনাৰে প্ৰদৰ্শন কৰিছিল নাটক নুপী (woman)। গাঁও-চহৰ-নগৰ, মহা মহা নগৰলৈকে বিয়পি আছে কানহাইলালৰ নাট্যকর্ম। দেশ-বিদেশৰ মঞ্চত থাকি গৈছে পত্নী সাৱিত্ৰী দেৱীৰ অভিনয়। থিয়েটাৰ তথা কৰ্মশালাৰ বাবে জাপান, নতুন দিল্লী, অসম, পাটনা, কর্ণাটক, চেন্নাই, মুম্বাই, কলকাতা, বাংগালুৰু, আগৰতলা আদিকে ধৰি অনেক ঠাই ভ্ৰমি ফুৰা কানহাইলালে ৰচনা-পৰিচালনা কৰা নাটসমূহৰ ভিতৰত উল্লেখযোগ্য কিছুমান নাটক হ’ল আধা মানুহ আধা বাঘ, Khomdon meiroubi, তামনালাই (হান্টিং স্পিৰিট), with the children of God, ইম্ফল ৭৩, মৃত্যু স্বৰ, মিগি সাৰাং, পেবেট, দ্রৌপদী, নুপী আদি।

You might also like

Comments are closed, but trackbacks and pingbacks are open.