জীৱনটো বিচিত্ৰ ৰঙৰ খেল বুজিছা বিমলা । এই জীয়াই থকা সময়খিনিতে তুমি ৰামধেনুৰ সা..তো..টা… ৰং দেখি যাবা ।
মাখনী বাইটিয়ে বিমলাৰ মূৰত দুই হাতৰ আঙুলিৰ নখেৰে খুঁত দুটা মাৰি কথাষাৰৰ গুৰুত্ব বুজাবলৈ অলপ জোৰ দিলে। বিমলাই চিঞৰি উঠিল—
এহ, দুখ পাইছোঁ বাইটি।
থোৱা হেৰৌ এইজনী। এইকণতে দুখ পালে বিয়াৰ পিছত কেনেকৈ সহ্য কৰিবা ৷
বিয়াৰ পিছত কোনে খুঁটিয়াব ।
কেলেই তাত থকাবোৰে ।
সেইবুলি কৈ বাইটিয়ে পাৰেমানে ঢেঁক ঢেঁককৈ হাঁহিবলৈ ধৰিলে। এই হাঁহিটোৰ আঁৰত বাইটিৰ যে হিয়াত এবুকু বেদনা সোমাই আছে, তাই উপলব্ধি কৰিলে । তথাপি তাই কথাটো নুবুজাৰ দৰে ক’লে—
তোমাৰ কথাবোৰো বৰ পাক লগা দেই বাইটি। মই একো বুজিয়েই নাপাওঁ । এইখিনিতে চোৱাচোন বৰ খজুৱাইছে।
বিমলাই তাইৰ হাতখন বাইটিৰ হাতখন তাইৰ মূৰৰ নিৰ্দিষ্ট জেগালৈ অহালৈকে তাতে ৰাখিলে। বিমলা মহীকান্ত গোস্বামীৰ ছোৱালী। এইবাৰ বি. এ. পাছ কৰিছে। মহীকান্তৰ ল’ৰা-ছোৱালী তিনিটা। বিমলা সৰু। সৰু হ’লেও কিন্তু গাঁৱৰ ছোৱালীবোৰ আলসুৱা নহয় । বুকুত প্ৰকৃতিৰ বহুত মিঠা সুবাস লৈ ডাঙৰ হয়। গোটেই চুবুৰিটো এটা পৰিয়ালৰ দৰে থাকে। মানুহৰ লগতে গছ-গছনি, আম-কঁঠাললৈকে সকলো সিহঁতৰ বুকুৰ কুটুম হৈ পৰে ৷ মাখনী বাইটিহঁতৰ দৰে মানুহবোৰেও বিমলাহঁতক মাকৰ মৰমৰ উমেৰে বুৰাই ৰাখিব জানে।
অ’ আই ইহঁত দুজনী ইয়াত কথা চোবাই বহি আছে’। ভাত দিছোঁ যা ।
ৰ’বাচোন মা ইমান আৰাম লাগিছে তুমি গোটেইখন তেল কৰি দিলাহি।
এতিয়া মইহে তেল কৰিলোঁ! বুজিছ মাখনী তই যিদিনা নাহিবি সেইদিনা তাই মোৰ পিছ লৱ । ঘৰখনৰ এশ এবুৰি কাম । মই তাইৰ মূৰ খজুৱাই বহি থাকিলে এই কেঁকোৰাৰ গাঁতকেইটা কেনেকৈ পূৰ হ’ব কচোন ৷
মাখনীয়ে মুখৰ ভিতৰতে থুই আৰু তামোলৰ সংমিশ্ৰণত পাগ উঠা তামোলখন মুখত লৈ ফুৰফুৰীয়া গোন্ধ এটা বাহিৰলৈ এৰি দিয়াৰ দৰে হাঁহিটো মুখৰ ভিতৰতে পাগুলী বাহিৰত মাত্ৰ এটা আভাসহে দেখুৱালে। আগফালৰ বাঁহজোপাৰ তলতে থকা তাঁৰডালত মেলি থোৱা কাপোৰখিনি মাকে অলপমান লৰাই মেলি পুনৰ তাঁৰডালতে মেলি দিলে।
তহঁত দুজনী উঠাই নাই যে। মই ভাতখিনি বাঢ়ি থৈ আহিছোঁ। মেকুৰীজনীয়ে খোৱাৰ পিছতহে খাবি নেকি? চাওঁ মাখনী এইটো ধৰচোন এইফালে আহ।
হাতেৰে চোতালত থকা ধানৰ বস্তাটো ভিতৰৰ ফালে টানিবলৈ চেষ্টা কৰি তেওঁ কথাখিনি কৈ গ’ল। এনেই তেওঁ সেইটো বস্তা অকলেই চোঁচৰাই নিলেহেঁতেন। আজি দুদিনমানৰ পৰা কঁকালৰ বিষটোৱে বৰকৈ দিগদাৰী কৰিছে, সেয়েহে! দুইজনীয়ে বস্তাটো ভিতৰত থৈ হাত- মুখ ধুই তিনিওজনী ভাতৰ পাতত বহিলগৈ।
আজি মাছৰ জোলখিনি ধুনীয়া হৈছে দেই মা ।
হয় আই বৰ সোৱাদ হৈছে।
আৰু অকণমান আছে দিওঁ নেকি তোক।
নালাগে নালাগে, মোৰ ভাতেই শেষ হ’ল৷
হওঁতে তাইৰ খাবলৈ ইচ্ছা নথকা নহয়। আজি কত দিনৰ পৰা তাইৰ জাতিলাউৰ লগত কণবিলাহী দি ডাঙৰ মাছৰ জোল অকণমান খাবলৈ মন গৈ আছে, তাই মানুহটোক ক’বলৈ সুবিধাই পোৱা নাই।
হাজিৰা কৰি পোৱা পইচাকেইটাৰে জানো ডাঙৰ মাছ কিনি খাব পাৰি! কথাষাৰ ভাবি তাইৰ বুকুখনত শোকে খুন্দা মাৰি ধৰিলে। গোসাঁনীৰ ওচৰত ধৰা পৰাৰ ভয়ত তাই থালখনতে হাতখন তিয়াই বাচনযোৰকে সামৰিবলৈ ধৰিলে।
তোৰ হ’ল যদি যা। মুখ ধুই ঢাৰিত মেলি থোৱা ধানখিনিকে অলপ লৰাই দে গৈ।
তাই বহি থকা পীৰাখন লাহেকৈ অকণমান আঁতৰোৱাৰ দৰে কৰিলে। এইটো ডাঙৰৰ কথাষাৰৰ প্ৰতি দেখুওৱা এক সন্মান। মাখনীয়ে কেৱল খ মান শ্ৰেণীলৈকেহে পঢ়িছিল।
কিন্তু পঢ়াশলীয়া শিক্ষাতকৈ জীৱনে তাইক জীৱনৰ প্ৰতিটো ছন্দ তন্নতন্নকৈ শিকাই গৈছে।
বিমলাৰ মাকে পাছলৈ চকীখন ঠেলা মাৰি ভাতৰ টেবুলৰ পৰা উঠি গ’ল।
তেতিয়াহে মাখনীয়ে পীৰাখন তুলি বাচনযোৰ পিছফালে থকা টেপটোৰ ওচৰলৈ নি ধুবলৈ ধৰিলে।
ওচৰতে লেৰেলা মেকুৰী এজনীয়ে তালৈলৈ চাই মেউ মেউ কৰি আছিল। তাই কাঁহীখনত থকা কাঁইটখিনি তাইলৈ দলি মাৰি দিলে। নিজকে তাই মনে মনে মেকুৰীজনীৰ লগত তুলনা কৰিলে ।
তোৰ এই দুটা বাচনকে ধুই হোৱা নাইনে । মই অতখিনি বাচন ধুই পাকঘৰ সামৰি আহিলোঁ। তাই লৰালৰিকৈ টেপটো খুলি পানী এচলু মুখত লৈ কুলু কুলু কৰি পেলাই দিলে।
অ’ক থুই! যেন তাই ইমান দেৰি এই কামটোৰ বাবেহে ৰৈ আছিল।
আহচোন আহ, বতৰটো দেখোন গোমা কৰি আনিছে। বৰষুণ দিব যেন লাগিছে, ধৰচোন ঢাৰিখনৰ সৈতে ভিতৰলৈ ভৰাই দিওঁ তই তাতেই লাহে লাহে বস্তাটোতে ভৰাবি।
নিবোকা চামোনটোৰ দৰে ওচৰতে থকা মাখনীক একেলগে কথাখিনি কৈহে তেওঁ উশাহটো সলালে। মাখনীয়ে চাদৰৰ আগটো কঁকালত খুঁচি ভীমে দুশাসনৰ ৰক্তপান কৰিবলৈ লোৱাৰ দৰে সাজু হ’ল আৰু ঢাৰিখনৰ ইটো মূৰত ধৰি দাঙি নিবলৈ চেষ্টা কৰিলে।
ইমান লৰালৰি কৰিব নালাগেহে, দক্ষিণৰ ডাৱৰ, বৰষুণ নাহিবও পাৰে।
চুৰিয়াৰ আগটো কঁকালত খুঁচি গোসাঁই গেটখন ঠেলি সোমাই আহিল। মাখনীয়ে চাদৰৰ আগটো অকণমান আৰু ওপৰলৈ টানি লৈ ঠাইতে ৰৈ থাকিল। এইটো তাইক শাহুৱেকে বিয়া হৈ অহাৰ পিছতে শিকোৱা কথা। গোসাঁই তাইৰ আগেদি পাৰ হৈ গ’ল। তেতিয়াহে তাই গোসাঁনীলৈ চালে। তেওঁ ৰ’দত মেলি থোৱা কাপোৰখিনি সামৰাত ব্যস্ত। তায়ো বস্তাখন লৈ ধানখিনি ভৰাবলৈ ধৰিলে।
আই আজি আজৰি হোৱা নাই নেকি? মই আকৌ বোলো আইৰ ওচৰতে ৰঙা পানী এঢোক খাই আহোঁ বুলিহে আহিছিলোঁ ৷
কথাষাৰ কৈ বকুলী বাইটিয়ে ভঁৰালৰ আগত থকা চালিখনৰ বাঁহৰ খুঁটাটোতে ধেনুভিৰীয়া হৈ আঁউজি গোসাঁনীহঁতৰ আলেখলেখ চাবলৈ ধৰিলে ৷ মাখনীৰ মুখত লাগি থকা হাঁহিটো হঠাৎ নাইকিয়া হ’ল। মাখনীয়ে এই মানুহজনীক সমূলি দেখিব নোৱাৰে। তাতে আকৌ গোসাঁনীৰ ওচৰত ছলাহী কথা কৈ তাইৰ আসনখন লয় বুলি ভয়। এই আসনৰ ভয় বৰ বেয়া ভয়। বুজোঁতাই সকলো বুজে। তাই এবাৰ আঁৰ চকুৰে বকুলীলৈ চালে। বকুলীও সেই একেই ভাঁজতে আইলৈ, ৰঙা চাহ বাটিৰ আশাত তাইলৈ মেকুৰীজনীয়ে চাই থকাৰ দৰে চাই আছে।
তুমি ভাত কেতিয়াবাই খালা নেকি?
আজি ইহঁতৰ বাপেক ৰাতিপুৱাই হালৰ গৰুহাল থ’বলৈ গৰুমৰালৈ গ’ল।
বকুলী বাইটিয়ে একেই ধেনুভিৰীয়া ভাঁজতে থাকি কথাষাৰ ক’লে।
হেই দেখিছানে এইজনী ফুলজোপা মহটিয়াই পেলাইছে, মানুহবোৰো যে আৰু জপনাখন মাৰিবলৈ হাতখন পাছলৈ নাযায়।
গৰুজনীক চোতালতে পৰি থকা গছৰ শুকান মাৰি এডালে খেদি বাহিৰ কৰি তাই জপনাখন মাৰি দিলে। সুবিধাটো পাই মাখনীয়ে বকুলীক খোঁচা এটা মাৰি ভিতৰত জ্বলি-পুৰি থকা জেগাখিনিত বৰফৰ কণিকা এটা পৰা যেন অনুমান কৰিলে। বকুলীয়ে তাই লৈ বেঁকাকৈ চায় এইবাৰ পোন হ’ল। কাজিয়া-পেচাল সিহঁতৰ মাজত নাছিল তেনে নহয়, আছিল, কিন্তু মনৰ ভিতৰত সাৰ-জাবৰ দি পুহি ৰখা নাছিল । গোসাঁনীয়ে বৰষুণ দিব বুলি চোতালৰ বস্তুবোৰ সামৰাত ব্যস্ত।
চাওঁ দিয়ক আই মই সামৰোঁ, আপুনি পকৈ চাহপানী অকণমান তপতাওকগৈ। ইহঁতৰ বাপেক আহিবৰে হ’ল।
এইবুলি বকুলীয়ে খৰখেদাকৈ আয়ে এৰি দিয়াৰ পৰা কামখিনি সামৰাত লাগিল । গোসাঁনীয়ে তাইৰ লগতে সকলোকে আবেলিৰ চাহকাপ দি আজৰি হৈ ল’বৰ বাবে চাহৰ কেটলিটোত পানী ভৰাই গেছটো জ্বলাই দিলে। গাঁৱৰ এই সহজ- সৰল মানুহখিনিয়েই তেওঁলোকৰ সুখ-দুখৰ লগৰীয়া। একাপ ৰঙা চাহ এখন শুকান ৰুটী বা এটা বিস্কুটতেই সন্তুষ্ট এওঁলোক। চাহখিনি উতলিবলৈ ধৰাত তেওঁ মগ এটা আনি পুৱা খীৰাই থোৱা গাখীৰখিনিৰ পৰা অলপ গাখীৰ মগটোত দিলে। যদিও বকুলী মাখনীহঁতে তেওঁৰ ওচৰলৈ ৰঙা চাহ অকণমান খাবলৈ আহে তেওঁ কিন্তু সিহঁতক মনৰ হেঁপাহেৰে ঘৰৰ গাখীৰতে চাহ কাপ বাকি খুৱায়। অভাৱ-অনাটনৰে জুৰুলা কৰা সংসাৰখনত সিহঁতে বা নিজৰ কাৰণে কিবা ভাবিবলৈ পায় নে নাপায়! বিয়া হৈ অহাৰ দিন ধৰি আজিলৈকে তেওঁৰ প্ৰতিটো কামত সিহঁত তেওঁৰ লগত ছাঁটোৰ দৰে আছে। তাৰ বিনিময়ত কিন্তু সিহঁতে একো নিবিচাৰে। তেওঁলোকে নোখোৱা তেওঁলোকে নিপিন্ধা বস্তু এটা দিলেই সন্তুষ্ট হৈ পৰে। এওঁলোকৰ প্ৰতিটো খোজাত প্ৰতিটো উশাহতে অভাৱ। তথাপি অশিক্ষিত গাঁৱৰ চহা বুলি ভবা এইখিনি মানুহে মৰমৰ বিনিময়ত মৰম শ্ৰদ্ধাৰ বিনিময়ত শ্রদ্ধা দিব জানে। চহৰৰ দৰে মৰমৰ হিচাপ-নিকাচ কাগজৰ টুকুৰাৰে কৰিবলৈ নিবিচাৰে। স্বাভিমান এওঁলোকৰ জন্মস্বত্ব। বুকুত ইমান উদাৰতা!! কেতিয়াবা তেওঁৰ সিহঁতৰ বুকুৰ মাজত কুৰুকি কুৰুকি সোমাই চাবলৈ মন যায় এই মানুহখিনিৰ মনৰ বিশালতা। নিজৰ কাম পেলায় জ্বৰীয়া গাৰেও কেতিয়াবা তেওঁলোকক সহায় কৰিবলৈ দৌৰি আহে। গোসাঁনীয়ে কোৱাহে শুনিছে সিখন গাঁৱৰ সনাতন গোসাঁয়ে তেখেতে ভাত খাবৰ পৰত বোলে কোনোবা অতিথি আহিলে চৰুত ভাত নাথাকিলে নিজৰ কাঁহীখনকে দি কাষতে থকা পানী ঘটিকে শ্ৰৱণে কলহত পানী ভৰোৱাৰ দৰে শব্দ কৰি খাই উঠি যায়। এয়াই হয়তো মানৱতা!! চাহখিনি টেবুলৰ তলতে উবুৰিয়াই থোৱা কাঁহৰ বাটি দুটা আওখালি তাত দুবাটি চাহ বাকিলে। যোৱা ৰাতি ভাতৰ মাজতে লৰালৰিকৈ বনাই থোৱা নাৰিকলৰ লাডু আৰু দুটা কাটা বিস্কুট তেওঁ প্লেটখনত দিবলৈ লৈ দেখিলে বকুলীয়ে পাকঘৰ দুৱাৰ মুঠতে ৰৈ তেওঁৰ আলেখলেখ চাই আছে।
অ’ তুমি ৰৈ আছা বুলি মই গমেই নাপাওঁ । বাঘ হোৱা হ’লেও খায় হেৰৌ।
আয়ে নিজৰ ভাবতে ইমান বিভোৰ হৈ আছিল যে ধৰা পৰাৰ লাজত হাঁহি এমোকোৰা মুখতে লৈ সামৰি থ’লে। চাহ বাটি বকুলীৰ আগতে থ’লে।
এই মাখনী ক’ত গ’ল জানো বিমলা অ’ বিমলা মাখনীক চাহ দিছোঁ বুলি কচোন।
দুৱাৰখনৰ ফালে মুখ কৰি কথাষাৰ কৈ তেওঁ উত্তৰৰ বাবে বাট নাচাই পুনৰ চাহখিনি গোসাঁইক দিবৰ বাবে যোগাৰ কৰিলে । ভাত সোনকালে খালে। গাঁৱৰে স্কুলত মিটিং আছিল ৷ এতিয়ালৈকে ভোক লাগিছে হয়তো।
হৰেন আহিছে চাহ একাপ দিবা। তেওঁ গোসাঁইলৈ উভতি চালে।
এৰা মই অথনিৰে পৰা হৰেনৰ মাতটো শুনা যেন পাইছোঁ।
আয়ে কথাষাৰ নিজকে কোৱাদি ক’লে আৰু লগে লগে কাষতে থকা মিটচেফটোৰ পৰা কাপ এটা উলিয়াই তাতে চাহ একাপ বাকিলে।
আপুনি গোসাঁইহঁতক চাহ দিয়ক আই মই যাওঁ । ইহঁতৰ বাপেক আহিবৰে হ’ল।
পাকঘৰৰ লগতে লাগি থকা টেপটোতে চাহ খোৱা বাটিটো আওখালি বকুলীয়ে বেৰখনৰ চুক এটাতে আঁউজাই থ’লে। ৰেকডালতে থকা বঁটাখনৰ পৰা তামোল এখন লৈ মুখত ভৰাই বঁটাটোৰ পৰা চাদা অকণমান আৰু চূণ চাদা তামোলৰ লেপনত থকা-সৰকা হৈ পৰা দাঁতৰ অস্তিত্বটোৰ আগত চূণ এচিকুট ভৰাই লৈ আইক নমতাকৈ কোবাকুবিকৈ ওলাই গ’ল। এটা গিলাচত গোসাঁইলৈ চাহখিনি দিবলৈ লৈ তেওঁ কোবাকুবিকৈ ওলাই যোৱা বকুলীলৈ চালে।
আই মই গৈহে থাকোঁ। গোটেই ধানখিনি বস্তাত ভৰাই মই ভঁৰালৰ আগতে থৈ আহিছোঁ।
বৰা ধানখিনি ডাঙৰ পাছিটোতে আছে। কথাষাৰ কৈ মাখনীয়ে পকাখনৰ ওপৰতে ফু মাৰি সাউতকৈ চাদৰৰ আগটো দাঙি পকাৰ ওপৰতে লেপেটা কাঢ়ি বহি ল’লে,
হ’ব দে মই আজৰি হৈ চামগৈ ।
অথনিৰে পৰা তহঁতক চিঞৰি আছোঁ মই আকৌ গ’লিগৈ বুলিহে ভাবিছিলোঁ। বহু চাহ খাই যাবি। মই গোসাঁইক চাহকাপ দি আহোঁ।
ইতিমধ্যে মাখনীয়ে বকুলীয়ে আঁউজাই থোৱা বাটিটো নিজৰ মুখৰ আগতে আনি থ’লে। এবাৰ ধুই লোৱাৰ কথা তাই নাভাবিলে। তাই জানিছে এইটো বাটিতেই অলপ আগতে বকুলীয়ে আইৰ ঘৰৰ সোমৰসকণ পান কৰি গৈছে। তাইৰ বাটিটোতে গিলাচৰ পৰা চাহ অলপ বাকি দি বাকীখিনি নিজেও খাবৰ বাবে বহিল। দুইজনীৰ মাজত গাঁওখনৰ ইটো-সিটো কথা আলোচনা কৰি চাহৰ পৰ্ব সমাপ্ত কৰিলে। এটা বেগত আয়ে ঘৰৰে নৰাবগৰী কেইটামান আৰু লাই দুজোপা ভৰাই তাইৰ আগতে থ’লে।
মই গৈ থাকোঁ আই। পিঠাগুড়ি খুন্দাৰ কথা কৈছিলে নহয় কোনদিনা খুন্দে ক’ব।
বাঁওহাতৰ তলুৱাৰ ভেজা দি গাটো পকাৰ পৰা দাঙি টেপতে বাটিটো ধুই বেৰখনত বকুলীয়ে থোৱাৰ দৰে আঁউজাই থ’লে। দেখিলে এনে লাগে যেন এই কামটো তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে। বেগটো লৈ মাখনী ওলাই গ’ল। গোসাঁনীয়ে বস্তুবোৰ সামৰি থকাৰ মাজতে তাই যোৱালৈ চালে। মাখনী মানুহজনী কামে-বনে বৰ পাকৈত। মিছা ক’ব নাপায়, গাঁওখনৰ কোনো এজনী মানুহকে কামত পেলাব নোৱাৰি। তেওঁ যিহকে কৰিবলৈ কৈছে আজিলৈকে এজনী মানুহেও না কৰা নাই দেই। মাখনীৰ ঘৰ নলবাৰীৰ কোনোবা এখন গাঁৱত। তেওঁলোকৰ হালোৱা ভোলাৰ লগত প্ৰেমত পৰি এদিন পলাই গুচি আহিল। পিছে আহিহে তাইৰ সপোন ভাগিল। ভোলাৰ ঘৰত দুজনী গাভৰু ভনীয়েক, দুটা দেওৰেকৰ আলপৈচান ধৰোঁতে গোটেইজনী আধ্যা পৰিল । তাতে আকৌ শাহু-ননন্দৰ পৰোচনাত পৰি কেতিয়াবা পিঠিত উত্তম-মধ্যমো হয়। এচাম পুৰুষে শুদ্ধ-অশুদ্ধ বিচাৰ নকৰাকৈ কিয় বাৰু বিয়াৰ পিছত তেজৰ গোন্ধ ভাল পোৱা জোকটোৰ দৰে আচৰণ কৰে!!! মানুহবোৰ জীৱশ্ৰেষ্ঠ প্ৰাণী, তথাপি কিয় মানুহৰ মনবোৰ ইমান কলুষিত হৈ থাকে!!! এবাৰ যদি হিংসা-বিদ্বেষ আঁতৰাই অকণমান সময় নিজক মুকলি আকাশৰ তলত কোনোবাই থিয় কৰাই নিজৰ মনটোক জুখি চায়, আকাশৰ বিশালতা ও নগণ্য হৈ পৰিব।
মা তোমাৰ হোৱা নাইনে আৰু? আজি ৰাতি প্ৰবীণদাৰ ঘৰত সত্যনাৰায়ণ পূজা আছে নহয়৷ মই নাযাওঁ দেই তুমি আৰু দেউতা যাবা।
নেপায় অ’ মাজনী সত্যনাৰায়ণ পূজালৈ নাযাওঁ বুলি নক’বি । দোষ লাগিব। কৃষ্ণ কৃষ্ণ তেওঁ ওপৰলৈ চাই ক্ষমা খুজিলে।
বিমলাই কিবা খোৱা বস্তু আছে নেকি বুলি টেমাবোৰ খুলিবলৈ ধৰিলে।
কিনো বিচাৰি আছ অ’ এইজনী ঘৰতে। অতবোৰ ফলমূল লাগি আছে তাৰে দুটামান খাগৈচোন যা, এই বিলাতী বস্তুবোৰ খোৱাতকৈ।
বিমলাই মাকৰ মুখত বিলাতী শব্দটো শুনি অক্ত যোৱা সূৰুযৰ দৰে ওঁঠৰ ফাঁকত হাঁহিটো বিৰিঙাই বটল এটা খুলি প্লেটখনত চানা অলপ বাকি লৈ মাকলৈ চালে । এই মানুহজনীয়ে বাৰু সিহঁতৰ বাবে অলপ চিন্তা কৰেনে! নিজৰ খোৱা-শোৱাৰ একো চিন্তা নাই, কেৱল প্ৰতিবাদ নোহোৱাকৈ দিনৰ দিনটো কামৰ মাজতে নিজক ডুবাই ৰাখে । ঘৰৰ মানুহখিনিৰ সন্তুষ্টিয়েই তেওঁৰ সন্তুষ্টি। তাই পুনৰ বটলটো খুলি চানাখিনি ভৰাই থ’লে।
তহঁতক কথা কোৱা গৰুৰ আগত টোকাৰী বজোৱা একে কথা। ভাল হওক বুলি কিবা এটা কৈ মুখখনহে চুৱা হয় ৷
চোতালৰ বস্তুখিনি সামৰি মূৰটো আঁচুৰি অকণমান বহিলে। কাষৰ বিছনাত গোসাঁই শুই আছে। মানুহজনৰ মুখখন যেন তেওঁ আজিহে দেখিছে তেনেদৰে অকণমান সময় চালে। তেওঁ লগ পোৱাৰে পৰা মানুহজনে অকণো আজৰি পোৱা দেখা নাই। মানুহজন লাহে লাহে বুঢ়া হৈ আহিছে। হাত-ভৰিৰ ছালত সময়ে আঁচোৰ মাৰিছে। হঠাৎ তেওঁৰ শৰীৰৰ মাজেৰে এটা শিহৰণ বৈ গ’ল। জীৱন মানে বাৰু কি! অকণমান হাঁহিৰ মাজত এসোপা হা-হুমুনিয়াহৰ খেল-ধেমালি নেকি! পোৱা-নোপোৱাৰ হিচাপ কৰি থাকোঁতেই দেখোন ভ্ৰাম্যমাণ থিয়েটাৰত কোৱাৰ দৰে, নাটকৰ শেষ দৃশ্যত নায়ক-নায়িকাৰ মিলনৰ এটা আশা থাকে। কিন্তু জীৱনৰ শেষ দৃশ্যত সময়ে লোৱা প্ৰতিশোধত থকা-সৰকা হৈ মন আৰু শৰীৰে জীয়াই থকাৰ শেষ আশাকণো হেৰুৱাই পেলায়। এই মানুহটোক তাইৰ কিমান কথা ক’বলৈ থাকি গ’ল। বাস্তৱ জীৱনৰ শেষ দৃশ্যত কেৱল নায়ক-নায়িকাই ছিন্ন-বিচ্ছিন্ন শৰীৰ আৰু মন লৈ সময়ৰ ওচৰত বশ্যতা স্বীকাৰ কৰে ৷ সময়ে, ধনী-দুখীয়া, উচ্চনীচ, সৰু ডাঙৰ বিচাৰ নকৰাকৈও প্রতিশোধৰ শিখা জ্বলাই দিব পাৰে । সময়ক বুজেনে বাৰু কোনোবাই!!!
অ’ মা দাদাই ফোন কৰিছে ধৰাগৈ যোৱা।
বিমলাৰ মাতত তাই খক্মক্কৈ সাৰ পোৱা মানুহৰ দৰে উচাপ খাই উঠিল। হাতৰ ফণিখন টেবুলৰ ড্ৰয়াৰটোতে ভৰাই তেওঁ সিটো ৰুমত থকা লেনফোনটো ধৰিবলৈ খৰখেদাকৈ গ’ল। তাৰ মাতটো শুনিলেই তেওঁৰ মনটো জুৰ পৰি যায়। সিটো মূৰৰ পৰা তাৰ মাতটো ভাহি আহিল ৷ এয়া ধৰিলে নহয় বুকুত কিবা এটাই খুন্দা মাৰি। সিও আজিকালি বুজি পোৱা হৈছে মাকক, এক মিনিট সময় আৱেগে আমনি কৰে।
ক’ সোণ ভালে আছনে ?
আছোঁ মা মই অহা সপ্তাহত গৈ আছোঁ দেউতা ভালে আছেনে।
আছে আছে বৰ দপদপাই ফুৰে অ’ এই বয়সতো ডেকা ল’ৰাৰ দৰে পিতৃপিতাই, কথা ক’লে একেবাৰে নুশুনে ।
হ’ব দিয়া মা, কাম-বন কৰি আছে বাবেই চলি আছে।
কথাটো তেৱোঁ নুবুজা নহয় বুজে, কিন্তু এই সময় ডাললেহে ভয় লাগে।
দিন যায় মাহ বাগৰে। সময়ে সময়ৰ কাম কৰে মানুহে মানুহৰ। তাৰ মাজতে ভগৱান মধ্যস্থতাকাৰী। ধূপ-দীপ পূজা-অৰ্চনাৰে কিমান যে কাকূতি-মিনতি। কেতিয়াবা ভগৱানেও যেন সময়ৰ লগত কিবা এটা বুজাপৰালৈ আহি মানুহৰ পূজা-অৰ্চনা আওকাণ কৰে। হাৰ মানে সকলোৱে হয়তো ভগৱানেও। ক্ষত-বিক্ষত হৈ প্ৰতিটো প্ৰাণীয়েই সময়ৰ প্ৰতিশোধৰ জুইত জাহ যায়। তথাপি ইমান অহংকাৰ এই মানুহ নামৰ প্রাণীবিধৰ!!! তেওঁ নিজৰ হাত দুখন চুই চালে। ছালবোৰ শোটোৰা পৰিছে। ৰুক্ষ হাতখনে মে কিমান আঁজোৰা নাই সংসাৰখন!!! তাৰ সাক্ষী কেৱল সময়ৰ আঁচোৰে কোঙা কৰা তেওঁৰ এই শৰীৰটো৷ মনটোৰ কথানো কি ক’ব!
ভগৱানে মানুহৰ মনটোক ছাছপেঞ্চত ৰাখি ভাল কৰিলেনে বেয়া কৰিলে বাৰু!!! মানুহৰ মনবোৰ একে হোৱা হ’লে পৃথিৱীখন বৰ সুন্দৰ হ’লহেঁতন নেকি বাৰু? মনৰ মাজত কিছুমান উত্তৰ নোহোৱা প্ৰশ্নৰ অহা-যোৱা ৷ বুকুত জীয়াই থকা দুৰ্বাৰ হেঁপাহ। স্মৃতিবোৰৰ সঘন অহা-যোৱা৷ বুকুখনত তেওঁ হাত দি চালে । আছে বুকুৰ ভিতৰতটো একেই আছে মৰম-ভালপোৱা । জনা হোৱাৰ পৰা তেওঁৰ জ্ঞাতে কেৱল কৰ্তব্যহে কৰি গৈছে। এতিয়া তেওঁৰ নাতি-পুতিৰে এখন ভৰপূৰ সংসাৰ। মানুহজনক সময়ে কাঢ়ি নিয়াৰ তিনিটা বছৰেই হ’ল। সৰু পুত্ৰৰ ঘৰত তেওঁ এতিয়া আৰামত আছে তথাপিও সময়ে….! তেওঁৰ ভাবিবলৈ ভয় লাগিল। তেওঁৰ ওচৰত কোনো নাই। এখন হাতেৰে আনখন হাত চুই চালে, তেওঁৰ হাত দুখনৰ ওপৰত বকুলী মাখনীহঁতৰ শুকান হাতকেইখনো তেওঁ অনুভৱ কৰিলে । এখন্তেকতে মানুহজনী জ্বৰ ঘমাদি ঘামি শিয়ৰি উঠিল!!!
দীপাঞ্জলি গোস্বামী
Comments are closed, but trackbacks and pingbacks are open.