অসমীয়া সমাজৰ মনোৰঞ্জন জগতত পৰিৱৰ্তিত ৰূপ

9

ড° সুনীল কুমাৰ শ‍ইকীয়া

‘স্মৃতিবোৰ সদায় সোণালী, ইয়াত কটোৱা প্ৰতিটো পলেই সোণালী’।

‘Entertainment is one of the most important things in peoples lives. without it they might go off the deep end’.- Stan lee

কেইদিনমানৰ আগতে আমি তিনিটা বন্ধু পৰিয়াল গুৱাহাটীৰ পৰা কাজিৰঙা অভয়াৰণ্যত দুৰাতিৰ বাবে থকাকৈ গৈছিলোঁ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ সৰুৰে পৰা বহুকেইবাৰ গৈছোঁ যদিও এতিয়াও খোলা জীপছী গাড়ী এখনত উঠি ভিতৰলৈ গৈ জীৱ-জন্তুবোৰ চাই কিবা এটা ভাল লাগে। এইবাৰো এদিন ধলপুৱাতে জীপছী এখনত উঠি অভয়াৰণ্যৰ ভিতৰলৈ পাক এটা মৰাৰ লগতে বাকী সময়বোৰত হোটেলখনৰ ওচৰে-পাঁজৰে খোজকাঢ়ি ফুৰা, হোটেলৰ ৰুমত আড্ডা মৰা, নিজৰ মনপছন্দৰ ইটো সিটো খোৱা, গান শুনা, গাড়ীখন লৈ এনেয়ে পাক এটা মাৰি অহা আদি কামবোৰ কৰি বৰ ভাল লাগিছিল। এদিন এইদৰে খোজকাঢ়ি ঘূৰি ফুৰোঁতে মুকলি পথাৰ এখনত কেইজনমান ল’ৰাই ঘিলা খেলি থকা দেখি কিবা এটা ভাল লাগিল আৰু পিছত হোটেললৈ আহি বেলকনিত বহি আমাৰ প্ৰত্যেকৰে ল’ৰালি দিনত খেলা ভিন্ন খেল-ধেমালি, বৰশী বোৱা, পথাৰ নদী আদিত মাছ ধৰা, বিহু মৰা, হুঁচৰি গোৱা, পিকনিক খোৱাকে ধৰি আন আন বিভিন্ন খোৱা-বোৱাৰ কথা, নাটক চিনেমা আদিৰ বিভিন্ন ৰসাল কথা-বতৰা পাতিবলৈ ধৰিলোঁ। এই ধৰণৰ পুৰণি মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰি কিবা এটা বৰ ভাল লাগে । জর্জ লুই বৰহাদে কোৱাৰ দৰে, ‘সকলো মৃত প্ৰাণীৰ পৰাই দুৰ্গন্ধ বাহিৰ হয়৷ একমাত্র ব্যতিক্ৰম হৈছে অতীতটো, অর্থাৎ অতীতৰ পৰা যি ওলাই আহে, সদায় মিঠা-সুগন্ধ৷

এটা সময়ত বন্ধু-বন্ধুপত্নী নিজৰ নিজৰ ৰুমলৈ ভাত পানী একেলগে খাই গ’লগৈ আৰু আনি নিজৰ ৰুমলৈ আহি পৰিবাৰৰ লগতো এই ধৰণৰ দুই এটা কথা পতাৰ পছিত তেওঁৰ টোপনি ধৰাত শুবলৈ গ’ল আৰু মই পুনৰ আহি বেলকনিত বহি ল’ৰালি কালৰ বহুতো পুৰণি কথা ৰোমন্থন কৰিবলৈ ধৰিলোঁ। আমাৰ মনটো কাজিৰঙাৰ ওপৰেদি পাৰ হৈ কেতিয়া ল’ৰালি দিনৰ কোনো এক সপোন ৰাজ্যত প্ৰৱেশ কৰিলোঁ, গমেই নাপালোঁ। আমাৰ প্ৰথমতেই মন পৰিল, আমাৰ একেবাৰে সৰুকালৰ বিভিন্ন ভাললগা মনোৰঞ্জনৰ কথাবোৰ। আমি একেবাৰে সৰু থাকোঁতে খেল-ধেমালিবোৰৰ কথা….। ইয়াৰে আমাৰ মনত থকা কেইটামান হৈছে— লুকা-ভাকু খেলা, চোৰ-পুলিচ খেলা, দৰা-কইনা খেলা, লুডু খেলা, সাপ-লুডু খেলা, তামোলৰ ঢকুৱাত উঠা, চাইকেলৰ টায়াৰ চলোৱা, কড়ি খেলা, বাৰিষা দিনত কাগজৰ নাও খেলা, দৌৰি দৌৰি পখিলা ধৰা, সোণালী পৰুৱা ধৰা, ততৰী ধৰা আদি খেল-ধেমালিবোৰ কৰি আনন্দিত হৈছিলোঁ। তদুপৰি ৰাতি হ’লে জোনাকী পৰৱা ধৰা, আইতাৰ (মাৰ মাক আইতা) মুখত (পিছফালৰ চোতালত বহি বা পাটীত শুই শুই) বুঢ়ী আইৰ সাধু, ঈছপৰ সাধু, পুৰাণৰ সাধু, ভূতৰ সাধু, বুঢ়া ডাঙৰীয়াৰ সাধু, বাবাৰ সাধু, জখিনীৰ সাধু আদি শুনি ইটোৱে সিটোৰ গাত ধৰি ধৰি ৰোমাঞ্চিত হৈ পৰিছিলোঁ। আজিকালি এইধৰণৰ খেলবোৰৰ ভিতৰত কেৱল লুকাভাকু (তেওঁলোকৰ বহুতেই হাইড এণ্ড ছিক বুলিহে কয়) আৰু লুডুখেলহে ঠায়ে ঠায়ে আছেগৈ যদিও বাকীবোৰ আমাৰ দিনৰ খেল খেলা নেদেখা হ’লোঁ। আজি সৰু ল’ৰা-ছোৱালী একোটাই ম’বাইল ফোনতে ভিন্ন গেম খেলে, কার্টুন চায়, পাজল খেলে, খোৱা বোৱা চায়, যিবোৰৰ পৰা শাৰীৰিক-মানসিক ব্যায়াম নহয়।

আমি কিছু ডাঙৰ হোৱাৰ পিছত ৰবাব টেঙাৰে ফুটবল খেলা, টাংগুটি খেলা, পিথৌ খেলা, হুদু খেলা, মার্বল খেলা, ভলীবল খেলা, ঘিলা খেল খেলা, কাবাদী খেলা, পুখুৰী, খাল, বিল, নদী-জুৰি আদিত বৰশী বোৱা, পথাৰত মাছ ধৰা, জাকৈ বোৱা, প’ল’ মৰা, চেপা-খোকা পাতি মাছ ধৰা, উজানত মাছ ধৰা, চাইকেল চলোৱা (প্ৰথম অৱস্থাত তলত অর্থাৎ ফ্ৰেমটোৰ মাজত সোমাই চাইকেল চলোৱা, পিছতহে ছীটটোত বহি প্ৰথম অৱস্থাত হাফ পেডেল মাৰি আৰু পিছলৈহে ফুল পেডেল মাৰি চাইকেল চলোৱা), ধান কটাৰ পিছত পথাৰত চেঁচুৰ খান্দি থোৱা, আনৰ ঘৰত মৰণা মৰা চোৱা আদি কথাবোৰ মনত পৰে ৷

আনহাতে মাঘৰ বিহু, ব’হাগ বিহু আদিত সকলোৱে মিলিজুলি কণীযুঁজ, ডাঙৰ বস্তা বা থৈলা একোটাত আধালৈকে সোমাই জোৰা চামুচ এখন মুখত ভৰাই তাত মাৰ্বলগুটি একোটা লৈ দৌৰা, তিনিঠেঙীয়াকৈ দৌৰা, বাঁহৰ পেং লৈ দৌৰা, চকুত কাপোৰ বান্ধি টেকেলি ভঙা, মাঘৰ বিহুৰ উৰুকাৰ দিনা মেজি সজা, নৰা যঘৰ (ভেলাঘৰ) সজা, সকলোৱে মিলি ভোজভাত খোৱা, উৰুকাৰ আগদিনা সমূহীয়াকৈ জাকৈ, পল’, জালবাই মাছ ধৰা, উৰুকাৰ নিশা ইঘৰে সিঘৰৰ বাৰীত সোমাই শাক-পাচলি চুৰি কৰা, জেওৰা-জপনা চুৰি কৰা (তেনেধৰণৰ কামবোৰ কৰিলে বছৰটো চুৰি-চাৰিৰ পৰা হাত সাৰি থাকিব পাৰি বুলি বিশ্বাস কৰা হয়), ব’হাগ বিহুৰ গৰু বিহুৰ দিনা আমাৰ ওচৰৰ নদীখনত গৰুক গা ধুওৱা, নিজেও নদীত সাঁতুৰিবলৈ শিকা, নদীৰ বালিচৰত মল্লযুঁজ বা পতকা পতকা কৰা, বিহুত হুঁচৰি গোৱা, বিহুৰ এসপ্তাহ-দহ দিনমানৰ আগৰে পৰা বাটে-ঘাটে কণীযুঁজ খেলা, কণীযুঁজৰ বাবে ওচৰৰ গাঁওবোৰত টান কণী বিচাৰি যেনে- সৈয়া কণী, অঁহী কণী, জলদুবুৰী কণী আদি । এইধৰণৰ কণীযুঁজ, কুকুৰা যুঁজ, ম’হযুঁজ আদি আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা চলি আহিছে।

বিহুৰ কেইদিন লগৰ সমনীয়া মিলি ইঘৰ সিঘৰত ভিন্ন জা-জলপান, পিঠাপনা যেনে- চিৰা, কোমল চাউল, হুৰুম, চুঙা চাউলৰ (কেঁচা বাঁহৰ চুঙাত বৰাচাউল ভৰাই কলপাতেৰে সোপা মাৰি বাঁহৰ চঙাটো জুইত পুৰি খোৱা), জলপান, লগতে জাঁজীমুখ, আখৈফুটীয়া বা ঢেঁকীয়াখোৱা ফালৰ ডাঠ ম’হৰ দৈ, ক্রীম, গুল, গোক্ষত মলমলাই যোৱা চেনিচম্পা কল বা জাহাজী কল আদিৰে খোৱা লোভনীয় জলপান একোটা। আহ। সোলোপ সোলোপকৈ লগেভাগে খাই কি মজা লাগিছিল, এতিয়া বুজাব নোৱাৰি। সেইদৰে লগৰ সমনীয়া বা মাহী-পেহীৰ ঘৰত খোৱা (নিজৰ ঘৰৰ বাহিৰেও) বিভিন্ন আকাৰৰ সোৱাদভৰা তিলপিঠা, ঘিলাপিঠা, পিঠা, নিমখীয়া পিঠা, জোনপিঠা, ফেনিপিঠা, গকুল পিঠা, সুতুলী পিঠা আদি আৰু লগতে নাৰিকলৰ লাডু, গমৰ লাডু, তিলৰ লাড়ু, পাণ্ডুটোৱা, নানটোৱা, মাহকৰাই আদি খোৱা মনত পৰে। মাজে-সময়ে অৱশ্যে গৰম ফুলা ফুলা লুচি- আলুভাজি, ডাঠ বুটৰ দাইল আদিও থাকে। ইয়াৰ লগতে ব’হাগ বা ৰঙালী বিহুত কেইবাদিনলৈ হুঁচৰি মৰা, কণীযুঁজ খেলা, কুকুৰা যুঁজ, ম’হযুঁজ আদি চোৱা আদি কথাবোৰো মনত পৰিলে পুনৰ সেইদৰে হুঁচৰি (বিহু) মাৰিবলৈ বা কণী যুঁজাবলৈ মন যায় ৷ আনহাতে বিহুৰ বতৰত লগৰ সমনীয়াৰ লগত বিহু (চবি) মাৰোতে বিহুগীতৰ লগতে কিছুমান পদনাম যেনে- ‘কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি…’, ‘এটা বাটিত নহৰু এটা বাটিত পনৰু…’ আদিৰ লগতে মা-দেউতা আৰু গুৰুজনাৰ দৰে ব্যক্তিৰ পৰা পোৱা বিভিন্ন প্রার্থনা আৰু নীতি-শিক্ষা যেনে- ‘তুমি চিত্ত বৃত্তি মোৰ…’, ‘মুক্তিত নিষ্পৃহ…’, ‘ত্বমেব মাতাচ…’ আদি এতিয়াও মনত আছে বা এতিয়াও পুৱা-গধূলি মনতে এবাৰ আওৰাওঁ। ইয়াৰ লগতে সৰুতেই আমাক শিকোৱা কিছুমান নীতিশিক্ষা যেনে- “নিতৌ ভগৱানক প্রার্থনা কৰিবা’, ‘পিতৃ-মাতৃক ভক্তি কৰিবা’, ‘কেতিয়াও মিছা কথা নক’বা’, ‘সদায় সত্য কথা ক’বা’, ‘সৎ পথত চলিবা’, ‘সদায় স্বাস্থ্যৰ যতন ল’বা’, ‘সময়ৰ সদ্ব্যৱহাৰ কৰিবা’ আদি নীতি শিক্ষাবোৰ এতিয়াও মনত পৰে। এই ধৰণৰ প্ৰার্থনা নীতিশিক্ষাবোৰ আচলতে যে শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰে এতিয়াহে মর্মে মর্মে উপলব্ধি কৰোঁ। আজিকালি আমাৰ অসমীয়া উঠি অহা ল’ৰা-ছোৱালীবোৰৰ অতি নগণ্যসংখ্যকেহে প্ৰাৰ্থনা কৰা দেখিছোঁ বা এইবোৰ প্ৰাৰ্থনা বা নীতিশিক্ষা আদি জানে। অৱশ্যে এতিয়াও কিছু কিছুৰ ঘৰত এইবোৰৰ শিক্ষা দিয়া আৰু দৈনিক প্ৰাৰ্থনা আদি কৰা হয় । এইবোৰ অতি ভাল কথা, প্রয়োজনীয় কথা।

এইধৰণৰ কথাবোৰ লিখি থাকোঁতে আমাৰ সৰুকালিৰ আন কেইটামান কথাও মনত পৰিছে। সেইবোৰ হৈছে- আমিবোৰে বছৰেকীয়া পৰীক্ষা দি উঠিয়েই বা গৰমৰ বন্ধত আমাৰ মাহী-পেহী, খুৰা, মামাহঁতৰ ঘৰলৈ আমাৰ আটাইবোৰ ল’ৰা-ছোৱালী (বাই-ভনী, দাদা-ভাইটি আদি) একেলগে কেইবাদিনো (১৫-২০ দিনমান বা বেছিকৈ) থকাকৈ গৈছিলোঁ বা তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰো আমাৰ ঘৰত থকাকৈ আহিছিল। কিমান যে ভাল লাগিছিল সেইবোৰ দিনত। সেই সময়ত প্রয়াত আমাৰ দেউতাই চয়াই চাহ বাগিচাত আমি সকলো ল’ৰা-ছোৱালী একেলগে ঢালাই বিছনা পাৰি শুব পৰাকৈ বৰ ডাঙৰ আঠুৱা এখন চিলাই দিছিল। আমি দুটামানে বহু ৰাতিলৈকে ফুচফুচকৈ কথা পাতি এটা সময়ত আমি টোপনি গৈছিলোঁ। ধলপুৱাতে একে সমনীয়া আমি দুটামানে মর্নিংৱাক কৰিবলৈ যোৱা (লগতে বাগিচাতে সদায় একেলগে থকা আন বন্ধু দুটামানৰ স’তে) বাগিচাৰ মাজে মাজে খোজ কঢ়া, আৰু পুনৰ ব্ৰেকফাষ্ট খাই পাহাৰ বগোৱা, ট্রেকিং কৰা, বৰশী বোৱা, চফ্ৰাই নদীত সাঁতোৰা, চাইকেল চলোৱা, কেটেপা লৈ চৰাই চিকাৰ কৰা, দেওবাৰে আটাইবোৰ মিলি পিকনিকত যোৱা আদি স্ফূৰ্তিবোৰ কৰি অতি আনন্দ লভিছিলোঁ। তদুপৰি আবেলি একেলগে ফুটবল খেলা, ভলীবল খেলা, ক্রিকেট খেলা, কেৰম খেলা আদি আৰু সন্ধ্যা লাগিলেই ঘৰলৈ আহি হাত-ভৰি ধুই সকলোৱে একেলগে প্ৰাৰ্থনা কৰা, কিতাপ-বহীত নতুন কাগজৰ চামৰা (ক’ভাৰ) লগোৱা, ৰেডিঅ’ শুনা (বিশেষকৈ গীতিমালিকা), দেওবাৰে পুৱা মইনাৰ মেল, অকণিৰ মেল আৰু দুপৰীয়া অনুৰোধৰ অনুষ্ঠান, নাটক শুনা তথা বিশেষকৈ ‘শান্ত শিষ্ট মহাদুষ্ট’, ‘বৰুৱাৰ সংসাৰ’, ‘সুৰংগৰ শেষত’ আদি নাটক শুনি বৰ ভাল পাইছিলোঁ। আনহাতে বছৰটোত দুবাৰমান সকলো বন্ধু- বান্ধৱীয়ে পুৱাই বাগিচাৰ হাস্পতালত গৈ জুলাপ খোৱা কামটো কৰি ভাল লগা হৈছিল।

সেইদৰে আমি সৰু থাকোঁতে আমাৰ দৰে সকলো সমনীয়াৰ কিছুমান প্রিয় মিঠাই-লজেঞ্চ আদি আছিল। লজেঞ্চৰ ভিতৰত মিঠা জোনবাই মটন, জেঠী কণী নাৰিকল লজেঞ্চ, জ্বলা মর্টন, গাখীৰ মর্টন, ললীপপ, চকলেট মর্টন আদি । সেইদৰে চানাচূৰ, বিশেষকৈ চিত্তৰঞ্জন ডালমুট, কেঞা বগৰী, লিলি বিস্কুট, কুকচ বিস্কুট, এজ বিস্কুট, বাদাম ভজা, পকৰী, চিৰা, গজা-খজা, বালুচা, চানা খুৰমা আদি মিঠাই। আজিকালি ল’ৰা-ছোৱালীৰ সেইবোৰৰ এটাও চিনি নাপায় । তেওঁলোকৰ বেছিভাগৰে ভাললগা খোৱাবোৰ হৈছে— ম’ম’, ৰোল, চেণ্ডউইচ, বাৰ্গাৰ, পিজ্জা, পাস্তা, পাওভাজি, চিকেন নাগেট, হটডগ। সেইদৰে আগতে আমি পানীখোৱা ছুটীত যে চিঙাৰা-চানাচুৰ (বিশেষকৈ বাৰ মিচল তেৰ সোৱাদ), মিঠা বৰফ (বগা বৰফ আৰু কমলা বৰফৰ আদি খাইছিলোঁ), জঁপিয়াই দৌৰা-দৌৰি কৰি আজিকালি সেইবোৰ স্ফূৰ্তিও নাজানে বা ভাল নাপায় । আজিকালি ক্লাছত একান্ত ভালপোৱা বন্ধু-বান্ধৱীৰ লগতহে শ্বেয়াৰ কৰি ভাল পায় ৷ এইবোৰ কথা-কাম তেওঁলোকৰ দোষ নহয়, এইবোৰ হৈছে সময়ৰ পৰিৱৰ্তন, যুগৰ পৰিৱৰ্তন। হ’লেও অসমীয়া সমাজখনত এইধৰণৰ পৰিৱৰ্তন বেছি ফাষ্ট নেকি? বিয়া-বাৰু, সকাম-নিকাম আদিৰ ক্ষেত্ৰতো বহুতো নতুন নতুন পৰিৱৰ্তন দেখা পাইছোঁ। আমি আনৰ নকলবোৰ সোনকালে কৰোঁ। আমাৰ কৃষ্টি-সংস্কৃতিহে আনক দিব নোৱাৰোঁ, দিবলৈ ইচ্ছা নকৰোঁ, আচলতে লাজ কৰোঁ। আমাৰ নিজা ফকৰা যোজনা, বিয়া নাম, বিহুনাম, দিহানাম, লোক-সংগীত, পৰম্পৰাগত খাদ্য, খেল-ধেমালি আদি পুনৰুদ্ধাৰৰ সময় আহি পৰিছে। দুই একে অৱশ্যে চেষ্টা নকৰা নহয়। আনকি চৰকাৰৰ ফালৰ পৰাও পুৰণি পৰম্পৰাগত খেল-ধেমালিসমূহৰ পুনৰুদ্ধাৰ, সংৰক্ষণ আৰু প্রয়াস বা প্ৰচাৰৰ বাবে কিছু চেষ্টা চলোৱা দেখা গৈছে।

সি যি কি নহওক, আমাৰ অতীজতে পৰম্পৰাগত খেল-ধেমালি, সংগীত, নাটক, গান-বাজনা আদি কেৱল মনোৰঞ্জনৰ আহিলাই নাছিল, বৰঞ্চ ই আছিল শাৰীৰিক আৰু মানসিক বিকাশত সহায় তথা শক্তিশালী কৰা এক অতি উত্তম-মাধ্যম, উত্তম আনন্দ আৰু লগতে মৰম-চেনেহ, একতাৰ ডোলেৰে বান্ধি ৰখা বা বান্ধিব পৰা এক মাধ্যম। আহক তেনেহ’লে আমি সকলোৱে এইবোৰ পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁ ।

শেষত জুবিন গাৰ্গৰ কণ্ঠত (দিগন্ত ভাৰতীৰ কথাৰে) গোৱা এই গীতটিৰে— ‘মনলে’ উভতি আহে ল’ৰালি…’ আজিৰ আমাৰ এই লেখা সামৰিলোঁ।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.