ৰেচিপিঃ মিঠা আলু পিঠা আৰু চুজিৰ মণ্ডা

8

ব্যস্ত দৈনন্দিন জীৱনৰ মাজত বিয়লিৰ সময়খিনি অধিক আনন্দদায়ক, সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ কৰি তুলিবলৈ ঘৰতে সহজে প্ৰস্তুত কৰিব পৰা পুষ্টিকৰ, মুখৰোচক আৰু সকলো বয়সৰ লোকে পছন্দ কৰিব পৰা কেইটামান বিশেষ জলপানৰ ৰেচিপি এইবাৰ আপোনালোকৰ বাবে আগবঢ়ালোঁ।

মিঠা আলু পিঠা

কি কি লাগিব ?

  • মিঠা আলুঃ ১/২ কেজি
  • চেনিঃ ২০০ গ্রাম
  • নাৰিকল এটা
  • গুৰ ১৫০ গ্রাম
  • তেজপাত ২ খিলা
  • ময়দা ১০০ গ্রাম
  • ভাজিবৰ বাবে তেল

তৈয়াৰ কৰা প্ৰণালীঃ মিঠা আলুখিনি সিজাই লৈ ঠাণ্ডা কৰি মিহিকৈ পিটিকা কৰিব। এতিয়া ময়দা মিহলাই তাত তেল এচামুচ দি আটাৰ দৰে সানি লওক । ৰুকা নাৰিকলখিনি গুৰৰ লগত মিহলাই ভালদৰে ভাজি শুকান মিশ্ৰণ এটা তৈয়াৰ কৰি ল’ব। ছুগাৰ চিৰাপ বনাবলৈ কেৰাহীত পানী গৰম কৰি তেজপাত দি চেনিখিনি উতলাই অলপ পাতল চিৰাপ এটা তৈয়াৰ কৰি ঠাণ্ডা হ’বলৈ দিয়ক । এতিয়া হাতত তেল সানি মিঠা আলু পিঠাটো বাটি আকাৰত হাতত বনাই নাৰিকলখিনি এচামুচ ভৰাই পেৰাৰ নিচিনা আকৃতি দিব। কেৰাহীত তেল গৰম কৰি পিঠাখিনি ১-২টাকৈ দি দি পাতল বাদামী ৰং হোৱালৈকে ভাজিব। গোটেইখিনি তেনেকৈ ভাজি অলপ ঠাণ্ডা হ’বলৈ দিয়ক। শেষত চেনি ছিৰাপটোত ডুবাই আৰু ২-৩ ঘণ্টা পাছত পিঠাখিনি ফুলি আহিলে ৰসগোল্লাৰ দৰে পৰিৱেশন কৰক। বিহুৰ সময়ত এই পিঠা প্রস্তুত কৰি আলহী-অতিথিক আপ্যায়ন কৰক ।

চুজিৰ মণ্ডা

কি কি লাগিব ?

  • চুজি ২৫০ গ্রাম
  • খোয়া ২০০ গ্রাম
  • চেনি ১৫০ গ্রাম
  • ইলাচি
  • ঘিউ এচামুচ
  • নিমখ এচিকুট
  • ভাজিবৰ বাবে তেল

তৈয়াৰ কৰা প্ৰণালীঃ কেৰাহীত পানী অলপ লৈ এচিকুট নিমখ আৰু দুই চামুচ চেনি দি উতলিবলৈ দিব। ক্রমান্বয়ে অনবৰতে লৰাই উতলি থকা পানীত চুজিখিনি দি দিব। সকলো চুজি যোগ কৰি মিশ্ৰণটোৱে এটা পিঠাগুড়িৰ দৰে গোট মাৰিলে জুইৰ পৰা আঁতৰাই পেলাওক । মিশ্ৰণটো ঠাণ্ডা হ’লে ঘিউখিনি দি ইলাচি খিনি হাতেৰে ভালদৰে গুড়ি কৰি লওক। এই পৰ্যায়ত গুড়ি কৰা ইলাচিখিনি মিহলাই লওক। মিঠা (খোয়া) কুটি লওক। চুজিখিনি সৰু সৰু অংশ হাতত লৈ সৰু ঘূৰণীয়া কাপ বা বাটিৰ দৰে আকৃতিৰ কৰি লওক। মাজত এচামুচ গ্রেট কৰা খোয়া ভৰাই খোলাটো বন্ধ কৰি লওক আৰু এটা মসৃণ, ঘূৰণীয়া বলৰ দৰে চুজিৰ মণ্ডা প্রস্তুত কৰক। কেৰাহীত তেল গৰম কৰি মণ্ডাখিনি ডিপ ফ্রাই কৰি লওক, এবাৰত এটা বা দুটাকৈ ভাজি লওক ৷ পাতল সোণালী-বাদামী ৰং হোৱালৈকে ভাজিব । তাৰ পিছত গৰম হৈ থকা অৱস্থাত পৰিৱেশন কৰক।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.