গৰ্ভাৱস্থাত ছালৰ যতন

35

মমতা শর্মা
স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ
ৱ’মেনম হেলথ কেয়াৰ

গৰ্ভাৱস্থাৰ সময়ত মহিলাগৰাকীৰ সমগ্ৰ শৰীৰতে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয় আৰু ছালখনৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। ইয়াৰ ভিতৰত কিছুমান স্বাভাৱিক পৰিৱৰ্তনৰ ভিতৰত পৰে আৰু কিছুমান ক্ষেত্ৰত পুৰণা ছালৰ অসুখ বেছি হয় আৰু আনহাতে কিছুমান ছালৰ অসুখ ৰেমিছন হয় বা কমি আহে। সাধাৰণতে হোৱা ছালৰ পৰিৱৰ্তনসমূহ হ’ল—

বৰণ সলনি হোৱা

দেহৰ কোনো কোনো ঠাইত দেহৰ বৰণ গাঢ় হোৱা দেখা যায়। ই সাধাৰণতে গৰ্ভাৱস্থাৰ প্রথম তিনি মাহতে আৰম্ভ হয়। দেহৰ যিবিলাক অংগ ইতিমধ্যে অলপ গাঢ় ৰঙৰ হয়। যেনে- স্তনৰ এৰিঅলা অর্থাৎ নিপলৰ ওচৰৰ ক’লা অংশটো, কাষলতিৰ ওচৰত আৰু যৌনাংগৰ ওচৰখিনি বেছি গাঢ় ৰঙৰ হয় । তলপেটৰ পৰা ওপৰ পেটলৈ এটা গাঢ় ৰঙৰ লাইন নাভি হৈ ওপৰ পেটলৈ দেখা যায়। আৰু ইয়াক লিনিয়া নাইগ্রা বুলি কোৱা হয়। ছালৰ পৰিৱৰ্তন যি গৰ্ভৱতী মহিলাগৰাকীক চিন্তিত কৰে, সেইটো হৈছে মুখৰ গালৰ ত্বকৰ ওপৰতো গাঢ় বৰণৰ ছাপ পৰিব পাৰে আৰু ইয়াক প্ৰেগনেন্সী মাস্ক বা গৰ্ভাৱস্থাৰ মুখা বুলি কোৱা হয়।

গৰ্ভাৱস্থাত বাঢ়ি অহা পেটটোৰ ছালখন স্ফীত হৈ যায় আৰু ছালৰ ইলাষ্টিন আৰু কলাজেনৰ ক্ষতি হয় আৰু ষ্ট্ৰাইয়া গ্রেভিডেৰাম বা প্রেগনেন্সিয়া ষ্ট্ৰেছ মার্কবিলাকৰ সৃষ্টি হয় । এই চিন বা ছালৰ দাগবিলাক গৰ্ভাৱস্থাৰ ছয়-সাত মাহৰ পৰা দেখা যায়। ওজন বেছি হ’লে প্রেগনেন্সী মার্কবিলাক বেছিকৈ দেখা যায়। আৰু স্তন আৰু উৰুতো ষ্ট্ৰেছ মার্ক হ’ব পাৰে। গৰ্ভধাৰণৰ সময়ত হোৱা হৰমনৰ পৰিৱৰ্তনৰ বাবেও এই দাগবোৰ বেছিকৈ হ’ব পাৰে। এই প্ৰেগনেন্সী মার্কবোৰত খজুৱতি জ্বলনি যেন অনুভৱ হ’ব পাৰে ।

চিকিৎসা

বিভিন্ন ঔষধ যেনে এচকৰবিক এচিড, গ্রাইক’লিক এচিড আৰু ট্রেটিনঅন মল বা ক্ৰীমৰ দ্বাৰা এই দাগবোৰ অলপ কমাব পাৰি। আজিকালি লেজাৰ, ৰেডিফ্ৰিকুৱেন্সী চিকিৎসাৰ দ্বাৰা এই ষ্ট্ৰাইয়া গ্রেভিডেৰাম বহুখিনি কমাব পাৰি । লেজাৰৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইড, Yag, Diode, Q-swiched, Nd – Yag আদিৰ ব্যৱহাৰ হয়। লগতে কেমিকেল পিলিং মাইক্ৰ’ডার্মাব্ৰেচন ৰেডিঅ’ফ্ৰিকুৱেন্সী আদিৰ দ্বাৰা এই দাগবোৰ কমোৱাৰ চেষ্টা কৰা হয়। উল্লেখ্য যে এটা কথা হ’ল যে যদি ট্রেটিনইন ক্রীম বা লোচনৰ ব্যৱহাৰ প্ৰসৱৰ পিছতহে হ’ব আৰু তেতিয়া মাতৃগৰাকীয়ে আকৌ গৰ্ভধাৰণ কৰিব নোৱাৰিব আৰু গৰ্ভনিৰোধক ব্যৱহাৰ কৰাটো দৰকাৰ। আনকি স্তনপান কৰোৱা মাতৃয়েও ব্যৱহাৰ কৰিব নোৱাৰে। আন চিকিৎসাবিলাকো প্ৰসৱৰ পিছতহে সম্ভৱ হয় । গৰ্ভধাৰণৰ সময়ত খুব বেছি ওজন বৃদ্ধি হ’লেও এই ষ্ট্ৰেছ মাৰ্কবোৰ বেছি হয়। গতিকে অত্যধিক ওজনে বৃদ্ধি প্ৰতিৰোধ কৰা উচিত। ভালকৈ ত্বকখনত মইশ্বৰাইজাৰ সনা দৰকাৰ আৰু ইয়াৰ দ্বাৰাও ষ্ট্ৰেছ মাৰ্ক অলপ প্ৰতিৰোধ কৰিব পাৰি। বিশেষকৈ পেট, স্তন, উৰু আদি ঠাইত য’ত ষ্ট্ৰেছ মার্ক বেছিকৈ হয়। সন্তুলিত আহাৰ আৰু ভালকৈ পানী আৰু ভিটামিনযুক্ত ঔষধেও অলপ ষ্ট্ৰেছ মাৰ্ক কমাব পাৰে ৷ তদুপৰি লাহে লাহে সময়ৰ লগত এই দাগবোৰ নিজেও বহুত কমি যায়।

স্কিন টেগঃ গৰ্ভাৱস্থাৰ সময়ত সৰু সৰু ছালৰ টেগ বা ছালৰ ওপৰত সৰু সৰু টেমুনা দেখা যায়। এইবিলাক কেঞ্চাৰ নহয় আৰু গৰ্ভাৱস্থাৰ সময়ত ইষ্ট্ৰ’জেন আৰু প্ৰছেটেৰণ প্ৰচুৰ পৰিমাণে থকাৰ বাবে ছালৰ বিভিন্ন পৰিৱৰ্তন হয়। লগতে দেহৰ ওজন বাঢ়ি অহাৰ ফলত দেহৰ এটা অংশ ছালৰ লগত আন অংশ ছালৰ ঘৰ্ষণ হয়। আৰু স্কিন টেগৰ সৃষ্টি হয়। গৰ্ভাৱস্থাৰ সময়ত পাতল ঢিলা সূতাৰ কাপোৰ পৰিধান কৰিলেও এই সমস্যাৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি ।

গৰ্ভাৱস্থাত চুলিৰ পৰিৱৰ্তনঃ গৰ্ভাৱস্থাৰ দ্বিতীয় সপ্তাহৰ পৰা হৰমনৰ প্ৰভাৱত মানুহগৰাকীৰ মূৰৰ চুলিৰ সোনকালে দীঘল হোৱা আৰু লগতে মুখতো নোম বেছি হ’ব পাৰে। প্ৰসৱৰ পিছত চুলি টেল’জেন পৰ্যায়লৈ যায় আৰু চুলি সৰিব ধৰে। কাৰণ এই সময়ত চুলি জিৰণি পৰ্যায়ত থাকে আৰু চুলি সৰাটো মূৰৰ সন্মুখভাগ আৰু কাষৰ ফালে বেছি হয়, কিন্তু সমগ্ৰ মূৰতো হ’ব পাৰে। এই সময়খিনি ছয় সপ্তাহৰ পৰা ষোল্ল সপ্তাহলৈ থাকিব পাৰে। তিনিৰ পৰা ছয় মাহৰ ভিতৰত স্বতঃস্ফূর্তভাৱে সকলো ঠিক হৈ যায়।

এই সকলো ছালৰ সমস্যাৰ কাৰণে আজিকালি উন্নত চিকিৎসা আছে। তদুপৰি মহিলাগৰাকীৰ ফালৰ পৰা ধৈৰ্যৰো বহুত দৰকাৰ।

ফোন : ৯৮৬৪০-১০১৬০

You might also like

Comments are closed, but trackbacks and pingbacks are open.