ভেনিছৰ কেনেলত গণ্ডোলা বিহাৰ

34

ড° হৰিশংকৰ কাকতী
অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক
দক্ষিণ কামৰূপ মহাবিদ্যালয়, মির্জা

২২ মে’ ২০২৪ চনৰ আবেলি। দুপৰীয়াৰ ভাগত ভেনিছ চহৰৰ ছেইন্ট মাৰ্কছ স্কোৱেৰৰ আশেপাশে থকা বিভিন্ন ঠাই চোৱাৰ পিছত আমি আমাৰ পৰৱৰ্তী গন্তব্যস্থান ভেনিছ চহৰৰ মাজেৰে যোৱা কেনেলত গণ্ডোলা বিহাৰৰ বাবে সাজু হ’লোঁ । ইতিমধ্যে বতৰ ডাৱৰীয়া হৈ পাতলীয়াকৈ বৰষুণ পৰা আৰম্ভ হৈছিলেই। লগত ছাতি এটা নিছিলো যদিও গাড়ীখনতে এৰি অহাত ছাতি এটাৰ প্রয়োজন বুলি স্কোৱেৰৰ পকী কৰা ঠাইখিনিত থকা সৰু দোকান এখনলৈ আগবাঢ়িলোঁ। তাত ছাতিৰ লগতে অন্যান্য সৰু সুৰা সামগ্ৰীও পোৱা যায়। দোকানীজন দেখাত ভাৰতীয় যেন লাগিল। লংপেণ্ট-ছাৰ্ট পৰিহিত পাতল মিঠা বৰণৰ এজন ডেকা ল’ৰা। ছাতিৰ দাম সুধিলোঁ। সাত ইউৰো বুলি ক’লে ৷ মই চাৰি ইউৰো দিম বুলি কোৱাত তেওঁ পাঁচ ইউৰোলৈ নামিল । মই কিন্তু চাৰি ইউৰোতকৈ বেছি দিব নোৱাৰো বুলি কোৱাত শেষত সেই দামতেই ছাতিটো দিলে। ইমান সময়ে ইংৰাজীতেই কথা কৈ আছিলোঁ। কৌতূহলবশতঃ মই সুধিলো- ‘আপুনি ছাতিটো কিয় মোক চাৰি ইউৰোত দিলে? অন্যইতো পাঁচ ইউৰোৰ কমত নিদিয়ে। আপুনি মোক ভাৰতীয় বুলি গম পাই দিলে নেকি? আপুনিও ভাৰতৰ নেকি?”

তেওঁৰ উত্তৰ- ‘মই ভাৰতীয় নহয়, কিন্তু বাংলাদেশৰ’।
তেতিয়া মই বাঙালীতে ক’লোঁ- ‘ময়ো অসমৰ। অসম নিশ্চয় চিনি পায় আপুনি?’

তেওঁ ক’লে- “নিশ্চয় পাওঁ। মই ইয়ালৈ অহাৰ আগতে কাছাৰ আৰু কৰিমগঞ্জলৈ গৈছিলো কেইবাবাৰো । তাত আছিলো বহুদিন।’

মই সুধিলোঁ- ‘আপুনি অসমীয়া ক’ব জানেনে ?
তেওঁৰ উত্তৰ- ‘অলপ অলপ বুজি পাওঁ। কিন্তু ক’বহে নোৱাৰোঁ ৷ ” ম‍ই তেওঁক এইবাৰ সুধিলোঁ- ‘আপুনি ইমান দূৰৰ পৰা এইখন দেশলৈ কিয় আহিল ?’

তেওঁৰ উত্তৰ-‘পেটৰ তাড়নাত।’
মই সুধিলোঁ- ‘আহিবলৈ টকা-পইচা ক’ত পালে? ভিছা সহজে কৰিব পাৰিলেনে?’

তেওঁ উত্তৰত ক’লে যে আমাৰ মালিকে সকলো ব্যৱস্থা কৰি দিয়ে । সি যি কি নহওক বিদেশত নিজৰ দেশৰ ওচৰৰে এজন লগ পাই ভাল লাগিল। অৱশ্যে তেওঁৰ বাহিৰেও বহুতো বাংলাদেশৰ লোকে ইয়াত সৰু সুৰা ব্যৱসায় কৰি থকা বুলি ক’লে। বাংলাদেশ আৰু ভাৰতৰ সুসম্পৰ্কৰ সুবাদতে বিদেশত আমি সকলো ভাই-ভাইৰ নিচিনা। যেন বিদেশত আপোন মানুহ। সেয়েহে হয়তো তেওঁ মোক আপোন বুলি ভাবি ছাতিটো চাৰি ইউৰোতে দিলে। ক’লে যে পাঁচ ইউৰোতকৈ কমত দিলে লাভ কম হয়। ঘৰলৈ কেতিয়া যায় বুলি সোধাত তেওঁৰ চকুহালত ফুটি উঠিল এক বিষণ্ণতা, যাৰ মাজেদি তেওঁ প্ৰকাশ কৰিলে হয়তো ঘনাই ঘৰলৈ যাব নোপোৱাৰ এক অবুজ বেদনা। মই মোৰ লগত থকা সকলো অসমৰে বুলি কোৱাত তেওঁৰ মুখেৰে এটি তৃপ্তিৰ হাঁহি ওলাল ৷ মোৰ লগত আৰু দুজন মানে ছাতি সেই দামতে কিনি ল’লে।

ছাতি কিনাৰ পাছতেই আমি আগবাঢ়িলো এটুকুৰা নিৰ্দিষ্ট স্থানলৈ, য’ৰ পৰা গণ্ডোলাবোৰে যাত্ৰা আৰম্ভ কৰে। গাইডে পতাকাখন জোকাৰি জোকাৰি আমাক তেওঁৰ পিছে পিছে গৈ থাকিবলৈ ক’লে। ইতিমধ্যে কিনকিনীয়া বৰষুণজাক অলপ ডাঙৰেই হৈ আহিল। আমাৰ টিকট ইতিমধ্যে কিনাই আছিল। এখন গণ্ডোলাত সর্বোচ্চ ছয়জনমানহে উঠিব পাৰে। আমি পাঁচজনে এখনত উঠি ল’লোঁ । সকলো উঠি লোৱাৰ পিছত লাহে লাহে কেনেলৰ মাজেৰে আমাৰ এঘণ্টীয়া গণ্ডোলা বিহাৰ আৰম্ভ হ’ল।

‘কেনেলৰ চহৰ’হিচাপে বিখ্যাত ভেনিছত প্রায় ১৭০-১৮০টা মান ব’ট কেনেল আছে। প্রায় ৪০০খন দলঙে এই ব’ট কেনেলবোৰ সংযোগ কৰা প্ৰত্যেকটো অঞ্চললৈ আপুনি অনায়াসে খোজ কাঢ়িও যাব পাৰে। ভেনিছত গাড়ী চলিবলৈ ৰাস্তা ঘাট নাই, কেৱল ফুটপাথবোৰহে আছে। গতিকে তাত মটৰ গাড়ী নচলে। তাৰ সলনি আছে এই গণ্ডোলাবোৰ । এতিয়া ষ্টীম মটবোটো চলে তাৰ নাম ভেপোৰিটি। গণ্ডোলাবোৰেই ভেনিছৰ পৰিবহণৰ প্ৰধান মাধ্যম। এই কেনেলবোৰৰ ভিতৰত গ্ৰেণ্ড কেনেলটোৱেই হৈছে ভেনিছৰ আটাইতকৈ ডাঙৰ আৰু বিখ্যাত। ইয়াৰ দৈর্ঘ্য প্রায় ৪ কিঃমিঃ আৰু ই ভেনিছৰ আধা অংশক আনটোৰ পৰা পৃথক কৰে। ভেনিছৰ আটাইতকৈ বৈশিষ্ট্যপূর্ণ দিশটো হ’ল চহৰৰ চুকে-কোণে ৰাস্তাৰ দৰে বৈ যোৱা কেনেলবোৰ ৷

লাহে লাহে আমাৰ গণ্ডোলাখন কেনেলৰ মাজেদি যাবলৈ আৰম্ভ কৰিলে। বৰষুণজাক বৰ ডাঙৰ নাছিল যদিও হাতত ছাতি লৈ থাকিবলগীয়া হোৱাত গণ্ডোলাত উঠাৰ আনন্দ যেন কিছু ম্লান পৰিছিল। গণ্ডোলা চলোৱা মানুহজনে ইটালিয়ান ভাষাত বৰ সুন্দৰকৈ গান গাই আছিল । আমি কিবা সুধিলো যদিও ইংৰাজী নজনাৰ বাবে একো সঁহাৰি নাপালোঁ৷ কেনেলৰ পানীবোৰ বৰ পৰিষ্কাৰ নহয় ৷ মাজে মাজে বন্ধ পানীৰ গোন্ধ নাকত লাগে।

লেতেৰা হোৱাৰ কাৰণ হ’ল ভেনিছৰ লোকসকলে অদৰকাৰী বস্তুবোৰ পানীত পেলায় । তদুপৰি প্লাষ্টিক প্ৰদূষণ, উদ্যোগৰ পৰা নিষ্কাশিত বর্জ্য পদার্থ আদিও কেনেলৰ পানীৰ লেতেৰা হোৱাৰ অন্য কাৰণ। জোৱাৰভাটা আহিলেহে সাগৰৰ নতুন পানী সোমাই কেনেলৰ পানীবোৰ পৰিষ্কাৰ হয়। অৱশ্যে আজিকালি যান্ত্ৰিকভাৱে ড্রেজিং আৰু হাতেৰে জাবৰ-জোঁথৰবোৰ আঁতৰাই নিয়মিতভাৱে পৰিষ্কাৰ কৰি ৰখাৰ চেষ্টা কৰা হয়। তথাপিও পর্যটকে ইয়ালৈ আছি গণ্ডোলা বিহাৰ কৰে আমাৰ দৰেই। কাৰণ ইয়াৰ দ্বাৰা পৰ্যটকে এক পুৰণিদিনীয়া হেৰাই যোৱা অভিজ্ঞতাৰ স্মৃতি লাভ কৰিব পাৰে ।

গণ্ডোলা নাথাকিলে ভেনিছৰ সৌন্দৰ্যই নাইকিয়া হ’ব। ভেনিছৰ কেনেলবোৰত বহু শতিকাজুৰি এই গণ্ডোলাবোৰ চলি আহিছে। বিভিন্ন কাঠেৰে নিৰ্মাণ কৰা গণ্ডোলাবোৰ ভেনিছৰ পৰম্পৰাগত দীঘলীয়া ঠেক নাও। এইবোৰ দীঘলে প্রায় ৩৬ ফুট আৰু বহলে ৫ ফুট। ববৰৰ গাদী থকা সুন্দৰ সুন্দৰ ৰঙৰ কাপোৰেৰে ঢাকি থোৱা চকীবোৰত পৰ্যটকবোৰ বহি গণ্ডোলা বিহাৰৰ আমেজ লয় ।

পর্যটকবোৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন ডিজাইনেৰে গণ্ডোলাবোৰ সজাই তোলা হৈছে। গণ্ডোলাৰ চালকজনক গাণ্ডোলিয়াৰ বুলি কয় । যেই সেই মানুহে গণ্ডোলা চলাব নোৱাৰে । গণ্ডোলা চালকবোৰৰ পোছাকবোৰ প্ৰায় একে ধৰণৰ। প্ৰত্যেকেই এজন অনুজ্ঞাপ্রাপ্ত পেছাদাৰী চালক। এজন চালকে এককভাৱে ব’ঠা এখন ব্য ৱহাৰ কৰি সন্মুখলৈ থিয় হৈ গণ্ডোলাখন চলায়। এসময়ত ভেনিছৰ লোকসকলৰ বাবে, বিশেষকৈ ধনীসকলৰ বাবে পৰিবহণৰ মূল মাধ্যম গণ্ডোলা এতিয়া মূলতঃ পৰ্যটকৰ বাবে জনপ্রিয় আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

গণ্ডোলাবোৰৰ ওপৰত কাঠেৰে কৰা কাৰুকাৰ্যবোৰ সঁচাকৈয়ে চাবলগীয়া। এই নাওবোৰৰ গঠনৰ পৰাই ইয়াক তৈয়াৰ কৰা শিল্পীসকলৰ নিপুণতাৰ পৰিচয় পোৱা যায়। ১৬ শতিকাত হেনো প্রায় দহ হেজাৰ গণ্ডোলা আছিল । এতিয়া সৰু সৰু মটৰ বোট আদিৰ চলাচল বেছি হোৱা বাবে গণ্ডোলাৰ পৰিমাণ প্রায় ৪০০লৈ হ্রাস পাইছে। এই বাকী থকা গণ্ডোলাবোৰ এতিয়া প্রায় একচেটিয়াভাৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু। প্রেমিক-প্রেমিকাবোৰৰ বিয়াৰ আগৰ এক মুখ্য আকর্ষণ এই গণ্ডোলাবোৰ। বহুতে গীটাৰ, বিশেষকৈ ডেকা-গাভৰুসকলে গীটাৰ, একর্ডিয়ান, মাউথ অর্গেন বজাই, গান পাই প্ৰেমৰ সপোন ৰচনা কৰে ।

ভেনিছৰ কেনেলবোৰৰ গভীৰতা বেলেগ বেলেগ যদিও সৰু কেনেলবোৰ প্ৰায় ১.৫ৰ পৰা ২ মিটাৰলৈ গভীৰ। আনহাতে গ্রেণ্ড কেনেলৰ গভীৰতা প্রায় ৫ মিটাৰ। কেনেলৰ পানীবোৰ নিমখীয়া নহয়, তাৰ পৰিৱৰ্তে এইবোৰ নিমখীয়া আৰু সতেজ প্ৰাণীৰ মিশ্রণ। ভেনিছৰ কেনেলত সাঁতোৰা নিষিদ্ধ। কাৰণ প্ৰদূষিত পানী আৰু গণ্ডোলাৰ চলাচলৰ বাবে সাঁতোৰাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। কোনোবাই এইবোৰ বাধা নেওচি সাঁতুৰিব গ’লেও যথেষ্ট জৰিমনা আৰু অন্যান্য নিষেধাজ্ঞাৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

আমাৰ গণ্ডোলাখন কেইবাখনো দলঙৰ তলেদি পাৰ হৈ গ’ল। দলংবোৰৰ ওপৰত থকা পর্যটকসকল ফটো লোৱাত ব্যস্ত। এখন দলঙত আমাৰ গাইড ইভাকো দেখিলোঁ। হাত জোকাৰি সম্ভাষণ জনালে । দলংখনৰ তলেদি যোৱা আমাৰ দলৰ প্ৰত্যেকখন গণ্ডোলাৰ ফটো লৈছিল তেওঁ। হাঁহিমুখীয়া গাইজনীয়ে আমাৰ টুৰ অপাৰ্টেৰ সঞ্জয়ক ফটোবোৰ দিছিল, যিবোৰ আমি পিছত পাইছিলোঁ। এটা সময়ত আমাৰ গণ্ডোলাই ভেনিছৰ বিখ্যাত ‘ৰিয়াল্টো’ দলঙৰ তলেদি পাৰ হৈ গৈছিল। এইখন হ’ল ভেনিছৰ মাজমজিয়াত গ্ৰেণ্ড কেনেলৰ আটাইতকৈ ঠেক অংশটোৰ ওপৰেৰে পাৰ হৈ যোৱা শিলৰ তোৰণ আকৃতিৰ আটাইতকৈ পুৰণি দলং। ১৬ শতিকাৰ শেষৰ ফালে নির্মিত ৰিয়াল্টো দলংখন ৰেনেছাঁ যুগৰ স্থাপত্য আৰু আভিযান্ত্ৰিক কৃতিত্বৰ নিদৰ্শন।

বৰষুণে কিছু বিধি-পথালি দিলেও ভেনিছৰ কেনেলৰ মাজেৰে কৰা এই এঘণ্টা গণ্ডোলা বিহাৰ আমাৰ বাবে আছিল এক ৰোমাঞ্চকৰ যাত্রা। ডেকা-গাভৰুৰ বাবে ই এক ৰোমাণ্টিক যাত্রা। সুদূৰ অসমৰ পৰা আহি এই ওপঙি থকা যাদুকৰী নগৰীখন ঘূৰি ফুৰি গণ্ডোলা বিহাৰ কৰিম বুলি হয়তো কেতিয়াও কল্পনা কৰা নাছিলো, যদিও ক্ষীণ হাবিয়াস এটি মনতে পুহি ৰাখিছিলোঁ। আজি এই সেই হাবিয়াস পূৰ্ণ হোৱাত আটাইৰে যেন কিমান স্ফূর্তি লাগিছে সেয়া ভাষাৰে বুজাব নোৱাৰি। ভৱিষ্যতে আৰু কেতিয়াবা ইয়ালৈ আহিবলৈ পাম নে নাই সেয়া হয়তো সময়ে ক’ব ।

প্রায় এঘণ্টা পিছত আমাৰ গণ্ডোলা বিহাৰ সমাপ্ত হ’ল। গণ্ডোলাৰ পৰা নামি কিছুদূৰ খোজকাঢ়ি আহি আহি আমাৰ পিছৰ গন্তব্যস্থান মুৰানো দ্বীপত থকা মুৰানো কাঁচৰ ফেক্টৰী আৰু শ্ব’ৰুমলৈ ৰাওনা হ’লোঁ।

মুৰানো হ’ল ভেনিছৰ উত্তৰ-পূবত থকা কিছুমান সৰু সৰু দ্বীপৰ মাজৰ এটি সৰু দ্বীপ । এই দ্বীপটো কাঁচৰ শিল্পকৰ্মৰ বাবে বিখ্যাত । ভেনিছৰ অৰ্থনীতি পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল যদিও ইয়াত থকা কাঁচৰ আচবাব, জোতাৰ ফিটা, ফার্নিচাৰ আৰু অলংকাৰ শিল্পই ভেনিছৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। পুৰণি কালৰ পৰাই তাত কাঁচৰ বিভিন্ন আচবাব বনোৱা হয় । মুৰানোত কাঁচ নিৰ্মাণৰ কলা হাজাৰ বছৰতকৈও অধিক পুৰণি আৰু শতিকাজুৰি কাঁচ উৎপাদনৰ এক বিশ্বব্যাপী কেন্দ্ৰ হৈ আহিছে। গোটেই ইউৰোপতে মুৰানোৰ কাঁচৰ আচবাব বিখ্যাত। আমি প্রথমে এটি কোঠাত সোমালোঁ, য’ত কাঁচৰ পৰা কেনেকৈ সামগ্ৰী তৈয়াৰ কৰে তাৰ প্ৰদৰ্শন দেখুওৱা হয়। সকলো সাজু হোৱাৰ পিছত এজন শিল্পীয়ে কাঁচ গলাই এটি সুন্দৰ হেণ্ডেল থকা জাৰ প্ৰস্তুত কৰি দেখুৱালে প্রায় ৫ মিনিট মানত। সকলোৱে থৰ হৈ তেওঁৰ কাৰুকাৰ্যবোৰ চাই তবধ মানিলোঁ। বিভিন্ন পদ্ধতি যেনে- গৰম কাঁচত পাইপেৰে ফু মাৰি, গৰম হোৱাৰ পিছত অন্য কাঁচৰ টুকুৰা সংযোগ কৰি, গৰমে গৰমে নিজৰ ইচ্ছা অনুসৰি ভাঁজ দি বিভিন্ন পদ্ধতিৰে তৈয়াৰ কৰাৰ সেই দৃশ্যবোৰে সঁচাই আমাক সন্মোহিত কৰি তুলিলে। সকলোৱে হাতচাপৰি বজাই বাঃ বাঃ দিলে।

হাতেৰে নিৰ্মিত কাঁচৰ বস্তু মুৰানোৰ প্ৰাচীন পৰম্পৰা। ফুলদানি, ছেণ্ডেলিয়াৰ, বাটি, গহনা আদিৰ দৰে ধুনীয়া কলাত্মক আৰু মজ্জাগত অসংখ্য বস্তু সৃষ্টিৰ বাবে মুৰানো বিশ্ববিখ্যাত । প্ৰতিটো বস্তু দক্ষ শিল্পীৰ দ্বাৰা হাতেৰে নিৰ্মিত, যিয়ে নিজৰ কৌশল প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আগুৱাই লৈ গৈ আছে। কাঁচৰ মিশ্ৰণত বিভিন্ন খনিজ পদাৰ্থ, ৰং আৰু বিভিন্ন ৰাসায়নিক যৌগ যোগ কৰি স্বচ্ছ, ৰঙীন আৰু বেলেগ বেলেগ ৰঙৰ প্ৰতিফলন ঘটা ডিজাইনৰ ফলত এক অসীম বৰ্ণালী সৃষ্টি কৰা হয়, যিয়ে সামগ্ৰীবিধক এক অনন্য মাত্ৰা প্ৰদান কৰে । সোণ খটোৱা কাপ-প্লেট, ফুলদানি আদি তৈয়াৰ কৰি বিদেশলৈ ৰপ্তানি কৰা হয়। মুৰানোত তৈয়াৰী কাঁচৰ বস্তুবোৰ উৎকৃষ্টতাৰ আৰু প্রামাণ্যতাৰ প্ৰতীক বুলি গণ্য কৰা হয়, যিয়ে ইটালীৰ ভেনিছৰ শিল্পীসকলৰ অনন্য শৈলী আৰু আৱেগক প্ৰতিফলিত কৰে। প্ৰদৰ্শন শেষ হোৱাৰ পিছত আমি আটায়ে ভিতৰত থকা এটি শ্ব’ৰুমলৈ গ’লোঁ । আলমাৰীত সজাই থোৱা বিভিন্ন ৰং-বিৰঙৰ কাঁচৰ বস্তুবোৰ দেখি ঘৰলৈ আনিবলৈ মন গৈছিল যদিও ঠুনুকা কাঁচৰ বস্তুবোৰ আনিবলৈ সাহ নহ’ল। শ্ব’ৰুমত নির্দিষ্ট দামতকৈ কম মূল্য তেই বস্তুবোৰ দি আছিল । আমাৰ দলৰ দুই এজনে সৰু সুৰা দুই এপদ সামগ্রী কিনিলে। শ্ব’ৰুমৰ কৰ্মকৰ্তাসকলে অৱশ্যে সামগ্ৰীবিধৰ দাম আদায় দি নাম-ঠিকনা দিলে আমাৰ ভাৰতবৰ্ষলৈ পঠিয়াই দিব বুলি কৈছিল। দাম যথেষ্ট বেছি বাবে ইমান ইউৰো খৰচ কৰাৰ ইচ্ছাও নগ’ল ।

কিছু সময় তাত কটাই বাহিৰলৈ ওলাই আহিলোঁ। ওলাই অহা পথত দেখিলো সম্পূর্ণ কাঁচেৰে তৈয়াৰ কৰা, সেউজীয়া ৰঙৰ এটি প্রকাণ্ড ঘোঁৰাৰ মূৰ্তি । মূৰ্তিটোৰ কাষত ৰৈ ফটো এখন উঠাৰ লোভ সামৰিব নোৱাৰিলোঁ। ইতিমধ্যে আমাক গাইডে বান্ধি দিয়া সময়ো চমু চাপি আহিছিল। আমি সন্ধিয়া ৬ বজাৰ আগে আগে ফেৰী ৰখা ঠাইখিনি পাব লাগিব। ছেণ্ট মার্কছ স্কোৱেৰক বিদায় জনাই আটায়ে লগ হৈ কেষ্টেলো নামৰ ঠাইডোখৰলৈ খোজ কাঢ়ি গ’লোঁ। এক অনন্য অভিজ্ঞতাৰ সাক্ষী হৈ ৰ’ল এই ভেনিছ চহৰ ভ্রমণ। প্রায় ৬ বজাত ফেৰীৰে যাত্ৰা কৰি আধা ঘণ্টাৰ মূৰত বাছ ৰখা ঠাই পালোঁগৈ। বাছেৰে আমি আমাৰ ভেনিছত থাকিবলগীয়া হোটেলখনলৈ যাত্ৰা কৰিলোঁ। হোটেলখনৰ নাম আছিল Smart Hotel Holiday, এখন ৪ তাৰকাযুক্ত হোটেল। হোটেলতে নিশাৰ আহাৰ খাই শুবলৈ যাওঁতে প্রায় ৯ বাজিল। সঁচাই দিনটোৰ দীঘলীয়া আৰু বৰ্ণিল সময়খিনি মোৰ জীৱনৰ বাবে এক আপুৰুগীয়া সম্পদ হৈ ৰ’ব।

ফোন : ৮৬৩৮৩-৬৫১২১

You might also like

Comments are closed, but trackbacks and pingbacks are open.