পাপৰি সৌকাধৰা বৰঠাকুৰ
তোমাৰ হ’বী কি?
আপুনি আজৰি সময়ত কি কৰি ভাল পায়?
এয়া হৈছে আমি প্রত্যেকেই সন্মুখীন হোৱা বা প্রত্যেকেই কাৰোবাক সোধা এটা অতি সাধাৰণ প্রশ্ন। কিন্তু সাধাৰণ যেন লগা এই প্রশ্নটোৰ আছে এক অসাধাৰণ শক্তি। যি শক্তিয়ে আমাক প্রাণোচ্ছল কৰি ৰাখে, জীৱনমুখী কৰি ৰাখে আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ অন্তৰাত্মাক সুখী কৰি ৰাখে। ভাগৰুৱা জীৱনক, ভাগৰুৱা মনক আৰু ভাগৰুৱা প্ৰাণক জগাই তুলিবলৈ মাজে-সময়ে কিছু বিৰতিৰ প্ৰয়োজন। অন্যথা দৈনন্দিন জীৱনৰ একঘেয়ামিতাই বিৰক্তি আনি দিয়ে। এই বিৰক্তিক আনন্দলৈ পৰিৱৰ্তন কৰিবৰ নিমিত্তে কৰা কামেই হৈছে হ’বী বা ৰাপ বা নিচা ।
আধুনিক জীৱন-প্ৰণালীত হ’বী এক উলাই কৰিব নোৱাৰা বিষয় হ’লেও ইয়াৰ উৎপত্তি সম্পর্কে কিন্তু আমি যেন বৰ বেছি উৎসুক নহয়। আচলতে নিজে কৰি ভালপোৱা কামটোত অধিক সময় নিমজ্জিত হৈ থাকিব বিচৰাটো এটা স্বাভাৱিক কথা। এই স্বাভাৱিক কথাটোৰ পৰাই হয়তো নিচা বা ৰাপ বা হ’বীৰ জন্ম। নেট দুনীয়াত ইয়াৰ উৎপত্তিৰ খবৰ প্রায় চৈধ্য শতিকাৰ পৰাই বুলি উল্লেখ আছে। উৎপত্তিৰ সময় বা কাৰণ যিয়েই যি বুলি নকওক কিয় ক্রমান্বয়ে ই সকলো শ্ৰেণীৰ সকলো মানুহৰে মাজত বুৎপত্তি লাভ কৰিবলৈ সক্ষম হ’ল ইয়াৰ নিজস্ব গুণেৰে। ঠিকেই, হ’বী এটা গুণ। আমাক পৰিপূৰ্ণ কৰি ৰাখিব পৰা গুণ। যি গুণৰ দ্বাৰা আমি আমাক জুখিব পাৰোঁ, নিজৰ ভিতৰখনলৈ জুমি চাব পাৰোঁ। আৰু কেতিয়াবা হ’বীৰ মাধ্যমেৰে আমি আমাৰ নিজা পৰিচিতি এটাও গঢ়ি তুলিব পাৰোঁ। হ’বীয়ে আমাক সৃষ্টিশীল কৰি ৰাখে । আৰু যিসকলে নিজৰ হ’বী বা নিচাক পেছালৈ পৰিৱৰ্তন কৰিব পৰাকৈ যোগ্য হৈ উঠিছে নতুবা তেনে পেছাৰে উজলি উঠিছে, তেওঁলোকক আমি ভাগ্যৱান বুলি অভিহিত কৰোঁ।
হ’বী এক নিচুকনি গীত। জীৱন যুঁজত ভাগৰি পৰা যেন অনুভৱ হোৱাৰ ক্ষণত, বিষাদগ্রস্ততা আৰু অৱসাদে আৱৰি ধৰা মুহূৰ্তত আমি কৰি ভালপোৱা কামটোৰ গাত ভেঁজা দি থিয় হোৱাৰ চেষ্টা কৰোঁ, ন-কৈ সাহস গোটোৱাৰ কচৰ কৰোঁ । দহেও আহি সেইটো কৰাত উৎসাহ যোগায়। এই নিচুকনি গীতৰ আলজালত জীৱনেও বগুৱা বায়।
বয়স বাঢ়ি যোৱাৰ লগে লগে পৰিৱেশ- পৰিস্থিতি অনুযায়ী ব্যক্তিবিশেষৰ হ’বী সলনি হোৱাটো স্বাভাৱিক। শৈশৱৰ ভাল লগা কামটো প্রাপ্তবয়স্ক হোৱাৰ লগে লগে সলনি হৈ পৰিবও পাৰে। যাৰ হ’বী সৃষ্টিকৰ্মৰ লগত জড়িত তেওঁ হয়তো আজীৱন এই কামত মগ্ন হৈ সুখানুভূতিত ডুব গৈ থাকিব। কিন্তু যিসকলৰ হ’বী কিছু শাৰীৰিক কষ্ট নিবদ্ধ হৈ থাকিবলগীয়া ধৰণৰ বিষয় তেনেসকল ব্যক্তিৰ বাবে বয়সৰ লেখেৰে হ’বী সলনি হৈ পৰাটো স্বাভাৱিক। যিসকলৰ হ’বী বৌদ্ধিক বিষয়ৰ লগত জড়িত তেনে লোকসকলৰ মন-মগজু সক্ষম হৈ থকালৈকে হ’বীও প্রায় একেই থকা দেখা যায়। বিভিন্ন পুৰণি বয় বস্তু সংগ্রহ কৰা বিষয়ৰ হ’বীটোত শাৰীৰিক আৰু বৌদ্ধিক দুয়োটা কথাই জড়িত হৈ থাকে। বিভিন্ন দেশৰ ডাক-টিকট সংগ্ৰহ কৰা বিষয়টো এটা অতি পুৰণা হবী। এনে হ’বী জ্ঞানদায়িনী হোৱাৰ লগতে সময় আৰু সামৰ্থ্যৰ ভিতৰুৱা বিষয়। কিছু লোকৰ বাবে স্মৃতিকাতৰতা বা কল্পনাৰ জগতত বিচৰণ কৰি ভালপোৱাটোও হ’বী হ’ব পাৰে। মই নিজেও এনে হ’বীৰ মাজেদি এক দীঘলীয়া সময় পাৰ কৰি আহিছোঁ। ক’ভিডত দেউতাক হেৰুওৱাৰ পিছত দেউতাৰ লগত কাল্পনিক কথোপকথন হৈ পৰিছিল মোৰ প্ৰিয় বিষয়। যিহেতু সেই সময়ৰ ক’ভিড প্রট’কল মানি দেউতাক শেষ বিদায় জনোৱাৰ সুবিধা নাপালো, শেষবাৰৰ বাবে মুখখন চাবলৈ নাপালোঁ। সেয়েহে পাছৰ সময়খিনিত দিনটোৰ ভিতৰত এবাৰ সদায় অলপ সময় আছুতীয়াকৈ ৰাখিছিলোঁ দেউতাৰ স’তে কথা পাতিবলৈ। যদিও অদ্ভুত-অবাস্তৱ আছিল এই কার্য, তথাপি মনে শান্তি পাইছিল। পাছলৈ বহু কষ্ট কৰি প্ৰায় আঢ়ৈ বছৰমানৰ মূৰতহে এই অভ্যাসৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়াই উপলব্ধি কৰিব পাৰিছিলো কিয় কিছুমান মানুহৰ হ’বী অদ্ভুত হয়, ভিন্ন হয়, ব্যতিক্রমী হয়।
বয়সৰ দৰে সময়েও হ’বী সলনি কৰি পেলায়। এটা সময় আছিল বাহিৰা কিতাপ বুলিলেই একে বহাতে পঢ়ি শেষ কৰিছিলোঁ, ভাত-পানীৰ কথাও পাহৰি গৈছিলোঁ। পাঠ্যক্ৰমৰ কিতাপৰ মাজত সুমুৱাই লৈ ঘৰৰ মানুহৰ চকুত ধূলি দি হ’লেও পঢ়িছিলোঁ। কিন্তু সেই একেই হ’বী এতিয়া নাই । এতিয়া কিছু নির্বাচিত কিতাপ, সম্পাদকীয় আদিৰ বাদে বৰ বিশেষ একো পঢ়া নহয়। অর্থাৎ তাহানিৰ সেই হ’বী এতিয়া সলনি হৈ পৰিল। অথচ পৰিৱেশ, সামর্থ্য সকলো অনুকূল আছিল।
এতিয়াৰ সময় ডিজিটেলী নিজকে আপডেট কৰি ৰখাৰ সময়। সেই অনুপাতে হ’বীও সলনি হৈ পৰিছে। নেট চার্ফিং, ব্লগিং, ক’ডিং, ভিডিঅ’ এডিটিং, ডিজিটেল আর্ট আদিবোৰত নতুন প্ৰজন্মৰ ৰাপ বেছি। এনেকৈ কোনোবাই একান্তভাৱে কৰি থকা কামটোৰেই হয়তো হঠাৎ প্রসিদ্ধি লাভ কৰিবলৈও সক্ষম হৈছে। এক কথাত হ’বীৰ বাবেও গঢ়ি উঠিছে এখন বজাৰ। সামাজিক মাধ্যমযোগে নিজে কৰি ভালপোৱা কামটো আৰু তাৰ এটা নমুনা সকলোৰে আগত দাঙি ধৰাৰ লগে লগে যিদৰে উৎসাহী মন্তব্যৰে ভৰি পৰে, ঠিক তেনেকৈ সেই সৃষ্টিকৰ্মৰ প্ৰতি মানুহৰ উৎসাহো বৃদ্ধি পায় আৰু এনেকৈ ক্রেতাও গোট খায়।
হ’বীয়ে সমৃদ্ধি কৰে আমাৰ মনক, আমাৰ জীৱনক। নিচেই সৰুতে গঢ়ি তোলা কিছুমান সু-অভ্যাস যদি পৰৱৰ্তী কালত গৈ হ’বীলৈ ৰূপান্তৰিত হৈ পৰে, তেন্তে তেনে হ’বীৰ চৰ্চা আৰু কর্ষণে আমাক সেই নিৰ্দিষ্ট বিষয়টোৰ সম্পর্কে অধিক কথা জনাত, অধিক তথ্য সংগ্ৰহ কৰাত সহায় কৰে। আমাক ন-পথৰ বাট দেখুৱাই জীৱন উজলাই তোলে।
হ’বী হৈছে জীৱনৰ প্ৰতি অহৰ্নিশে এক সন্মোহনৰ ভাৱ জগাই তুলি আমাক প্রতিনিয়ত জীৱনমুখী কৰি ৰখাৰ এক প্ৰয়াস। সময়ৰ প্রাত্যহিক ৰুটিনে বন্দী কৰা জীৱন যুঁজত হ’বীয়ে বিলাই জীৱনৰে ৰাগী। হ’বী মানে বিনোদন নহয়। বাস্তৱৰ কোলাহল আৰু মলিনতাৰ পৰা ক্ষন্তেকৰ বাবে আঁতৰি গৈ একান্তমনে নিজা সময় এখিনি কটাবলৈ সুবিধা কৰি লোৱা হ’বীৰ মাধ্যমেৰে আমি যেন জীৱনীশক্তিহে আহৰণ কৰোঁ। জাগতিক জীৱনৰ পৰা পলাই গৈ পাওঁ যেন এক স্বর্গীয় সঞ্জীৱনী। জীৱনৰ চৰৈৱতি মন্ত্ৰৰে দীক্ষিত নোহোৱাৰ গত্যন্তৰ নাই। হ’বীৰ মাধ্যমেৰে জীৱনৰ চলমান ধর্মক আগুৱাই নিবই লাগিব। সুখতো। দুখতো। সেয়েহে কওঁ হ’বী এক সঞ্জীৱন, জীৱনৰ সেউজীয়া ৰসায়ন। এক সন্মোহন- জীৱনৰ প্ৰতি ।
ফোনঃ ৯৪৩৫৭-০৪৮৯৫
Comments are closed, but trackbacks and pingbacks are open.