ৰঙৰ চিঠি

58

ডাঃ জুলি এম বৰুৱা
পি.টি. উত্তৰ লখিমপুৰ

আইৰ আঁচলৰ দৰেই কোমল সপোনবোৰ
আইৰ খহতা দুহাতৰ দৰে… আমাৰ বাস্তৱ জীৱন…..
জীৱন আৰু ঋতু হয়তো ক’ৰবাত একেই, সময়ে সময়ে ৰং কঢ়িয়াই আকৌ শুষ্ক জীৱনৰ সৰাপাত আৰু লঠঙা গছে সেন্দূৰীয়া আলিবাটৰ বাবে আশাৰে বাট চায়। সময়ৰ আহ্বানত এমুঠি ৰঙেৰে সপোনবোৰৰ মালা গাঁঠি পুলকিত কৰে ঋতুৱে। প্ৰাণৰ ঋতু… প্রতিশ্রুতি যে নাভাঙে ৷

শীতৰ শেঁতা ওঁঠ আৰু কুঁৱলীৰ ঘন আচ্ছাদন লাহে লাহে নিস্তেজ কৰি উৰুঙা মনৰ ঠিকনা বিচাৰি ফাগুন নামে ৰং-বিৰঙৰ চিলা হৈ। প্রেম যাদুকৰী… ফুলবোৰ ওপচায় আকাশ ভৰি আলাপৰ স্বৰ গুঞ্জন, আভঁজুৱা অনুভৱত সেন্দূৰ হেন ৰাঙলী বেলি যেন দুলি দুলি আৱৰি আছে সন্ধ্যাৰাগ তুলি। এনেদৰেই দৰদী দৰদী মনেৰে মনৰ পেৰা ভৰাই বাট চাম বসন্তলৈ দেদীপ্যমান ফাগুনৰ বোকোচাত দেৱস্ব নিবেদি।

এগৰাকী মাতৃ মনেৰে জীৱনটো এবাৰ ভাবি চাবচোন, এখন পথাৰ… এখন আকাশ… ঋতুৰ দৰেই এগৰাকী মাতৃ। এগৰাকী মাতৃ হ’বলৈ পুৰুষ অথবা মহিলা, সৰু ডাঙৰ, ধনী-দুখীয়া বুলি একো নাথাকে কিন্তু জানেনে এগৰাকী নাৰীয়ে সন্তান জন্ম দিলেও কিন্তু প্রকৃত মাতৃ হ’ব নোৱাৰিবও পাৰে। এজন দেউতাকো মাতৃ হ’ব পাৰে, এগৰাকী বেশ্যাও মাতৃ হ’ব পাৰে। প্ৰকৃত মাতৃ মানেই যেন ঋতু, চিৰন্তন সত্য প্রকৃতি…. নদী, যাৰ স্পৰ্শত, সান্নিধ্যত জীৱন জীয়াব পাৰি বাৰে বাৰে নানান ঘাত-প্রতিঘাতৰ মাজেৰে। ফাগুনৰ ৰং মানেই প্ৰকৃতিৰ আবিৰ, পলাশৰ যৌৱন, তেজৰঙা শিমলুৰ টিকটিকিয়া আকাশমুখী জুইফুলৰ আকাশ চোৱাৰ দুৰ্বাৰ সপোন। চুক্তিবিহীন ধৰাৰ বুকুত ফুকলীয়া ৰঙেৰে ক’ব খোজে প্ৰাণৰ তৃষা চুমা প্ৰাপ্তিৰ এহালিচা দস্তাবেজ… সেয়াই মোৰ সোণসেৰীয়া আদৰ আঁজুৰি অনা ফাগুন। প্ৰত্যাহ্বানৰ সোঁত নেওচি, সময়ৰ গতিত কাঁচিয়লি পুৱাই আঘোণৰ পথাৰে সোণগুটি বুটলে আৰু অচিৰেই দি যায় ৰঙৰ চিঠি আকাশে-বতাহে, গছে-ডালে পাতে। মনত বাজি যায় গীতিকাৰৰ সেই বিশেষ গীতটি ‘ফাগুন অহাৰ সময়তে আকৌ এবাৰ আহি ক’বানে ভৰি ৰ’ব যেন মৰমেৰেই তোমাৰে কথাকে…’

ভাল পাওঁ তোমাক জীৱন… ধন্যবাদ তোমাক অফুৰন্ত মৰমেৰে। দুহাত মেলি দুচকু মুদি মুকলি বতাহ লৈ প্ৰকৃতিৰ কোলাত ফাগুনৰ বতৰাবোৰ শুনি যাম দুলি দুলি নীৰৱে দোদুল্যমান অনুভূতিত। তোমাৰ আচ্ছাদনত কেৱল শুনাৰ হেঁপাহ… শব্দবোৰ গান হৈ ৰাগ তুলিব। তোমাৰ আগমনৰ চাৰিওপাশ ছবি হৈ ৰচিব কবিৰ প্ৰাণ যেন সুশ্ৰী যাদুকৰী। সেউজবুলীয়া কথাবোৰ সামৰি থ’ম আটোমটোকাৰিকৈ তোমাৰ নামত, পুনৰ আওৰাই আওৰাই অপেক্ষাৰ পৰত হাঁহি বিৰিঙিব।

মন যায় মোৰ যাত্ৰাত আলিবাটৰ ফেঁহুজালিৰে ৰ’দালিৰ বুকুত শুকুলা ঘোঁৰা চেকুৰাই উৰি ফুৰিম চিলা উৰাদি উন্মাদ বতাহজাকৰ ফিৰফিৰীয়া হেঁপাহবোৰ গুঠি ল’ম ধূলিয়ৰি বাটেৰে।

ইতি তোমাৰ সুবাস সময়…

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.