কৰবী গগৈ শৰ্মা
জন্মদিনত কেক এটা নহ’লে যেন উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি নহয় আৰু গৰমৰ দিনত ঠাণ্ডা পুডিং নিশ্চয় সকলোৰে প্ৰিয়। এনে কিছুমান সহজে ঘৰতে তৈয়াৰ কৰিব পৰা সুস্বাদু ৰেচিপিৰ প্ৰস্তুত প্ৰণালী আগবঢ়োৱা হৈছে আইনাৰ জুতি জীৱনৰ শিতানত—
১/কেৰামেল বেকড্ পুডিং
কি কি লাগিব ?
গাখীৰ – তিনিকাপ
কণী – ৪টা
গুৰি চেনি – ১০০ গ্রাম
ভেনিলা এছেন্স এক চামুচ
কাষ্টার্ড পাউডাৰ – দুই চামুচ
মিল্কমেইড – আধা কাপ
কেশৰ – সামান্য
তৈয়াৰ কৰা প্ৰণালীঃ এখন পেনত চেনি ৫ চামুচ দি গেছত তুলি কম জুইত চেনিখিনি কেৰামেলাইজ হ’বলৈ দিব। এতিয়া পুডিং বনোৱা পাত্ৰটোত চেনিখিনি ঢালি ভালদৰে চাৰিওফালে ঘূৰাই সমান কৰি চেট্ হ’বলৈ দিব। গাখীৰত সামান্য কেশৰ দিব, লগতে কণীকেইটা ভাঙি দিব। ভালকৈ ফেটি, মিক্সিতো দিব পাৰে, তাত এচামুচ ভেনিলা এচেন্চ আৰু আধাকাপ মিল্কমেইড মিহলাই ভালকৈ ফেটিব। এতিয়া মিশ্রণখিনি কোমেল চেট্ হ’বলৈ দিয়া পাত্ৰটোত ঢালি অভেনত বেক্ হ’বলৈ দিব ১৮০ ডিগ্ৰীত ৪৫ মিনিট। অভেনৰ পৰা উলিয়াই এখন এলুমিনিয়াম ফইলেৰে পাত্ৰটো ঢাকি ফ্ৰীজত চেট্ হ’বলৈ দিব এঘণ্টা। ঠাণ্ডা হোৱাৰ পিছত এখন ডিছত ওলোটাই দিব। আপোনাৰ মন পচন্দৰে গাৰ্ণিচ কৰিব ।
২/ৰেড ভেলভেট ক্ৰামবল কেক
কি কি লাগিব ?
ময়দা – ১/২ কাপ
কণী – ২টা
গুৰি চেনি – ১/২ কাপ
চকলেট পাউডাৰ – ২ ডাঙৰ চামুচ
বেকিং পাউডাৰ – ১/২ চামুচ
বাটাৰ – ৪ চামুচ
ভেনিলা এচেন্স – এচামুচ
বাটাৰ মিল্ক – ১/২ কাপ
চকলেট চিপচ্ – ১/২ কাপ
হুইপড ক্রীম – প্রয়োজন অনুসৰি
ফুড কালাৰ ৰেড
তৈয়াৰ কৰা প্ৰণালীঃ এটা বাউলত প্ৰথমে আটাইখিনি শুকান সামগ্রী ভালদৰে মিক্স কৰি কেইবাৰমান চালি ল’ব। আন এটা বাউলত কণীকেইটা ফেটি ল’ব। বাটাৰ, চেনি, ভেনিলা এচেন্স, বাটাৰ মিল্ক দি ভালদৰে ফেটিব। ফুড কালাৰ সৰু চামুচেৰে এচামুচ দিব। এতিয়া শুকান সামগ্ৰীখিনি লাহে লাহে মিলাই কেকৰ মিশ্ৰণটো তৈয়াৰ কৰি ল’ব। এতিয়া কেক টিন এটাত মিশ্রণখিনি দি ১৮০ ডিগ্ৰীত অভেনত ৪০ মিনিটৰ বাবে বেক হ’বলৈ দিয়ক। হুইপড ক্রীমখিনি ব্লেণ্ড কৰি ল’ব। ব্লেণ্ড কৰোঁতে ভেনিলা এচেন্স আধা চামুচ দিব। কেকটো ঠাণ্ডা হ’লে তিনিটা লেয়াৰত কাটি ল’ব। এতিয়া এখন কেক ব’ৰ্ডত এটা লেয়াৰ কেক, ছুগাৰ চিৰাপ, হুইপড ক্রীম, চকলেট চিপচ্ দি তিনিটা লেয়াৰ সম্পূৰ্ণ কৰিব। কেকৰ ওপৰতো আপুনি মন পছন্দৰে সজাব ।
Comments are closed, but trackbacks and pingbacks are open.