দৈনিক ৰাশিফল ২৪ মাৰ্চ ২০২৬

44

৯ চ’ত, মঙ্গলবাৰ , ইং ২৪ মাৰ্চ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): আজি কৰ্মক্ষেত্ৰত জটিলতা পাব। ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। শৰীৰ অশুভ। ভ্ৰমণত বাধা। বিদ্যাত শুভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি ৰাজহুৱা কৰ্মত থকাসকলৰ সহানুভূতি লাভ। শৰীৰ কিছু উন্নত। দুই-এটা কামত বাধা পাব। প্ৰেমত আনন্দ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি কর্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। বিদ্যাত শুভ। ব্যৱসায়-বাণিজ্যত সফলতা লাভ। শুভ ৰং কমলা, শুভ সংখ্যা ১।

৪.কৰ্কট ৰাশি(ড,হ): আজি চাকৰিয়াল ব্যক্তিসকলৰ শুভ। কৰ্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। ব্যয়ৰ মাত্রা বৃদ্ধি পাব। দাম্পত্যত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৬।

৫.সিংহ ৰাশি (ম,ট): আজি সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ যোগ। উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ। ভ্রমণত কষ্ট । ব্যৱসায়ত লাভ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩।

৬.কন্যা ৰাশি(ঠ,প,ন): আজি আর্থিক দিশত অর্থপ্রাপ্তিৰ সম্ভাৱনা। প্ৰযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীসকলৰ সাফল্য লাভ। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

৭.তুলা ৰাশি(ৰ,ত): আজি উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ৷ শৰীৰ শুভ। হেৰুওৱা সম্পদ পুনঃপ্রাপ্তিৰ যোগ। সন্তানৰ প্ৰতি চিন্তা। প্ৰেমত বাধা। শুভ ৰং বগা, শুভ সংখ্যা ৪।

৮.বৃশ্চিক ৰাশি(ন,য): আজি পুৰণা মামলা-মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কৰ্মত সাফল্য। প্রেমত উৎসাহ। শুভ ৰং ক’লা, শুভ সংখ্যা ৯।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

১০.মকৰ ৰাশি(খ,জ): আজি নতুন নিযুক্তিৰ বাবে দূৰ যাত্ৰা হ’ব পাৰে। শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভৰ যোগ। পত্নীৰ লগত মতবিৰোধ। শুভ ৰং সোণালী, শুভ সংখ্যা ২।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি গুৰুজনা ব্যক্তিক অৱজ্ঞা নকৰিব। সম্পত্তি ক্ৰয়ৰ যোগ। আর্থিক দিশত অসুবিধা পাব পাৰে। চলা-ফুৰাত সতর্ক থাকিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি ধন লাভৰ যোগ। কর্মসূত্ৰে ভ্ৰমণৰ যোগ। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ। নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব। শুভ ৰং ক্রীম, শুভ সংখ্যা ১।

You might also like

Comments are closed, but trackbacks and pingbacks are open.