আয়ুৰ্বেদৰ জৰিয়তে কৰ্কট ৰোগৰ প্ৰতিৰোধ

53

ডাঃ ৰীমা ভট্টাচার্য

কৰ্কট ৰোগ এক মাৰাত্মক ব্যাধি। ভাৰতীয় লোকৰ প্ৰত্যেক দহজনৰ বিপৰীতে এজনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। দুর্ভাগ্যবশতঃ যে চিকিৎসাৰ পলমৰ বাবে প্ৰায় সত্তৰ শতাংশ ৰোগীৰ মৃত্যু হয়। অর্থাৎ ভাৰতত কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত মৃত্যুৰ সংখ্যা অধিক। কিছুসংখ্যক ৰোগীৰ ক্ষেত্ৰত চিকিৎসা পলম হয় আৰু কিছুসংখ্যক ৰোগীৰ ক্ষেত্ৰত শৰীৰে চিকিৎসা গ্ৰহণ কৰিবলৈ সক্ষম হৈ নাথাকে। সেইবাবে বর্তমান সময়ছোৱাত কৰ্কট ৰোগৰ প্ৰতিৰোধৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাটো জৰুৰী। কৰ্কট ৰোগ হোৱাৰ বিভিন্ন কাৰক আছে—

১) কিছুমান অনিয়ন্ত্ৰিতকাৰক যেনে- প্ৰদূষিত বায়ু, পানী, জলবায়ুৰ পৰিৱৰ্তন আদি৷

২) নিয়ন্ত্ৰিতকাৰক যেনে- খাদ্য, শৰীৰৰ ৰক্ষা, আগতীয়াকৈ শৰীৰৰ লক্ষণসমূহ চিনাক্তকৰণ কৰা, মাদক দ্ৰব্যৰ সেৱন ৰোধ কৰা, শৰীৰ চৰ্চা আদি৷

আমি গ্ৰহণ কৰা খাদ্যসমূহ আমি নিয়ন্ত্ৰিত কৰিব পাৰোঁ, যেনে- খাদ্যসমূহ পৰিষ্কাৰকৈ খোৱা, শাক-পাচলি ভালকৈ উতলাই ব্যৱহাৰ কৰা, ফলমূল ইত্যাদি চাফ-চিকুণকৈ খোৱা যাতে ৰাসায়নিক দ্রব্যসমূহ আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে। খাদ্য গ্ৰহণ কৰাৰ নিয়ম-নীতিসমূহ পালন কৰা, যেনে- শৰীৰত যদি আগৰ খাদ্য ভালকৈ হজম হোৱা নাই তেন্তে পুনৰাই খাদ্য গ্ৰহণ কৰাটো অযুক্তিসংগত। কাৰণ পুনৰাই খাদ্য গ্ৰহণ কৰিলে শৰীৰত টক্সিন যেনে- ফ্ৰী ৰেডিকেল আদিৰ সংখ্যা বাঢ়ি যায়। পৰম্পৰাগত খাদ্য গ্ৰহণ কৰাত অধিক গুৰুত্ব আৰোপ কৰিব লাগে, কাৰণ ঠাই বিশেষে তথা জলবায়ু বিশেষে পৰম্পৰাগত খাদ্য তালিকাসমূহ আমাৰ শৰীৰৰ বাবে নির্মিত। উদাহৰণস্বৰূপে শীতকালত শৰীৰৰ অগ্নি অত্যধিক হয় অর্থাৎ পাচন শক্তি অধিক হয়, সেয়ে এই সময়ছোৱাত বৰা চাউল, এঠাজাতীয় দৈ, পিঠা পনা আদি শৰীৰে হজম কৰিব পাৰে, কিন্তু অন্য সময়ছোৱাত এনেকুৱা খাদ্য গ্রহণ কৰিলে শৰীৰে সম্পূৰ্ণৰূপে হজম কৰিব নোৱাৰে। আমাৰ খাদ্য তালিকাত প্ৰচেছ ফুড, বেকাৰী ফুড, ফুট কালাৰ ব্যৱহাৰ কৰা খাদ্য, জাংকফুড আদি একেবাৰে ন্যূনতম ৰাখিব লাগে । অন্য এক গুৰুত্বপূৰ্ণ কথা যে তেজৰ তথা শৰীৰৰ অম্লতা অর্থাৎ এচিডিটি কমাই ৰাখিব লাগে সেইবাবে আমাৰ খাদ্য তালিকাত ফার্মেন্টেড ফুড, তিয়াই থোৱা খাদ্য, ক্ষাৰ আদিৰ প্রয়োগ কৰিব লাগে। আয়ুর্বেদ শাস্ত্ৰত খাদ্য গ্রহণ কৰাৰ আঠবিধ নিয়ম উল্লেখ আছে। তাৰ ভিতৰত অন্যতম হ’ল যে অধ্যাসন কৰিব নালাগে অর্থাৎ আগৰ খাদ্য হজম নোহোৱাকৈ পুনৰাই খাদ্য গ্রহণ কৰিব নালাগে। ইয়াৰ উপৰি বিপৰীত বীৰ্যৰ (potency) খাদ্য একেলগে খাব নালাগে। উদাহৰণস্বৰূপে, আমিষ খাদ্যৰ লগত কেতিয়াও গাখীৰৰ তৈয়াৰী খাদ্য খাব নালাগে। ইয়াৰ উপৰি আয়ুর্বেদ শাস্ত্ৰত বিৰুদ্ধ আহাৰৰ বিষয়ে বৰ্ণনা কৰা আছে। উদাহৰণস্বৰূপে দুবিধ বেলেগ বেলেগ খাদ্য যদি গুণ বিপৰীত হয়, তেন্তে একেলগে সেই খাদ্যবিধ বনাব নালাগে। খাদ্যৰ নিয়ম-নীতিসমূহ মানি চলিলে বহু পৰিমাণে আমি কৰ্কট ৰোগৰ পৰা আদি কৰি জীৱন প্ৰণালীগত অন্য বেমাৰসমূহক ৰোধ কৰিব পাৰোঁ।

শৰীৰ ৰক্ষা বুলি ক’লে শৰীৰৰ বাবে প্রয়োজনীয় ইমিউনিটি অর্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰাখিব লাগে। ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে ভিটামিন চি, ভিটামিন ই, মিনাৰেল, সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰা, ঔষধিযুক্ত উদ্ভিদ যেনে- গিলৈ, অশ্বগন্ধা আদি, প্রাণায়াম, কপালভাতি আদি যোগ চর্চা প্রয়োজনীয়। সকলো ধৰণৰ বেমাৰৰ বাবে একেধৰণৰ ইমিউনিটি উপযোগী নহয় ৰোগ অনুযায়ী ইমিউন কোষসমূহ বেলেগ বেলেগ হয় সেইবাবে সার্বজনীন ৰোগ প্ৰতিৰোধ ক্ষমতা অটুট ৰখাটো প্ৰয়োজনীয়।

শৰীৰ চৰ্চা মানে নিয়মিত ব্যায়াম, খোজকঢ়া, যোগ চৰ্চা কৰা আদি বুজায়। শাৰীৰিক পৰিশ্ৰম শৰীৰ তথা মনক সুস্থ কৰি ৰাখিবলৈ জৰুৰী। শাৰীৰিক পৰিশ্ৰমৰ জৰিয়তে তেজৰ চলাচল সঠিক হয়। শৰীৰত জমা হৈ থকা টক্সিনসমূহ ওলাই যোৱাত সহায়ক হয়।

মাদকদ্ৰব্য সেৱনৰ জৰিয়তে কৰ্কট ৰোগ হয় বুলি আমি সকলোৱে জানো। তথাপিও বিলাসী জীৱন যাপনৰ মাজত মাদক দ্ৰব্যৰ সেৱন আমি বাদ দিব পৰা নাই। ইয়াৰ সুযোগ লৈয়ে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু যুৱপ্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ সেৱন বাঢ়িছে। এইক্ষেত্ৰত অন্য প্রতিষ্ঠানসমূহে কি কৰে সেয়া জৰুৰী নহয় । আমি আমাৰ নিজক কেনেকৈ মাদক দ্ৰব্যৰ পৰা দূৰত ৰাখিম সেয়াহে জৰুৰী। প্রত্যেকেই ইচ্ছা প্রকট কৰিলে নিজকে মাদক দ্ৰব্যৰ সেৱনৰ পৰা দূৰত ৰাখিব পাৰিব ।

আমাৰ শৰীৰত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনীয়তা যদি আছে মাদকদ্ৰব্যৰ সেৱনে তাক সুনিশ্চিত কৰিব। সেয়ে নিক’টিনজাতীয় পদার্থ, মদ্যপান, ড্ৰাগছ আদিৰ সেৱন প্ৰত্যেকেই বৰ্জন কৰা উচিত।

শৰীৰত আগতীয়াকৈ দেখা দিয়া কিছুমান লক্ষণ যেনে-বাৰে বাৰে হৈ থকা কাহ, খাদ্য বাৰে বাৰে গিলিব অসুবিধা হোৱা, ডিঙিত কিবা লাগি থকাৰ নিচিনা অনুভৱ হোৱা অৰ্থাৎ এনেকুৱা কিছুমান অসুবিধা যিয়ে শৰীৰক বাৰে বাৰে ইৰিটেট্‌ অথবা ফ্রিকশন্ অথবা আমনি কৰি থাকে। ইয়াৰ উপৰি অন্য কিছুমান লক্ষণ যেনে- সৰু গুটিসদৃশ টিউমাৰ শৰীৰত দেখা দিয়া, খাদ্যনলীৰ বাৰে বাৰে সমস্যা হোৱা, মুখগহ্বৰৰ কিছুমান অসুবিধা যেনে- মুখৰ ভিতৰত বগা চামনি পৰা, বাৰে বাৰে হৈ থকা পেটৰ বিষ, স্তনৰ পৰিৱৰ্তন, পানী পানী বগাস্ৰাৱ হৈ থকা, তলপেটৰ বিষ লগতে ৰক্তক্ষৰণ হোৱা আদিও কৰ্কটৰ লক্ষণ হ’ব পাৰে । আগতীয়াকৈ এনেধৰণৰ লক্ষণসমূহ চিনাক্তকৰণ কৰিলে চিকিৎসাৰ ফল পোৱা যায়।

কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত উক্ত যুক্তিসমূহ মানি চলিলে আমি সফল হ’ব পাৰিম। ইয়াৰ উপৰি অন্য কিছুমান যুক্তি যেনে- শৰীৰক বাৰে বাৰে শোধন কৰি থকা, শৰীৰত নতুন কোষৰ উৎপত্তি হোৱাত সহায় কৰা আদিও জৰুৰী। আয়ুর্বেদ শাস্ত্ৰত পঞ্চশোধন অথবা পঞ্চকৰ্মৰ কথা উল্লেখ আছে। আমি যিমানেই খাদ্যৰ ক্ষেত্ৰত সাৱধান নহওক কিয় খাদ্যৰ লগত টক্সিন, ৰাসায়নিক দ্রব্য, বেক্টেৰিয়া আদি সেৱন কৰা যায়। সেয়ে সময়ে সময়ে খাদ্যনলী পৰিষ্কাৰ কৰি থকাটো জৰুৰী। একেবাৰে সহজ উপায় আয়ুর্বেদ শাস্ত্ৰত উল্লেখ আছে যে প্রত্যেক মাহতে এবাৰকৈ বিৰেচন (medicated purgation) প্ৰক্ৰিয়া কৰিলে খাদ্যনলীৰ সম্পূৰ্ণ শোধন সম্ভৱ হয়। ই জীৱন প্ৰণালীগত ৰোগ প্ৰতিৰোধ কৰে লগতে যকৃত, অগ্নাশয়, অন্ত্রসমূহ শক্তিশালী হৈ থকাত সহায় কৰে। বিৰেচন প্ৰক্ৰিয়া চিকিৎসকে দিয়া এক পৰামৰ্শ য’ত তিনি বা পাঁচ দিন আগৰ পৰা স্নেহ পান অর্থাৎ মেডিকেটেড ঘি সেৱন আৰু সম্পূর্ণ শৰীৰৰ বাহ্যিক স্নেহ (oil therapy) আৰু স্বেদন (fomentation) প্রক্ৰিয়া কৰা হয়। তাৰ পিছতে আমাৰ শৰীৰৰ অগ্নি (digestive power) আৰু প্রকৃতি (constitution) অনুযায়ী বিৰেচন প্ৰক্ৰিয়াৰ পৰামৰ্শ দিয়া হয়। স্নেহপান আৰু স্বেদনৰ পিছতে বিৰেচন প্ৰক্ৰিয়াৰ বাবে বিশেষ প্রস্তুত কৰা ঔষধ ৰোগীক ৰাতি শোৱাৰ সময়ত মুখেৰে গ্ৰহণ কৰিবলৈ দিয়া হয়। ইয়াৰ পিছতে পিছদিনা ৰোগীৰ কেইবাবাৰো মলত্যাগ হয়, যাৰ জৰিয়তে টক্সিন শৰীৰৰ পৰা বাহিৰ হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ যে ইয়াৰ জৰিয়তে শৰীৰৰ পৰা মিনাৰেল আৰু পানীৰ পৰিমাণ একেবাৰে কমি নাযায় তথা শৰীৰ পাতল অনুভৱটো হয়। কিন্তু দুৰ্বল অনুভৱ নহয়। বিৰেচন প্ৰক্ৰিয়াই শৰীৰৰ পাচন অগ্নিৰ শক্তি বঢ়ায়। সেয়ে সময় অনুযায়ী আৰু ৰোগ অনুযায়ী বিৰেচন প্ৰক্ৰিয়া কৰি থাকিলে আমি ৰোগক হৰুৱাব পাৰোঁ তথা জীৱন প্ৰণালীগত অন্য ৰোগক প্ৰতিৰোধ কৰিব পাৰোঁ।

মানসিক চাপ কেঞ্চাৰ ৰোগৰ অন্য এক কাৰক। শৰীৰত ভাল হৰমনৰ পৰিৱৰ্তে বেয়া হৰমনৰ ক্ষণ অধিক হ’লে শৰীৰলৈ চাপ আহে। আয়ুর্বেদ চিকিৎসাত মেডিকেটেড স্নেহন প্ৰক্ৰিয়াৰ দ্বাৰা সম্পূৰ্ণ শৰীৰত ঔষধীয় তেল ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছতে বিশেষ পদ্ধতিৰে বাহ্যিক স্নেহ সম্পন্ন কৰা হয়। শৰীৰ আৰু মনৰ চাপ কমোৱাৰ লগতে ট্রেন্সডার্মেল পদ্ধতিৰে শৰীৰৰ পৰা বেয়া পদাৰ্থসমূহ নোহোৱা কৰিব পাৰি। গতিকে ইয়াৰ যোগেৰেও শৰীৰৰ ডিটক্সিফিকেশ্যন (শোধন) আৰু ৰিজুভিনশ্যন (ন কোষৰ গঠন) হোৱা দেখা যায় ।

আয়ুর্বেদ শাস্ত্ৰত তিনি স্তম্ভৰ বিষয়ে উল্লেখ আছে। সেয়া তিনি স্তম্ভ হ’ল আহাৰ, নিদ্ৰা আৰু ব্ৰহ্মচাৰ্য। যদি নিদ্ৰাৰ অভাৱ হয় তেন্তে শৰীৰত বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ে, শৰীৰৰ পুষ্টি কমে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। সেইবাবে নিদ্ৰা শৰীৰ চৰ্চাৰ এক গুৰুত্বপূৰ্ণ অংশ। নিদ্ৰাৰ অভাৱজনিত ৰোগ হ’লে sirovirechan আৰু sirodhara আয়ুৰ্বেদ প্ৰক্ৰিয়া অৱলম্বন কৰা হয়। শিৰোধাৰাৰ জৰিয়তে বাহ্যিক তৈল প্রয়োগ কৰা হয়, যিয়ে মগজুক শান্ত কৰি ৰাখে । সময়ে সময়ে শৰীৰত যদি ইনফ্লেমেচনজাতীয় লক্ষণ বা ৰোগ দেখা দি থাকে, ই এক কেঞ্চাৰৰ কাৰক হ’ব পাৰে। সেইবাবে বাহ্যিক আৰু আভ্যন্তৰীণভাৱে আয়ুর্বেদ শাস্ত্ৰত ইনফ্লেমেচন কমোৱা ঔষধৰ প্ৰয়োগ কৰা হয়। বাহ্যিক লেপন প্ৰক্ৰিয়া শৰীৰৰ বিভিন্ন ধৰণৰ টিউমাৰজাতীয় অংশত অথবা ঘাজাতীয় অংশত লগোৱা হয়, যাৰ জৰিয়তে ইনফ্লেমেচন অতি সহজে কমাব পাৰি। ইয়াৰ উপৰি আভ্যন্তৰীণভাৱে সময়ে সময়ে প্রয়োগ কৰা আয়ুর্বেদ ঔষধিসমূহে খাদ্য নলী, শ্বাসতন্ত্র, মূত্রতন্ত্র আদি কোষৰ ইনফ্লেমেচন কমাই ৰাখে। ইনফ্লেমেচন প্রক্রিয়া শৰীৰত চলি থাকিলে মেটাবলিক ৰেট (BMR) বাঢ়ি থাকে, যাৰ জৰিয়তে শৰীৰৰ উষ্ণতা বৃদ্ধি হৈ থাকে। ইনফ্লেমেচন কমি থাকিলে শৰীৰৰ এন্‌জাইম জাতীয় প্ৰক্ৰিয়াবোৰ সুচাৰুৰূপে চলি থাকে।

ইয়াৰ উপৰি খাদ্যনলীত হোৱা ঘা বা আলছাৰৰ পৰা সচৰাচৰ কৰ্কট ৰোগ হোৱা দেখা যায়। সেইবাবে বদহজম জাতীয় লক্ষণসমূহ দেখা দিলে অতি সোনকালে সঠিক চিকিৎসা কৰাব লাগে। খাদ্যনলীত বহুদিন ধৰি আলছাৰ থাকিলে শৰীৰৰ ইনফ্লেমেচন বাঢ়ি থাকে আৰু খাদ্যনলীত বাৰে বাৰে ঘৰ্ষণ হৈ থাকে। যাৰ জৰিয়তে কর্কট কোষবোৰ বৃদ্ধি পাই টিউমাৰৰ সৃষ্টি কৰে। গতিকে খাদ্যনলীৰ যিকোনো সৰু সৰু অসুবিধাবোৰ আওকাণ কৰিব নালাগে। বাৰে বাৰে ঘাজাতীয় অসুবিধাবোৰ হৈ থাকিলে আয়ুর্বেদ শাস্ত্ৰত স্নেহপান প্রক্রিয়া গ্ৰহণ কৰিব লাগে। বিভিন্ন ধৰণৰ কেমিকেলজাতীয় ঔষধে আলছাৰ কম সময়ৰ বাবে নোহোৱা কৰে যদিও বিভিন্ন খাদ্য গ্ৰহণৰ লগে লগে আকৌ আলছাৰ হোৱাৰ সম্ভাৱনা থাকে। আয়ুর্বেদ চিকিৎসাত ঘৃতপান এক মেডিকেটেড ঘি হয় য’ত বিভিন্ন ধৰণৰ শীতল বীৰ্য আৰু তিক্ত ৰস থকা ঔষধিৰ জৰিয়তে ঘৃত বনোৱা হয়। মেডিকেটেড ঘি সেৱনৰ জৰিয়তে খাদ্যনলীৰ আলছাৰসমূহ সম্পূৰ্ণৰূপে নিৰাময় হয়। স্থানিকভাৱে ঘৃতপানে সহায় কৰে আৰু ঔষধিসমূহে সার্বজনীনভাৱে শৰীৰৰ অম্লতা কমায়, আলছাৰ ৰোধ আৰু নিৰাময় কৰাত সহায় কৰে। উদাহৰণস্বৰূপে কল্যাণক ঘৃত, শতাবৰী ঘৃত, গুগুল তিক্তঘৃত, ত্রিফলা ঘৃত আদি ঔষধিৰ জৰিয়তে ডুৱ’ডেনেল আলছাৰ, পাকস্থলীৰ আলছাৰ, H pyloriজনিত আলছাৰ, ব্লিডিং আলছাৰ আদি কমোৱাত সহায় কৰে। ইয়াৰ উপৰি যিসকল ৰোগীয়ে inflammatory bowel disease বা colitisত ভুগি আছে সেইসকল ৰোগীৰ খাদ্য খুব কম পৰিমাণে হজম হয়, ৰোগীৰ ওজন কমি যায় আৰু ৰোগী অন্য সংক্ৰমিত ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। আয়ুৰ্বেদত ফার্মেন্টেড কিছুমান ঔষধি আছে, যিয়ে ক্ষুদ্ৰান্ত আৰু বৃহদ্ৰান্তত প্র’বায়টিক হিচাপে আৰু এণ্টি ইনফ্লেমেটৰি হিচাপে কাম কৰে। উদাহৰণস্বৰূপে kutajarista, bilvasav, rohitakarista, satavariasav, jira karista আদি ফার্মেন্টেড ঔষধিসমূহে শৰীৰৰ অম্লতা কমায়, খাদ্যনলী সুস্থ কৰি ৰাখে আৰু ৰোগ নিৰাময়ত সহায় কৰে। কলাইটিছ ৰোগত অত্যধিক ভুগি থাকিলে কলন (colon) কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰি anal canal cancer, সংক্ৰমিত ৰোগ যেনে পেটৰ যক্ষ্মা ৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে।

সময়ে সময়ে শৰীৰৰ পৰা বেয়া পদাৰ্থসমূহ ওলাই যাবলৈ অৰ্থাৎ শোধন কৰিবলৈ আন এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হ’ল বস্তি (therapeutic cleaning of intestine)। বস্তি এক আভ্য ন্তৰীণ প্ৰক্ৰিয়া, যাৰ জৰিয়তে মলদুৱাৰত medicated oil অথবা বনাই লোৱা ঔষধি প্রয়োগ কৰা হয় । যিহেতু মানৱ শৰীৰৰ rectum আৰু colon খাদ্যনলীৰ এই দুই অংশত অত্যধিক শোষণ হয়। সেইবাবে বস্তিৰ দ্বাৰা প্ৰয়োগ কৰা ঔষধিসমূহ খাদ্যনলীত পৰা ৰক্ত লৈ অত্যধিক শোষণ হয়। বস্তিৰ জৰিয়তে খাদ্যনলীৰ ৰোগসমূহ নিৰাময় কৰিব পাৰি, অন্য সার্বজনীন ৰোগ যেনে- জীৱন প্ৰণালীগত ৰোগ autoimmune বেমাৰ আৰু কৰ্কট ৰোগ নাশ কৰিব পৰা যায়। আনহাতে মেডিকেটেড বস্তিৰ দ্বাৰা শৰীৰৰ আৱশ্যকীয় শোধন অর্থাৎ ডিটক্সিফিকেচন সম্ভৱ হয়। সেইবাবে শৰীৰৰ প্ৰকৃতি অনুযায়ী প্রত্যেক মাহত বস্তি প্ৰক্ৰিয়াৰ চিকিৎসা কৰাটো প্ৰয়োজনীয় হৈ পৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি বস্তি প্ৰক্ৰিয়াৰ আগত কিছুসংখ্যক পূৰ্বকৰ্ম আৰু উচিত খাদ্য তালিকা গ্রহণ কৰি বস্তি প্রক্রিয়া সম্পন্ন কৰি, সময়ে সময়ে শৰীৰৰ শোধন কৰিব পাৰি। ৰোগ অনুযায়ী তথা শৰীৰৰ পাচন শক্তি অনুযায়ী বস্তিত ব্যৱহাৰ কৰা ঔষধসমূহ ভিন্ন হয়। গতিকে সময়ে সময়ে শৰীৰৰ শোধন কৰি থাকিলে বেয়া পদাৰ্থসমূহ শৰীৰত বসবাস কৰিবলৈ বেছি সময় নাপায় আৰু ভয়াৱহ কৰ্কট ৰোগৰ কোষ থিতাপি ল’বলৈ সম্ভাৱনীয়তা কমি যায়। ইয়াৰ উপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰি সময়ে সময়ে শৰীৰ পৰীক্ষা, নিতৌ শৰীৰ চৰ্চা আৰু উচিত খাদ্য সম্ভাৰ গ্ৰহণ কৰি আমি সকলোৱে শৰীৰৰ যিকোনো কৰ্কট ৰোগৰ লগত যুঁজিব পাৰোঁ। আয়ুর্বেদ শাস্ত্ৰত গ্ৰন্থি আৰু গুল্মজাতীয় ৰোগৰ বিষয়ে উল্লেখ কৰি কেঞ্চাৰৰ্জাতীয় ৰোগ যে প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়েও উল্লেখ আছে। নিতৌ গৱেষণা পত্ৰসমূহে আয়ুৰ্বেদ বিজ্ঞান আৰু কৰ্কট ৰোগৰ প্ৰতিৰোধ সম্পর্কে প্রবন্ধ প্রকাশ কৰে। অধ্যয়ন, চৰ্চা আৰু ব্যৱহাৰৰ জৰিয়তে আয়ুৰ্বেদ প্ৰক্ৰিয়া আৰু ঔষধিসমূহে শৰীৰ দীর্ঘায়ু কৰাত সহায় কৰে।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.