ৰেষ্টুৰেণ্ট ষ্টাইল বাটাৰ গৰ্লিক প্ৰ’নছ আৰু ৰকেট চালাড

19

জুতি জীৱনৰ শিতানত আজি আমি আগবঢ়াইছোঁ গুৱাহাটাৰ এখন প্ৰসিদ্ধ ৰেষ্টুৰেণ্ট চিক এণ্ড চিলিৰ কেইটামান শ্ৰেষ্ঠ ৰেচিপি। চিক এণ্ড চিলি এখন উন্নতমানৰ তথা অপেন কিটচেন কনচেপ্টতপ্রচলিত এখন ৰেষ্টুৰেণ্ট । বৰ্তমান এইখন ৰেষ্টুৰেণ্ট গুৱাহাটীৰ অন্যতম ফাষ্ট ফুড জইণ্ট হিচাপে বিবেচিত।

১/ বাটাৰ গৰ্লিক প্ৰ’নছ

কি কি লাগিবঃ
২৫০ গ্রাম মধ্যমীয়া আকাৰৰ মিছামাছ (ডি-ভেইনড আৰু ছালবিহীন )
১টা কণী (বগা ব্যৱহাৰ কৰি)
৫০ গ্রাম ময়দা
অলপ নিমখ সোৱাদ অনুযায়ী
৫০ গ্রাম মিহিকৈ কটা হালধি, আদা আৰু গ্ৰীন চিলি
২৫ গ্রাম নহৰুৰ পেষ্ট
৫০ গ্রাম কেপচিকাম (কিউব আকাৰত কাটিব)
৭৫ গ্রাম মাখন
২৫ মিলিলিটাৰ তেল
১/২ চামুচ চয়াচচ
১/২ চামুচ আজিন’ম’টো
১/২ চামুচ বগা জালুক
১/২ চামুচ থেতেলিয়াই লোৱা ক’লা জালুক
১/২ চামুচ চেনিৰ চিৰাপ
১ চামুচ ভিনেগাৰ
১.৫ চামুচ কর্ণফ্লাৱাৰ

তৈয়াৰ কৰা প্ৰণালীঃ প্ৰস্তুতি আৰু মেৰিনেচন। এটা বাটিত মিছামাছখিনি অলপ নিমখ আৰু চয়া চচ দিব। আন এটা বাটিত ময়দা, কণীৰ কুহুম, নিমখ আৰু অলপ পানী মিহলাই এটা পাতল পেষ্ট বনাব। এই মিশ্ৰণটোত মিছামাছখিনি ডুবাই লওক, যাতে ভালদৰে আৱৰণ দিব পাৰে। এটা কেৰাহীত অলপ মধ্যমীয়া-উচ্চ জুইত গৰম কৰি অলপ তেল দিব। আৱৰণযুক্ত মিছামাছখিনি দি অলপ হালধীয়া/সোণালী হোৱালৈকে ভাজিব। মিছামাছ উলিয়াই এটা বাটিত এফালে থৈ দিব। একেখন কেৰাহীতে মধ্যমীয়া জুইত ৫০ গ্রাম মাখন দিব। কটা কেপচিকাম আৰু বেল পেপাৰত এচিকুট নিমখ দি টছ কৰক। ভাজি লওক আৰু প্ৰ’নছখিনি বেলেগকৈ আঁতৰাই ৰাখক। বাকী থকা মাখনখিনি কেৰাহীত দিব। কটা আদা, নহৰু, জলকীয়া পেষ্ট দিব। সুগন্ধি আৰু অলপ বাদামী হোৱালৈকে লৰাই থাকিব। ভজা মিছামাছ আৰু শাক-পাচলিখিনি পুনৰ কেৰাহীত দি ভালদৰে লৰাই দিব। এচিকুট বগা জালুক আৰু এচিকুট সুগন্ধি গুড়ি বা আজিন’ম’টো দিব। চয়া চচ, ২ কাপ গৰম পানী, নিমখ আৰু ২ টোপাল চেনিৰ চিৰাপ ঢালি দিব। সিজিবলৈ দিয়ক। এতিয়া এটা কাপত ১.৫ চামুচ কর্ণফ্লাৱাৰ অলপ পানীৰ সৈতে মিহলাই মসৃণ পেষ্ট বনাব। কেৰাহীত পেষ্টখিনি দিব । বেছি জুইত অনবৰতে লৰাই থাকিব যেতিয়ালৈকে গ্রেভী ডাঠ নহয়। বাকী থকা মাখন, থেতেলিয়াই লোৱা ক’লা জালুকআৰু ভিনেগাৰ দিব। অলপ লৰাই থাকিব। আপোনাৰ বাটাৰ গার্লিক প্ৰ’নছ ৰেডী। এটা বাটিত স্থানান্তৰিত কৰি গৰমে গৰমে পৰিৱেশন কৰক ।

২/ ৰকেট চালাড

কি কি লাগিবঃ
২০০ গ্রাম হাড়বিহীন কুকুৰা (সৰু সৰু বৰ্গক্ষেত্ৰৰ কাটি লোৱা)
২০০ গ্রাম কবি বা লেতুচ পাত (জুলীয়েন আকাৰত অৰ্থাৎ দীঘলীয়া পাতলকৈ কটা)
৮০ গ্রাম পিঁয়াজ (জুলিয়েন কাট)
৫০ গ্রাম আমেৰিকান কর্ণ
৮০ গ্রাম মেয়নেজ (ঘৰতে বনোৱা বা ৰেডিমেড)
৫০ গ্রাম চিলি গাৰলিক চচ ২ টোপাল টাবাস্কো চচ
ছিজনিং আৰু তেল
৫০ গ্রাম তেল
এক চামুচ ক’লা জালুক
নিমখ (ৰুচি অনুসৰি)
চিলি ফ্লেকছ (গাৰ্নিচিঙৰ বাবে)

তৈয়াৰ কৰা প্ৰণালীঃ চিকেন মেৰিনেট কৰক : এটা বাটিত ডাইচ কৰা চিকেন, এচিকুট নিমখ আৰু এক চামুচ তেল দিব। মাংসখিনি সমানে ভালদৰে মিহলাই লওক। মেৰিনেট কৰা মাংসখিনি ফ্ৰীজত কমেও ৩০ মিনিট ৰাখিব। ইয়াৰ পাছত এটা চেপেটা কেৰাহী (টাৱা) মধ্যমীয়া জুইত গৰম কৰক। কেৰাহীত মাংসখিনি সমানে বিস্তাৰিত কৰক। টছ কৰি দুয়োফাল ভালদৰে সিজি সোণালী বৰণৰ হোৱালৈকে ৰান্ধি থাকক । ইয়াৰ পাছত মাংসখিনি উলিয়াই এটা পাত্ৰত থৈ দিব। শাক-পাচলি ভাজি লওক : প্রয়োজন হ’লে কেৰাহীটো মচি লওক, তাৰ পিছত বাকী থকা তেলখিনি দিব। জুলিয়েনে আকাৰত কাটি লোৱা পিঁয়াজ আৰু কবি বা লেটোছ পাতখিনি দি দিব। মধ্যমীয়া জুইত প্ৰায় ১.৫ মিনিটমান টছ কৰক। কর্ণ আৰু সিজোৱা মাংসখিনি পুনৰ কেৰাহীত দিব। ভালদৰে মিহলাই লওক। নিমখ, ক’লা জালুক আৰু চিলি গার্লিক চচ দিব। মাংস আৰু শাক-পাচলি সমানে আৱৰণ দিয়াটো নিশ্চিত কৰিবলৈ ভালদৰে টছ কৰক। ইয়াৰ পাছত মিশ্ৰণটো পৰিষ্কাৰ বাটি এটাত স্থানান্তৰিত কৰক। ওপৰত মেয়নিজ দিব। গার্নিচ হিচাপে ২ টোপাল টাবাস্কো চচ আৰু চিলিৰ ফ্লেকছ ছটিয়াই দিব। সতেজ হৈ থকাৰ সময়ত লগে লগে পৰিৱেশন কৰক ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.